ফটাঢোল

বিক্ৰমাদিত্য আৰু বেতাল – দিগন্ত কুমাৰ ভট্টাচাৰ্য

: হেইয়া, আপুনি ইয়াত বেতাল দা! গোটেই ভৰলুখন বিচাৰি ফুৰিছোঁ আপোনাক।

ভৰলুমুখৰ চ’কত মনোহৰে দিয়া এক ছ’ বিছখন মুখত সোমোৱাৰ লগে লগে পিছফালৰ পৰা বিক্ৰমাদিত্যই মাত দিলে মোক।

: কোৱা কি হ’ল?

: বেতাল দা, উঠক বাইকত। আদাবাৰীলৈ গৈ আছোঁ। ৰাস্তাতে কথা পাতিম।

মই বিক্ৰমাদিত্যৰ বাইকৰ পিছত বহিলোঁ।

: ক’বা নে আদিত্য? 

 বিক্ৰমাদিত্যক আমি ‘আদিত্য’ বুলিয়ে মাতোঁ। ইমান দীঘল নাম! পাণ চোবাই থাকিলে ‘আদিত্য’ বুলি মাতিবলৈও টান হয়।

: আমাৰ শহুৰহঁতৰ ঘৰত পূজা পাতে নহয়। দুৰ্গাপূজা। কিবা স্মৰণিকা নে কি এখন উলিয়াব, লেখা এটা দিয়ক।

: মোক স্মৰণিকাত লেখা লেখক ভাবিছা নেকি বে?

: ভবা নাই। মোৰ ইজ্জতৰ কথা আছে ন। দহ পেজ কিবাকৈ উলিয়াবই লাগিব। প্ৰিণ্ট আউট লৈ উলিয়াই দিম আৰু, কিন্তু আপোনাৰ এটা লাগিবই, ৰসালকৈ।

: মোৰ সময় নাই। শ্লো কৰা অলপ, পিক পেলাওঁ।

: প্লিজ, সৰুকৈ হ’লেও।

: অ’কে, কাহিনী এটা কওঁ শুনিবা। এইটোকে গল্প কৰি দিম। ৰস ৰচনা ধৰণৰ। কাহিনীৰ মাজে মাজে প্ৰশ্ন সুধিম, যদি নোৱাৰা, মই কিন্তু গায়ৱ হৈ যাম, আক্কা গুৱাহাটী বিচাৰিলেও নাপাবা।

: বেতাল দা, টেনছন নিদিব না। কওক কাহিনী। মই স্পীড কমাই দিওঁ। মাস্কখন আঁতৰাওক। নহ’লে নুশুনি ভালকৈ, এনেই আপোনাৰ মাতটো সেই ফটাঢোলৰ শব্দ যেন হে।

: ধুৰৰ। গালি এটা পাৰিছোঁ। সাংঘাতিক অশ্লীল বুলি ভাবি লোৱা মনতে। শুনা কাহিনী। এজন ল’ৰা, মানে পুৰুষ। মাংসপ্ৰিয় দুইঠেঙীয়া পুৰুষ। ধৰি লোৱা নামটো…

: মহন্ত নে?

: সকলোতে মহন্তক নাটানিবা। কিন্তু কাহিনীৰ মজা ল’বলৈ তুমি মহন্তৰ মুখখন কল্পনা কৰি ল’ব পাৰা। বাৰু, ধৰা সেই মাংসপ্ৰিয় যুৱকজনৰ নাম অজয় দাস।

: অ’কে। মই কিন্তু মহন্তৰ ছবিখনেই ল’লোঁ ভাবি।

: বহুবছৰ আগৰ কথা। অজয় তেতিয়া হায়াৰ ছেকেণ্ডাৰীৰ ছাত্ৰ। সি বহে লাষ্ট বেঞ্চত। প্ৰথম বেঞ্চত বহে এজনী সুন্দৰী। নাম…ধৰি লোৱা হ’ল মাধুৰী।

: প্ৰেমৰ কাহিনী ন? মহন্তৰ মুখখন নিমিলিব দেখোন হে!

