ফটাঢোল

বাওনা বৰুৱাৰ মহাজীৱনী-ড° সৰোজ কাকতি 

: হয়, পুত্ৰ তেনেকুৱা এজন ল’ৰা আহিছিল। নিশাটিৰ বাবে আশ্ৰয় বিচাৰিছিল, আমি আশ্ৰয় দিছিলোঁ‌, ৰাতিপুৱা গুচি গৈছে, ক’লৈ গৈছে আমাক একো জনো‌ৱা নাই। হ’ব পুত্ৰ ল’ৰাজনৰ যদি কিবা আপত্তিজনক কথা আছে তেন্তে ভৱিষ্যতে আৰু আমাৰ আশ্ৰমত থাকিবলৈ নিদিও। 

অ’চি চাহাবে আৰু দুই এটা কথা সুধি বিদায় ল’লে। মোক যদিও তেওঁ চিনি পোৱা নাই মই তেওঁক চিনি পাইছোঁ‌। পকেটমাৰৰ অপৰাধত ধৰা পৰোঁ‌তে চকুৰে আটাইবোৰ ফুলকে দেখুৱাইছিল। তাৰ ওপৰত ল’বলৈ থকা ব্যৱস্থাৰ কথা মই অলপো পাহৰি যোৱা নাই, পিছে কি ব্যৱস্থা ল’ম সেয়াহে ভাবি পোৱা নাছিলোঁ‌। ইতিমধ্যে মোৰ অনুচৰবৰ্গই খবৰ আনিছিল, সেই অ’চিজন মহা ঘোচখোৰ, দুৰ্নীতি পৰায়ণ, দুৰ্জন। আগতে তোমাক কৈছোঁ তেওঁ পঞ্চ কন্যাৰ পিতৃ। দুষ্টক দমন কৰাৰ বাবে কিবা এটা ব্যৱস্থা কৰিব লাগিব। ভগৱানেও হেনো দুষ্ট কিছুমানক দমন কৰিবলৈ এনেকৈ অৱতাৰ গ্ৰহণ কৰে, ময়ো কিজানি সেই অৱতাৰৰে এটা অংশ হ’ব পাৰোঁ‌ এনে এটা ভাবো আছিল। 

বহুত ভাবি চিন্তি অতি বিশ্বাসী শিষ্য দুজনমানক ক’লোঁ‌,

: শিষ্যসকল আমিও এই স্বৰ্গৰ অমৃত বিধৰ প্ৰচাৰ কৰিব লাগে। আমাৰ অতিথি দামোদৰে কেতিয়া আকৌ ইয়ালৈ আহে তাৰ খবৰ কৰা।

মোৰ এই আজ্ঞালৈকে যেন সিহঁতে বাট চাই আছিল, পৰম উৎসাহিত হৈ তেওঁলোকে ক’বলৈ ধৰিলে, 

: গুৰুদেৱ অতি উত্তম বিচাৰ। এই স্বৰ্গ নিচাৰ ব্যৱহাৰ ধনী মানুহ, তেওঁলোকৰ ল’ৰা ছোৱালী আদিৰ মাজত অতি প্ৰিয়। তেওঁলোকে বহু দাম দি ইয়াক কিনে।  বহুত দুৰ্নীতি পৰায়ণ মানুহে হাজাৰ-লাখ-কোটি টকা উপাৰ্জন কৰে, খৰচ কৰিবলৈ ঠাই নাপাই পুতেক জীয়েকহঁ‌তক বহুত টকা এনজয় কৰিবলৈ দিয়ে, সিহঁতে এনেকৈ এনজয় কৰে। সেয়ে আমি এই ব্যৱসায় নকৰিলেও বেলেগেতো কৰিব। সিহঁতেও কিনি খাব। আমিনো কিয় পিছ পৰি থাকোঁ‌?

: যদি কেতিয়াবা ধৰা পৰোঁ‌?

শিষ্য প্ৰবৰে সামান্য হাঁহি ক’লে,

: দ্ৰাগ মাফিয়াৰ জেল হোৱা ক’ত দেখিছে? বহুত ডাঙৰ মানুহ তেওঁলোকৰ চাপোৰ্টত থাকে, কেতিয়াবা নতুন আদৰ্শবান পুলিচ অফিচাৰে ধৰিলেও ফৰেনচিক লেবৰেটৰীৰ ৰিপোৰ্টতত এইবোৰ নিমখৰ পেকেট হৈ পৰে। আদালতে প্ৰমাণৰ ওপৰতহে গুৰুত্ব দিয়ে।

