ফটাঢোল

বিচ্ছেদৰ_বিষ – মল্লিকা শৰ্মা বৰদলৈ

ষষ্ঠ শ্ৰেণীত পঢ়ি থকা সময়ৰে কথা, নতুনকৈ প্ৰেম অনুভৱ কৰিছোঁ। প্ৰেম তাকো ষষ্ঠ শ্ৰেণীত? নহয়নো কি? যেতিয়াই তেতিয়াই তেওঁক মিচ কৰা, তেওঁক এক ঝলক দেখিলেই চকুত হাঁহি বিৰিঙি উঠা, বহুদিন নেদেখাকৈ থাকিলে পেটলৈ ভাত নোযোৱা, আনকি নেদেখাকৈয়ে দূৰৰ পৰাই তেওঁৰ সুগন্ধিতেই উপস্থিতি অনুভৱ কৰা, এইবোৰ প্ৰেমৰ লক্ষণ নহয় যদি কি? কোনোবাই হয়তো ক’ব, ইমান কম বয়সতে প্ৰেম চেম কৰিলেই। আৰে প্ৰেমৰ আকৌ কি বয়স কম বেছি। আচল কথা হ’ল কম বয়সৰ প্ৰেমত হোৱা ক্ষন্তেকীয়া বিচ্ছেদো কিমান কষ্টকৰ হ’ব পাৰে সেয়া ভুক্তভোগীয়েহে বুজে…।

এই তত্বগধুৰ কথাখিনি পঢ়ি কোনোবাই আকৌ প্ৰেমৰ ঠাইত কাৰোবাক কল্পনা কৰি আজৰি হ’লেই চাগৈ ? পিছে মোৰ প্ৰেম কোনো মানুহ নাছিল, অতদিনে আলুভজা আৰু দাইলকে পৰম অমৃত বুলি ভবা, মইজনী প্ৰেমত পৰিছিলোঁ “মাংসৰ” ভিন ভিন তৰকাৰীৰ। আমাৰ ঘৰত মুৰ্গী মাংস নচলিছিল বাবে পাৰমাংস আৰু ছাগলীৰ মাংসইহে সদায়ে আগস্থান পাইছিল। এতিয়া আহোঁ বিৰহৰ কাহিনীটোলৈ।

তেতিয়া গৰমৰ বন্ধত মামা আৰু পেহীৰ ঘৰলৈ যোৱাটো এক নিয়মৰ দৰেই আছিল আমাৰ। সেইবাৰ মই মামাৰ ঘৰলৈ দুদিনমান থকাকৈ গৈছিলোঁ। সাধাৰণতে মামাহঁতৰ ঘৰলৈ আলহী গ’লেই হাঁহৰ মাংস খুৱায়, পিচে মোৰ ইমানখিনি বয়সো হোৱা নাছিল যে মোক বিশেষ আলহীৰ শাৰীত ৰাখিব। সেয়ে পুখুৰীৰ মাছেই চলি আছিল। মাজতে মামীৰ অসুবিধাৰ বাবে দুসাঁজমান তেনেই সাধাৰণ খালোঁ। শাক পাচলিৰে ভাত খাবলগীয়া হোৱাটো মোৰ বাবে কোনো দুৰ্ঘটনাতকৈ কম নাছিল, তথাপিও লোকৰ ঘৰ বুলি খাই আছিলোঁ। তেনেকুৱাতে এদিন ওচৰৰ মানুহ এঘৰৰ পৰা নিমন্ত্ৰণ আহিল। তেওঁলোকৰ ঘৰত কিবা সকাম আছিল। সেয়ে মামাহঁতৰ ঘৰত যিহেতু ময়ো আছোঁ, মোকো বাৰে বাৰে যাবলৈ কৈ গ’ল। প্ৰথমতে মনটো ভালেই লাগিল, বহুদিনৰ মূৰত ভালকৈ এসাঁজ খোৱা হ’ব বুলি। লোভ আচলতে বেলেগ বস্তুৰ প্ৰতি একেবাৰেই নাছিল, মাংসৰ কথাটো ভাবিহে ভাল লাগিছিল।

অৱশেষত নিমন্ত্ৰণীৰ দিনটো আহিল। পুৱাৰেপৰা কোন কেতিয়া যাব আলোচনা বিলোচনা চলি আছে। সপৰিয়ালকে মতা বাবে সেইদিনা মামাৰ ঘৰত ভাতৰ ব্যৱস্থাও কৰা হোৱা নাই। সময়ত মামাহঁত মানে পুৰুষবোৰ গৈ আগতে খাই আহিল। ঘৰলৈ আহি মহিলাসকলক ভাগে ভাগে পঠিয়াই দিয়া কথা। ওচৰ পাজৰৰ সকলো গ’ল। মামাই আমাৰ দেৰি হোৱা বাবে আহি, মামী আৰু মোক যাবলৈ ক’লে। মামীৰ কিবা কাৰণত সেই মুহূৰ্তত গাটো বৰ বেয়া লগা বাবে যাব নোৱাৰা হ’ল। সেয়ে মামাই মোক নিজেই তাত থৈ আহিবলৈ ওলাল। মোৰ ইফালে সমস্যা হ’ল, মামী নগ’লে মই কাৰ লগত বহিম। বাকী মানুহবোৰৰ লগত কথা পাতিবলৈ বৰ লাজ কৰিছিলোঁ তেতিয়া। কোনোবাই আনকি মুখলৈ চাই নামটো সুধিলেও তলমূৰ ওপৰ নকৰিছিলোঁ। তেনেক্ষেত্ৰত মই যাওঁ কেনেকৈ? মাংসপ্ৰেমতকৈ যে, অচিনাকিৰ লগত বহি ভাত খোৱাটো বেছি ডাঙৰ সমস্যা মোৰ বাবে। উপায়হীন হৈ নাযাওঁ বুলিয়েই কৈ দিলোঁ। মামাহঁতে বুজাই বুজায়ো মোৰ সিদ্ধান্ত সলাব নোৱাৰিলে। মামীৰ লগত আলুসিদ্ধ ভাতকেই খাম বুলি ৰ’লোঁ।

