ফটাঢোল

বাওনা বৰুৱাৰ মহাজীৱনী- ড° সৰোজ কাকতি

এদিন সন্ধিয়া পৰত আশ্ৰমত চাকি-বন্তি জ্বলাই বহি ভাবি আছোঁ। বহুদিন একো পৰিৱৰ্তন হোৱা নাই, সদায় একেটা জীৱন, আশ্ৰমত চাকি জ্বলোৱা, পূজা কৰা , আনক উপদেশ দিয়া, সেৱা গ্ৰহণ কৰা, পানী জৰা, তেল জৰা, মাদুলী দিয়া, কবচ দিয়া এইবোৰ কৰি কৰি মহা বিৰক্তি লাগিছে। যশ, খ্যাতি আদিৰ প্ৰতিও কেতিয়াবা হেঁপাহ নোহোৱা হয়। মানুহৰ বিৰক্তি বোলা বস্তুটো ইমানেই প্ৰবল৷

বিৰক্তিৰ আন এটা কাৰণ আছিল, কিছুমান আশ্ৰমৰ তুলনাত মইচোন একোৱেই কৰিব পৰা নাই৷ বহুতে আশ্ৰম পাতি কৌটি কৌটি টকাৰ মালিক হৈছে৷ তেওঁৰ বহা ঝুলনাখনো সোণৰ, দহোটা আঙুলিতে কোটি টকাৰ হীৰা, মুক্তা, পান্না জিলিকি আছে। অহাযোৱা কৰিবলৈ ব্যক্তিগত বিমান হেলিকপ্তাৰ আছে৷ শুবলৈ কেবামহলীয়া অট্টালিকা আছে। মইহে ইয়াত ভিকহুৰ দৰে বহি আছোঁ।

এনেতে এজন ডেকাল’ৰা আশ্ৰমৰ ভিতৰলৈ সোমাই আহিল। মুখত তাৰ ভয়, আতংকৰ চাপ। মোৰ চৰণত পৰি ক’লে, “প্ৰভু মোক ৰক্ষা কৰক, আজি নিশাটোৰ বাবে মোক আশ্ৰয় দিয়ক। মই আশ্ৰমৰ পুঁজিলৈ এটা শকত বৰঙনি আগবঢ়াম।”

“মাভৈঃ পুত্ৰ মাভৈঃ। তুমি দান বৰঙনি নিদিলেও এই আশ্ৰমত থাকিব পাৰিবা, আশ্ৰয়ৰ পৰাইতো আশ্ৰম হৈছে।” তেওঁৰ হাতত এটি সৰু পলিথিনৰ পেকেট আছিল।

ৰাতিটো তেওঁ আশ্ৰমতে থাকিল। পুৱা যাবৰ সময়ত তেওঁ শকত নোটৰ বান্দিল এটা আশ্ৰমলৈ বুলি বৰঙনি ৰূপে আগবঢ়ালে। মোৰ চকু কঁপালত উঠা দেখি তেওঁ ক’লে, “আপুনি আচৰিত হোৱাৰ কোনো কাৰণ নাই প্ৰভু, কালি আপুনি মোক আশ্ৰয় দি এককোটি টকাৰ সম্পত্তি বচাই দিলে। সেয়ে এই ক্ষুদ্ৰ বৰঙনিখিনি আপুনি গ্ৰহণ কৰিলে মই ভাল পাম।”

বাপু ঘটিৰাম মহাত্মা গান্ধীৰ জীৱনতো এনেকুৱা ঘটনা এটা ঘটিছিল। আশ্ৰম চলাবলৈ ধনৰ অভাৱ হোৱাত কৰপৰা ধন আহিব সেই কথা চিন্তা কৰি বহি আছিল। এনেতে এগৰাকী ব্যক্তি আহিল নহয় কৰবাৰ পৰা। আশ্ৰমলৈ শকত বৰঙনি এটা আগবঢ়াই পুৰুষজন অহাবাটে উভতি গৈছিল।

ইয়াৰ পাছতো ল’ৰাজন আহিছিল আৰু ভালেমান ধন বৰঙনি ৰূপে আগবঢ়াইছিল। মনতে ভাবিলোঁ ব্যৱসায় নকৰোঁতে ইমান টকা, ব্যৱসায় কৰিলে কিমান হ’ব পাৰে।

এদিন ল’ৰাজনে মোক ক’লে, “প্ৰভু ঈশ্বৰ মোক বিচাৰি কেতিয়াবা পুলিচ আহিব পাৰে, আপুনিতো সৰ্বজ্ঞ কি ক’ব লাগে জানে, তথাপিও কৈছোঁ, এইখন আশ্ৰমহে ৰাতিয়ে হওক বা দিনতেই হওক কোনোৱাই আশ্ৰয় বিচাৰিলে দুই-এদিনৰ বাবে থাকিবলৈ দিয়া হয়। তাৰপাছত আৰু তেওঁৰ লগত আমাৰ যোগাযোগ নাথাকে।”

ডেকাজনে কোৱাৰ দৰে এদিন পুলিচ আহিছিল৷ ভিতৰি ভিতৰি কিছু ভয় খালোঁ যদিও বাহিৰত তিলমানো নেদেখুৱাই ক’লোঁ, “আহক আহক আজি কি আমাৰ সৌভাগ্য, শান্তি ৰক্ষাৰ সমদলে আমাৰ শান্তিৰ আশ্ৰমত পদধূলা দিছে। অনুগ্ৰহ কৰি আসন গ্ৰহণ কৰক।” ও চি জনে কিছুসময় মোৰ মুখলৈ চাই থাকি ক’লে, “ইয়াৰ আগতে মই আপোনাক কৰবাত দেখা যেন লাগিছে।”

“ হ’ব পাৰে পুত্ৰ হৰিদ্বাৰ, বদৰিকাশ্ৰম আদি অনেক তীৰ্থস্থানলৈ আমি গৈ থাকোঁ। অনেক ভক্তক লগ পাওঁ, পাব পাৰে লগ এইবোৰ তীৰ্থস্থানত, একো ডাঙৰ কথা নহয়। কালি মা কামাখ্যাৰ দৰবাৰ দৰ্শন কৰিলোঁ। কামাখ্যা বৰদে দেৱী নীল পৰ্বত বাসিনি, তং দেবী জগতাং মাতা যোনিৰ্মুদ্ৰে নমোহস্তুতে।” মোৰ মুখত সংস্কৃত শ্লোক শুনি তেওঁ আশ্বস্ত হ’ল আৰু সেই ডেকা ল’ৰাজনৰ বিষয়ে সুধিলে। (আগলৈ )

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published.