ফটাঢোল

বাল্মিকী বৰুৱাৰ আত্মজীৱনী – ডo সৰোজ কাকতি

দুৱাৰ খুলি দিব পাৰিলেই সকলো সমস্যাৰ সমাধান হয়। এপদ এপদকৈ বস্তুবোৰ শব্দ নুঠাকৈ আৰু বাহিৰলৈ নিব লাগে আৰু ভাৰ বান্ধি আনিব লাগে। তেতিয়াৰ দিনত গাড়ী, টেম্পো এইবোৰ নাছিল নহয়। মানুহে যিদৰে উৰিফুৰা চৰাইবোৰৰ কোনো চিন্তা ভাৱনা নাই বুলি ভাবে, চোৰ বিলাকৰো তেনেকৈ চিন্তা ভাৱনা নাই বুলি ভাবে। চৰাইবোৰেহে জানে ৰ’দ, বতাহ, বৰষুণ, শীত, শিলাবৃষ্টি, ধুমুহা, চিকাৰী, চিকাৰী চৰাই, আদিৰ পৰা কেনেদৰে জীৱনটো বচাই বচাই চলিব লাগে। চোৰ বোৰেও তেনেকৈ নিজৰ জীৱনটো হাতৰ মুঠিত লৈ চলিব লাগে। ঘৰৰ ভিতৰৰ পৰা আন্ধাৰে মুন্ধাৰে, শব্দ নুঠাকৈ, সাজ-বাচন দাঙি অনাটো কম ডাঙৰ কথা? কেতিয়াবা ঘুটুং, ঘাটাং শব্দ হ’লে গৃহস্থই মেকুৰীয়ে নিগনি ধৰা বুলি ভাবে। পুৱা সাৰ পাইহে বুজি পায় সেই মেকুৰী কিমান ভয়ানক! চুৰ কৰা বস্তুবোৰ কঢ়িয়াই অনাটোও বৰ ডাঙৰ সমস্যা। ভৰিত চেণ্ডেল, খৰম একো নাথাকে। কেতিয়াবা পকা চপৰাৰ মাজেৰে, কেতিয়াবা খাল ডোং পাৰ হৈ, বাঁহৰ তলে, গছৰ তলে আহি, বস্তুবোৰ লুকুৱাব লাগে। কেতিয়াবা এনেকুৱাও হয় যে পুৱা পোহৰ হ’বলৈ বেছি সময় নাই, কান্ধত বা মূৰত অনা গধুৰ বোজাটো গৰাৰ ঘৰলৈকো আনিব নোৱাৰি। গৰা মানে বুজি পাইচা চাগে, চুৰি কৰা বস্তুবোৰ যোনে কিনি ৰাখে তেওঁকে চুৰৰ গৰা অৰ্থাৎ গুৰি বুলি কোৱা হয়। তেনে অৱস্থাত বস্তুবোৰ কোনো পুখুৰী নাইবা বিলৰ পানীত ডুবাই থৈ আহিব লগা হয়। সকলোতকৈ লাভ হয় সোণ ৰূপৰ গহনা চুৰি কৰিব পাৰিলে , সেইবোৰ এনেকৈ পানীৰ তলত লুকাই থৈ অহাৰ প্ৰয়োজন নাথাকে। এবাৰ এনেকৈ দলঙৰ তলত কাঁহৰ বাচন-বৰ্তন এসোপা আমি তিনি বাপ-বেটাই পেলাই থৈ আহিলো, ভাবিলো ৰাতি হ’লে পুনৰ উঠাই লৈ যাম, দিনটোহে থাকিব লাগে, পিছে কপাল বেয়া, দিনৰ ভাগত কোনো এজনে মাছ মাৰিবলৈ খেৱালী জাল দলঙৰ তলত পেলালে। অইন দিনা জাল লাগি নধৰে, সিদিনা জাল লাগি ধৰিল। ডুব মাৰি চাই দেখে কাঁহৰ বাচন ভৰ্ত্তি হৈ থকা বস্তা। ইয়াকে কয় বোন্দাই আনিলে তিৰি হেপাঁই হ’ল গিৰি। আমাৰে দুৰ্কপাল আছিল বুলি সেই অধ্যায়ৰ তাতে সামৰণি মাৰিলো।