: শুনি যোৱা…। অজয় দাসে সদায় একে থিৰে তাইলৈকে চাই থাকে। তায়ো মাজে মাজে চায়। চকুৱে চকুৱে পৰিলে তাই লাজ পায়। ওচৰৰজনীক চিকুতি চিকুতি ‘উই মা মৰিলোঁ দে’ ধৰণৰ বাক্য মুখেৰে বাহিৰ কৰি দিয়ে। অজয় দাসে লাজ নকৰে। সি যেন তাৰ লক্ষ্যত স্থিৰ। লক্ষ্য স্থিৰ হ’লে দৃষ্টি নেহেৰাই – সি ভাবে। ক্ৰমাৎ মাধুৰীয়ে মন কৰা হ’ল, অজয়ে যেন কিবা ক’বলৈ বিচাৰিছে।

: কিবা যে তিনিটা মেজিকেল শব্দ নে কি? খিক্ খিক্, মহন্তৰ মুখখন কল্পনা কৰিছোঁ হে, বাইকৰ হেন্দেল ওলাই যাব হাতৰপৰা।

: ৰ’বা হে। শুনি যোৱা। মাধুৰীয়ে দেখিলে প্ৰতি সন্ধিয়া অজয় দাসে সিহঁতৰ ঘৰৰ সন্মুখতে ৰৈ থাকে। দুই তিনিবাৰমান অহা যোৱা কৰে তাৰ চাইকেলখনেৰে। অজয় দাসৰ কেৰেক কেৰেক চাইকেলৰ শব্দই শিহৰন আনে মাধুৰীৰ মনত।

: কি কয়? চাইকেলৰ মাততো প্ৰেমত পৰে নে?

: আজিৰ পৰা বিশ বছৰৰ আগৰ কথা কৈ আছোঁ না। তেতিয়া ‘প্ৰতিজন যুৱকৰে এখন চাইকেল আছিল, চেইন পৰিছিল প্ৰেয়সীৰ পদূলিত’ – এনে ধৰণৰ বাক্যই আলোড়ন তুলিছিল মনত। বাৰু, মনে মনে শুনা। প্ৰতি সন্ধিয়া অজয় দাসে মাধুৰীহঁতৰ ঘৰৰ সন্মুখেৰে বহুবাৰ পাক মাৰে। মাধুৰীয়েও সেইসময়ত বাৰাণ্ডাৰ গোলাপজোপাৰ আপডালত লাগে। হাত গোলাপত, চকু আলিবাটত। ইফালে অজয় দাসৰ হাত ক’লা পৰে চাইকেলৰ চেইন ঘূৰাওঁতে মেলোঁতে।

: হিঃহিঃ বেচেৰাটো।

: তেনেকৈ দুমাহ চলিল। মাধুৰীয়েও ৰৈ ৰৈ বিৰক্ত হ’ল। নকয় কিয় সেইজনে, তাই ভাবে। উত্তৰ মুখতে লৈ ৰৈ আছে। অজয়ে ইফালে সেই প্ৰতিদিনৰ সান্ধ্যভ্ৰমণ বাহাল ৰাখিলে। দিনতো, কলেজতটো সেই দৃষ্টি বিনিময় আছেই। আৰু হঠাতে এদিন…

: ক’লে সি?

: সন্ধিয়া এদিন অজয়ে চাইকেলখন আঁতৰত ৰখাই মাধুৰীহঁতৰ গে’টৰ ওচৰলৈ আহিল। মাধুৰীৰ বুকু ধপধপালে।

: ‘ধক্ ধক্ কৰনে লগা’ ধৰণৰ কিবা গাই দিলে নেকি বাৰু মাধুৰীয়ে?

: গোৱা নাই। ৰ’বা। তাই এখোজ দুখোজকৈ গে’টৰ ওচৰ পালে। বুকু কঁপিছে তাইৰ। লাজতে যেন লাজুকীলতাৰ দৰে লুকাই পৰিব, এনে অনুভৱ তাইৰ। সিফালে অজয় দাস নিৰ্বিকাৰ। তাই গৈ অজয়ৰ ওচৰ পালে। অজয়ে আৰম্ভ কৰিলে -“তোমাক কথা এটা ক’ব লগা আছিল”। মাধুৰীয়ে যেন মুহূৰ্ত্ততে কৈ উঠিব -“কোৱানা অজয় সোণ! শুনিবলৈকে ব্যাকুল হিয়া মোৰ”। নক’লে। তাই লাজ লাজকৈ “হু অ” কৈ থ’লে।

