ফটাঢোল

বাসনা-বৰ্ণালী ফুকন

“যদি তুমি অসমীয়া, দেশৰ বাবে ওলাই আহা”

“জয় আই অসম”

শ্ল’’গানেৰে মুখৰিত হ’ল বিষ্ণুৰাভা খেলপথাৰ৷

হাজাৰ হাজাৰ মানুহে আহি ভীৰ কৰিছেহি গোটেই খেলপথাৰখনত৷

: হেৰি! শুনিছেনে?

– ৰূপালীয়ে পাকঘৰৰ ফালে চাই ৰূপমক চিঞৰিলে৷

কিছুদিনৰ পৰা ৰূপমে তাইৰ কথাবোৰ আওকাণ কৰা কথাটো তাই লক্ষ্য নকৰা নহয়৷

: এই মানুহটো যে! হয় দেই! পুৱাই মোৰ মূৰটো……

– ভোৰভোৰাই ভোৰভোৰাই ৰূপালীয়ে নেইলপলিছটো ড্ৰেছিং টেবুলখনতে ঠেকেচি থৈ পাকঘৰৰ মুখত থিয় হ’লহি।

: বোলো হেৰি, কাষৰ ঘৰৰ বৰুৱায়ো মোৰ মাতটো শুনি কি হৈছেনো হয় ফুকননী বুলিলে৷ আপুনি কাণেৰে নাই শুনা নে নুশুনাৰ ভাও ধৰিছে?

একান্তমনে ৰুটিখন গোলাকাৰ কৰিবলৈ যত্ন কৰি থকা ৰূপমে কাষতে কাৰোবাৰ মাতটো শুনি উচপ খাই উঠিল৷

: এঃ! কিয় চিঞৰি দশোদিশ কঁপাইছা হয়?

: কি? কি ক’লে?

ৰূপম ফুকন ঠাইতে তাপ মাৰিল৷ ইয়াতকৈ বেছি কৈ খাল খান্দি যখিনী চপাবলৈ মন নগ’ল৷

: নাই অ’৷ তুমি আক’ নেইলপলিছ লগোৱাৰ পৰা কিয় উঠি আহিব লাগে? সেয়া দেখিছা নক’লোঁনে মই গোটেই বেয়া হ’ব পায়৷

নেইলপলিছ শুকুৱাবলৈ জোকাৰি থকা হাতখন জোকাৰিবলৈ এৰি ৰূপালীয়ে ৰূপম ফুকনলৈ পেন্দোৱাকৈ চালে৷

: মই সুধিব বিচাৰিছিলোঁ এই যে মাইকত টেঁটুফালি চিঞৰিছে ৰাইজ ৰাইজকৈ সেইজনী আমাৰ প্ৰমীলা নহয় জানো?

বেলনা মাৰিডাল হাতত লৈয়ে ৰূপম ফুকন টিকটিককৈ ৰূপালীৰ কাষেৰে বাৰান্দালৈ বুলি লৰ মাৰিলে৷ কাষতে ফিল্ডখন লাগি আছে৷ ডিঙিটো মেলি চালে তালৈ৷ কাণখন দুবাৰমান জোকাৰি মাইকত কোনে কৈছে শুনিবলৈ যত্ন কৰি বিফল হ’ল৷ নিজকে নিজে ক’লে,

: কাণখন গ’লেই নেকি? একোৱেই নুশুনা হ’লো যে৷ ছেঃ!

