ফটাঢোল

বাঘমেলৰ কাৰ্যবিৱৰণী (মূল: আনিসুল হক) ভাবানুবাদ- নীলাক্ষি দেৱী ডেকা

কথাবোৰ শুনাত সাধু যেন লাগিলেও আচলতে সঁচা কথাই। এখন জনবহুল দেশৰ এঠাইত আছিল এখন বিশাল চিৰিয়াখানা, তাত  আন আন জন্তুৰ লগতে আছিল বহু প্ৰজাতিৰ বাঘ যি আমাৰ বনৰ ৰজা। এদিন হ’ল কি সেই চিৰিয়াখানাৰ বাঘবোৰৰ মন হ’ল এখন বাঘমেল মানে ৰাজহুৱা সভা পতাৰ। ভবা মতেই কাম, চিৰিয়াখানাৰ সমূহ বাঘৰ মাজত এখন মেলৰ আহ্বান কৰা হ’ল। যথা সময়ত এজোপা আঁহতগছৰ তলৰ মুকলি ঠাইখিনিত বাঘবোৰ সমবেত হ’ল। আৰম্ভণিতে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি এটা বাঘে ক’বলৈ ধৰিলে,

“আজিৰ সভাত সমবেত ৰাইজ, আপোনালোক সকলোকে আজিৰ সভালৈ স্বাগতম জনাইছোঁ। আপোনালোক সকলোৱেই এইবিষয়ে ভালকৈয়ে জ্ঞাত যে আমাৰ ব্ৰাঘ্যসমাজৰ পৰা বাঘবোৰ এজন এজনকৈ হেৰাই যাব ধৰিছে। এনে লাগে যেন আকাশৰ পৰা এটা এটাকৈ উজ্জ্বল নক্ষত্ৰহে খহি পৰিছে। আমি এতিয়ালৈকে আমাৰ যিসকল সংগীক চিৰদিনৰ বাবে হেৰুৱাই পেলালোঁ তেওঁলোকৰ শূণ্যস্থান কাহানিবা পূৰ হ’ব জানো? এইযে বাঘৰ সংখ্যা উদ্বেগজনক হাৰত কমিবলৈ ধৰিছে এইটো আমি কোৱা কথা নহয়, স্বয়ং মানুহে কৰা জৰীপৰ তথ্যহে! এইযে বাঘবোৰৰ মৃত্যু ঘটিছে সেইটো কেৱল আমাৰ বাবেই নহয়, সমগ্ৰ পৃথিৱীৰ বাবেই এক অপূৰণীয় ক্ষতি। এই গুৰুতৰ বিষয়টোৰ সন্দৰ্ভত আলোচনা কৰিবৰ বাবেই আজিৰ সভাখন আহ্বান কৰা হৈছে”।

সভাত উপস্থিত বাঘবোৰৰ মাজত গুণগুণণি আৰম্ভ হ’ল। বাঘবোৰৰ দুৰ্দশাগ্ৰস্ত অৱস্থাৰ বিষয়ে জানি সকলো বাঘ শোকগ্ৰস্ত হ’ল। নাহৰফুটুকী, লতামাকৰি, চিতাবাঘ, ঘোং আৰু এতিয়ালৈকে বাচি ৰোৱা অৱশিষ্ট ঢেকীয়াপতীয়াকেইটাইও দুখত চকুপানী টুকিবলৈ ধৰিলে। কিন্তু সকলোতকৈ বেছি কন্দাকটা কৰিবলৈ আৰম্ভ কৰিলে মেকুৰীয়ে। ইপিনে যোৱা কেইবাদিনো ধৰি ৰাতি ৰাতি মেকুৰীৰ কান্দোনৰ কোবত চিৰিয়াখানাৰ পশুপক্ষী একোৱেই শান্তিত এঘুমতি মাৰিব পৰা নাই। মেকুৰীৰ কান্দোনত বিৰক্ত হোৱা এটা বুঢ়া বেমাৰী বাঘে কাষৰ বাঘটোক ফুচফুচাই ক’লে,

“ইস, এওঁৰ ৰোদনৰ কোব নোচোৱানো কিয়! এতিয়া মাকতকৈ মাহীয়েকৰ হে দৰদ বেছি হ’লগৈ! ইটোতকৈ সিটো চৰা!”

