ফটাঢোল

বাল্মিকী বৰুৱাৰ আত্মজীৱনী – ড° সৰোজ কাকতি

অকল বংশ-মৰ্যাদা ৰক্ষা কৰাটোৱে সন্তানৰ কৰ্তব্য নহয় তাক কেনেকৈ, দালে, পাতে, পুষ্পে, ফলে জাতিষ্কাৰ কৰিব পাৰি সেইটোহে সু পুত্ৰৰ লক্ষণ। গৰুবিহুৰ দিনাখন গোৱা বাক্যটোৰ উৎপত্তি নিশ্চয় এই কাৰণে হৈছে। ‘লাও খা বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু বাপেৰ সৰু , তই হ’বি বৰ গৰু।’ ভাৰতীয় পৰম্পৰাত কোৱা হৈছে, পিতা, স্বৰ্গ, মৰ্ত, ধৰ্ম, কৰ্ম সকলো। ৰামে পিতৃবাক্য পালন কৰিবলৈ চৈধ্য বছৰ বনবাস খাটিলে, ভীষ্মই গোটেই জীৱন ডাং বৰলা হৈ কটালে, পৰশুৰামৰ কথাটো নকওঁ বাৰু , বৰ ভয়নক কাণ্ড। এইবোৰ বহুত উদাহৰণ আছে। মোৰ পিতৃদেৱো এইসকল মহাপুৰুষতকৈ কোনো গুণে কম নাছিল, সেয়ে ময়ো তেওঁলোকৰ আদৰ্শ গ্ৰহণ নকৰাকৈ থকাটো অযুগুত হ’ব।

সৰুৰে পৰাই মন কৰিছিলোঁ, মোৰ পিতৃদেৱে মোক এটা উপযুক্ত পৰিৱেশৰ মাজত ৰাখিবলৈ চেষ্টা কৰিছিল। মোৰ সৈতে আমাৰ পাঁচোজন ভাই ককাইক পঞ্চপাণ্ডৱ বুলি আনৰ আগত পৰিচয় কৰি দিছিল। ফিতাহি মাৰি কৈছিল। নিজক পাণ্ডু আৰু আই মাতৃক কুন্তী বুলি ভাবিবলৈ শিকাইছিল। প্ৰত্যেক দিনাখনে তেওঁ আমাক সোঁৱৰাই দিছিল, যেনেকৈ পঞ্চ পাণ্ডৱৰ ভয়ত ধৃতৰাষ্ট্ৰৰ এশ পুত্ৰ কঁপি আছিল, সেইদৰে যাতে আমাৰ ভয়ত কৌৰৱ সদৃশ গাঁওবাসীয়ে কঁপি নাথাকিলেও অন্তত শান্তিত যাতে থাকিব নোৱাৰে তাৰ বাবে যাতে উপযুক্ত ব্যৱস্থা আমি গ্ৰহণ কৰোঁ। গাঁৱৰ আন ল’ৰা-ছোৱালীৰ সৈতে স্কুললৈ গ’লেও, তেওঁলোকৰ লগ লাগিলেও নিজৰ প্ৰতিভাৰ বিকাশৰ কথা যাতে পাহৰি নাযাওঁ সেই কথা সোঁৱৰাই দিছিল। পেঞ্চিল, ৰাবাৰ আদি হৰ-লুকি কৰাৰ উপৰিও পৰীক্ষাত কেনেদৰে নকল-লুকি কৰিব লাগে সকলো শিকাই দিছিল।