: ধেইত, মহন্তৰ মুখখন ভাবি লৈছোঁ ন, তাক কোনে ‘সোণ’ মাতিব হে? মই মৰিম এতিয়া…

: ৰ’বা হে, শুনা। অজয়ে তাইৰ আৰু ওচৰ চাপি আহিল। তায়ো আৰু অকণ ওচৰ চাপি গ’ল। তাই বিচাৰিছিল অজয়ে কোৱা কথাষাৰ যেন বতাহেও নুশুনক, একমাত্ৰ তাইৰেই সম্পত্তি হৈ ৰওক! অজয়ে মুখ মেলিলে…ক’লে। সেই কথা শুনাৰ লগে লগে মাধুৰী মুহূৰ্ত্ততে মতা অমৰীশ পুৰীৰ ৰূপ ল’লে। এতিয়া কোৱা, অজয়ে কি কৈছিল তাইক?

: মই ক’ম?

: ও কোৱা, অজয়ে কি ক’ব পাৰে যি শুনি মাধুৰীয়ে কৈ উঠিছিল – “কি মক্কেল মানুহ হে তুমি! মুখ নেদেখুৱাবা আৰু”।

: ডাইৰেক্ট “আই লাভ ইউ” কৈ দিছিল কিজানি সি, হয় নে?

: নহয়, আৰু এটা চান্স দিলোঁ। নহ’লে মই কিন্তু উৰি যাম।

: ৰ’ব। সি কিবা স্পৰ্শ আদিৰে অশ্লীল ইংগিত দি প্ৰেম নিবেদন কৰিছিল? হয় নে?

: ধুৰৰ, হিণ্ট ওপৰতেই দিছিলোঁ। নুশুনিলা…মই গ’লোঁ, বাই।

মই আদিত্যৰ বাইকৰ পৰা জাঁপ মাৰি পলকতে নোহোৱা হৈ গ’লোঁ।

০০০

: হেইয়া, আপুনি এই মালিগাঁৱতে ৰৈ গৈছিল ন? মই আদাবাৰী গৈ ঘূৰি আহিলোঁ। তেনেকৈ গায়ৱ নহ’বচোন বেতাল দা।

: তুমি নোৱাৰিলা আকৌ উত্তৰ দিব। চাহকাপ খাই লওঁ।

: পিচে মহন্তই… ছ’ৰী মানে অজয় দাসে কিনো কৈছিল মাধুৰীক?

: শুনিবা নে? শুনা। অজয় দাস হ’ল এজন মাংসপ্ৰিয় দুইঠেঙীয়া প্ৰাণী। সৰুৰে পৰা বুলি কৈছোঁৱেই। অজয়ে তাইক কৈছিল – “তোমালোকৰ গৰালত থকা তেলাল হাঁহকেইটাই মোৰ টোপনি হৰণ কৰি নিছে। শয়নে-সপোনে সেইকেইটাকে দেখোঁ। তোমাক দেখিলেও মোৰ হাঁহকেইটাৰ ছবি ভাঁহি আহে। কলেজত তোমাক হাঁহকেইটাৰ কথা ভাবি ভাবিয়েই চাই থাকোঁ। যিদিনা ইয়াৰে এটা কাটিবা, মোলৈ প্লিজ এপোৱামান মাংস ৰাখিবা দেই। মোৰ এতিয়া জীৱনৰ লক্ষ্য তোমালোকৰ হাঁহৰ জুটি লোৱা”

: ইছ্ কি হাঁহ পাগল হে সি। মই ভবাই নাছিলোঁ। উঠক বাইকত। ভৰলুত নমাই দিম।

মই অদিত্যৰ বাইকৰ পিছত বহিলোঁ।

: কেনে পালা কাহিনীটো?

: বেতাল দা, কিবা এটা জমি উঠা নাই। বেলেগ আছে নে আৰু ষ্টকত?