ৰূপালীয়ে দৌৰাদৌৰিকৈ আহি ৰূপম ফুকনৰ কাষত থিয় হ’ল।

: কি জুমি জুমি চাইছে? ইয়াৰ পৰা কি আপুনি ষ্টেজটো দেখিব নেকি? আপোনাৰ বয়স হৈছে মানে যিহকে তিহকে কৰিবলৈ লৈছে৷

: এঃ! নহয়হে মাতটো শুনিবলৈহে…… হয় হয় প্ৰমীলাই হ’ব লাগে৷

: হ’ব দিয়ক৷ ব্ৰেকফাষ্ট ৰেডি নে? মোৰ দেৰি হৈছে৷ সোনকাল কৰক৷

ৰূপম ফুকনে ৰূপালীয়ে শেষত কোৱা কথা কেইষাৰ নুশুনিলে হ’বলা, তেওঁ বেচিনটোৰ ওচৰলৈ গৈ বাচন বৰ্তনকেইটা চিজিল কৰাত লাগিল৷ এইবাৰ ৰূপালীৰ ধৈৰ্য্যৰ বান্ধ ছিগিল৷

: হেৰি শুনিছে নে? খাবলৈ দিব নে?

কাষলৈ আহি চিঞৰি কোৱা কথাকেইষাৰ শুনিহে ৰূপম ফুকনৰ হুঁচ আহিল৷ কামত এনেকৈ মছগুল হৈছিল ঘৈণীয়েকে কি কৈ আছে শুনাই নাছিল৷

: ৰ’বা ৰ’বা, দিছোঁ দিছোঁ৷

ডাইনিং টেবুলৰ চকিখনত বহি লৈ ৰূপালীয়ে হাতখনত আকৌ এবাৰ চকু ফুৰালে৷ উম ঠিকেইতো৷ মিলিবতো কাপোৰযোৰৰ ৰঙটোৰ সৈতে নেইলপলিছৰ ৰঙটো৷ খাই থাকোঁতে ৰূপালীয়ে ভোৰভোৰাই থকা স্পষ্ট শুনিলে ফুকনে৷

: ছেঃ কোৰাছটো মনত নৰখাকৈ গাম কেনেকৈ?

ক’বলৈ লৈ কিবা ভাবি ফুকন ৰ’ল৷ ক’ম নে নক’ম ভাবিলে৷ নাক কাণ কাটি অহাতকৈ কৈ দিয়াই ভাল বুলি লাহেকৈ ক’লে,

: হেৰি নহয়, কিবা কোৰাছ গাম বুলি ওলাইছা নেকি?

পিচে “তোমাৰ এই হুটা কৰ্কশ মাতটো মাইকত গৈ কি হ’বগৈ ঠিক নাই৷ তুমি নাগাবা নেকি” – এইবুলি ক’বলৈ লৈ তেওঁ ৰৈ গ’ল৷ এঠাইলৈ যোৱাৰ আগতে জোকাই লোৱা মানে কঁদোৰ বাঁহত হাত দিয়া। যাঃ যি কৰে কৰক, মোৰনো কি! মাত্ৰ পিছদিনা বৰুৱাইহে বাটে ঘাটে দেখিলে ৰূপালীয়ে গান গোৱাৰ কথালৈ যে ৰূপম ফুকনক ইতিকিং কৰিবলৈ নেৰিব সেইয়া সহিবলৈ সাজু হ’ল ফুকন৷

   খাই উঠি ওলাই হয় মানে এঘণ্টা পাৰ হৈছিল৷ খাই থাকোঁতেই পাকঘৰৰ পৰাই ৰূপম ফুকনে কাণপাতি থাকোঁতে ঘৈণীয়েকে ফোনত কাৰোবাক কোৱা শুনিলে,

: ৰ’বাহে মই গৈ পাওঁতে অন্ততঃ এঘণ্টা আৰু লাগিব৷ ঘৰৰ মানুহখিনিক খুৱাই থৈহে যাব পাৰিম৷ এটা কাম কৰা নহ’লে কোৰাছটো পিছলৈ দিয়া৷ কি আৰম্ভণিতে কোৰাছ গাবই লাগিব বুলি কথা আছে নেকি? হ’ব হ’ব, গৈ আছোঁ তেনেহ’লে, ৰ’বলৈ দিয়া মানুহবোৰক৷