তেনেতে এটা বাঘে হঠাৎ ‘হাউম’ বুলি গৰজি উঠি থিয় দিলে। বয়সত তৰুণ এই প্ৰতিবাদী বাঘটো বহি আছিল সভাৰ পাছফালে। প্ৰচণ্ড ক্ষোভত হুংকাৰ দি বাঘটোৱে ক’বলৈ ধৰিলে,

“এনেকৈ বহি বহি কন্দাকটা কৰি থাকিলে কিদাল হব? এই দুখ-যন্ত্ৰণাক আমি আমাৰ শক্তিলৈ পৰিৱৰ্তিত কৰিবই লাগিব। আমি প্ৰতিশোধ ল’ম। বনৰ ৰজা বাঘ হৈ সামান্য ভাইৰাছৰ হাতত পৰাজয় বৰণ কৰিলে কেনেকৈ হ’ব!”

অন্য এটা বয়স্ক বাঘে মন্তব্য কৰিলে,

“কেৱল ভাইৰাছৰ হাতত নহয়, আচলতে মানুহৰ হাততহে পৰাস্ত হৈছোঁ আমিবোৰ।”

প্ৰতিবাদী সত্তাৰ তৰুণ বাঘটোৱে উত্তৰ দিলে,

“আমাৰ শত্ৰু যিয়েই নহওক লাগে এতিয়া আৰু কথাৰে কাম মুঠেই নচলিব। আমি বাঘবোৰেও সপোন দেখিব লাগিব। আমি কল্পলোকত প্ৰকল্প গঢ়ি তুলিব পাৰিব লাগিব। আমি চিৰদিন চিৰিয়াখানাত এনেদৰে বন্দী জীৱন কটাব নোৱাৰোঁ। এইবাৰ আমি নিজে চিৰিয়াখানা গঢ়ি তুলিম আৰু আমাৰ চিৰিয়াখানাত আমি মানুহক ৰাখিম। ক’লা মানুহ, বগা মানুহ, ওখ মানুহ, চাপৰ মানুহ, গাইমুৱা মানুহ, দঢ়ীয়া মানুহ। মুঠতে সকলো প্ৰজাতিৰ মানুহ আমি আমাৰ চিৰিয়াখানাত ৰাখিম।”

“আমি আমাৰ চিৰিয়াখানাত কোনো অনিয়ম নাৰাখোঁ। আমাৰ চিৰিয়াখানা শৃংখলাবদ্ধ আৰু সুপৰিচালিত হ’ব।”

এটা বাঘে মন্তব্য কৰিলে।

“চিৰিয়াখানাৰ মানুহৰ কাৰণে অনা মাছ-মাংস, শাক-পাচলিৰ আমি অলপো চান নাকাঢ়োঁ। কাৰণ আমি হৈছোঁ বাঘ, আৰু বাঘে মৰি গলেও ঘাঁহ নাখায়।”

মাংসৰ উল্লেখত নাহৰফুটুকীৰ জিভাৰ পানী ওলাই মাটিত পৰিল।

“আমি মানুহবিলাকক সময়মতে ভেকচিন দিম যাতে কোনো ভাইৰাছে মানুহক আক্ৰমণ কৰি অসময়ত মৃত্যু ঘটাব নোৱাৰে।” ঘোং এটাই মন্তব্য দিলে।

তেনেতে এটা বাঘে প্ৰশ্ন কৰিলে,

“বাৰু এটা কথা কোৱাচোন, আমি মানুহক ভেকচিনবোৰ দিম কেনেকৈ? তাহাঁতৰ ওচৰলৈ গৈ, নে আমাক যিদৰে দূৰৈৰ পৰা গুলী মাৰি দিয়ে তেনেকৈ দিম?”

“মানুহ বৰ হিংস্ৰ প্ৰাণী। তাৰ ওচৰলৈ যোৱাটো বৰ ঠিক কথা নহ’ব। দূৰৈৰ পৰা গুলী মাৰি দিয়াটোৱেই উত্তম হ’ব।”

আন এটা বাঘে ক’লে।

“আৎছা, চিৰিয়াখানালৈ মানুহ চাপ্লাই দিয়াৰ ঠিকাটো কোনে পাব?”

