ফটাঢোল

বাল্মীকি বৰুৱাৰ আত্মজীৱনী – ড° সৰোজ কাকতি

প্ৰস্তাৱনা

 : এই ৰাতিপুৱাখন ছাগলীৰ দৰে কি বেবাবলৈ ধৰিছা হে?

বাওনা বৰুৱাৰ চিঞৰ-বাখৰ শুনি ঘৈণীয়েকে পৰম বিৰক্তিৰে চিঞৰি উঠিল৷

: হেৰা, তোমাৰ দৃষ্টিতহে মই ছাগলী৷ মোৰ বাবে এই পুৱাই পুৱাই এইখন কি চিঠি আহিছে নয়ন মেলি চাই নয়ন সাৰ্থক কৰহি বুঢ়ী ধেন্দেলী৷

বাওনা বৰুৱাই কথাষাৰ কৈয়েই আলোচনীৰ সম্পাদকে পঠিওৱা চিঠিখন আকৌ এবাৰ পঢ়িবলৈ ধৰিলে৷ উলামুলা চিঠি নহয়, সম্পাদকে তেখেতৰ আত্মজীৱনী বিচাৰিছে৷ বিচাৰিবই; বাওনা বৰুৱাৰ আত্মজীৱনী নিবিচাৰি কাৰ জীৱনী বিচাৰিব? ঘটিৰাম-বাটিৰামৰ বিচাৰিব? যিজন মানুহে অমানুষিক কষ্ট কৰি, মানুহৰ খকৰা-মুকুটি, ঠলামূৰী, জোতাৰ কোব, পঁচা বিলাহী, জোতাৰ পুষ্পমালা, ইত্যাদিকো সহজভাবে গ্ৰহণ কৰি দোপতদোপে সোণৰ জখলা বগাই উন্নতিৰ মূধচত আৰোহণ কৰিছোঁ, সেইজন মানুহেই যে আত্মজীৱনী লেখাৰ বাবে যোগ্য সেই কথা আখৰৰ বেপাৰী সম্পাদকে জানে৷ চৰ, লাঠি, ভুকু, কিল-কীৰ্তন এইবোৰৰ লেখজোখ নাই আৰু লেখ ৰাখি মনত বিমৰিষ মাতি অনাও অযুগুত কথা৷ স্বয়ং শ্ৰীকৃষ্ণই গীতাত কৈছে যে, পাপ-পুণ্য, লাভ-লোকচান, হৰ্ষ-বিষাদ, মান-অপমান এই সকলোবোৰ সহজভাবে ল’ব পৰাটোৱেই হ’ল জ্ঞানী লোকৰ কাম৷ ময়ো এইবোৰক সহজভাবে লৈ জ্ঞানী হোৱাৰ গোল্ডেন চাঞ্চ কিয় হেৰুৱাম!

আত্মজীৱনীৰ কথা শুনাৰ লগে লগে বুঢ়ীয়েও পকা তেলত পেলাই দিয়া লুচিৰ দৰে ফুলি উঠিল৷ সম্পাদকে চিঠি দিবইতো৷ স্বামীদেৱতাৰ লগতে যদি তেওঁৰ নিজৰ কথা বা ফটো আলোচনীৰ বুকুত ঠাই পায় তেন্তে ওচৰৰ নাক-কাটি কেইজনীয়ে ঈৰ্ষাৰ জুইত মাছ-পোৰা দিব৷ অন্য নহ’লেও এইখিনি কৰিব পাৰিলেই জীৱন ধইন হ’ব৷ তাৰকাৰণে কিমানে কিমান কষ্ট স্বীকাৰ কৰে তাৰ লেখজোখ নাই৷ আৰু এতিয়া বিনা পৰিশ্ৰমে বিনা বিনা খৰছে এনে মহাসুযোগ মিলিছে, গতিকে হাতৰ পৰা তাক এৰি দিব নোৱাৰি৷