ওখ হিলৰ টকটক শব্দ কৰি ৰূপালী ফুকন ওলাই যোৱা শুনি ৰূপম ফুকনে স্বস্তিৰে নিশ্বাস পেলালে৷

ভীৰ ঠেলি ঠেলি ৰূপালী ফুকন ষ্টেজৰ ফালে আগবাঢ়ি গ’ল৷

: বাইদেউ গ্ৰীণৰূমলৈ আহক৷

ষ্টেজত উঠিবলৈ লওঁতেই বিদ্যুত নামৰ নতুনকৈ সিহঁতৰ এম ডি পাৰ্টিত জইন কৰা ল’ৰাটো আগবাঢ়ি আহি তাইক আগবঢ়াই নিলেহি৷ ল’ৰাটো ৰূপালীৰ বৰ পচন্দৰ নহয়৷ প্ৰতি কথাত ওফাইদাং, প্ৰতি কথাত নিজকে বেছি জাহিৰ কৰিব বিচাৰে৷ কথাই কথাই আমাৰ অৰবিন্দ কেজৰীৱালে অমুক কৰিলে, কেজৰীৱালে তমুক কৰিলে৷ হেৰৌ ইমানেই তোৰ কেজৰীৱাল নে কেচাৰীলাল ভাল যদি সেই পাৰ্টিতে নাথাকি ফৰিঙটোৰ দৰে জঁপিয়াই জঁপিয়াই আজি এই পাৰ্টি, কালি সেই পাৰ্টিকৈ দল কিয় বাগৰি ফুৰিছ?

তথাপি খঙটো সামৰি ৰূপালী খৰখেদাকৈ বিদ্যুতৰ পিছে পিছে গ্ৰীণৰূমত সোমালগৈ৷ সকলো সাজু হৈ তেওঁলৈকে বাট চাই চাই আছে৷ অতিষ্ঠ হৈছে বুলি প্ৰতীমাৰ মুখ দেখিয়েই বুজি পাইছে ৰূপালীয়ে৷ কোৰাছটো ৰূপালীৰ ভালদৰে মনত নাই৷ আগদিনা ৰাতি আওঁৰাই ল’ম বুলি ভাবিও নহ’লগৈ৷ কালি আচলতে ৰূপম ফুকনে পেগটো বাকি দিওঁতে লাৰ্জ পেগ দিলে৷ নিচাৰ কোবত ভাতেই খোৱা নহ’ল৷ গানটো প্ৰেকটিচ কৰা দূৰৈৰ কথা৷ দুদিনমান নোগোৱাকৈ থকা নাই৷ কিন্তু পুতেক জীয়েকে ফিচিঙা ফিচিঙ কৰি দেখুওৱাৰ বাবে বাদ দিলে৷ দুলাইনমান গালেই ভনীয়েকে ককায়েকক কয়,

 : ব’ল পলা পলা দাদা, উষা উত্থুপে বেসুৰা গান গাবলৈ লৈছে৷

গিৰিয়েকেও কাম এটা আছে বুলি মোনাখন লৈ বজাৰলৈ বুলি ওলাই যায়৷ সেইকাৰণে বাদেই দিলে প্ৰেকটিচ৷ তথাপি সাহসী মহিলা ৰূপালী ফুকন৷ কোৰাছনো কি, মুখখন মিলাই মেলা জপোৱা কৰি থাকিলেই হ’ল। নিৰ্দিষ্ট সময়ত তেওঁলোক কেইগৰাকী ষ্টেজত মাইকৰ সন্মুখত থিয় হ’ল৷ ষ্টেজত থিয় হ’বলৈ ঠাই নাই৷ গোটেই থেপাথেপি৷ ইজনীয়ে সিজনীক ঠেলিছে সিজনীয়ে ইজনীক৷ মুঠতে ঠেলা হেঁচাৰ কোবত ষ্টেজৰ পৰা সৰি পৰা উপক্ৰম হ’ল৷ তেতিয়াহে ৰূপালীয়ে মন কৰিলে তেওঁলোকৰ দহগৰাকীৰ ঠাইত বিশগৰাকী মহিলা৷ অৱশেষত হাৰমনিয়াম আৰু তবলা ষ্টেজৰ পৰা আঁতৰাই দিয়া হ’ল৷ মাইক্ৰ’ফোনৰ সন্মুখত গানৰ কনচাৰ্ট বাজিব আৰু গানটো তেওঁলোকে তাৰ সৈতে তাল মিলাই গাব৷

