ফটাঢোল

বিগ বজাৰৰ সেই বিগ দিনটো – ৰঞ্জু হালৈ মুনি

সেইদিনা বিগ বজাৰলৈ গ’লোঁ‌। উদ্দেশ্য কিছু প্ৰয়োজনীয় বস্তু কিনাটো। বেগ চেগবোৰ বাহিৰতে থৈ বীৰদৰ্পে সোমাই গ’লোঁ‌ ভিতৰলৈ। চাৰিও ফালে আইনাত নিজকে দেখি দিল গাৰ্ডেন গাৰ্ডেন। দুটামান প’জো দি চাইছোঁ‌ আইনাত কেনেকুৱা দেখি বুলি।লগৰবোৰে ক’লে আহ জিনচ পেণ্ট চাওঁ‌। পেণ্টবোৰ সজাই থৈছে ধুনীয়াকৈ কিবা ঘূৰণীয়া এডালত।অকস্মাৎ দেখিলোঁ‌ চাপৰ চুটিৰ মূৰ্তি এটা সজাই থৈছে পেণ্ট -চাৰ্ট পিন্ধাই আমি চোৱা পেণ্টৰ কাষতে। মোৰ সেই মূৰ্তিটো হাতেৰে চুই চাবলৈ বৰ মন গ’ল। হাতখন ওচৰলৈ নিলো কি নিনিলো উই মা “হেল্লো” বুলি কাণত মোবাইলটো লৈ যিটোহে চিঞৰ দিছে “ভাগ মুনিয়া ভাগ” বুলি তাৰ পৰা প্ৰাণটো লৈ দিলোঁ‌ দৌৰ দ্বিতীয় মহলাৰ চিৰিৰ কাষলৈ। লগৰবোৰেও মোৰ পিছে পিছে দৌৰিছে “কি হ’ল, কি হ’ল” বুলি। উশাহটো অলপ ঘূৰি অহাত কথাখিনি সিহঁ‌তক বুজাই ক’লোঁ‌। মোক বকি জকি সিহঁ‌তে ক’লে ভাল ভয় খুৱালি দে।

তাৰ পিছত দ্বিতীয় মহলালৈ যাবলৈ লিফটত উঠিলোঁ‌।আগেয়ে এবাৰ নে দুবাৰ লিফটত উঠি পাইছোঁ‌। কি আন্ধাৰ একো নেদেখি। ইফালে মোৰ ভয়তে ভাগৰো লাগিছিল। কিবা এটা দেখি অলপ বহি লওঁ‌ বুলি বহিছোহে তোমাক কৈছোঁ‌ “হেই কি কৰা, কি কৰা” বুলি যিটোহে চিঞৰ দিলে ঐ লিফটতে হামখুৰি খাই পৰিছোঁ‌। মই য’ত বহিব বিচাৰিছিলোঁ‌ সেইজন এজন মানুহহে আছিল। বেচেৰাই জোতাৰ ফিটা মাৰিবলৈ বহোতে লিফটৰ পৰা নমাত দেৰি হৈ গ’ল। লগৰবোৰে মোৰ ওপৰত এনেই ফায়াৰ হৈ আছে। কাপোৰ – কানি ভালদৰে চাবলৈ পোৱাই নাই।

যি কি নহওঁ‌ক দুই এপদ সামগ্ৰী কিনি বিলবোৰ পৰিশোধ কৰিবলৈ গ’লোঁ‌। আমি দুজনীৰ আগেয়ে হৈ গ’ল পইচা দিয়া। বাকীবোৰৰ হোৱা নাই। বিগ বজাৰলৈ আহিছোঁ‌ঁ যেতিয়া চেল্ফী নুঠিলে হ’বনে। দুখনমান চেল্ফী উঠোঁ‌ বুলি কিনাৰলৈ গৈছোঁ‌ কি নগৈছো তোমাক কৈছো ফেঁ‌চাটোৰ দৰে চোঁ‌ মাৰি খেদি আহিছে চিকিউৰিটি এজন। “হেই হেই এইফালে নাহিবা, এইফালে নাহিবা বুলি।”

মই বোলো “দাদা দুখনমান ফটোহে উঠিম একো নহয় দিয়ক। উঠোনে দাদা, উঠোনে দাদ” বুলি যিহে চেন্তী ফালিছোঁ‌ উই মা সৈজনা যি ভাগে গ’ল নাহিলেই আৰ।

তাৰ পিছত ওচৰৰে চাহ দোকান এখনলৈ চাহ খাবলৈ গ’লোঁ‌। মোৰ এটা সমস্যা আছে যে মই কি বস্তু খাম সেইটো পতকৈ কৈ দিব নোৱাৰো। এঘন্টামান নাকত আঙুলিটো দি ভাবি ভাবি ৰৈ থাকোঁ‌। সিফালে মিঠাইৰ বাকচৰ মৌ মাখিবোৰে ভাবে, “মৰতী কি চাই আছ যা সোনকালে আমাৰ লাজ লাগে।”

কি খাওঁ‌ কি নাখাওঁ‌ বুলি ভাবি থাকোঁ‌তেই লগৰজনীয়ে ৰসমলাই খাম বুলি ক’লে। মই আগতে ৰস মলাই খাই পোৱা নাই। গোল্লাকেইটা খাই গাখীৰখিনি খাম নে পেলাই দিম বুলি চাহ দিয়া ল’ৰাজনক সোধোঁ‌তে লগৰজনীৰ যিটোহে চাৱনি। মই সেইভাগে তাপ মাৰি সাৰ সুৰ নোহোৱাকৈ বাহিৰলৈ ওলাই আহিলোঁ‌।

মোৰ বিগ বাজাৰৰ সেই বিশেষ দিনটো গোটেই জীৱন মনত থাকিব। তেতিয়াৰ পৰা লগৰজনীয়ে মোক ক’ৰবালৈ লৈ গ’লে অলপ শিকাই বুজাই নিয়ে। এনেই মই বেছি অঁ‌কৰা নহয়। মাত্ৰ অলপ দেৰিকৈ বুজি পাওঁ‌ কথাবিলাক।

☆ ★ ☆ ★ ☆

One comment

Leave a Reply

Your email address will not be published.