ফটাঢোল

বাওনা বৰুৱাৰ মহাজীৱনী-ড° সৰোজ কাকতি 

এদিন ভক্ত এজনে আহি মন্দিৰত সেৱা ল’লে৷ কণ্ঠস্বৰটো অলপ গভীৰ কৰি সুধিলোঁঁ,

: বৎস তোমাৰ নামটো কোৱাচোন৷

নামটো কোৱাৰ পাছত অলপ সময় ধ্যানমগ্ন হৈ ক’লোঁ,

: পুত্ৰ তোমাৰ ঘৰ কল্যাণ নগৰত, ঘৰৰ অৱস্থা ভাল , তিনিমহলীয়া বিল্ডিং, ভাল চাকৰি, বাহিৰা উপাৰ্জনো বহুত, গাড়ী, বাৰী, নাৰী সকলো আছে কিন্তু থাকিও নথকাৰ দৰে, বহুত চেষ্টা কৰিছা সন্তান এটি লাভ কৰিবলৈ কিন্তু সফল হোৱা নাই, হয় নে নহয় বৎস!

মোৰ গভীৰ কণ্ঠস্বৰ শুনি তেওঁ মোৰ চৰণত লুটিখাই পৰিল। দুয়ো ভৰিত ধৰি ক’বলৈ ধৰিলে,

: হয়, হয় প্ৰভু ঈশ্বৰ! আপুনি অন্তৰ্য্যামী৷ মোৰ আচল সমস্যাৰ কথা আপুনি ধ্যনমগ্ন হৈয়েই জানিব পাৰিলে, মোক এই পাপ আৰু সমস্যাৰপৰা উদ্ধাৰ কৰক প্ৰভু। সন্তানহীনৰ মৰ্ম বেদনা আপুনিহে উপলব্ধি কৰিব পাৰে প্ৰভু। সমাজৰ মানুহে মোক অধম পাপী, যাত্ৰা নষ্টকাৰী বুলি গণ্য কৰে প্ৰভু। মোক ৰক্ষা কৰক প্ৰভু, মোক ৰক্ষা কৰক।

: ধৈৰ্য পুত্ৰ ধৈৰ্য্য, শান্ত হোৱা৷ তোমাৰ মনোবেদনা মই উপলব্ধি কৰিব পাৰিছোঁ। হ’ব তোমাৰ মনোকামনা সোনকালে পূৰ্ণ হ’ব। এইবোৰ সমস্যাত পতি-পত্নী উভয়ে আহিব লাগে৷ আজি তোমাক মই দুটি পুষ্প প্ৰদান কৰিলোঁ, গ্ৰহণ কৰা পুত্ৰ৷ পুষ্প দুটি তোমালোকৰ শয্যাৰ গাৰুৰ তলত ৰাখিবা আৰু পৰহিলৈ তোমালোক দুয়ো এই আশ্ৰমলৈ তথা প্ৰভুৰ ওচৰলৈ আহিবা। দুখ নকৰিবা পুত্ৰ, ভগৱান শ্ৰীকৃষ্ণই গীতাত কৈছে, “য’ত সমস্যা আছে তাত সমাধানো আছে।” তোমাৰ সমস্যাৰ সমাধান নিশ্চয় হ’ব৷ মনস্তাপ নকৰিবা।

মনত বহুত আশা লৈ ভক্তজন সেইদিনা গ’লগৈ৷

: বৰুৱাদেউ আপুনি ইমান সোনকালে সাধনাত সিদ্ধিলাভ কৰিছিল, আপোনাৰ গুৰু কোন আছিল? আগতেতো আপুনি কোনো সাধনা কৰা নাছিল৷

আচৰিত হৈ ঘটিৰামে প্ৰশ্ন কৰিলে।

: ধীৰে পুত্ৰ ধীৰে৷ এইখিনি কথা তুমি নেলেখিবা, কাৰণ ৰাইজে জানিব নালাগে৷ তুমি চাগে ভাবিছা মই দেবাদিদেৱ মহাদেৱৰ সাধনা কৰি এই শক্তি লাভ কৰিছিলোঁ। তেনে এটা শক্তি মোক বৰদান দিবলৈ মহাদেউক বহুত কাবৌ-কোকালি কৰিছিলোঁ৷ পিচে একো লাভ নহ’ল। অলপো দয়া নকৰিলে। মানুহে তেওঁক মিছাতে আশুতোষ বুলি কয়। শেষত এই সমস্যাটো ময়েই সমাধা কৰিলোঁ। মই আগতেই কৈছোঁ আশ্ৰম এখন প্ৰতিষ্ঠা কৰিলেই নহয়, তাৰ বাবে গোপন আৰু সৰৱ প্ৰচাৰৰ ব্যৱস্থা কৰিব লাগে। গোপন প্ৰচাৰকসকলে নিজকে আশ্ৰমৰ মানুহ বুলি পৰিচয় নিদিয়ে তেওঁলোকে আন মানুহৰ আগত মোৰ মহিমা তথা অলৌকিক ক্ষমতাৰ কথা কয়। কোনোৱাই আশ্ৰমলৈ অহাৰ কথা ক’লে সেই সংবাদ মোক আগতীয়াকৈ প্ৰেৰণ কৰে। মানুহজনৰ সবিশেষ যেনে ঘৰ ক’ত, কেইটা সন্তান, ঘৰৰ অৱস্থা কেনেকুৱা, তেওঁৰ কি কি সমস্যা এইবোৰ। আনকেইজন হ’ল আশ্ৰমৰ সেৱক বা কৰ্মচাৰী তেওঁলোকৰ কাম হ’ল হঠাতে আশ্ৰমলৈ অহা মানুহৰ তথ্য আহৰণ কৰা। আমাৰ আশ্ৰম টিলা এটাৰ ওপৰত প্ৰতিষ্ঠিত। যাত্ৰীসকলে কিছুদূৰ খোজকাঢ়ি আহিব লাগে বাবে ভাগৰি পৰে। আমাৰ সেৱক সেৱিকাসকলে গেৰুৱা বস্ত্ৰ পৰিধান কৰি থাকে বাবে তেওঁলোকক কোনেও সন্দেহ নকৰে। যাত্ৰীসকলক জিৰণি চৰাত পানী, চৰবত, চাহ, কফি আদি যিয়েই যি বিচাৰে দিয়া হয় আৰু সেই সময়তে তেওঁৰ আপোন হৈ ব্যক্তিগত কথাবোৰ জানিলোৱা হয়। মোৰ মানুহে জনা মানে মই জনা। তিনিদিন পাছত মই কোৱামতে তেওঁলোক স্বামী-স্ত্ৰী আহিল। উস্‌ বাপু কি দিপলিপ ছোৱালীজনী। (আগলৈ)

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published.