: আচ্ছা, এটা থ্ৰীলাৰ কাহিনী শুনাও। মনোযোগেৰে শুনিবা।

: কৈ যাওক। মই একদম টেন কিল’মিটাৰ পাৰ ৱাৰ স্পীডত চলাম। মাস্ক আঁতৰাব।

: অ’কে। এজন ল’ৰা। মানে পুৰুষ আৰু। বিয়া কৰোৱা নাই। বিয়া পাতিবলৈ সাংঘাতিক মন কিন্তু মিলি অহা নাই।

: আমাৰ শৰ্মাহঁতৰ দৰে?

: তেনেই আৰু। ধৰি ল’লোঁ, যুৱকজনৰ নাম নৱজিত ডেকা। অৰ্কূটৰ জামানাতেই প্ৰেম কৰিম বুলি সপোন দেখা যুৱক এইজন। একো এটা হোৱা নাই পিচে। নাপাই, নিমিলে।

: মই দুজনমানৰ মুখ কল্পনা কৰি লৈছোঁ দিয়ক। আপুনি কৈ যাওক।

: কৰি লোৱা। নৱজিতে ছোৱালী বহুকেইজনী চালে। পছন্দ নহয়। সৱ মিলিলেও সি লিখা কবিতা নুবুজা কাৰণেও ৰিজেক্ট কৰিছে দুজনীমানক। শেষত সি ভাবিলে প্ৰথমতে অনলাইন প্ৰেম কৰিব, কথা পাতিব। সকলো মিলিলে লগ কৰি বিয়া ফাইনেল কৰিব।

: আচ্ছা, বেয়া নহয় তাৰ আইডিয়াটো…

: তাৰ আইডিয়াবোৰ ভালেই। শুনা। অফিচৰ পৰা অহাৰ পাছত এদিন সি ফে’চবুক খুলিলে। ফে’চবুক খুলিলে সি চিকাৰী শম্ভূ টাইপৰ হৈ যায়। দুই মিনিটৰ ভিতৰতে এশজনী মানৰ প্ৰফাইল খুচৰি শেষ কৰি দিয়ে। সিদিনা সন্ধিয়া হঠাতে দেখিলে প্ৰফাইল এটা। নাম মেঘালীম পৰাশৰ!

: ৱাহ: সুন্দৰ নাম।

: থাকেও গুৱাহাটীত। তাৰ কাৰণে সহজ, ওচৰতে। দুটামান কবিতাও লিখা আছে প্ৰফাইলত। প্ৰফাইল ফ’টোখন হে চাব পাৰিলে। হাতত মেকুৰী এটা লৈ চোফা এখনত বহি তোলা ফ’টো। “অপূৰ্ব” নৱজিতে ভাবিলে। লগে লগে সি ফ্ৰেইণ্ড ৰিকুৱেষ্টো পঠিয়ালে। বুজিছা নে, এক মিনিট…মাত্ৰ এক মিনিটতে তাই একচেপ্ট কৰিলে। “ইয়েছছছ…” নৱজিতৰ মুখেৰে অ’টোমেটিক ওলাই গ’ল। সি ভাবিলে মেছেঞ্জাৰত গৈ “থেংক ইউ” এটাকে দি থওঁ। নিদিলে। ভাবিলে সি, এদিন ৰোৱা যাওক।

: নেক্সট্ দিনা দিলে নে মেছেজ?

: দিলে। লগে লগে মেঘালীমে ৰিপ্লায়ো কৰিলে। উৎসাহৰ সীমা নাই নৱজিতৰ। সিহঁতৰ কথা-বাৰ্তা চলিল,

: মেঘালীম নামটো বৰ ধুনীয়া

 নৱজিতৰ মেছেজ

: নাম ধুনীয়া হয় নেকি? মানুহ হে ধুনীয়া হয়

 মেঘালীমৰ উত্তৰ

: (আব্বে, তোকেই ধুনীয়া কৈছোঁ। বুজি ল না) 

 নৱজিতে ভাবিলে। নিলিখিলে।

: বাৰু মেঘালীম, আপোনাৰ প্ৰফাইল পিকখন যে বিৰাট আৰ্টিষ্টিক।

: সেয়া ‘টাইগাৰ’ আছে যে লগত।

: টাইগাৰ? মই মেকুৰী যেন হে দেখিলোঁ।

: বুদ্ধু, মোৰ মেকুৰীটোৰ নামেই টাইগাৰ!

