ফটাঢোল

বান্ধৈৰ বিয়াৰ আনন্দ-দীক্ষিতা বৰা

কাহিনীটো আচলতে কিছু পুৰণি, কেইবা দশকৰ আগৰ৷ সময়টো বুজিবলৈ ক’ব পাৰি যে ‘কুলেন’ বােলা পদার্থবিধ ধৰাপৃষ্ঠত আবিৰ্ভাৱ হােৱাৰ আগৰে কথা

সেয়া। এখন সৰু পাহাৰীয়া চহৰৰ আৱাসিক অঞ্চল এটাৰ এজন ডেকা আৱাসীৰ বিয়াৰ সময়৷ কলনিৰ সকলােকে বিয়াৰ নিমন্ত্রণ দি দৰা কাহানিবাই ঘৰলৈ গ’ল। পিচে দৰা কইনাৰ য’ত ঘৰ, সেইখন দুৰণিবটীয়া ঠাইলৈ সকলােলােক যােৱাত অসুবিধা হােৱা হেতুকে চাৰিজন ব্যক্তি কলনিৰ প্রতিনিধি হিচাপে বিবাহ অনুষ্ঠানলৈ যােৱাৰ কথা ঠিক হ’ল৷ কলনিৰ এক অন্যতম আৱাসী, অফিচটোৰ ওপৰৱালা বিষয়াজন তেতিয়া নতুনকৈ লােৱা এম্বেছাদৰৰ গাড়ীখনৰে গৌৰৱান্বিত। গাড়ীৰ গিৰি তথা একমাত্র চালক হিচাপে তেখেত আছিল প্রতিনিধিসকলৰ সঁজাতী দলটোৰ

মুখিয়াল। তেখেতে লগত আৰু তিনিজন লগৰীয়া লৈ সহকর্মীজনৰ সেই শুভ-বিবাহৰ দিনটোত পুৱাই পুৱাই চাৰিওজনে যাত্ৰা আৰম্ভ কৰিলে৷ পূর্বে উল্লেখিত

ধৰণে কুলেন বােলা কোনাে পদাৰ্থৰ যিহেতু অস্তিত্ব এই মুলুকত নাছিল, গতিকে দুৰণিবটিয়া মটৰগাড়ীৰ যাত্ৰাৰ প্ৰক্ৰিয়াটো বর্তমান সময়তকৈ কিছু পৃথক আছিল৷ গাড়ীৰ ডিকিত আন বয়-বস্তু নিবলৈ ঠাই থাকক বা নাথাকক, দুটা প্রকাণ্ড প্রকাণ্ড গেলনৰ উপস্থিতি সদা বাঞ্চনীয় আছিল৷ প্ৰক্ৰিয়াটো আছিল ঠিক এনেধৰণৰ যে গাড়ীৰ ইঞ্জিনে তম্ভিব পৰা নাই যেন পালেই বাটৰ কাষত গাড়ী ৰখাই বনেট খুলি

দিয়া হয়, উতলি যােৱা পানীবােৰ উলিয়াই দিয়া হয়, গেলনত থকা ঠাণ্ডা পানীখিনি ভৰাই গাড়ীখনক কিছুপৰ হাৱা খাই চেঁচা পৰিবলৈ দিয়া হয়, চেঁচা যেন

পালেই আকৌ যাত্ৰা আৰম্ভ হয়৷ লগতে, বাটত য’তে দমকল, কুঁৱা, পৰিষ্কাৰ পুখুৰী আদি পানীৰ উৎস পােৱা যায়, তাতে গাড়ী ৰখাই গেলন দুটা ৰি-ফিল

কৰি আগবাঢ়িব লাগে৷ এইটো প্রক্রিয়াৰে দলটো গৈ থাকোঁতে থাকোঁতে আবেলি হ’ল৷ বাট তেতিয়া আধাতকৈ অকণ বেছি পাৰ হৈছিল৷

পিছে আবেলিৰ হেঙুলী বেলিয়ে যেন অথন্তৰ কিছুমানহে লৈ আহিল৷ চহৰ এখনৰ মাজমজিয়াতে গাড়ীখনে আৰু আগ নাবাঢ়োঁ বুলি যি ওফোন্দ পাতিলে, তাক কোনােমতেহে কাষত থকা গেৰেজ এটালৈ লৈ যাব পৰা গ’ল৷ মেকানিকে যেতিয়া ক’লে যে গাড়ীখন ঠিক কৰিবলৈ আঢ়ৈ ঘণ্টামান সময় লাগিব, চাৰিওজন বিবাহযাত্রী বিমোৰত পৰিল৷ সময় কটোৱাৰ উপায় হিচাপে ওচৰৰে চিনেমা হল