এই জীৱনী আৰম্ভ কৰাৰ আগতে দীঘেলী বৰুৱানীয়ে নিৰ্দিষ্ট কেইটামান চৰ্ত বৰুৱাক বান্ধি দিব৷ জীৱনী নহয় মহাজীৱনী৷ ঘটিৰাম-বাতিৰামৰ জীৱনীক জীৱনী বুলি ক’ব পাৰি; এনে এজন দুৰ্নীতিৰ অৰণ্যত ৰেকৰ্ড সৃষ্টি কৰা ব্যক্তি মহাবৃক্ষৰ জীৱনীও হ’ব মহাজীৱনী৷ তাত তেওঁৰ অস্তিত্ব পাতালী-গংগাৰ পানী, পতিদেৱতাৰ কলমেৰে নিগৰিত হৈ দেশৰ কৌটি কৌটি জনগণক পৱিত্ৰ কৰিব৷ ভগীৰথে যিদৰে গঙ্গাদেৱীক স্বৰ্গৰ পৰা ভুলাই আনি সগৰৰ বংশ উদ্ধাৰ কৰিছিল, তেনেদৰে পতিদেৱতাৰ কীৰ্তি-বন্দনা যিয়ে শ্ৰৱণ-কীৰ্তন কৰিব সেইজনৰ কৌটি জন্ম উদ্ধাৰ হ’ব৷ “যদ্যপি নৱবিধ ভক্তি মাধৱৰ শ্ৰৱণ-কীৰ্তন তাতে মহা শ্ৰেষ্ঠত্বৰ৷” অৱশ্যে শ্ৰৱণ-কীৰ্তন কৰাৰ কাৰণে তেওঁৰ পতিদেৱতাই মহাজীৱনীখন পদ্যত লেখিলে ভাল হ’ব৷

: হেৰা শুনিছানে?

কথাষাৰ ভবাৰ লগে লগেই বৰুৱানীয়ে বিচনাৰ ওপৰত দীঘল দি গিৰিয়েকক চিঞৰিলে৷ চিঞৰ শুনি পত্নীৰ কোঠালিত প্ৰৱেশ কৰা বাওনাক একো ক’বলৈ সুযোগ নিদি বৰুৱানীয়ে প্ৰশ্ন কৰিলে,

: হেৰা তোমাৰ আত্মজীৱনী গদ্যত হ’বনে পদ্যত?

“গদ্যত” বৰুৱাই চমু উত্তৰ দিলে৷

: নহয়, তুমি পদ্যত লেখা বুইছা৷ তেতিয়া হ’লে তোমাৰ জীৱনী ৰামায়ণ, মহাভাৰত, কীৰ্তন আদি পুথিৰ দৰে মানুহে পাঠ কৰিব৷ কীৰ্তন কৰিব৷ পুৰাণৰ মডেলত যদি লিখিব পাৰা তেন্তে আৰু ভাল হয়৷ শিৱপুৰাণৰ কাৰণে মহাদেৱক ৰাজ্যৰ মানুহে দেৱতা বুলি মানিলে, দেৱীপুৰাণৰ বাবে দুৰ্গা গোঁসানীক, ভাগৱতপুৰাণৰ বাবে প্ৰেমিক কৃষ্ণক আৰু পদ্মাপুৰাণৰ বাবে মনসাদেৱীক মানুহে আজিও পূজা কৰে৷ এই পুৰাণবোৰ জীৱনীৰ বাদে আন একোৱেই নহয়৷ হেন জানি তুমি পুৰাণৰ ফৰ্মূলাত লেখাতো পচন্দ কৰোঁ৷ এইখিনি কৰিলে তোমাৰ আৰু মোৰ কীৰ্তি যুগ যুগ ব্যাপি অক্ষয়-অজৰ-অমৰ হৈ থাকিব৷ আৰু এটা কথা হ’ল তুমি বৰ্তমানৰ নামটো সলনি কৰিব লাগিব৷ নামৰ লগত ব্যক্তিত্বৰ সম্পৰ্ক থাকিব লাগে৷ তুমি আৰু তোমাৰ পূৰ্ব-পুৰুষ শিয়ালৰ দৰে ধূৰ্ত আৰু বিক্ৰমী৷ দস্যু ৰত্নাকৰৰ দৰে জ্ঞানী৷ ধূমকেতুৰ দৰে উজ্জ্বল পোহৰ দাতা৷ গতিকে এইবোৰৰ লগত ৰজিতা খুৱাইহে তুমি নামটো ৰাখিব লাগিব৷ মোৰ মতে তুমি বাল্মীকি বৰুৱা নামটো ল’লে ভাল হ’ব৷

বৰুৱানীয়ে কথাকেইষাৰ কৈ স্বামীদেৱতাৰ মুখৰ ফালে চালে৷ বাওনা বৰুৱাই শিৱনেত্ৰ হৈ ঘৈণীয়েকৰ কথাষাৰ হৃদয়ঙ্গম কৰাৰ বাবে চেষ্টা কৰিছে আৰু মনৰ পৰ্দাত ভাঁহি উঠিছে এখন বিয়াগোম গ্ৰন্থ৷ গ্ৰন্থখন দেশৰ অগণন মানুহে পঢ়িছে, পঢ়ি আনন্দত হাতচাপৰি বজাই বৰুৱাক মহাকবি বুলি স্বীকৃতি দিছে৷

