ফটাঢোল

বাল্মিকী বৰুৱাৰ আত্মজীৱনী- ড০ সৰোজ কাকতি

 

“বৰুৱাদেউ আপুনি ভাৱ সাগৰত ডুব গ’ল নেকি? মই আপোনাৰ শ্ৰীমুখৰ অমৃত বাক্য শুনিবলৈ ব্যাকুল হৈ আছোঁ।” ঘটিৰামে এনেকৈ চিঞৰাৰ পাছতহে বৰুৱাই অতীত যাত্ৰাৰ পৰা উভটি আহিল। টোপনিৰ পৰা সাৰ পোৱা মানুহৰ দৰে বৰুৱাই কৈ উঠিল, “এৰা এৰা, বৰ সুন্দৰ ঘটনা এটিৰ মাজলৈ উভতি গৈছিলোঁ‌। সংক্ষেপে কওঁ‌ শুনা, এমেলে হৈ থকা সময়ত মই বহুতো ছোৱালীক মানে দুখীয়া ঘৰৰ ল’ৰা-ছোৱালীক চাকৰি দিছিলোঁ‌, তাৰ ভিতৰত যমুনা নামৰ ছোৱালী এজনীও আছিল, এইবোৰ কথা বাৰু পিছে পৰেও ক’ম, প্ৰথমৰ পৰা কৈ আহিছোঁ যেতিয়া ধাৰাবাহিক ভাবে কৈ অহাই ভাল।”

এৰা ঘটিৰাম মই প্ৰাথমিক বিদ্যালয়ৰ কথা কৈ আছিলোঁ‌। বিদ্যালয়ত নাম ভৰ্ত্তি কৰাবলৈ পিতৃদেৱে মোক লৈ গৈছিল। সৌভাগ্যৰ কথা যে আমাৰ গাঁওখনৰ এমূৰে এই প্ৰাথমিক বিদ্যালয়খন আছিল। স্কুল ঘৰৰ নামত এখন চালি থিয় হৈ আছিল। বেৰ চেৰ নাই। আগৰ দিনত গুৰুসকলে হাবি জংঘলৰ মাজতে শিক্ষা দিছিল, আমিনো গাওঁখনত থাকি এইখিনি কিয় কৰিব নোৱাৰো। ব্ৰেকেটত ৰাখি এষাৰ কথা ক’ব পাৰি যে বৰ্তমানো যদি এনেকুৱা ব্যৱস্থাৰে ল’ৰা-ছোৱালীক অৰণ্যৰ ভিতৰত ৰাখি পঢ়ুৱায় তেন্তে ছাত্ৰ-ছাত্ৰীৰ লাভ বেছি হ’ব। সৰুকালৰে পৰা অৰণ্যৰ মাজত ঘূৰি তাৰ তলানলা বুজি পাই, কোনজোপা গছ কিমান মূল্যৱান, গঁ‌ড়, হৰিণা, হাতী, বাঘ, কেকোঁসাপ আদি জীৱ- জন্তুবোৰ ক’ত থাকে, কেনেদৰে অহাযোৱা কৰে, সিহঁতৰ আচৰণ আদি শিকিব পাৰিব। এই মূল্যৱান জীৱ-জন্তুবোৰ অৰণ্যৰ ভিতৰত জন্মে, বুঢ়া হৈ মৰে। পইচাবোৰ অথলে যায় দেখি আমাৰ বহুত বিষয়া কৰ্মচাৰী, এমেলে, মন্ত্ৰী আদিয়ে এইবোৰ মূল্যৱান জীৱ-জন্তু, গছ বিৰিখ বিক্ৰী কৰি দুপইচা উপাৰ্জন কৰে আৰু নিৰ্বাচনৰ সময়ত সেই পইচা ৰাইজকে এটুপি ৰঙাপানী, বগাপানী ধৰিবলৈ বিলাই দি, ৰাইজৰ সেৱক ৰূপে সমাজ সেৱা কৰে। তাতে চকু চৰহা মিডিয়াবোৰে মৰাশৰ ওপৰত শগুণ পৰা দি যিহে হাহাকাৰখন লগায়, লাজতে সকলোৰে মৰি যাব লগা অৱস্থা হয়। গছবোৰ কাটিলে হেনো বানপানী হয়, পৃথিৱীৰ উত্তাপ বাঢ়ে, উত্তাপ বাঢ়িলে বৰফবোৰ গলিব, গলিলে প্ৰলয় হ’ব—- এইবোৰ কথা বহু বিজ্ঞানী আৰু ধনী দেশৰ নেতাবোৰে কৈ থাকে। পিচে কাৰ্যক্ষেত্ৰত কি কৰে, প্ৰতিখন দেশেই দেখোঁ‌ প্ৰকৃতি ধ্বংসৰ প্ৰতিযোগিতা পাতে। বহুতো নামী দামী উদ্যোগীয়ে ইতিমধ্যে অক্সিজেন চিলিণ্ডাৰৰ ব্যৱসায় ক’ত ক’ত ভালদৰে চলিব তাৰ হিচাপ উলিয়াইছে। গতিকে বাপু ঘটিৰাম সংসাৰত প্ৰত্যেক বস্তুৰে প্ৰয়োজন আছে। তুমি চোৱা মদ, চিগাৰেট, গুটখা, শিখৰ এইবোৰ যে বেয়া বুলি এচামে টেটুফালি চিঞৰি থাকে, এইবোৰ নহ’লে এই ফ’ৰষ্টাৰ, ফাইভষ্টাৰ প্ৰাইভেট মেডিকেলবোৰ চলিব কেনেকৈ। ইমানবোৰ ডাক্তৰ নাৰ্চে খাব ক’ৰ পৰা। মোৰ নিজৰে মদৰ দোকান কেইখন যেনেকৈ ৰমৰমাই চলি আছে তেনেকৈ  হস্পিতেলকেইখনো দপদপাই চলি আছে। সৃষ্টিৰ ৰহস্য বা শাস্ত্ৰৰ কথা নুবুজাসকলে এনেয়ে এইবোৰ কথা কৈ টাইম বৰবাদ কৰে।

