ফটাঢোল

বাল্মিকী বৰুৱাৰ আত্মজীৱনী- ড০ সৰোজ কাকতি

(যোৱা সংখ্যাৰ পিছৰ পৰা)

প্ৰাথমিক স্কুলত আছিল মহীৰাম পণ্ডিত, আমি বাপ-পোক একেলগে দেখি তেৰাই, ভীমে বকাসুৰক দেখি হঁহাৰ দৰে,  ‘অন্যদিনাৰ বলিৰ দেখো গৰ্ভ যাই গলি। আজিৰ বলি দেখো হাসে খলখলি।।’ অন্যমানুহে আমাক এনেকৈ একেলগে দেখিলে, বাহিৰত নেদেখুৱালেও পেটে পেটে ভয় কৰে কাৰণ কোন দিনা তেওঁৰ ঘৰত চিত্ৰলেখাৰ হৰমলুকি বিদ্যাৰ প্ৰয়োগ ঘটে তাৰ ঠিকনা নাই। আমৰ পৰিয়ালটোৰ মহিমাৰ কথা সকলোৱে জানে কিন্তু প্ৰমাণৰ অভাৱত আমাক কোনেও ধৰিব নোৱাৰে, তাৰোপৰি পিতাদেউৰ পুলিচৰ সৈতে ভাল সম্পৰ্ক আছিল। কোনোবা চকু চৰহাই কিবা কথা লগালেও পিতাদেৱে তেওঁলোকক পূজা-পাতল ভালদৰে দি মেনেজ কৰি দিয়ে। সেইফালৰ পৰা পিতাদেউ এজন ডাঙৰ আৰু সন্মানীয় চৌৰ্যবৃত্তিধাৰী যে আছিল তাত কোনো সন্দেহ নাই। তথাপিও পিতাদেৱে এষাৰ কথাৰে আমাক উচ্চাকাংক্ষী হ’বলৈ উৎসাহ দিছিল—‘হেৰো গছ নোহোৱা ঠাইত এৰাই নিজকে বৃক্ষ বুলি ভাবিলে কি হ’ব?’ মোৰ বয়স পৰি আহিছে, তঁহতে দেখো জানই আমাৰ এষাৰি আপ্ত বাক্যৰ কথা—‘মাৰ সৰু বাপেৰ সৰু তই হ’বি বৰ গৰু।’

যিয়েই নহওক মোৰ বিদ্যালয়ত গুৰুদীক্ষা সেইদিনাৰ পৰাই হ’ল। দেউতাই ছাৰৰ কাৰণে দৈৰ টেকেলি এটা উপহাৰ স্বৰূপে নিছিল। ছাৰৰ মুখৰ জেউতি দেখি অনুমান কৰিছিলো তেখেতে তাৰ মলমলীয়া গোন্ধতেই ভীষণ আৰাম পাইছিল। শিষ্যসকলৰ সমুখত তেনেকৈ খাব নোৱাৰি কাৰণে ঘ্ৰাণেন অৰ্দ্ধ ভোজনং নীতি মানি তেওঁ দীঘল দীঘল কৈ উশাহ ল’বলৈ ধৰিলে।

পিতৃদেৱে ইতিমধ্যে মোক স্কুলত এৰি থৈ ঘৰলৈ প্ৰস্থান কৰিছিল। দৈৰ গোন্ধ আৰু মৃদু বতাহৰ কোমল স্পৰ্শত ছাৰৰ চকু ইতিমধ্যে মুদ খাই আহিবলৈ ধৰিছিল। এবাৰ তেওঁ আমাৰ ফালে চাই ক’লে—‘তহঁতে বাৰু পঢ়ি আছনে? উ কালি পঢ়োৱা পাঠটো আজি ভালদৰে পঢ়, তাৰ পাছত মোক মাতিলে, ঐ বুঢ়াশালিকা এই ফালে আহ।’ মই ইফালে সিফালে চোৱা দেখি ছাৰে ক’লে, ‘হয় তোকেই মাতিছোঁ, আহ উঠি আহ।’