   অৱশেষত কনচাৰ্ট আৰম্ভ হ’ল৷ প্ৰথম লাইনটো ঠিকেই গ’ল৷ দ্বিতীয় লাইনতে লাগিল লেঠা৷ প্ৰতীমাৰ বাদে সকলোৰে মুখৰ মাত অস্পষ্ট৷ কৰ’বাত ক’ৰবাত ৰৈ দিয়ে দুজনীমানে৷ দুজনীয়ে মাত্ৰ মাজে মাজ যেনে তেনে তেওঁলোকৰ নাকটো নকটাকৈ ৰাখিলে৷ গ্ৰীণৰূমত সেইলৈ প্ৰমীলা আৰু ৰূপালীৰ সৰুসুৰা যুদ্ধ এখন হৈ গ’ল৷ প্ৰমীলাই আচলতে সকলোৱে শুনাকৈ কৈ থকা কথাষাৰ ৰূপালীৰ সহ্য নহ’ল৷

: কি কথা ক’বলৈ আহিছে? গাব নোৱাৰিলে গাব নালাগে বুলি কাক শুনাইছে? আপুনি কিমান ফালিলে দেখিলোঁ নহয় হে বৰুৱানী৷ কাক জোকাই লৈছে? মই গাব নোৱাৰিলে গোটেই টাউনখনৰ প্ৰতিটো অনুষ্ঠানত কোৰাছ গাবলৈ মোক মাতিব নেকি?

: জনা আছে বুজিছে ফুকননী৷ আপোনাক অনুষ্ঠানবোৰলৈ কিয় মাতে সেইয়া গোটেই টাউনে জানে৷ আপুনিও জানে৷

ৰূপালী ফুকনৰ খঙে মূৰৰ চুলি আগ পালেহি৷ প্ৰমীলালৈ যিটো চাৱনিৰে চালে পাৰিলে ভষ্ম কৰি পেলাব যেন৷

গ্ৰুপৰ মধুমিতাই কথাটো লক্ষ্য কৰি আছিল৷ প্ৰমীলা আৰু ৰূপালীয়ে কাজিয়া লাগে বুলিয়েই কথা এটা আছে বুলি ৰূপালীক আঁতৰাই নিলে৷ অলপ পিছত মন্ত্ৰী অহাৰ কথা৷ কেনেবাকৈ ফুকননীৰ জমক উঠিব লাগিলে মিটিঙখনেই কিবা হ’বগৈ৷ সম্বৰ্ধনাৰপৰা মন্ত্ৰীৰ লগত অহা এলেকৰ পেলেকসোপাকো খোৱাৰ ব্যৱস্থা ৰূপালী ফুকনে কৰিছে৷ গতিকে ৰূপালী ফুকনে গুৰুত্ব বিচাৰিবই আৰু লগতে কমিটিৰো দায়িত্ব তেওঁক সন্তুষ্ট কৰা৷ সভাখনৰ ভাল চাই বাব এটা দিয়া৷ গ্ৰীণৰূমৰ বাহিৰলৈ আহি এচুকত থিয় হ’ল দুয়ো৷