এটাত চিনেমা চাবলৈ যােৱাৰ কথা ওলাল৷ গাড়ীৰ মালিককে ধৰি মুঠ তিনিজনে মিলি চিনেমা হললৈ গ’ল, পিচে চতুর্থজন সহযাত্রী নগ’ল, তেখেত অকলেই

গেৰেজত বহি একমনে মেকানিকৰ কাম নিৰিক্ষণ কৰাত লাগিল।

দুঘণ্টামান গেৰেজতে বােন্দাপৰ দিয়াৰ পাছত চতুর্থ ব্যক্তিজনৰ আমনি লাগিল৷ হঠাৎ তেখেতৰ মনত এক ইচ্ছা জাগিল যে বন্ধুৰ বিয়ালৈ যাব যিহেতু, হাতত সময়ো আছে, গতিকে অলপ ধুনপেচ মাৰি লােৱা যাওক। বিয়ালৈ বুলি ওলাই আহােঁতে এইষাৰ কথা তেখেতৰ মনত নাছিল আকৌ, গেৰেজতহে ভাবিলে। গতিকে ওচৰতে চেলুন এখন বিচাৰি তালৈ গ’ল৷ চেলুন পায়েই প্রথমে নাপিতক গাড়ীখনৰ বর্ণনা দি বুজাই ক’লে যে এনেকুৱা ধৰণৰ গাড়ী এখন দেখিলেই মাত দিবি আৰু মােক ক’বি৷ তেতিয়াৰ দিনত যিহেতু

মটৰগাড়ীৰ সংখ্যা কম আছিল, গতিকে গাড়ী এখনত চকু দিয়াটো ইমান টান কাম নাছিল৷ সেয়েহে নাপিতক দায়িত্ব দি তেখেত চেলুনৰ চকীখনত আৰামেৰে বহি

গেৰেজত বহি থকাৰ ভাগৰ পলুৱাবলৈ লাগিল৷ ইফালে নাপিতে চুলি কাটি উঠি দাঢ়ি কটাৰ যাে-জা কৰিছিলহে, তেনেতে ধুন মাৰিবলৈ যােৱাজনে আইনাত দেখিলে যে ৰাস্তাৰে গাড়ীখন পাৰ হৈ গ’ল আৰু তেওঁৰ বাকী সহযাত্রীকেইজনে চলং হেন গাড়ীখনৰপৰা কাছৰ দৰে ডিঙিটো মেলি, কোঁচাই ইফালে সিফালে ঘূৰি তেখেতক চাই চাই গৈছে৷ তাৰপিছত আৰু কি, ৰৈ থকাৰ সময় নাই৷ চকীৰপৰা উঠি নাপিতক ওফৰাই তেখেতে গাড়ীখনৰ পিছে পিছে চিঞৰি চিঞৰি লৰ ল’লে৷ ইমান শ্বাসৰূদ্ধকৰ পৰিস্থিতিত জানাে তেখেতৰ হুঁচ থাকিব যে নাপিতজনৰ মূল্যবান সম্পদবিধ তেখেতে তেতিয়াও আলিংগন কৰি দৌৰি আছিল, কিন্তু নাপিতে সঠিক সময়ত কথাটো ধৰিব পাৰিলে৷ গতিকে তেখেতৰ পিছে পিছে নাপিতজনে “বাবুজী টাৱেল দে যায়িয়ে” বুলি দৌৰিবলৈ লাগিল। ‘গ্রাউণ্ড জিৰ’ত উপস্থিত অলেখ বাটৰুৱাৰ উৎকণ্ঠাত যতি পেলাই অৱশেষত গাড়ীখন ৰখালে৷ সেইজনেও

টাৱেলেৰে দাঢ়ি কাটিবলৈ বুলি সানি থোৱা ফেনখিনি মচি সেইখন নাপিতলৈ দলিয়াই গাড়ীত উঠিলগৈ কোনােমতে৷ এইবাৰ পুনৰ নতুন উদ্যমেৰে দলটোৱে যাত্ৰা আৰম্ভ কৰিলে৷

মুঠেই তিনিবাৰ মান বাট হেৰুৱাই পৰুৱাই পােৱাৰ দৰে ঘূৰি থাকি চাৰিওজনে অশেষ কষ্ট আৰু একাগ্ৰতাৰে আগুৱাই গৈ অৱশেষত লক্ষ্যস্থানত উপস্থিত হ’ল৷ বিশ্বজয়ৰ হাঁহিৰে গাড়ীৰপৰা নামি আহিহে পিছে গম পালে যে তেওঁলােকৰ বিয়াখােৱা অভিযানৰ সফল সমাপ্তিৰ অভিবাদন জনাবলৈ কোনােৱেই উপস্থিত নাই। তেতিয়া দোভাগ নিশা, দৰাঘৰ উৰুঙা; কইনাৰ ঘৰৰ ৰভাতলীত তেতিয়া মন্ত্রোচ্চাৰণ চলি আছিল, এই চাৰিওসিদ্ধৰ অলক্ষিতে।

