ফটাঢোল

বাল্মিকী বৰুৱাৰ মহাজীৱনী : ড° সৰোজ কাকতি

(যোৱা সংখ্যাৰ পিছৰ পৰা)

এইদৰে মই চহৰত শিষ্যৰ সংখ্যা বৃদ্ধি কৰিলোঁঁ৷ অৱশ্যে চাইচিতি বিশ্বাসী কেইজনমান ওচৰত ৰাখিলোঁ। এবাৰ চান্দাৰ ভাগ এগৰাকী পুলিচে আশা কৰা মতে নোপোৱাৰ কাৰণে মোক বৰকৈ দণ্ডাঘাত কৰিছিল। এই কথাটোৱে মনত বৰ বিমৰিষ দি আছিল। মোৰ শিষ্য এজনে আনি দিয়া খবৰ অনুসৰি সেই পুলিচ অফিচাৰৰ হেনো পাঁচজনী কন্যা আছিল। তাৰে এজনীক কিবাকৈ প্ৰেমৰ বৰশী গিলাব পাৰিলে মই ভবাৰ দৰে উত্তম প্ৰতিশোধ ল’ব পাৰিলোঁহেঁতেন। আকৌ এবাৰ ভাবিলোঁ অফিচাৰৰ ঘৰত এটা অপাৰেচন চলাব পাৰিলেও লাভ হয়, খবৰ মতে তেওঁৰ ঘৰত হেনো বহু টকাৰ গহনা-গাঁঠৰি আছে। ভৰিৰ কাষত বহি থকা শিষ্যজনে ক’লে গুৰুদেৱ আপুনি সেই দগাবাজ পুলিচটোৰ কথা ভাবি মনত বিমৰিষ মাতি নানিব। আমি আপোনাৰ আজ্ঞা পালে তাৰ ঘৰৰ আটাইবোৰ মূল্যবান বস্তুকে আনি আপোনাৰ চৰণৰ ওচৰত ৰাখিব পাৰোঁ।

: এৰা বৎস তাৰ লাঠিৰ কোবে মোক ঘূণীয়া কৰিলে। সেয়ে মই নতুন ব্যৱসায় এটাৰ কথা ভাবিছোঁ।

: কি গুৰুদেৱ?

: এই যে মোক তই গুৰুদেৱ বুলি মাতিলি, সেইটোৱে ব্যৱসায়। এই ভাৰস্তত মই দেখিছোঁ বহু মানুহে ভয়ৰ মাজেৰে জীয়াই থাকে। বহুতে পুণ্য উপাৰ্জনৰ কাৰণে, গুৰু বাবাজী আদিৰ আশ্ৰমৰ উন্নতিৰ বাবে ধন-সোণ দিবলৈ কুণ্ঠাবোধ নকৰে। বেছিভাগ মানুহে ভাল কাম নকৰি, ভাল ফল পাবলৈ বিচাৰে। পাপ কাম কৰি তাৰে এটা অংশ গুৰু বাবাজী আদিক দান কৰি পাপ মুক্ত হ’বলৈ বিচাৰে। উপযুক্ত পথেৰে কাম নকৰি তন্ত্ৰ, মন্ত্ৰ, যন্ত্ৰ, তাবিজ, পাথৰ আদিৰে ভাগ্য সলনি কৰিব পাৰি বুলি ভাবে। বহুতে মন্দিৰত নানা পূজা, হাঁহ, পাৰ, ছাগলী, ম’হ আদি বলি দি নিজৰ স্বাৰ্থ সিদ্ধি কৰিব বিচাৰে। কিছুমানে আকৌ গেৰুৱা কাপোৰ পিন্ধা, দাড়ি থকা, ৰুদ্ৰাক্ষমালা পিন্ধা সন্যাসী দেখিলেই হ’ল, তেওঁকে সিদ্ধ পুৰুষ বুলি ভাবি লয়।

কিছুমান আকৌ অলৌকিক ক্ষমতাৰ পাগল মানুহ আছে। তেওঁলোকে আনতকৈ নিজকে শক্তিমান দেখুৱাবলৈ গুৰুৰ চেলা হৈ, গুৰুৰ সেৱা কৰি জীৱন পাত কৰে। কিছুমানে আকৌ নিজকে সমাজত ভগৱান বা ঈশ্বৰ ৰূপে প্ৰতিষ্ঠা কৰিবলৈ গোটেই জীৱন সাধনা কৰে, তাৰে কিছুমানে আংশিক ভাবে সফলো হয়। তেওঁলোকে পদ্ধতিমূলকভাবে নিজক ঈশ্বৰ ৰূপে প্ৰতিষ্ঠা কৰিবলৈ নানা আচনি গ্ৰহণ কৰে আৰু অজস্ৰ ধন-সম্পত্তি ভোগ কৰে। সমগ্ৰ জীৱন শিষ্যসকলৰ পৰা ঈশ্বৰ ৰূপে ধন, মান, সেৱা লাভ কৰে। মানুহৰ অহংকাৰৰ উচ্চতা বহুত বেছি বাপু।

এইবোৰক লৈ লাখ কৌটি টকাৰ ব্যৱসায় চলি আছে। গতিকে আমিনো কিয় পিছপৰি থাকোঁ। এই এমাহ ধৰি বিছনাত পৰি থাকোঁতে দাড়িবোৰ কিমান দীঘল হ’ল দেখা নাই? কাম বন নকৰাকৈ খাই থাকোঁতে চেহেৰা পাতিও ভাল হৈছে, গতিকে ইয়াতে এখন আশ্ৰম প্ৰতিষ্ঠা কৰা যাওক। মাটিৰ যিহেতু অভাৱ নাই সেয়ে এঠাইত দখল কৰি ল’লে হ’ল। বাপু ঘটিৰাম সেই সময়ত মাটি দখল কৰি লোৱাৰ ব্যৱস্থা আছিল। শিষ্যজনক পৰামৰ্শ দিলোঁ,

: বেল গছৰ তলত মন্দিৰ এটি সাজি তাতে শিৱ লিংগ প্ৰতিষ্ঠা কৰা। আৰু দুজন শিষ্যৰ সন্ধান কৰা আৰু তুৰন্তে ইয়ালৈ মাতি আনা। সিহঁতক কিছু কথা শিকাই বুজাই ল’ব লাগিব। গেৰুৱা কাপোৰ, ত্ৰিশূল, ৰুদ্ৰাক্ষমালা, ঘটি, চেপেনা, গাঞ্জা খোৱা চিলিম, গাঞ্জা কূটা পিৰা, কটাৰী, ধুনি এইবোৰ যোগাৰ কৰা। মোৰ কাৰণে এখন বাঘ নাইবা পহুৰ ছাল সংগ্ৰহ কৰা, তাৰ ওপৰত বহি মই ধ্যান কৰিব লাগিব।

বাৰু বাপু ঘটিৰাম আজিলৈ ইমানতে সামৰণি মাৰোঁ। ইয়াৰ পাছৰ পৰা মোৰ জীৱনৰ এটা নতুন অধ্যায়ৰ আৰম্ভণি হৈছিল। যিবোৰ কাম অতি কঠিন বুলি ভাব হয়, সেইবোৰ কাম এই গেৰুৱা কাপোৰযোৰ পিন্ধি সহজতে কৰিব পাৰি।

ইমান সময়ে ঘটিৰামৰো লেখি লেখি বিৰক্তি লাগিছিল, সেয়ে পিছদিনাখন পুনৰ অহাৰ প্ৰতিশ্ৰুতিৰে ঘটিৰামে বিদায় ল’লে। (আগলৈ)

☆★☆★☆

Leave a Reply

Your email address will not be published.