মধুমিতাই প্ৰথমে আৰম্ভ কৰিলে,

: প্ৰমীলা বাইদেউৰ কথা জানেই আপুনি৷ তেওঁৰ কামেই ঝেং কৰা৷ আপুনি একেবাৰেই নধৰিব তেওঁৰ কথা৷ তেওঁৰ হৈ ময়ে মাফ খুজিছোঁ৷

: এঃ! মই তাইক কেয়াৰ কৰিছোঁ! তাই কোন মোক সুৰ তালৰ কথা শিকায়৷ চিনি পোৱা নাই মোক! এই অমুকীয়েও ক্লাছিকেল সংগীতত ফালি থৈছোঁ৷ এতিয়াটো মই গীটাৰখন শিকাৰ কথা ভাবিছোঁ৷

মধুমিতাই ওলাই আহিব লোৱা হাঁহিটো চেপি ৰাখি যিমান পাৰি মোলায়েম সুৰেৰে ক’লে,

: হয় বা আপুনি খানদানী গানৰ মানুহ বুলি আপোনাৰ মাতটো শুনিলেই গম পাই দেই৷

মধুমিতাই বিদ্যুতক ইছাৰা কৰি কাষলৈ মাতিলে৷ মধুমিতাৰ বিদ্যুতৰ ওপৰত বিশ্বাস আছে৷ এইমুহূৰ্তত একমাত্ৰ বিদ্যুতেই ৰূপালী ফুকনৰ মাজত উমি উমি জ্বলি থকা জুইকুৰা নুমুৱাব পাৰিব৷ বিদ্যুত চকুৰ পচাৰতে আহি ৰূপালী ফুকনৰ কাষত থিয় হ’ল৷

: বিদ্যুত, ফুকন বাইদেউক সন্মুখৰ ভি আই পি আসনত বহোৱাগৈ৷ মই চাওঁ কামবোৰ কিমান আগবাঢ়িছে৷

বিদ্যুতে গালত পুল পেলাই হাঁহি ৰূপালীৰ কাষলৈ আহি ফুচফুচাই ক’লে,

: বাইদেউ আপোনাৰ গাৰ ৰং আৰু কাপোৰ দুয়োটা মিলি পৰিছে৷ আজি ৰভাৰ তলত ক’ত ক’ত জুই লাগিব ঠিক নাই৷

লাজ লাজকৈ হাঁহি ৰূপালীয়ে মৰমেৰে ধমক এটা দিলে,

: লাগে নে তোমাক৷ তোষামোদ?

: বাইদেউ সঁচা কথাষাৰ ক’লোঁ, আপুনি তোষামোদ কৰা বুলি ক’লে৷ আপোনাৰ বাৰু মোক তেনেকুৱা ল’ৰা যেন লাগে নেকি? মনত দুখ পালোঁ দেই৷

: এঃ হ’ব দিয়া, মানি লৈছোঁ দিয়া৷

কথা কৈ কৈ ভীৰ ঠেলি ঠেলি বিদ্যুতে ৰূপালীক আগুৱাই লৈ গৈ থাকিল৷ এবাৰ সন্মুখত এনেকুৱা এটা ভীৰত দুয়ো সোমাই পৰিল যে মানুহে গতিয়া গতি কৰাত লাগিছে৷ বিদ্যুতে ৰূপালীৰ হাতখন থাপ মাৰি তাৰ হাতৰ মুঠিত ল’লে৷ এই ষাঠি উৰ্দ্ধৰ হৈও যেন ৰূপালী ফুকনৰ ব্লাচাৰেৰে বুলাই অনা গালখন আৰু অলপ গুলপীয়া হ’ল৷ বিদ্যুতক নিজৰে পথপ্ৰদৰ্শক কোনোবা দেৱদূত যেন লাগিল৷ সন্মোহনত কেতিয়া যে চিটৰ ওচৰ পালেহি গমেই নাপালে ৰূপালীয়ে৷ বিদ্যুতে এখন হাতেৰে আসনখন মোহাৰি দি বহিবলৈ ক’লে৷ বিদ্যুতৰ আনখন হাতত এতিয়াও ৰূপালীৰ হাত৷ বহাৰ পিছতো যেন বিদ্যুতৰ হাতখন এৰি নিদিব৷ বিদ্যুতে বুজি পাইছে কথাষাৰ৷ সি জানে কাক কেনেকৈ বশ কৰিব লাগে৷