মই কম্পিত খোজেৰে আগবাঢ়ি গলো—ছাৰে ক’লে—‘তইতো পঢ়াশুনা একো নাজান, আজি তোক একো লেখা- পঢ়াৰ কাম নিদিও,তই এটা কাম কৰ, মোৰ পিঠিৰ ঘামচি কেইটামানকে ভাঙি দে।’  এইবুলি কৈ ছাৰে মেজৰ ওপৰত মূৰ থৈ শয়ন কৰিলে আৰু পিঠিখন উদঙাই দি মোক ঘামচি ভগন কাৰ্যত নিয়োজিত কৰালে। তেৰাৰ বস্ত্ৰ আৰু বদনৰ পৰা ঘামৰ এটা অকতা গোন্ধ আহি মোৰ নাকত লাগিল, পিছে গুৰুবাক্য লংঘন কৰিব নোৱাৰো। তাহানি শিষ্য কৰ্ণই গুৰুৰ নিদ্ৰা ভংগ হোৱাৰ আশংকাত, ভয়ানক কীটৰ দংশন সহ্য কৰিছিল, ধাৰাসাৰে ৰক্তক্ষৰণ হৈছিল, মই বাৰু এইখিনি কামো কৰিব নোৱাৰিম নে? গৰম কালিৰ ৰিব ৰিব বতাহৰ কোমল স্পৰ্শ অতি সুখকৰ। মহাপুৰুষ জনাই কোৱাৰ দৰে ‘সুৰভি শীতল বায়ু বহে সৰ্বক্ষণ’ আৰু আমাৰ ছাৰেও অলপ পাছতে নিদ্ৰা দেৱীৰ কোলাত কৰিলে আসন গ্ৰহণ।  হুৰ হুৰ, ফুচ ফাচ কৈ নাসিকা গৰ্জন আৰম্ভ হ’ল। শব্দটো শুনি মোৰ গা-মন জুৰ পৰি গ’ল কাৰণ এই শব্দটোৰ সৈতে আমাৰ বৃত্তিটোৰ নিবিড় বন্ধুত্ব আছে। গৃহস্থৰ নিদ্ৰাৱস্থাৰ নাসিকা গৰ্জন শুনা মানেই আমাৰ নিৰাপদ অৱস্থা। য’ত মানে বদমাচ এই শব্দবিহিন ভাবে টোপনি মৰা মানুহবোৰ। যেন জন্মতেই সিহঁতে একোটা চাইলেঞ্চাৰ নাকত লগাই আহিছে। টোপনি আহিচেনে অহা নাই একো ধৰিব নোৱাৰি, কোন মুহূৰ্ত্তত এইবোৰে আহি গবা মাৰি ধৰে তাৰো থিক নাই।

ছাৰৰ নাসিকা গৰ্জনে মোক ঘামচি ভঙন কাৰ্যৰ পৰা অব্যাহতি দিলে। ইফালে শ্ৰেণীৰ আন আন সমনীয়া বোৰে খেলিবলৈ আৰম্ভ কৰিছিল। চুলিত টনা, ঠেলা মৰা, স্কেল পেঞ্চিল লুকুৱাই থোৱা, এইবোৰ কাৰ্য আৰম্ভ হৈ গৈছে। যিবোৰ পাঠ পঢ়িবলৈ দিছিল সেইবোৰ দুবাৰমান চিঞৰি চিঞৰি পঢ়িলে তাৰ পাছত মৰা বাঘক কুকুৰে লাঠি মৰাৰ দৰে সিহঁতে স্কুলৰ বাহিৰ ওলাই গৈ খেলিবলৈ ধৰিলে।

ছাৰৰ টোপনি অহাৰ পাছত ঘামচি ভাঙি থকাৰ সাৰ্থকতা নেদেখি ময়ো গৈ বন্ধুসকলৰ লগত যোগ দিলো। সেই সময়ত আমাৰ স্কুলত বহিবলৈ কোনো ডেস্ক-বেঞ্চ নাছিল, আমি হাতে হাতে একোখন বস্তা নাইবা ঢাৰি লগত লৈ গৈছিলো। ঢাৰিতকৈ বস্তাৰ সুবিধা অধিক। বৰষুণ আহিলে সেইখন মূৰত লও, সুবিধা পালে কাৰোৱাৰ বাৰীৰ পৰা কেৰেলা, বেঙেনা আদি পালে চিঙি তাতে ভৰাই আনো। বস্তাখন জাপি লৈ দৌৰিবলৈ সুবিধা। সাধনা বোলা কথাটোৱে তেনেকুৱা, সকলো সময়তে তাৰ কথা চিন্তা কৰি থাকিব লাগে। টমাচ আলভা এডিচন, ছাৰ আইজাক নিউটন, আইনষ্টাইন আদিয়ে মোৰ দৰেই এনেকৈ খাওঁতে, বহোতে, উঠোতে, শুওতে, ভালত, বেমাৰত সকলো সময়তে একেটা বিষয়কে চিন্তা কৰিছিল আৰু সেই গুণে সিদ্ধি লাভো কৰিছিল। মই গৈ পোৱাৰ লগে লগে বন্ধুগণে চিঞৰি উঠিল—‘বুঢ়া শালিকা আহিল, বুঢ়া শালিকা আহিল।’

( আগলৈ)
☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published.