বাল্মীকি বৰুৱা৷ নামটো উচ্চাৰণ কৰি বৰুৱাই তাৰ তাৎপৰ্য উপলব্ধি কৰিবলৈ চেষ্টা কৰিলে৷ প্ৰথম অৱস্থাত বাল্মীকি দস্যু ৰত্নাকৰ আছিল৷ হাবিতলীয়া পথত জোপ লৈ থাকি বাটৰুৱাক অতৰ্কিতে আক্ৰমণ কৰি সকলোবোৰ ধন-সোণ লুটি লৈ আহিছিল৷ বাওনা বৰুৱাই তেনেকুৱা কাম কৰা নাই৷ তথাপিও আনৰ বস্তুকো যিহেতু নিজৰ বস্তু বুলিয়েই ভাবিব লাগে সেইকাৰণে গাঁওত থাকোতে ৰাতি হ’লে গাঁওখনত এবাৰ টহল দিছিল৷ কোনোবাই যদি বাহিৰত কিবা বস্তু অনাদৰত পেলাই থৈছিল বৰুৱাই তাক সহ্য কৰিব পৰা নাছিল আৰু আথেবেথে তুলি আনি নিজৰ ঘৰত ঠাই দিছিল৷ এনে এটা উপকাৰ কৰিবলৈ বৰুৱাই এবাৰ গাই-গৰু এজনীকো অন্য এখন গাঁওৰ পৰা উঠাই আনিছিল, পিছে অসভ্য গিৰিহঁত আৰু বেইমান গাঁওবাসীয়ে বৰুৱাক আধামৰা কৰি গাইজনী আকৌ লৈ গ’ল৷ এইবোৰ কথা পাছতো হ’ব পাৰিব৷ সেয়ে এইবোৰত বিৰক্তি লগাৰ বাবে বৰুৱাই চহৰলৈ আহি দুষ্টক দমন কৰাৰ কাৰণে পাঁচজনীয়া দল এটা খুলি বেছি টকা-পইচা, সোণ-গহনা, গাড়ী-মটৰ থকা মানুহবোৰৰ পৰা ডকা-হকা দি কিছু বস্তু আনিছিল৷ লাপি-লুপা চোৰৰ পৰা ডকাইতলৈ প্ৰমোচন পোৱাৰ সাফল্যত বৰুৱাই সিদিনা ওচৰৰ মানুহক পাৰ্টি এটাকে দিলে৷ মানুহবোৰে কিহৰ পাৰ্টি বুলি বুলি সোধাত জন্মদিনৰ পাৰ্টি বুলি ক’লে৷ এমএলএ, মন্ত্ৰী হোৱাৰ পাছতো একোটা বিয়াগোম নিগমক নিগমে মাৰিছিল তাৰ বহুত কাহিনী আছে৷ নামাৰিলেও উপায় নাই, অফিচাৰ, কেৰাণী, মহৰী এই সকলোবোৰেই একোটা নিগমৰ বহু লাখ কৌটি টকা খাই শেষ কৰি দিয়ে৷ গতিকে অন্যই যিহেতু খোৱাতো নিশ্চিত, সেইগতিকে তাৰ আগে আগে সকলোবোৰ উদৰস্থ কৰাতো একো বেয়া কথা নহয়৷ এইবোৰ কথা পিছে পৰেও হ’ব৷ মুঠতে বাল্মীকি নামৰ সাৰ্থকতা আহিছে৷ বৰ্তমান অৱস্থাত বাওনা বৰুৱাক আঞ্জাৰ মাছ ধৰি খাব নজনা, চিকৰাৰ দৰে নিমাখিত মানুহ বুলিয়েই সকলোৱে জানে৷ অনুষ্ঠানবোৰলৈ পাৰ্য্যমানে দান-দক্ষিণা দিয়ে, বিহু সমিতি বা অন্য সমিতিৰ সভাপতি হয়, গামোচা পায়, পতাকা উত্তোলন কৰে, ইত্যাদি৷ গতিকে নামটো সকলো ফালৰ পৰাই উপযুক্ত৷

ৰামায়ণ লেখাৰ সময়ত শ্ৰীগণেশ আছিল লিপিকাৰক৷ ডাঙৰ ডাঙৰ মানুহে আজিকালি নিজে ঘঁহি নাথাকে৷ এজন লিপিকাৰ লয়৷ গতিকে বৰুৱাইও এজন লিপিকাৰ লোৱাতো উচিত হ’ব৷ আলোচনীৰ সম্পাদকৰ ইমানেই যদি  প্ৰয়োজন তেন্তে এজন লিপিকাৰ দিয়াতো কি ডাঙৰ কথা৷ কথাটো ভবাৰ লগে লগেই বৰুৱাই ফোন দাঙিলে৷

                                                      (ক্ৰমশঃ)

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published.