: ধুনু বা, আপুনি ইয়াতে বহক৷ আমি সৰু মানুহ ভি আই পিৰ ঠাই দখল কৰাৰ অনুমতি নাই৷ আপুনি মোৰ দায়িত্বত আছে গতিকে কিবা অসুবিধা পালেই ফোন কৰিব৷ এইটো মোৰ ফোন নম্বৰ৷

এইবুলি হাতৰ টিপতে কাৰ্ডখন ধৰাই দিলে ফুকননীৰ হাতত৷ ৰূপালী ফুকনক “মোৰ কাষতে বহা কোনে কি কয় চাম” বুলি ক’বলৈ সময় নিদিলে বিদ্যুতে৷ চকুৰ পচাৰতে ভীৰৰ মাজত বিলিন হৈ গ’ল বিদ্যুত৷

এনেকৈ কাৰোবাৰ সন্তুষ্টিৰ বাবে যদি বিতৃষ্ণা লগা সৰুসুৰা কাম কৰি ডাঙৰ সুবিধা আদায় কৰিব পাৰে তেন্তে সি হেলাৰঙে সেই কাম কৰিব৷ সি ভীৰৰ মাজেৰে ওলাই আহি থাকোঁতে ভাবি আহি থাকিল

– মিউনিচিপেলিটিৰ চেয়াৰমেনৰ বাবটোৰ বাবে এইবেলি মোৰ নামটো দিবলৈ মধুমিতা বাইদেউক ক’ব লাগিব৷

প্ৰমীলাৰ ওপৰত অলপ আগতে উঠি অহা খঙটো জামৰিল ফুকননীৰ৷ তাৰ ঠাইত এতিয়া আত্মসন্তুষ্টিৰ এটা হাঁহি বিৰিঙি আছে৷ মনতে ভাবিলে “মোৰ ৰূপ লাৱণ্য, মোৰ টেলেণ্টৰ সন্মুখত প্ৰমীলা কোন কুটা৷”

মধুমিতা অত্যন্ত ব্যস্ত৷ এই মুহূৰ্তত চাগে বিদ্যুততো বাদেই ৰূপালী ফুকনৰ কথা ভাবিবলৈও আহৰি নাই৷ সুবিধা পালেই চিএমৰ কাণ চোৱাব লাগিব অহাবাৰলৈ যাতে লোক সভাৰ নিৰ্বাচনত তেওঁৰ পুত্ৰই টিকটটো পায়৷

ওঁঠৰ কোণত মিচিকিয়া হাঁহিৰে লয়লাস ভংগীৰে চি এমৰ ফালে আগবাঢ়ি গ’ল মধুমিতা৷ ডিগ্ৰীৰ দেওনা পাৰ কৰিব নোৱাৰা পুতেকৰ বাবেতো ইউ পি এচচিত চিট এটা বিচাৰিব নোৱাৰি৷ তাতোকৈ চি এমৰ ছত্ৰছায়াত থাকি জীৱনত বহুত উন্নতি কৰিব পাৰিব৷

☆ ★ ☆ ★ ☆

4 Comments

  • বহুত ভাল লাগিল বৰ্ণালী

    Reply
    • ৰাজু কুমাৰ নাথ

      বৰ সুন্দৰ হৈছে দেই গল্পটো।

      Reply
  • জিতু

    ভাল লাগিল।

    Reply
  • ৰাজশ্ৰী শৰ্মা

    বৰ ভাল লাগিল পঢ়ি। বাস্তৱ।

    Reply

Leave a Reply

Your email address will not be published.