“বাঘবোৰৰ মাজৰেই কোনোবাই পাব আৰু!” ঢেঁকীয়াপতিয়া বাঘে গহীনাই মন্তব্য দিলে।

“মানুহ চাপ্লাই দিয়াৰ ঠিকা ল’বলৈ কোনোবাই মানুহৰ খাদ্যত বিষ মিহলাব নেকি?” লতামাকৰি বাঘে প্ৰশ্ন কৰিলে।

“নাই, নাই! আমি কেতিয়াও তেনে নকৰোঁ। সভাত উপস্থিত সকলো বাঘে সমস্বৰে উত্তৰ দিলে।

“কিন্তু আমাৰ যদি ভোক লাগে বা চিকাৰ কৰাৰ ইচ্ছা হয় তেতিয়া আমি দুই এটা মানুহ মাৰি খাব পাৰিমনে?”

এটা বাঘে প্ৰশ্ন কৰিলে।

“ৰক্ষকেই যদি ভক্ষক হয় তেন্তে ৰক্ষা কৰিবনো কোনে? মোৰ ভাব হয় আমি বনাবলৈ ওলোৱা চিৰিয়াখানা মানুহে বনোৱা চিৰিয়াখানাৰ দৰেই ভয়াবহ হ’ব।” এটা বাঘে মন্তব্য কৰিলে।

“নহয় নহয়! সেইটো হ’বলৈ দিব নোৱাৰি!”  আকৌ গোটেইবোৰ বাঘে সমস্বৰে ক’লে।

“আমি মানৱ চিকিৎসালয় গঢ়ি তুলিম। চিৰিয়াখানাৰ অসুস্থ মানুহবোৰক তাতেই চিকিৎসা কৰিম।”

“তেনে হস্পিতাল মানুহে বনাই ৰাখিছেই দেখোন। আমি মানুহবোৰক তালৈ নিলেই হয় চোন!”

“নাই নাই তালৈ নিব নোৱাৰি। ভাল চিকিৎসা পোৱা হস্পিতালবোৰলৈ সাধাৰণ মানুহক নিব নোৱাৰি আৰু সাধাৰণ মানুহক চিকিৎসা কৰাব পৰা হস্পিতালবোৰত ভাল চিকিৎসাই পোৱা নাযায়! গতিকে চিৰিয়াখানাৰ মানুহৰ চিকিৎসাৰ ভাৰো আমি আমাৰ নিজৰ কান্ধত তুলি ল’ব লাগিব।”

আলোচনাৰ মাজতেই কোন কোন মানুহক চিৰিয়াখানাত ৰখা হ’ব তাৰ এখন তালিকাও বাঘবিলাকে বনাই পেলালে। তালিকাত ৰাখিবলৈ নানান খ্যাতিমান মানুহৰ নাম উচ্চাৰিত হ’ল। বিয়াগোম ৰাজনৈতিক নেতাৰ পৰা চিনেমাৰ তাৰকালৈকে বহুতে তালিকাত স্থান পালে। কিন্তু সকলোতকৈ বেছি ভোট পালে জনৈক বৰুৱা বোলা এজনে। তেওঁ ইতিমধ্যে বহুত মানুহক হত্যা কৰিছে আৰু তেওঁ থাকে জংঘলতেই গতিকে সহজতে ধৰাৰো সুবিধা আছে। অন্য বিখ্যাত মানুহ দুজনমান পালেও বেয়া নাছিল কিন্তু তেওঁলোকক জনবসতিপূৰ্ণ অঞ্চলৰ পৰা ধৰি অনাটোৱেই অলপ অসুবিধাৰ কথা। হঠাতে সৰু বাঘ এটাই অন্য এটা প্ৰসঙ্গ উত্থাপন কৰিলে,

“চিৰিয়াখানাৰ মানুহৰ মাজত মহামাৰী দূৰ কৰিবলৈ আমি কি ব্যৱস্থা ল’ব পাৰোঁ? যদি ডেংগু, মেলেৰীয়া বা কভিড 19ৰ দৰে বেমাৰে আক্ৰমণ কৰে”?

“কভিড 19 ৰ পৰা বচাৰ উপায় এতিয়ালৈকে মানুহেই উলিয়াব পৰা নাই, আমিনো কেনেকৈ উলিয়াম? বাকীবোৰৰ পৰা বাচি থাকিবলৈ হ’লে প্ৰথমতে মহ মৰাৰ ব্যৱস্থা ল’ব লাগিব।” এটা বুঢ়া বাঘে মন্তব্য দিলে।

“মহ মাৰিবনো কোনে?”

