ফটাঢোল

বাৰিষাৰ অনুভৱ : ঔ ফুলাৰ বতৰ – কৰবী দুৱৰী

বৰষুণ বাৰিষাৰ অবিচ্ছেদ্য অংগ। কেতিয়াবা মুষলধাৰে, কেতিয়াবা কিনকিনিয়াকৈ বাৰিষাৰ দিনকেইটাত বৰষুণ থাকেই। এয়া যে খেতিৰ বতৰ, উকা পথাৰখন সেউজীয়া কৰি তোলাৰ বতৰ। খেতিয়ক ৰাইজৰ কিমান যে হেঁপাহ বাৰিষাক লৈ! বাৰিষাৰ বৰষুণক লৈ সৃষ্টি হৈছে অসংখ্য কবিতাৰ। বাৰিষাই কঢ়িয়াই সৃষ্টিৰ উন্মাদনা, নতুনৰ সম্ভাৱনা। ভৱিষ্যতৰ ভাতমুঠি যোগাৰ কৰিবলৈ এই দিনকেইটাত ল’ৰাৰপৰা বৃদ্ধলৈকে সকলো পথাৰত ব্যস্ত হৈ  পৰে। কাহিলী পুৱাতেই শোৱাপাটি এৰি  বলধহাল মেলি কান্ধত নাঙলটো লৈ কৃষকসকল আগবাঢ়ে পথাৰলৈ বুলি। গৃহিণীসকলেও ততাতৈয়াকৈ ঘৰৰ কাম-বন কৰি গৃহস্থলৈ জলপানৰ টোপোলাটো লৈ পথাৰলৈ বুলি খোজ দিয়ে। আপোনজনলৈ বান্ধি অনা টোপোলাটোত ক’ব নোৱাৰাকৈয়ে বান্ধ খাই থাকে মৰম, শ্ৰদ্ধা, আন্তৰিকতা সকলো।

বাৰিষাৰ সময়তে ঔ ফুলে, কুমলীয়া ঔটেঙা গছৰপৰা চিঙি আনি নিমখ, জলকীয়াৰে সোৱাদ লওঁতে পোৱা তৃপ্তিৰ লগত হোটেলৰ বাৰ্গাৰ, পিজ্জা আদিয়ে কোনোকালেই ফেৰ মাৰিব নোৱাৰে। ঔটেঙা-ঢেকীয়াৰ সৈতে ৰন্ধা পুঠিমাছৰ জোলখনৰ সুৱাদেই সুকীয়া নহয় জানো? মনত পৰে, শৈশৱতে স্কুলৰপৰা আহি নাকে-কাণে ভাতকেইটা গুজি লৈ চিধাই বৰশী বাবলৈ দৌৰ মৰাৰ কথা। আমাৰ দিনৰ সময়বোৰৰ লগত দেখোন আজিকালিৰ শিশুৰ সময়বোৰৰ তুলনাই নহয়। আমি মুকলিকৈ খেলা-ধূলা কৰাৰ ওপৰিও আম-কঠাল খাই অনাইবনাই ঘূৰি ফুৰিবলৈ পাইছিলোঁ, সন্ধিয়া লেম্পৰ পোহৰত কিতাপ পঢ়িবলৈ বহোঁতে টোপনিয়াই থকাৰ বাবে কতবাৰ যে চেকনিৰ কোব খাইছিলোঁ! এই দিন এতিয়া নোহোৱা হ’ল। আজিৰ শিশুহঁতে মুক্ত পৰিবেশৰ অভিজ্ঞতা ল’ব নোৱাৰে, প্ৰতিযোগিতাৰ দৌৰে গ্ৰাস কৰি পেলাইছে তেঁওলোকৰ শৈশৱৰ সোণোৱালী সময়বোৰ। এদিনৰ বাবে হ’লেও শিশুসকলক যান্ত্ৰিক জীৱনৰপৰা আঁতৰাই গাঁৱৰ কোলাহল বিহীন নিৰ্ভেজাল পৰিৱেশৰ লগত চিনাকি কৰাই দিয়াৰ প্ৰয়োজনীয়তা আহি পৰিছে। ভৱিষ্যত প্ৰজন্মক কংক্ৰিটৰ মাজত আৱদ্ধ কৰি ৰখাৰ সলনি গাঁৱৰ মুকলি পৰিবেশৰ বোকা-মাটিৰ সৈতে একাত্ম হ’বলৈ শিকাওঁ আহক।

☆★☆★☆

2 Comments

  • Anonymous

    এখন সুন্দৰ আলোচনী আমাক উপহাৰ দিয়াৰ বাবে আপোনাক ধন্যবাদ জনালোঁ ছাৰ

    Reply
  • হিৰণ্যজ্যোতি দাস

    ভাল লাগিল

    Reply

Leave a Reply

Your email address will not be published.