ফটাঢোল

বাল্মিকী বৰুৱাৰ আত্মজীৱনী- ড° সৰোজ কাকতি

(যোৱা সংখ্যাৰ পিছৰ পৰা)

এবাৰ বণিজলৈ যাওঁতে সদাগেৰ তিনিওগৰাকী ঘৈণীয়েকক ভালদৰে থাকিবলৈ কোৱাৰ লগতে হাউলীৰ সকলোবোৰ সা-সম্পত্তিৰো তদাৰক কৰিবলৈ উপদেশ দিলে। পিচে সৰুজনী ঘৈণীয়েকে গোপনে এজন ডেকাৰ লগত প্ৰেম-প্ৰীতি কৰি সদাগৰৰ বহু সম্পত্তি সিফলীয়া কৰিলে। এই গোটেই ঘটনা সদাগৰৰ এটি বুঢ়া শালিকাই লক্ষ্য কৰি আছিল। সদাগৰে বণিজৰ পৰা উভতি অহাৰ পাছত সকলো কথা শালিকাটোৱে সদাগৰক জনাই দিলে। সদাগৰে ঘৈণীয়েকৰ প্ৰেমিকক ধৰি আনি উগ্ৰ শাস্তি দিলে আৰু শাস্তি পায় সি এদিন মৰি থাকিল। পাছৰবাৰ বণিজলৈ যাওঁতে সেইজনী ঘৈণীয়েকে বুঢ়া শালিকাটোক মাৰি, আন এজন ডেকাৰ লগত হাট-বাট আৰম্ভ কৰিলে আৰু সদাগৰে বণিজৰ পৰা আহি নাপাওঁতে তেওঁৰ হাউলী এৰি পলায়ুৰ্দ্ধং কৰিলে। সাধুটোৰ নীতি শিক্ষা হ’ল কিবা কথা কোৱাৰ আগতে তাৰ পৰিণতি কি হ’ব দহবাৰ ভাবি চাব লাগে। শত্ৰুৰ পৰাক্ৰম অনুযায়ী ব্যৱস্থা ল’ব লাগে, সেই কাৰণে শালিকাটোৱে ভালকাম কৰাৰ স্বত্বেও এনেকৈ মৰিব লগা হ’ল। আন এটা শিক্ষা হ’ল মানুহে যাক ভাল পায় তাৰ ভুল নেদেখে। সদাগৰৰ সৰুজনী ঘৈণীয়েক বৰ ধুনীয়া আছিল কাৰণে তেওঁৰ প্ৰতি সদাগৰ আসক্ত আছিল, মানুহেই হওক বা বস্তুৱেই হওক যাৰ প্ৰতি আমাৰ আসক্তি থাকে তাৰপৰা ক্ষতি হ’বই।

পাছলৈ ছাৰেও মোক বুঢ়া-শালিকা বিভূষণেৰে মাতিবলৈ লৈছিল। ভিতৰি ভিতৰি মনত বৰ কষ্ট পালেও ছাৰক একো কৰিব নোৱাৰোঁ। এদিন তথাপিও ছাৰৰ চাইকেলৰ পৰা লাও আৰু কোমোৰা এটা সিফলীয়া কৰিলোঁ। পিছদিনা লগৰ এজনে কথাটো ছাৰক কৈ দিলে, ফলত মই বাহিৰৰ বাৰাণ্ডাত কাণত ধৰি আঁঠুকাঢ়ি বহি থাকিব লগা হ’ল। হওক এনে শাস্তিত প্ৰথমে দুখ পালেও পাছলৈ ভালহে পোৱা হ’লোঁ। স্বয়ং ভগৱন্ত কৃষ্ণকো মাতৃ যশোদাই গৰুৰ পঘাৰে বান্ধি থৈ শাস্তি দিছিল আৰু তাৰ মাজতে প্ৰভুৱে স্ব-লীলা প্ৰদৰ্শন কৰিছিল। ভাবিলোঁ ময়ো যদি লীলা প্ৰদৰ্শন নকৰোঁঁ তেন্তে মোৰ শক্তি সামৰ্থ অথলে যাব। সকলো ল’ৰা-ছোৱালী খেলা-ধূলাত ব্যস্ত। বৰটোকোলা চৰায়ে শিমলু গছত বহি টোপনি মৰাৰ দৰে, ছাৰেও এই দুপৰীয়াখনত চকীখনত বহি টোপনি মাৰিছে। গতিকে আজিও ছাৰৰ চাইকেলৰ মোনাৰ পৰা দুটা আম আনি খাই, ধ্ৰুৱই তপস্যা কৰাৰ দৰে পুনৰ বহি থাকিলোঁ। মুখৰপৰা আমৰ গোন্ধ নাইকিয়া কৰিবলৈ মুখখনো ধুই আহিলোঁ।

