ফটাঢোল

বাল্মীকি বৰুৱাৰ আত্মজীৱনী : ড° সৰোজ কাকতি

(যোৱা সংখ্যাৰ পিছৰ পৰা)
পিতৃদেৱৰ আজ্ঞা মতে মই শিক্ষাগুৰুৰ সকলোবোৰ শাস্তিকে সহজভাবে গ্ৰহণ কৰিব পৰা হ’লোঁ, ভাবিলোঁ মই যিমান সোনকালে এইখিনি বিদ্যা আয়ত্ব কৰিব পাৰিম সিমান সোনকালে তেওঁ স্বৰ্গগামী হ’ব পাৰিব, ৰোগ কষ্টৰপৰা মুক্তি লাভ কৰিব পাৰিব, আমাৰো কষ্টৰ সমাপ্ত তেওঁৰো দুখৰ অন্ত, বাপু ঘটিৰাম যদিও মই পিতৃ দেৱতাই স্বৰ্গগামী হ’ব বুলি কৈছোঁ, সেইটো আনক দেখিহে কৈছোঁ, কাৰণ এতিয়া দেখিছোঁ কোটি টকা আত্মসাত কৰি, হত্যা চুৰি আদিত জড়িত থকা সকলকো মৰাৰ লগে লগে স্বৰ্গগামী হোৱা বুলি কয়, কোৱাটোৱে স্বাভাৱিক য’ত সুৰা, সুন্দৰী, খানাপিনা আদিৰ কাৰণে চিন্তা কৰিব নালাগে সেয়ে স্বৰ্গ, লাগিলে সি ইহলোকতে হওক বা পৰলোকতে হওক, মৰতত থাকোঁতেও এইসকল লোক এইবোৰৰ মাজতে থাকে, গতিকে মৰাৰ পাছতো তেওলোঁকক স্বৰ্গগামী হোৱা বুলি কয়৷

নৰক যদি আছে বাপু তেন্তে পৃথিৱীৰ বাহিৰে আন ক’তো নাই, দৰিদ্ৰ আৰু বেমাৰী হ’লেই নৰকভোগ হৈ যায়, হেজাৰজনৰ অপমান, লাঞ্চনা, গঞ্জনা যেতিয়া পাবা সেয়াই নৰক,

যিয়েই নহওক, স্কুলৰ জিৰণিৰ সময়খিনিৰো মই সৎ ব্যৱহাৰ কৰিবলৈ শিকিছিলোঁ, দুজনমান সংগী গোটাই লৈ ওচৰৰ বাৰীৰ আম, কঁঠাল, তিয়ঁহ, ভেণ্ডি, জিকা, পটল আদি সংগ্ৰহৰ অভিযান চলাইছিলোঁ, সেইবোৰ দিনত গাঁৱৰ মানুহবোৰ পথাৰৰ খেতিবাতিৰ কামত অধিক ব্যস্ত আছিল৷ লাহে লাহে দেখা গ’ল, মোৰ দলত যোগ দিয়া ছাত্ৰৰ সংখ্যা বাঢ়ি গ’ল, যেনেকৈ ষণ্ডামৰ্কৰ স্কুলত প্ৰহ্লাদে তেওঁৰ সমনীয়া কেইজনক হৰিনাম গাবলৈ শিকাইছিল তেনেকৈ ময়ো তেওঁলোকক চৌৰ বিদ্যা শিকাইছিলোঁ, প্ৰহ্লাদে সমনীয়াকেইজনৰ মাজত দলপতি হোৱাৰ দৰে ময়ো মোৰ শ্ৰেণীত দলপতি হৈছিলোঁঁ৷

কেতিয়াবা আমাৰ পঢ়িবলৈ মন নগ’লে আমি স্কুলত নোসোমাই চিধাই নৈৰ পাৰ পাওঁ, কিতাপ ফলিবোৰ বাৰীৰ বাঁহৰ তলত লুকুৱাই থওঁ আৰু বাৰীলুটি অনা বস্তুবোৰ লৈ স্কুল ছুটীৰ লগে লগে আহি ঘৰ পাওঁ, হাবিত ফুলা ফুলৰ গোন্ধ বিয়পি যোৱাৰ দৰে আমাৰো বিদ্যাৰ যশষ্যা চাৰিওফালে বিয়পি যাবলৈ বেছি দিন নালাগিল, ৰাইজৰ মাজৰ পৰা আপত্তি আহিবলৈ ধৰিলে৷ শোকে দুখে জৰ্জৰিত হৈ ছাৰে আমাক এদিন বৰকৈ কোবালে আৰু বাহিৰত সকলোৱে দেখাকৈ আঁঠুকঢ়াই থ’লে, তথাপিও আমাৰ বিদ্যাচৰ্চাত বিৰক্তি নাহে, বৰঞ্চ নিত্য নতুন কৌশল আৱিস্কাৰ কৰি কেনেকৈ আমাৰ দক্ষতা বঢ়াব পাৰোঁ তাৰে চিন্তাত থাকিলোঁ৷

তেতিয়াৰ দিনত আমাৰ মৌখিক নামৰ বিষয় এটা আছিল৷ বিশেষকৈ যোগ, বিয়োগ, পূৰণ, হৰণ আদি কিছুমান অংক মুখে মুখে কৰিব লাগিছিল৷ আমি অঘাইটং পাৰ্টীটোৱে ফটাফট উত্তৰ দিছিলোঁ কাৰণ বস্তুবোৰ ভগাই ভগাই আমাৰ অনবৰত প্ৰেকটিকেল চলি আছিল৷

শেষত পৰিস্থিতি এনে পৰ্যায় পালে যে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষা সমাপ্ত নকৰাকৈয়ে আমাক ছাৰে স্কুলৰপৰা বিদায় দিবলৈ বাধ্য হ’ল৷ দেউতাৰ আগত সকলো কথা বিবৰি কোৱাত ক’লে,

: এৰা জলকীয়াৰ যদি জ্বলাই নাথাকে তেন্তে কিহৰ জলকীয়া হ’ল, পিচে মই কোৱা বিদ্যাখিনি আয়ত্ব হ’ল নে নাই?

: হৈছে পিতাদেউ হৈছে, আপুনি এতিয়া নিচিন্ত মনে ইহলীলাৰ সামৰণি মাৰিব পাৰে!

মোৰ পৰা এনে আশ্বাস পাই তেওঁ এই জনমৰ লীলাৰ সামৰণি মাৰিলে, যোৱাৰ আগতে কৈ গ’ল,

: মই তোক স্কুললৈ পঠিয়াই যিখিনি কষ্ট দিলোঁ, তাৰকাৰণে বেজাৰ নকৰিবি, কিন্তু ইয়াৰ বিনিময়ত তই যিখিনি বিদ্যা অৰ্জন কৰিলি সেইখিনিয়ে এদিন তোক প্ৰচুৰ সহায় কৰিব, সিদিনা তই মোৰ নাম নতুনকৈ সুমৰণ কৰিবি!

(আগলৈ)

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published.