দলটোৰ যাত্ৰা পুনৰায় আৰম্ভ হ’ল৷ দৰাঘৰৰ ৰভাতলত কলমতিয়াই থকা সদাশয় ব্যক্তি এজনৰ পৰামর্শক্রমে চাৰিওজন এইবাৰ কইনা ঘৰলৈ ওলাল৷ পিচে কিছুপৰৰ পাছত আকৌ লাগিল লেঠা৷ মাজতে ডাঙৰ গছ এজোপাৰে সৈতে এটা তিনি-আলী, তাৰপৰা বা কেনি যাবলৈ কৈছিল! চাৰিওজনে মনত পেলাব

নােৱাৰিলে৷ গছজোপাৰ তলতে এখন দোকানঘৰ, ভিতৰত কোনােবাই কুহুৰ কুহুৰকৈ কাহি থকাৰ শব্দ৷ গাড়ীৰপৰাই এজনে মাত দিলে বন্ধ দোকানখনলৈ

বুলি, কইনা ঘৰৰ ঠাইখনৰ নামটো কৈ সুধিলে যে তালৈ গ’লে এতিয়া কোনটো ৰাস্তাৰে যাব লাগিব৷ ভিতৰৰপৰা উত্তৰ আহিল, যথেষ্ট গহীন উত্তৰ,

: মােৰ ভৰি পথানৰ পিনৰ ৰাস্তাটোৰে যা৷

ক্ষন্তেক পৰৰ নিস্তৱদ্ধতা৷ তাৰপিছত সাহ কৰি গাড়ীৰপৰা আন এজনে ক’লে যে,

: আপােনাৰ ভৰিকেইটা কোনফালে আছে আমিনাে কেনেকৈ জানিম?

চৰম বিৰক্তিৰে বয়সীয়াল দোকানিজন উঠি আহি দলটোক ৰাস্তাটো ভালকৈ বুজাই দি থৈ গ’ল৷ ঈশ্বৰৰ নাম লৈ পুনৰ যাত্ৰা আৰম্ভ কৰি এইবাৰ তেওঁলােক কইনাৰ ঘৰত উপস্থিত হ’ল৷ দিনজোৰা যাত্ৰা আৰু লটিঘটিৰ অন্তত তেওঁলােক ভাগৰুৱা যদিও কিছু গপচতেই নামিল গাড়ীৰপৰা, দৰাঘৰীয়া মানুহ নহয় জানাে! তাকো আকৌ দৰাৰ সহকর্মী তথা বন্ধু৷ পিচে এইখন ৰভাতলীৰ আদৰণিভাগাে যেন কিছু

উৰুঙা, আচলতে ৰভাতলীত মানুহেই সেৰেঙা৷ দৰা কইনাৰাে দেখাদেখি নাই৷ সুধি-পুছি গম পােৱা গ’ল যে বিবাহ অনুষ্ঠান সম্পন্ন হােৱাৰ পিছত দৰা কইনাক

তেতিয়া খােৱা বােৱাৰ বাবে ভিতৰলৈ নিয়া হৈছে৷ দুজনমানে দৰাৰ বন্ধু বুলি জানি তেওঁলােকক ভিতৰলৈকে লৈ গ’ল৷ দৰা-কইনাৰ খােৱা বােৱা, নীতি নিয়ম প্রায় শেষ হৈছিল তেতিয়া৷

: আপােনালােক এতিয়াই পালেহিয়েইনে? ইমান সােনকালে৷

বন্ধুবৰ্গৰ অসমত উপস্থিতি দেখি দৰাই অভিভূত হৈ সুধিলে৷ চাৰিওজনে গৈ তাতে দৰাক অভিনন্দন জনালে, কইনাৰ লগত চিনাকি হ’ল আৰু বিয়াৰ উপহাৰ আগবঢ়ালে৷ আৰু তাৰপিছত….? তাৰপিছত নাে আৰু কি, বান্ধৈৰ বিয়াত আনন্দ কৰিম বুলি যােৱা চাৰিজনীয়া দলটোৱে বিয়াৰ নামত কইনা বিদায় আৰু

দৰা কইনা আদৰা অনুষ্ঠানকেইটা চাই, দুপৰীয়া এসাজ খাই বিদায় ল’লে৷

☆ ★ ☆ ★ ☆

7 Comments

Leave a Reply

Your email address will not be published.