ঘৰত থকা সময়ত সময়ৰ সৎব্যৱহাৰ কৰাৰ বাবে পিতৃদেৱে সদায় শিক্ষা দিছিল। সাধুকথা এটা আমাক প্ৰায়েই শুনাইছিল, তাৰ নীতি বচন আছিল এনেকুৱা। এখন দুখীয়া ঘৰৰ পাঁচজন পুত্ৰ আছিল। ডাঙৰ বোৱাৰী অহাৰ পাছত তেওঁ ঘৰখনৰ অৱস্থা টনকিয়াল কৰিবলৈ এটা নিয়ম বান্ধি দিছিল যে ঘৰৰ বাহিৰলৈ বা আন গাঁৱলৈ গ’লে, ঘৰলৈ উভতি আহিলে কোনেও সুদা হাতে আহিব নোৱাৰে, কিবা নহয় কিবা এবিধ বস্তু বা ধন উপাৰ্জন কৰি আনিবই লাগিব, অন্যথা তেওঁ ঘৰত সোমাব নোৱাৰিব। এই নিয়ম কৰাৰ পৰা তেওঁলোকৰ অৱস্থা নদন বদন হৈছিল। দেউতাই মাত্ৰ উপাৰ্জনৰ কথাটোত বিশেষ গুৰুত্ব দিয়া নাছিল, ‘যেন তেন প্ৰকাৰেণ’ কথাটোত হে অধিক গুৰুত্ব দিছিল। সেয়ে তেৰাই লোকৰ বাৰীৰ পৰা লাও, বেঙেনা, জিকা, ভেন্দি, কবি, মূলা, কুঁহিয়াৰ আদি কেনেকৈ সৰকাব লাগে তাৰ প্ৰশিক্ষণ দিছিল। খেতিৰ জেওৰাৰ জলঙাৰে ওলোৱা-সোমোৱা, নাইবা ওপৰেৰে পাৰ হোৱা, সন্ধিয়া সময়ত কাণি-মুনি পৰত আনৰ চকুত ধূলি দি বস্তু সৰকোৱা আদি কামত সিদ্ধহস্ত হৈ উঠিছিলোঁ। আনকি দিনে পৰে, গৃহস্থ ওচৰত থাকিলেও আমাৰ মহাবিদ্যা প্ৰয়োগ কৰিব পৰা হৈছিলোঁ। কিটিপটো বাৰু কৈ দিছোঁ, এৰাল দিয়া গৰু বা ছাগলীৰ খুঁটি উভালি দি গৃহস্থক চিঞৰি এই কথা জনাই দিব লাগে। তেতিয়া গৃহস্থই গৰু বা ছাগলীটো বিচাৰি যাবই। বচ সেই সুযোগতে জলকীয়া দুটামান হ’লেও পেণ্টৰ জেপত আহিব। আমাৰ পঞ্চ ভাতৃক পিতাদেৱে একেলগে ক’লৈকো, যাবলৈ দিয়া নাছিল কাৰণ আন মানুহৰ চকুত যাতে নপৰো। ধৰা পৰিলেও একেলগে ৰাইজৰ মাৰ খাই যাতে ঘুণীয়া নহওঁ, তাৰ প্ৰতি লক্ষ্য ৰাখিছিল।

