ফটাঢোল

বাবাটো-উজ্জ্বল দিপলু গগৈ

মাষ্টাৰ্চ পঢ়ি থকাৰ সময়ৰে হোষ্টেলৰে ল’ৰা এজনৰ কথা৷ যিমান দূৰ জানিছিলোঁ ল’ৰাজনৰ চেনিৰ গুদামত চাকৰি পাবৰ যোগ্যতা আছিল৷ ফেচবুক তেতিয়া অসমৰ মাটিত চালুকীয়া অৱস্থাত৷ ভঙা ভঙা ভাষাৰে আমি ফেচবুকত কথা লিখাৰ সময়৷ লগৰবোৰে একেলগে বহি শাৰী পাতি বিশ্ববিদ্যালয়ৰ কেম্পাচৰ ছোৱালীবিলাকৰ প্ৰফাইল খুঁচৰি ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাওঁ৷ কাৰোবাৰ ৰিকুৱেষ্ট একচেপ্ত কৰা-নকৰাৰ মাজতে হৰ্ষ-বিষাদ বাগৰি ফুৰে৷ সঁচা কথা ক’বলৈ গ’লে বিশ্ববিদ্যালয়ৰ বাহিৰৰ পৃথিৱীখনৰ ছোৱালীবোৰক কেনেকৈ বিচাৰি ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাব পাৰি সেইয়া আমাৰ জ্ঞানৰ বাহিৰৰ কথা আছিল৷ ঠিক তেনেকুৱা যুগতে কাহিনীটোত ক’বলৈ বিচৰা ল’ৰাজন আমাতকৈ এখোপ আগত আছিল৷ চিনাকি তাৰ দেধাৰ৷ গাৰ্লফ্ৰেণ্ড থকাৰ পাছতো ক’ত কেনেকৈ চিনাকি হৈ মেনেজ কৰি সম্পৰ্ক ৰক্ষা কৰিব পাৰিছিল সেইয়া আমাৰ বাকীবোৰৰ বাবে আছিল এক প্ৰচণ্ড চাকনৈয়া সম্বলিত সাঁথৰ৷ মাজে মাজে ল’ৰাজনে ৰাত্ৰিযাপন কৰিবলৈ গুৱাহাটীৰ কোনোবা হোটেলতো ৰূম বুকিং কৰিবলৈ সাহস কৰিছিল৷ সকলোৱে তাক কয় ‘তোৰ এই সাহস কিন্তু মানিবলগীয়া দেই৷’

এইবিলাকৰ মাজতে দিনবোৰ বাগৰিছিল৷ ক্লাচবোৰ বিহু-পূজাৰ সময়ত দীঘলীয়াকৈ বন্ধ থাকে৷ আমিবোৰ হোষ্টেলৰপৰা ঘৰলৈ যাওঁ কিন্তু বেছিভাগেই বন্ধ খোলাৰ প্ৰায় দুদিনৰ আগতেই ঘূৰি আহোঁ; কাৰণটো হোষ্টেলৰ মোহ৷ হোষ্টেলৰ আড্ডাটো ঘৰত নজমে৷ জীৱনৰ ৰঙীন মূহুৰ্তৰ ৰঙীন বাতাৱৰণবোৰ ক’তনো আৰু ঘৰত পোৱা যায়৷ কিন্তু তাৰ মাজতো ঘৰৰপৰা দেৰিকৈ অহা ধৰণৰ কিছুমান ব্যতিক্ৰম ওলায়, ঘৰগুণা কিছুমান আৰু নিজৰ লোকেলিটীত অলপ ফেমাচ হৈ থকাবিলাক৷ ওপৰত উল্লেখ কৰা ল’ৰাজনো ব্যতিক্ৰমৰ শাৰীতেই আছিল৷ ঘৰলৈ গ’লে সি ফেচবুকত চিনাকি হোৱা ছোৱালীবোৰক লগ কৰিবলৈ গৈছিল আৰু তাৰমাজতো গাৰ্লফ্ৰেণ্ডক সময় দিছিল৷ কিন্তু হঠাৎ সেই ল’ৰাটো সেইবাৰৰ পূজাৰ বন্ধ খোলাৰ আগতেই এদিন আহি হোষ্টেল পালেহি৷ তাৰ মনটো মৰা, আমি সুধিছোঁহে সুধিছোঁ ঘটনাতো কি! কিন্তু সি ‘এহ: একো নহয়’ ধৰণৰ উত্তৰ কিছুমান দি আঁতৰি ফুৰে৷ আমি আচৰিত হ’লো লগতে বেয়াও লাগিল তালৈ, ফূৰ্তিবাজ ল’ৰা এটা, তাতে সোনকালে ঘূৰিও আহিল৷ ৰহস্যটো জানিবলৈ আমাৰ মনবিলাক ইচাট-বিচাট লাগি থাকিল৷ অৱশেষত তাৰ ভাল লগৰ এটাক ৰাতি তাৰ ৰূমলৈ কথাবোৰৰ আঁতি-গুৰি মাৰি সুধিবলৈ পঠালোঁ৷ প্ৰায় আধাঘণ্টামানৰ পাছত কটকীটোৱে মুখত সোপা দি পেটত আনখন হাত ধৰি ওলাই আহিল৷

