ফটাঢোল

বানপানী আৰু মোৰ শৈশৱ – জিতু শৰ্মা

জন্মসূত্ৰে আমাৰ ঘৰ ডিব্ৰুগড় চহৰৰ গাতে লাগি থকা অমৰাগুৰি গাঁৱত। ডিব্ৰুগড় জিলাৰ বিখ্যাত বাগ্মীবৰ নীলমনি ফুকন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ (পূৰ্বৰ জৰ্জ ইন্সিটিউচন) পাছফালেই অৱস্থিত আমাৰ গাঁওখন। স্কুলখন সকলোৱে চিনি পায়। মথাউৰিৰ বাহিৰৰ ব্ৰহ্মপুত্ৰৰ পাৰতে আমাৰ গাঁও। প্ৰত্যেক বছৰে বানে জুৰুলা কৰা আমাৰ গাঁও। সৰুৰেপৰা ব্ৰহ্মপুত্ৰৰ পানীৰ লগত খেলি ডাঙৰ দীঘল হৈছোঁ। মনত পৰাৰেপৰা (চনটো পাহৰিছোঁ) ক, খ শ্ৰেণীমানতেই আমি নাও বাবলৈ, সাতুৰিবলৈ শিকিছিলো। আমাৰ প্ৰাথমিক বিদ্যালয়খন ঘৰৰপৰা অকণমান দূৰৈত আছিল। আমি তৃতীয় শ্ৰেণী পাছ কৰিহে হাইস্কুলত নাম ভৰ্তি কৰিছিলো। আমি পৰীক্ষা দিয়াৰ পাছতেই তৃতীয় শ্ৰেণীটো উঠি গৈছিল। মানে আমিয়েই তৃতীয় শ্ৰেণীৰ শেষ বেটচৰ ছাত্ৰ আছিলো। স্কুলৰ পাছফালেদি গ’লে হাইস্কুলখন আমাৰ ঘৰৰপৰা খুব বেছি পঞ্চাশ খোজৰহে বাট। মাজতে মথাউৰিটো। ঘৰৰ আগফালে স্কুলখন আৰু পাছফালে বিশাল ব্ৰহ্মপুত্ৰ। এতিয়াও মনত পৰে শৈশৱৰ সেই দিনবোৰ। পুৱা পাঁচ বজাতেই শুই উঠি খুব বেছি চাৰে সাতমান বজালৈকে পঢ়া টেবুলত বহিছিলো। আমাৰ দিনত ঘড়ীৰ লগত সম্পৰ্কই নাছিল। ৰেডিঅ’টোৱেই সময়বোৰ কৈ গৈছিল। ৰেডিঅ’ত গীতাঞ্জলী আৰম্ভ হ’ল কি নহ’ল আমি কিতাপ সামৰি দৌৰ মাৰিছিলো ঘৰৰ পাছফালে নৈৰ পাৰত মাৰ্বল খেলিবলৈ। তাৰপাছত চিধা ব্ৰহ্মপুত্ৰৰ গড়াৰ ওপৰৰপৰা জাপ, আৰু সাঁতোৰ কম্পিটিশ্যন। কোনে কিমান সাঁতুৰিব পাৰে বা কোনে কিমান পানীত বুৰ মাৰি কিমান দূৰৈত ওলাব পাৰে। এনেকৈ থাকোঁতেই স্কুলৰ ৱাৰ্নিং বেল বাজি যায়। লৰালৰিকৈ ঘৰলৈ আহি তিতা গাৰেই ইউনিফৰ্ম পিন্ধি জাপি থোৱা কিতাপখিনি লৈ পাকঘৰত সোমাই ৰুটিকেইখন চোবাই চোবাই দৌৰ মাৰো আৰু পিছফালে খিৰিকীৰে শ্ৰেণী কোঠাত সোমাওঁ। স্কুলৰ প্ৰাৰ্থনা প্ৰায়েই নেপাওঁ। এই লৈ স্কুলৰ চাৰ বাইদেউৰপৰা কেতিয়াবা মাৰ খাইও পাইছোঁ। কেতিয়াবা বাৰাণ্ডাত আঁঠুও কাঢ়ি পাইছোঁ। ঘৰৰ শাস্তিৰ কথাটো নকলোৱেই যেনিবা। তেতিয়াৰ দিনত আমাৰ ঘৰটো এল টাইপৰ আছিল। দীঘল ঘৰটো মাটিৰ আৰু এটা পাৰ্ট চাং ঘৰ। বাৰিষা দিনত ককা আইতা আৰু আমি মানে বাইদেউ, ভাইটি আৰু মই চাং ঘৰত ৰাতি শোঁও। মা দেউতা আৰু খুড়া দুজন দীঘল ঘৰটোত থকা তিনিটা ৰুমত শোৱে। অহা যোৱা কৰিবলৈ বাৰাণ্ডাত কাঠৰ সাঁকো। ৰন্ধা বঢ়াবোৰ চাং ঘৰটোতে আচুতীয়াকৈ চৌকা পাতি লৈ কৰা হৈছিল। বাৰিষা আহিলেই আমাৰ বিৰাট ফূৰ্তি। আমাৰ ঘৰত দুখন হাত নাও আছিল, এখন ভাড়াত দিয়ে আনখন ঘৰৰ ব্যৱহাৰৰ বাবে। নাওখনৰ বাবদ ভাড়া কিমান পাইছিল জানেনে? মাত্ৰ এটকা। গৰম বন্ধৰ লগে লগে পানীও বাঢ়িবলৈ ধৰে। আমি প্ৰায়ে খুৰাহঁতৰ লগত নদীত খৰি ধৰিবলৈ যাওঁ। আমাৰ দিনত গেছ নাছিল। নদীত উটি অহা খৰি ধৰি গোটাই থৈছিলো গোটেই বছৰৰ বাবে। কিছুমানে বিক্ৰীও কৰিছিল। যিমানেই পানী বেছি হয় সিমানেই খৰি বেছি আহিছিল। মাছ কাছৰ কথাতো ক’বই নেলাগে, এঘণ্টামান ঘৰৰ বাৰাণ্ডাত বহি বৰশী নাইবা ঘোকোটা (এবিধ তিনিকোণীয়া জাল) বালেই এক ডেৰ কেজি মাছ অনায়াসে পোৱা গৈছিল। সেইবোৰ কৰিয়েই বিৰাট ফূৰ্তি পাইছিলো। পানী যিমানেই বেছি হয় সিমানেই ভাল পাইছিলো। পানী শুকালেই মনটো বেয়া লাগিছিল। আমাৰ ঘৰত তেতিয়া নাদৰ পানী খাইছিলো। কিন্ত বাৰিষা নাদটো বুৰ গৈছিল বাবে গাঁৱৰ এমূৰে থকা জিৰু পেহীহঁতৰ ঘৰৰপৰা টিউবৱেলৰ পানী আনিছিলো নাৱত কলহ, বাল্টি ভৰাই লৈ। কেতিয়াবা বেছি পানী হ’লে সেই টিউবৱেলটোও ডুব গৈছিল। তেতিয়া নাওঁ লৈ নৈৰ মাজৰপৰা পানী আনিছিলো। কেতিয়াবা পানী ইমানেই বেছি হয় যে আমাৰ একমাত্ৰ চাং ঘৰটোও ডুব যায়। তেতিয়া আমি স্কুল ঘৰটোত আশ্ৰয় লওঁ। তেতিয়াতো আৰু ফূৰ্তি। গোটেই গাঁওখনৰ মানুহে স্কুলখনৰ এটা এটাকে কোঠা দখল কৰি লওঁ। চৰকাৰে চাউল, দাইল, চিৰা আদিৰ যোগান ধৰে, কেৰাচিনৰ ষ্টভত ভাত পানী ৰান্ধে মাহঁতে। কোনে পায়? দিনৰ দিনটো আমি নদীত খৰি ধৰো, মাছ ধৰো। যদিও প্ৰশাসনে নদীলৈ যোৱাত বাধা আৰোপ কৰে, আমি কিন্তু গৈছিলো। ৰাতি স্কুললৈ আহি গোটেই গাঁওখনৰ মানুহে একেলগে এঘৰ মানুহৰ নিচিনাকৈ আছিলো। এতিয়া মেডিয়াৰ জোৰত বানপানীয়ে যিদৰে গুৰুত্ব পাইছে আমাৰ দিনত সেইয়া নাছিল। একমাত্ৰ ৰেডিঅ’টোৱেই ভৰষা। এতিয়া মেডিয়াত বানৰ যি বিভীষিকা, দুখ দুৰ্দশা দেখিছোঁ, আমাৰ সেই দিনবোৰলৈ মনত পৰিছে। ক’ত আমাৰ সেই ফূৰ্তিৰ দিন আৰু ক’ত আজিৰ এই দুৰ্দশা! কৰ্মসূত্ৰে এতিয়া ঘৰৰপৰা আঁতৰত নিৰাপদ ঠাইত আছোঁ যদিও এইকেইদিন টিভিত বানপানীৰ বাতৰিবোৰ চাই চাই সেই শৈশৱৰ দিনবোৰলৈ চেৰেং চেৰেংকৈ মনত পৰিছে।
সেই দিন নাহে আৰু!
☆★☆★☆

Leave a Reply

Your email address will not be published.