বাপু ঘটিৰাম, আজিৰ কাৰণে বাৰু তোমাৰ কাপ মৈলাম, সামৰি থোৱা। কাইলৈ পুনৰ মোৰ মহাজীৱনীৰ কথাবোৰ ব্যক্ত কৰি যাম। তুমি মাত্ৰ অন্য একো ৰহণ নসনাকৈ কথাখিনি লিপিৱদ্ধ কৰি যাবা। চাবা তুমি এদিন এই লেখাৰ দ্বাৰাই সাহিত্যৰ ডাঙৰ পুৰস্কাৰো পাবা। পুৰস্কাৰ, উপাধি এইবোৰৰ দুটা জাত আছে, এটা জাতৰ বাবে টকা-শিকা বিশেষ খৰচ কৰিব নালাগে, লেখকৰ অৱদান চাই যিবোৰ পুৰস্কাৰ দিয়ে সেইবোৰ। আনটো জাতৰ বাবে অলপ ধন খৰচ কৰিব লাগে। ৰাজনীতিৰ ক্ষেত্ৰত এইবোৰ বহুত কামত অহা কথা, তুমি মাত্ৰ মোৰপৰা শিকি যোৱা। মহা ধৈৰ্যক আশ্ৰয় কৰি আগবাঢ়া। এইবুলি কৈ বাওনা বৰুৱাই সিদিনাৰ বাবে প্ৰস্থান কৰিলে।

দ্বিতীয় দিনা ঘটিৰামে গা-পা ধুই কঁপালত চন্দনৰ ফোঁট লৈ বাওনা বৰুৱাৰ বৰচ’ৰাত প্ৰৱেশ কৰিলে আৰু গণেশ দেৱতাক প্ৰণাম কৰি বৰুৱাৰ বাল্যকালৰ লীলা কাহিনী লিপিৱদ্ধ কৰিবলৈ সাজু হ’ল। প্ৰথমে ঘটিৰামে প্ৰশ্ন কৰিলে “পাচে প্ৰভু আপোনাৰ বিদ্যালয়ৰ শিক্ষা গ্ৰহণ কাৰ্য কেতিয়া সমাপন হ’ল, ক-ৰ চুককেইটা চিনি পালেনে?”

“এৰা বাপু ঘটিৰাম উত্তম প্ৰশ্নকে কৰিছা, জীৱনৰ চৰম শাস্তিৰ দিন আছিল সেইকেইটা। মনে মনে ভাবিছিলোঁ মোৰ পিতৃদেৱতাই কি দোষৰ শাস্তি দিবলৈ মোক বিদ্যালয় গমনৰ নিচিনা মহাশাস্তি প্ৰদান কৰিছিল।” ছাৰৰ বেতৰ কোৱ, আঁঠু কঢ়া, চৰ, কাণমলা আদি খাই দেউতাৰ আগত সকলো দুখৰ কথা ব্যক্ত কৰিছিলোঁ। ইফালে পিতাদেউ ৰোগ শয্যাত। মোক প্ৰবোধ দিয়াৰ মনেৰে সদায় কৈছিল, “শিক্ষাগুৰুৱে শাস্তি দিছে তোৰ ভালৰ বাবেহে দিছে, বেতৰ আগত বিদ্যা, তোৰ নামটো লেখিব পৰা, কিতাপ এখন পঢ়িব পৰা, আৰু যোগ, বিয়োগ, পূৰণ, হৰণ এইখিনি বিদ্যা আৰ্জন কৰিব নোৱৰা পৰ্যন্ত স্কুল ত্যাগ কোনোপধ্যে কৰিব নোৱাৰ, এইখিন নোৱৰালৈকে মোৰ মৃত্যুও নহয়, যিমানেই কষ্ট নহওক কিয় এইখিন বিদ্যা আয়ত্ব কৰি ল, আজি তই ইয়াৰ মহিমা বুজিব পৰা নাই, এনে এটা দিন আহিব, সেই দিনত ইয়াৰ মহিমা বুজিব পাৰিবি।”

(আগলৈ)

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published.