আমি বোলো কেচটো কি ক’৷ কটকীৰ পাছে হাঁহি নুগুচেহে নুগুচে৷ তেনেতে কোনোবা এটাই কটকীৰ মুখত চিগাৰেট এটা গুজি দিলে৷ চিগাৰেটৰ ধোঁৱা কটকীৰ মুখত সোমাল, কিন্তু হাঁহিৰ কোবত কটকীয়ে আকৌ চৰ্চৰণি খাই পানী এবটল কোটকোটকৈ মাৰি ক’লে, “ই বেটা ৰোমিঅ’ই বাপেকক লিপকিচ মাৰি দিলে৷”

ৰূমটোত ”কিইইইই” শব্দটোৰ প্ৰতিধ্বনি বহুত সময়লৈকে চলি থাকিল৷ 

কটকীয়ে পানী আৰু এঢোক খাই লৈ তালুখনত পানী অলপ দি কৈ গ’ল, “কালি ৰাতি বোলে ঘৰলৈ আলহী অহাত সি নিজৰ বিচনাখন এৰি বাপেকৰ লগত শুব লগাত পৰিল৷ বহুত আপত্তি কৰাৰ পাছতো যেতিয়া তাৰ আপত্তি নৰজিল, সি বাপেকৰ লগত শুবলৈ ৰাজী হ’ল এটা চৰ্তত; যে তাৰ আৰু বাপেকৰ মাজত গাৰু এটা ৰাখিহে শুব৷ তেনেকৈয়ে বিছনাখন সাজু কৰা হ’ল, সি শুলে বিছনাৰ কিনাৰৰ ফালে, বাপেক বোলে বেৰৰফালে আৰু মাজত দীঘল গাৰু এটা৷ মাজৰাতি হেনো সি সপোন দেখিছিল গাৰ্লফ্ৰেণ্ডৰ লগত শ্বিলঙৰ হোটেলত থকাৰ, সপোনৰ তালতে সি বোলে গাৰুটোকে গাত জোৰেৰে সাৱটি ধৰি খচমচাই আছিল৷ বাপেকে সাৰ পাই ভাবিলে বাবাটোৱে চাগে কিবা বেয়া সপোন দেখি খচমচাই আছে, সেইকাৰণে বাপেকে দিলে গাৰুটো আঁতৰাই৷ গাৰুটো বোলে বাপেকে আঁতৰাবলৈহে পালে, সি লগে লগে গাৰুৰ ঠাইত বাপেকৰ কঁকালত জোৰকৈ ধৰি গাত এটা ভৰি তুলি নিজৰ গাৰফালে টানি দিলে৷ বাপেকেও মৰমতে বাবাটো বুলি তাৰ চুলিত হাত ফুৰাই দিলে৷ সপোনৰ কোবত এইবাৰ বাবাটোৱে বাপেকৰ মূৰটো ধৰি ওচৰলৈ টানি নিয়ে, হতভম্ব বাপেকে তাৰ বাহুবন্ধনৰপৰা মুকলি হ’বলৈ তাক বিপৰীতফালে থেলে৷ বাবাটোৱে তেনেসময়তে মুখতে বিৰবিৰালে ”কিয় এনেকুৱা কৰিছা আজি, কিয়!” তেনেতে বাপেকে বোলে চিঞৰ মাৰিলে ”হেৰা, চোৱাহিচোন ইয়াৰ কিবা হৈছে হে৷” 

ঠিক তেনেতে এক চেকেণ্ডো সময় অপচয় নকৰি বাবাটোৱে বাপেকৰ ওঁঠত নিজৰ ওঁঠ দুটা গুজি দি কৈ উঠিল, “জান শ্বিলঙৰ এই ঠাণ্ডাত তোমাৰ মুখত মোচকোচা কেনেকৈ গজিলনো?”

লগে লগে দুটা ৰামচৰত বাবাটোৰ টোপনি ভাঙিল৷ বাপেকে খেক থুই খেক থুই কৰি বাথৰূমলৈ দৌৰিল৷ অলপ পাছতে হেনো বাবাটোৱে পুৱতি নিশাৰ মুকলি আকাশৰ তলত গাত পিন্ধি থকা টি-চাৰ্ট আৰু ট্ৰেকপেণ্টেৰেই ৰাস্তাত গুৱাহাটীলৈ আহিবলৈ কিবা গাড়ী পাই নেকি অপেক্ষা কৰি ৰৈ দিছিল৷”

☆ ★ ☆ ★ ☆

9 Comments

  • ডলী তালুকদাৰ

    হা হা । ভাল জমনী দেই

    Reply
  • কাবেৰী মহন্ত

    বিৰাট ভাল লাগিল৷ প্ৰথম পঢ়োঁতেই মনত থাকি যোৱা লেখা

    Reply
  • ধ্ৰুব জ্যোতি নাথ

    ভাল লাগিল পঢ়ি।

    Reply
  • Prodip Borah

    এইভাগ ঠিক হৈছে

    Reply
  • প্ৰণৱ কুমাৰ বৰা

    আমাৰ লগৰো এটাৰ এনে কাহিনী আছে । পিছে সি বাপেকক কিছ কৰিবলৈ নাপালে ,চৰ দুটামানহে পালে ।

    Reply
  • জিতু

    কিচ্নঅঅ

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    হাঃ হাঃ!

    Reply
  • বন্দিতা জৈন

    হা:হা:।কি যে হ’ব।

    Reply
  • মানসী

    হাঃ হাঃ…ৰস পালোঁ দেই

    Reply

Leave a Reply

Your email address will not be published.