শাস্ত্ৰৰ কথা বুলি কওঁ‌তে এটা কথা মনলৈ আহিছে। দুনীয়াৰ মানুহবোৰ যদি নমৰে তেন্তে দুনিয়া চলিব কেনেকৈ। শাস্ত্ৰত আছে “ভৈলাহা পৰশুৰাম নামে অৱতাৰ, নিক্ষত্ৰিয় কৰিলাহা ভূমি তিনি সাতবাৰ।” তাৰমানে সাত তিনিগুণ একৈশ বাৰ তেওঁ সেই কুঠাৰখনেৰে ক্ষত্ৰিয় মানুহ কটা অভিযান চলাইছিল, তাকো  ঘৰৰপৰাই মাকৰ মূৰ কাটি এই শুভ যাত্ৰা কৰিছিল। সেই পৰশুৰামে যদি জন্মদাত্ৰী মাকৰ মূৰ কাটিও ভগৱানৰ অৱতাৰ হৈ পূজা পাব পাৰে তেন্তে হিটলাৰে কিয় ভগৱানৰ অৱতাৰ ৰূপে চাৰ্টিফিকেটখন নাপায় মই বুজি নাপাও। হেনজানি চৰকাৰে অৰণ্য ৰখা মানুহৰ স্কুল খুলি ভালেই কৰিছে। তেওঁলোকৰ বেছিভাগেই জানি বুজি চোৰাং চিকাৰী, চোৰাং বেপাৰী, মন্ত্ৰী আদিৰ লগত টিউব টায়াৰৰ দৰে সম্পৰ্ক পাতি অৰণ্য তহিলং কৰে।  ভাল কথা। এনেকুৱা হ’ব লাগে তেতিয়াহে দেশৰ উন্নতিয়ে পপীয়া তৰাৰ দৰে আকাশ উজ্বলাব পাৰিব।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published.