“আমাৰ মাজৰ এজনক মেয়ৰ বনাব লাগিব।”

“মেয়ৰ হ’বনো কোন?”

“যি মহ মাৰিব পাৰে।”

“বাঘেনো আৰু মহ মাৰিব পাৰিবনে!”

এইটো কথা শুনি সকলো বাঘ বহুসময় নীৰৱে বহি ৰ’ল। শেষত এটা বাঘে লাহেকৈ মন্তব্য কৰিলে,

“আমি আমাৰ চিৰিয়াখানাত কোনো ভাল মানুহ কেতিয়াও নাৰাখোঁ। যি মানুহে মানুহৰ তেজৰ সোৱাদ পাইছে তেনে মানুহকহে ৰাখিম। এইবোৰ ভয়ংকৰ মানুহ। এইবোৰ মানুহক মহ নালাগে কোনো ভাইৰাছেও মাৰিব নোৱাৰে। ইহঁতক মহে কামুৰিলে ওলোমাই মহ নিজেই মৰি যাব!”

☆ ★ ☆ ★ ☆

25 Comments

  • ৰাজশ্ৰী শৰ্মা

    বঢ়িয়া লাগিল বা।

    Reply
    • নীলাক্ষি দেৱী ডেকা

      ধন্যবাদ ৰাজশ্ৰী 😊

      Reply
  • বৰ সাৱলীল অনুবাদ বা৷ লেখাৰ চিলেকচন বৰ বঢ়িয়া৷

    Reply
    • Nilakshi Deka

      ধন্যবাদ চাবিনা। এইবোৰ কথাৰ পৰাই লিখিবলৈ উৎসাহ পাওঁ।

      Reply
  • মুনমুন

    ভাল হৈছে

    Reply
    • নীলাক্ষি দেৱী ডেকা

      অশেষ ধন্যবাদ জনালোঁ

      Reply
  • chandana sharma

    খুব ভাল‌ লাগিল নীলাক্ষি বা

    Reply
    • নীলাক্ষি দেৱী ডেকা

      ধন্যবাদ চন্দনা ❤️

      Reply
  • কাবেৰী মহন্ত

    ভাল লাগিল৷

    Reply
    • নীলাক্ষি দেৱী ডেকা

      ধন্যবাদ কাবেৰীবা 😊

      Reply
  • HEMANTA KAKATI

    বহুত ভাল অনুবাদ নীলাক্ষী!

    Reply
    • নীলাক্ষি দেৱী ডেকা

      ধন্যবাদ দাদা 😊

      Reply
  • ধূৰ্জ্জটি

    বঢ়িয়া৷ বেলেগ ভাষাাৰ ওপৰত আপোনাৰ ভাল দখল আছে

    Reply
    • নীলাক্ষি দেৱী ডেকা

      ধন্যবাদ ধূৰ্জ্জটি 😊

      Reply
  • Sadananda Bhuyan

    সুন্দৰ, বহুত ভাল লাগিল ।

    Reply
    • নীলাক্ষি দেৱী ডেকা

      অশেষ ধন্যবাদ জনালোঁ দাদা 🙏

      Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    বঢ়িয়া৷

    Reply
    • নীলাক্ষি দেৱী ডেকা

      অশেষ ধন্যবাদ জনালোঁ🙏

      Reply
  • ভাস্কৰ জ্যোতি বৰুৱা

    খুব ভাল লাগিল। আমাক ন ন অনুবাদৰ সোৱাদ দি যাওক।

    Reply
    • নীলাক্ষি দেৱী ডেকা

      আপোনালোকৰ দৰে শুভাকাংক্ষীৰ উৎসাহতেই লিখোঁ আচলতে। ধন্যবাদ জনালোঁ🙏

      Reply
  • পূৰৱী কাকতী

    বৰ ভাল লাগিল সঁচাকৈয়ে। সুন্দৰ অনুবাদ।

    Reply
    • নীলাক্ষি দেৱী ডেকা

      ধন্যবাদ পূৰৱী 😊

      Reply
  • বহুত ভাল লাগিল বা

    Reply
  • BARMAN PAPARI

    বৰ ভাল লাগিল ৷ অনুবাদ সুন্দৰ

    Reply

Leave a Reply

Your email address will not be published.