পৰিয়ালৰ পৰিৱেশটো ভালে ৰাখিবলৈ পিতৃ-মাতৃ দুয়ো গৰাকীয়ে বিশেষ সাৱধান আছিল। চাকি-বন্তি জ্বলোৱা, প্ৰাৰ্থনা কৰা আদি কৰ্মবোৰৰ প্ৰতি বিশেষ ৰাপ নাছিল। তথাপিও গাঁৱৰ মানুহক দেখুৱাবলৈ মাজে মাজে তুলসীৰ তলত চাকি জ্বলাবলৈ পৰামৰ্শ দিছিল। দিনৰ দিনটো দেউতাই বিছনাতে শুই বহি কটায় আৰু মন প্ৰফুল্ল কৰি ৰাখিবলৈ মাৰ সৈতে প্ৰতিদনে এবাৰ দুবাৰ বা তিনিবাৰমান কাজিয়া কৰিছিল। দেউতাই প্ৰায়ে কোনোবা এজন মানুহৰ সৈতে মাৰ কিবা সম্পৰ্ক থকা বুলি কাজিয়াৰ সূত্ৰপাত কৰিছিল আৰু মাক চৰ, লাঠি, ভুকু আদি মাৰি শৰীৰ চৰ্চা কৰিছিল। পিছে মাও ইমান কম ধতুৱা নাছিল, মূলা গাভৰুৰ দেশৰ নাৰী বুলি নিজকে ঘোষণা কৰি তেৱোঁ আত্মৰক্ষা কৰাৰ উপৰিও প্ৰতি আক্ৰমণ কৰিছিল। পাছলৈ এনেকুৱা হৈছিল যে দিনটোৰ ভিতৰত এবাৰ অন্ততঃ মাৰ পিট নালাগিলে তেওঁলোকৰ শৰীৰ জুৰ নপৰিছিল, গা বিষাইছিল আৰু যেনে তেন প্ৰকাৰে কাজিয়া এখন লগাই শৰীৰ মন দুয়োটাকে শান্ত কৰিছিল। বাপু ঘটিৰাম, আজিৰ আধুনিক সমাজৰ বেছিভাগ পৰিয়ালত যিটো ঘটনা সদায় ঘটি থাকে। এতিয়া যেনিবা কাজিয়াৰ প্ৰকৃতি সলনি হৈছে, কিন্তু মূল আদৰ্শটো ঠিকেই আছে। বহু পতি-পত্নী দেখিছোঁ তেওঁলোকে ইজনে সিজনৰ প্ৰতিটো কথাৰে বিৰুদ্ধাচৰণ কৰে, পদে পদে ভুল খোচৰে, ইজনে সিজনৰ প্ৰতিদ্বন্দ্বী বুলিও ভাবে, প্ৰতিটো কথাতে সন্দেহ কৰে। পত্নীৰ দৃষ্টিত তেওঁৰ পতিয়ে হৈছে সকলোতকৈ অপদাৰ্থ, পতিৰ দৃষ্টিত তেওঁৰ পত্নীয়ে যখিনী ডাইনীৰ দৰে ইত্যাদি ইত্যাদি। এইবোৰ কথা কৈ থাকিলে মোৰ আচল কথা কোৱা নহ’ব। সেয়ে আকৌ পিতাদেউৰ কথালৈ আহিছোঁ বাৰু। সন্ধিয়া হৈ অহাৰ লগে লগে দেউতাৰ অংগ প্ৰত্যংগবোৰ ফেঁচাৰ দৰে সক্ৰিয় হৈ উঠে। কাণ মূৰ জোকাৰি ৰাতিটোৰ বাবে সাজু হৈ লয়। সন্ধিয়াতে ভাত পানী নিজেও খাইছিল আৰু আমাকো খুৱাইছিল। আগৰ দিনত শীতকালি গাঁৱৰ মানুহে সোনকালে ভাত পানী খাই শুইছিল। তেতিয়া গাঁৱত বিজুলী বাতিৰ পোহৰো নাছিল। এবাৰ ধানখেৰ পৰা, বিছনাত শুই পাগ লগোৱাৰ পাছত আৰু তেওঁলোকে উঠিব নোখোজে। এইটোৱে আছিল আমাৰ বাবে সোণালী সুযোগ। যাৰ ঘৰত যেনেকৈ সুবিধা হয় তেনেকৈয়ে আমাৰ আমাৰ অভিযান চলিছিল। যেনে কাৰোৱাৰ ভঁৰালত ফুটা কৰি ধান সৰিয়হ আদি সৰকোৱা, তাকো নাপালে বাৰীৰ লাও-কোমোৰা আদিকে উঠাই অনা ইত্যাদি।

খণ্টাখনত তিনিটামান সেৱা জনাই, আমাৰ মাজৰ পৰা দুজনক লৈ বীৰদৰ্পে ঘৰৰ পৰা দেউতা ওলাই যায়। পুত্ৰসকলক সলাই বদলাই নিছিল যাতে এই বিদ্যাত সকলোৱে পাৰদৰ্শিতা লাভ কৰিব পাৰে। সৰু ল’ৰা থাকিলে সুবিধা, সিন্ধিটো বেছি ডাঙৰকৈ নাখান্দিলেও হয়। কোনোমতে ভিতৰ সোমাই দুৱাৰ খুলিব পাৰিলেই হ’ল। তেতিয়াৰ দিনত গাঁৱৰ ঘৰবোৰ পকা নাছিল। দুৱাৰবোৰত দাং লগোৱা আছিল। সেই দাং গুচাবলৈ সহজ।

( আগলৈ)

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published.