(মই পুৱা উঠি ডাইন’ছ’ৰৰ গাখীৰ খাওঁ এগিলাছ। ডাইন’ছ’ৰ আমাৰ গাইজনীৰ নাম। মানিবি নে তেনেকৈ ক’লে? বাত কৰতা হ্যে!) – নৱজিতে ভাবিলে। নিলিখিলে।

: মেকুৰী ভাল পাই নে? নৱজিত?

: পাওঁ পাওঁ। আই লাভ কেট (দুদিন আগতে ওচৰৰ ঘৰৰ মেকুৰীটোৱে ভাজি থোৱা মাছ দুটুকুৰা লৈ যাওঁতে উঠা খং নৱজিতৰ কমাই নাছিল। আকৌ মনলৈ আহিল।)

: মেঘালীম, কাইলৈ কথা পাতিম। আজি মিটিং এখন আছে এতিয়া ৰাতি।

মেঘালীমৰ একো ৰিপ্লাই নাই। নৱজিত ৰৈ আছে। ৰৈ আছে। অলপ পাছত মেঘালীমৰ ৰিপ্লাই -“অ’কে, বাই!”

: বেতাল দা, কিবা হ’বগৈ নে নৱজিতৰ?

: শুনা, দ্বিতীয় দিনাৰ কথা। অফিচৰপৰা আহি নৱজিত বহি গ’ল। ভাবিলে ভালকৈ কথা পাতিব লাগিব। খোৱা বস্তু বাহিৰৰ পৰা পাৰ্চেলো কৰি আনিলে।

: মেঘালীম, ভাল নে?

: ভাল। আপোনাৰ?

: চলি আছোঁ। ভাল।

: আজি আপুনি অফিচলৈ ব্লেক ৰঙৰ ছাৰ্ট পিন্ধি আহিছিল ন?

নৱজিতৰ এইবাৰ অবাক হোৱাৰ পাল। কেনেকৈ গম পালে? কোনোবাই ঘৰতে চিচিটিভি লগাই থোৱা নাইতো। সি হাফপেণ্টটো ঠিক কৰি ল’লে।

: আ-আপুনি কেনেকৈ গম পালে?

:  মই চব জানো আপোনাৰ কথা। আমিতো লগো পাইছোঁ।

: কি? কেতিয়া? ক’ত? 

নৱজিতে মথা চলাই গ’ল। আকৌ দহবাৰমান ফ’টোখন চাই ল’লে জুম কৰি। নাই, মনত নপৰিল।

: আপুনিতো বিৰাট ছিৰিয়াছ ন? দেখিলেই লাগে।

: আপোনাৰ সঁচা নামটো কি নো? ফে’ক ন এইটো!

 নৱজিতে ভাবিলে ছিওৰ এইটো কোনোবা লগৰ ল’ৰাৰ প্ৰফাইল

: হেই ইউ..মোৰ ফে’ক প্ৰ’ফাইল কৰি কোনো ল’ৰাৰ লগত কথা পাতিবলৈ গৰজ পৰা নাই…বাই। 

মেঘালীমে ছাইন অফ কৰি দিলে।

নৱজিতে দুইমিনিটমান ভাবি দীঘলীয়া ছ’ৰীৰ মেছেজ এটা লিখি পঠিয়াই দিলে। সি মিউছুৱেল ফ্ৰেইণ্ড এজনকে দেখিলে। ফে’চবুকৰ তথাকথিত ৰাইটাৰ দিগবলয় ভট্টাচাৰ্য। পুনেত থাকে। নৱজিতে মেছেঞ্জাৰতে ফ’ন কৰি সুধিলে দিগবলয়ক।

 : দাদা, আপোনাৰ ফ্ৰেইণ্ডলিষ্টৰ মেঘালীম শৰ্মাক চিনি পাই নেকি?