এটা কথা ঠিক মাফিয়াবোৰৰ নিজা আদালত থাকে, তাত দোষী সাব্যস্ত হ’লে চিধাই ওপৰলৈ পঠিয়াই দিয়ে। তেওঁৰ কথাৰ পৰা বুজিলোঁ‌ মইহে অধিক পিচ পৰা হৈ আছোঁ‌। কথাবোৰ আলোচনা কৰি থাকোঁ‌তে অতিথি দামোদৰ আহি ওলাল। তেওঁ আমাৰ মনৰ কথা জানিব পাৰি অতি উৎসাহিত হ’ল। 

: গুৰুদেৱ, আপুনি অলপো চিন্তা নকৰিব। কাষ্টমাৰ বিচাৰি আপুনি ক’লৈকো যাব নালাগে। আমি সিহঁতক জনাই দিম ইয়াতে মনে বিচৰা মাল পোৱাৰ কথা, আশ্ৰম দৰ্শন কৰিবলৈ আহি সেইবোৰ বিশেষ প্ৰসাদ হিচাপে লৈ যাব আৰু গুৰু দক্ষিণা দি যাব।কোনোবাই দক্ষিণা নিদিলে তাৰ ব্যৱস্থা আমি কৰিম। 

দামোদৰ বাপুক এটা কথা ভালকৈ বুজাই ক’লোঁ‌, অন্য গ্ৰাহক অনাৰ লগতে সেই অ’চি জনৰ দুই তিনিজনী ছোৱালীক যাতে ইয়ালৈ আনে। নহ’লে মোৰ আত্মাই শান্তি নাপাব। 

অঃ বাপু ঘটিৰাম বৰ সুন্দৰী ছোৱালীবোৰ আহিছিল, দেখিলে ভাব হয় দেৱীৰ দৰে ছোৱালীবোৰে কিজানি শৌচ পেচাবে নকৰে। আমাৰ আশ্ৰমত থকা-খোৱা-শোৱা সকলো ব্যৱস্থা আছিল। শুই থকাৰ সময়ত সিহঁতৰ কোনো হুঁ‌চ্ নাথাকে, সপোনতে স্বৰ্গ, মৰ্ত্য, অন্তৰীক্ষ, পাহাৰ, পৰ্বত, সাগৰ, মৰু, চন্দ্ৰলোক, সূৰ্যলোক, বৈকুণ্ঠ, কৈলাস, ইন্দ্ৰপুৰী, পাতালপুৰী, সকলো ঠাইতে ঘূৰি ফুৰে। সেই অৱস্থাত তুমি সিহঁতক মৰম কৰা, যি কৰা কৰিব পাৰা। তেনেকুৱা ভোগ বহুত কৰিলোঁ‌ বাপু। পাছত এনেকুৱা হয় যে শৰীৰ দান কৰাতো তেওঁলোকৰ বাবে কোনো কথাই  নহয়। অমৃত কিনিবলৈ সকলো সময়তে কাৰোবাৰ পইচা নাথাকিব পাৰে,পইচা যোগাৰ কৰিবলৈ সিহঁতে একো কুণ্ঠাবোধ নকৰে।

এইবোৰ কাৰবাৰ অতি গোপনে চলিছিল, দামোদৰৰ পৰামৰ্শ অনুসৰি আমি গ্ৰাহকৰ সৈতে লেনদেন কৰিছিলোঁ। সকলো মনুষ্যৰ এই দেৱভোগ্য সামগ্ৰীবিধ ভোগ কৰাৰ অধিকাৰ নাথাকে যেনেদৰে সোমৰস, পাৰিজাত পুষ্প, ঐৰাৱত আদিত সকলোৰে অধিকাৰ নাথাকে। 

এদিন দামোদৰক ক’লোঁ‌, 

: বাপু মোৰ মনত এটা প্ৰবল বাসনা থাকিল।

: বোলে কি কয় গুৰুদেৱ?

: সেই যে অ’চিজন,পঞ্চ কন্যা ৰত্নৰ পিতৃ। তেওঁৰ অন্ততঃ দুই বা তিনি কন্যাক আমাৰ গ্ৰাহক কৰিব লাগে। এদিন মোক সেইজন অ’চিয়ে বহুকেইটা ফুল দেখুৱাই থৈছে ময়ো তেওঁক দেখুৱাব খোজোঁ‌। 

: আপুনি কোনো চিন্তা নকৰিব গুৰুদেৱ। মই এনেকুৱা জাল পেলাম এমাহৰ ভিতৰত এজনী হ’লেও আপোনাৰ চৰণত আহি ঠাই ল’ব।

           

(আগলৈ )

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published.