এইবোৰৰ উপৰি কেনেবাকৈ ধৰা পৰিলেতো জীৱনৰেই আশংকা। আজিৰ দৰে ইমান সহজ তেতিয়া নাছিল। এতিয়াৰ দিনত বিশেষকৈ চহৰ অঞ্চলত মাৰ্ডাৰ কৰা, ডকাইতি কৰা, চুৰি কৰা, কৌটি টকাৰ কেলেংকাৰী কৰা কোনো অসুবিধা নাই, কেনেবাকৈ পুলিচৰ হাতলৈ যাব পাৰিলেই হ’ল। তাতে সকলো টকাৰ কাৰবাৰ। টকা দিয়া গাত এটা কোবো নপৰে। আৰামেৰে জেললৈ গৈ নিৰাপদে থাকা। তাতো সেই একে টকাৰ কাৰবাৰ, টকা খৰছ কৰিলে সুখে সন্তোষে টাইম পাছ কৰিব পাৰি। আদালতৰ কথাটো জানাই, যিমান গুৰুতৰ, মহাপাপ নকৰা কিয়, প্ৰমাণ নাথাকিলে সাতখুন মাফ। ইয়াৰ অৰ্থ মানুহে ইয়াকে কৰিছে যে প্ৰমাণ নথকাকৈ যিমান ইচ্ছা সিমান অপৰাধ কৰি যা, কোনো আপত্তি নাই। যেনেকুৱা ডগাবাজ অপৰাধী থাকে তেনেকুৱা উকীলো থাকে কিছুমান, নানা কৌশল, চালাকিৰে তেওঁলোকে অপৰাধীক জেলৰ পৰা মোকোলাই আনিব পাৰে।

পিচে গাঁৱত এইবোৰ নচলে, তাত ধৰা পৰাৰ পাছত ৰাইজেই বিচাৰ কৰে, ৰাইজেই গছত বান্ধিলৈ উগ্ৰ শাস্তি দিয়ে, বেছিভাগৰে এই শৰীৰ পঞ্চভূতত বিলীন হয়। এইবোৰ দেখি শুনি পিতাদেৱে ক’লে, ‘পুত্ৰ এনেকৈ আৰু নহ’ব। তই পঢ়া-শুনা কৰগৈ, আমি তোৰ পঢ়া-শুনাৰ খৰছ বহন কৰিম।’ পিতৃৰ কথা শুনি মই আচৰিত হলো, এই বৃত্তিটো যদিও বিপদজনক তথাপি এটা মজা আছে, ধনী আৰু চালাক মানুহৰ চকুত ধূলি মাৰি যিটো সুখ পোৱা যায়, সেই সুখ আন কামত পোৱা নাযায়। তাৰ উপৰি খেতিয়কবোৰে পথাৰত ৰ’দে বৰষুণে যিমান কষ্ট কৰে সিমান কষ্ট এই বৃত্তিত নাই। অলপ মগজু খটুৱাই কাম কৰিব পাৰিলে কেইদিনমান আৰামত খাব পাৰি। প্ৰথমে পিতৃয়ে পঢ়া-শুনাৰ কথা কোৱা নাছিল, এতিয়া কিয় এনে কথালৈ মন মেলিলে? এই ৰহস্যৰ ভেদ ভাঙিব নোৱাৰি নাৰদে ব্ৰহ্মাক তত্বকথা সোধাৰ দৰে পিতৃক ইয়াৰ ভেদ সুধিলো, তেওঁ বুজাই ক’লে, ‘হে মুৰুখমতি পুত্ৰ শুন, আজি যুগ সলনি হৈছে, খেতি পথাৰত কাম কৰোতেও জনা বুজা শিক্ষিত মানুহৰ প্ৰয়োজন, আজোককাৰ দিনৰ, কেকোঁৰা নাঙল, আধামৰা বুঢ়া হালোৱা গৰুৰে, লেলাই-ধেন্দাই খেতি কৰাৰ দিন উকলিল। ৰেডিওত এইবোৰ কথাকে বলকি থাকে শুনা নাই? গতিকে নিজৰ বৃত্তিটো, উন্নত আধুনিক কৰাৰ কাৰণে, শিক্ষা-দীক্ষাৰ অতি প্ৰয়োজন।’ আদিগুৰু পিতৃৰ এই অমৃত বাক্য নুশুনালৈকে মনটো বৰ বিমৰিষ লাগি আছিল, ভাবিছিলো বাকী দুজন ভাইক পঢ়া-শুনাৰ দৰে মহাশাস্তি নিদি মোক কিয় দিলে? ফলি ,পেঞ্চিল, কিতাপ, বহী লৈ স্কুললৈ যোৱা, পঢ়া নোৱাৰিলে পিটন খোৱা, আঠুকাঢ়ি থকা আদি মহাশাস্তি নহয় নেকি? পিছে পিতৃদেৱৰ কথা শুনাতহে মনটো শাত পৰিল আৰু বিদ্যালয়ৰ এই পঢ়াৰ যুঁজখনত নামিবলৈ ককালত টঙালি বান্ধিলো।

‘হেৰা বাপু ঘটিৰাম আজিলৈ মোৰ জীৱন কাহিনীৰ প্ৰথম অধ্যায়ৰ ইমানতে সামৰণি পৰিল। বেলিও ভালেখিন হ’ল।’ এইবুলি কৈ বাওনা বৰুৱাই শ্ৰীমান ঘটিৰামক সেইদিনাৰ বাবে বিদায় দি পিছদিনা পুৱাতেই আহিবলৈ পৰামৰ্শ দিলে। (আগলৈ)

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published.