 : মোৰ ফ্ৰেইণ্ডলিষ্টত তিনিহেজাৰ মহিলা আছে। সেইসকল মোৰ ফেন। বুজিছা নে? ‘ফেন’। মই তেওঁলোকক নাজানো। মোক হে জানে। মোৰ নতুন কিতাপ এখন আহিব। কিনিবা না প্লিজ।

“ধুৰৰ, চাল্লা ফেচবুকীয়া ৰাইটাৰ” বুলি মনতে গালি দি নৱজিতে বন্ধ কৰিলে।

: ও বেতাল দা, কাহিনীটোৱে দেখোন ইন্টাৰেষ্টিং টুইষ্ট লৈছে। কৈ যাওক।

: ও শুনা। নৱজিতৰ ডাউট হ’ল। সি থকা ভাৰাঘৰটোৰ সন্মুখতে গাৰ্লছ হোষ্টেল এটা আছে। সি ভাবিলে তাতে থকা কোনোবা ছোৱালী নহয়তো! সি পিছদিনা সন্ধিয়া হোষ্টেলটোলৈ গ’ল। চকীদাৰজনক সুধিলে তাত কোনোবা মেঘালীম পৰাশৰ থাকে নেকি। চকীদাৰে একেষাৰে না ক’লে। সি এশটকীয়া এখন হাতৰ মুঠিতে চকীদাৰজনক দিলে। চকীদাৰে ৰেজিষ্টাৰ বহী উলিয়াই কনফাৰ্ম কৰি জনালে যে তাত কোনো মেঘালীম নাই। নৱজিত ভাগি পৰিল। তাৰ দুখৰ মুখখন দেখি চকীদাৰজনে ক’লে,

 : দাদা, হোষ্টেলটোৰ পিছফালে এটা ভাৰাঘৰ আছে। তাত পাঁচজনী ছোৱালী থাকে। তাত কিন্তু থাকিব পাৰে। কিন্তু তাত কোন থাকে ইয়াৰে ৰেজিষ্টাৰত নাই। আপুনি ঘৰটোলৈ গৈ খবৰ কৰিব পাৰে।

 : কেনেকৈ যাওঁ কোৱা আকৌ

 : হোষ্টেলৰ ক’ৰিডৰৰ মাজেৰে যাব লাগিব। এতিয়া নোৱাৰিব। ৰাতি দহটাৰ পাছত আহক। মই ব্যৱস্থা এটা কৰি দিম।

নৱজিতে ৰাতি চাৰে দহটাত আকৌ গ’ল। চকীদাৰজনে দেখুৱাই দিয়া মতে হাতত সাৰে ভৰিত সাৰে ক’ৰিডৰটোৰ মাজেৰে ভাৰাঘৰটো অভিমুখে আগুৱাই গ’ল। ঠিক তেনেতে….

: বেতাল দা, বাইকখন ৰখাওঁ। তামাম ছাচপেন্স দেখোন হে। কৈ যাওক

: তেনেতে কোনোবা এজনীয়ে ছোৱালীয়ে নৱজিতক দেখি চিঞৰ বাখৰ লগালে। হুলস্থূল আৰম্ভ হ’ল। হোষ্টেলৰ ছুপাৰগৰাকী ওলাল। নৱজিতক হাতে-লোটে ধৰিলে গাৰ্লছ্ হোষ্টেলত প্ৰৱেশ কৰাৰ কাৰণে। কোনোবাই নিউজ ছেনেল মাতিবলৈ যো-জা লগালে। শেষত চকীদাৰজনে বচালে। ক’লে যে মানুহজন বেমাৰী। ৰাতি টোপনিতে খোজ কঢ়া বেমাৰ আছে। শেষত দম চম খাই নৱজিত বিমৰ্ষ মনেৰে উভতি আহিল তাৰ ভাৰাঘৰলৈ।

: তাৰ পাছত? কি হ’ল তাৰ?

: নৱজিতে ফে’চবুকটো খুলিলে। দেখিলে মেঘালীম পৰাশৰৰ মেছেজ! তাই লিখি থৈছে “আই এম ছ’ ছৰী নৱজিত। মোক বিচাৰি গাৰ্লছ্ হোষ্টেলত গৈ আপোনাৰ যি লটিঘটি হ’ল, সেয়া শুনি দুখ পালোঁ”

: কি কয়? তাৰ পাছত?

: তাৰ পাছত নৱজিতে খঙতে লিখিলে  “আপুনি কোন? ক’ত থাকে? আপোনাৰ আই.পি উলিয়াই বিচাৰিম মই”। মেঘালীমে লগে লগে লগ আউট কৰিলে।

: বেতাল দা, কোন হয় এই মেঘালীম? ছাছপেন্স বাঢ়ি গৈছে হে।

: তোমাক হে সুধিম মই কোন এই মেঘালীম পৰাশৰ?

ফে’চবুকত মেকুৰী লৈ থকা ডিপিৰগৰাকীক বিচাৰি মোক ক’বা। তেতিয়ালৈ মই উৰিলোঁ দেই…বাই

মই জাঁপ মাৰি নৱজিতৰ বাইকৰ পৰা নামিলোঁ।

: বেতাল দা, ফচাইছে কিয়? লেখাটো কি হ’ব?

: আদিত্য ভাই, যিখিনি ক’লোঁ সেইখিনিকে টাইপ কৰি মোৰ নামত দি দিবা। দুয়োটা কাহিনী।

: ৰ’ব না…পিচে কোন এই মেঘালীম পৰাশৰ? কৈ যাওক।

: তুমি বিচাৰি উলিয়াবলৈ ট্ৰাই কৰা। নোৱাৰিলে অহাবছৰ বিহুত আকৌ কিবা স্মৰণিকা উলিয়াবা নহয়, সেইখনত কৈ দিম। নতুন গল্প এটাৰ ৰূপত। তেতিয়ালৈ বাই বাই।

☆ ★ ☆ ★ ☆

20 Comments

  • Anonymous

    24 জনী টাইগাৰ লৈ থকা ফটো পালোঁ। নামবোৰহে বেলেগ।

    Reply
  • Rintumoni Dutta

    জুই হে দিগন্ত

    Reply
  • কমলেশ দাস

    পিছৰ কাহিনীটো শুনি কাহি বজালেহে মেঘ ওলাব।

    Reply
    • Shariful Islam

      ইমান চাচপেণ্স দিয়ে! তামাম জুই।

      Reply
  • যাযাবৰ

    টাইগাৰক বিচাৰি মিছন আৰম্ভ কৰিলোঁ ।

    Reply
  • উজ্জ্বল দিপ্লু

    কিয় এনেকৈ এৰিলে দিগন্ত দা 😂😂

    Reply
  • হেমন্ত কাকতি৷

    হেঃ হেঃ মই মেঘালিমক চিনি পাওঁ৷ নকও কিন্তু৷

    Reply
  • মেঘালিম কোন হয়? তামাম দেই৷

    Reply
  • Ucchajit Kalita

    ই বেটা চকীদাৰৰ এণ্ড্্ৰ্ৰইড ম’বাইল আছে যেন পাইছোঁ৷

    Reply
  • কাবেৰী মহন্ত

    কি লিখাহে দিগন্ত! চুপাৰ ডুপাৰ৷ হেটছ্ অফ🙏‌

    Reply
  • ধূৰ্জ্জটি

    নৱজিতক চিনি পালো বাৰু

    Reply
  • পূৰ্ণময়ী

    জনাৰ ইচ্ছা ৰৈ গ’ল। মজা লাগিছে পঢ়ি।

    Reply
  • জয়ন্ত দাস

    বঢ়িয়া৷ আখিৰ ইয়ে মেঘালীম ক্যোন হ্যে ৰে!

    Reply
  • Rimjhim Borthakur

    গল্পটোতো ভাল লাগিলেই, মোৰ মেঘালীম নামটোও বিৰাট পচন্দ হৈছে

    Reply
  • Utpala bhuyan

    মজ্জা। তিনি হাজাৰ নাৰী বান্ধৱী FB ত। বাপ ৰে বাপ।ভাল লাগিল পঢ়ি।

    Reply
  • মানসী

    বঢ়িয়া দাদা…খুব ভাল লাগিল..

    Reply
  • Minati Mahanta

    ইমান চাচপেন্স !! কেনেকৈ , ক’ত সুমুৱাই থৈছা অনুভৱৰ ভঁড়ালটো ! দুবাৰ পঢ়িলো , মজা ।

    Reply
  • দেবজিত শৰ্মা

    মেকুৰী থকা প্ৰফাইল কাৰ আছে চাব লাগিব

    Reply
  • এনেকৈ কৌতূহল ৰাখি যাব নাপায় দাদা।

    Reply
  • Babita Bhagawati

    তামাম

    Reply

Leave a Reply

Your email address will not be published.