এনেতে কিছু সময়ৰ পিছত সেই মানুহঘৰৰ বাইদেউজনী যাৰ লগত মোৰ অলপ কথা বতৰা চলে, তেওঁ মামী কিয় যোৱা নাই বিচাৰ ল’বলৈ আহিল। মামীয়ে নোযোৱাৰ কাৰণটো কোৱাত, তেওঁ মোকেই লগত লৈ যোৱাৰ অনুমতি ল’লে। মামীয়েও একেষাৰতে যাব বুলি কৈ দিলে। মানুহে খাই থাকোঁতেই মোক সৰু ছোৱালী বুলি যদি চোতালতে বহুৱাই দিয়েগৈ (যিটো আগে পিছে মোৰ লগত হৈছে)সকলোৱে মোকেই ঘূৰি ঘূৰি চাব, সেই চিন্তাতে মোৰ মাংসৰ লোভ জিভাতেই মাৰ গ’ল। কেনেবাকৈ নোযোৱাতো কৰিব পৰা হ’লে ৰক্ষা পৰিলোহেঁতেন। উপায় ভাবি ভাবি হঠাতে মনত পৰিল, সেইদিনা বৃহস্পতিবাৰ আছিল, কিবা এটা ভাবি ক’লো,
” আজি আমি মাছ মাংস নাখাও নহয়, মই নাযাওঁ”। ভাবিছিলো, মাছ মাংস নাখাও বুলিলে খালী ভাতখিনি খাবলৈ বাইদেউজনীয়েও জোৰ নকৰিব। পিছে মোৰ বুদ্ধি কামত নাহিল। ওলোটাই তেওঁ ক’লে, “সৰু ছোৱালী, কি বাৰ পালা এতিয়াই, একো নহয় ব’লা অলপমান খাবা”। শেষত মোৰেই সিদ্ধান্ত সলনি কৰিবলগীয়া হ’ল, মোৰো কিবা ভোজৰ আমোলমোলাই থকা মাংস বাতিৰ কথা মনত পৰি, লাজ চাজ কাটি কৰি থ’বলৈ মন গ’ল। যোৱা বাটত তেওঁ মোক বৃহস্পতিবাৰে ঘৰত কিয় মাছ মাংস নাখাই সুধি সুধি গৈ থাকিল। ময়ো অলপ জনাতকৈ বেছি বেছি কৰি কৈ গ’লো। তেওঁলোকৰ পদূলিৰ পৰাই দেখিলো যে, চোতালতে শাৰী পাতি মানুহবোৰে খাই আছে। আধা খোৱা হৈছে ইতিমধ্যে। মই ভয় খোৱাৰ দৰে পিছে বাইদেৱে তেওঁলোকৰ মাজত বহুৱাই নিদিলে। মোক একেবাৰে পাগঘৰৰ ভিতৰলৈকে লৈ গ’ল।

ভিতৰত মস্ত গামলা এটাত, সেয়া মোৰ প্ৰিয়তম বহি আছে গপচত। বাইদেৱে মোক আৰু দুগৰাকী মানুহৰ সৈতে তাতেই বহিবলৈ ক’লে। তেওঁলোক নিশ্চয় বিশেষ মানুহ। এনেকুৱা বিশেষ মানুহৰ লগত বহিবলৈ পালে খোৱাটোও বিশেষ হয় বুলি লোকৰ মুখত শুনোঁ। আজি চাগৈ মোৰো দিনটো খুব ভাল, মনতে ভাবিলোঁ। এনেতে মানুহ এজনে ভাত দিবলৈ আহিল। তিনিওকে এফালৰ পৰা বস্তুবোৰ দি গৈছে। এফালে মাংসৰ মলমলীয়া সুগন্ধ আনফালে মোৰ পেটৰ ভোকত ধৈৰ্য্যৰ বান্ধ চিঙো চিঙো হৈছে। অলপমান খাবলৈ আৰম্ভ কৰোঁতেই মোৰ অধীৰ অপেক্ষাৰ অন্ত পৰাৰ সময়টো আহিল। বিলাই থকা মানুহজনে এবাতি মাছ, আৰু এবাতি মাংসকৈ তিনিওকে দিলেহি। সাধাৰণতে এনেকুৱা ভোজত মাংস নোখোৱা সকলকহে মাছ দিয়া দেখোঁ। আজি দেখোন মোৰ কপালেই ফুলি আছিল। মাংসৰ বাতিকেইটাতো ভৰাই ভৰাই দিছে তাৰোপৰি যিমান খাব দিম যেন কৰি গামলাটো উদংকৈ থৈ কাষতে ৰৈ আছে মানুহজন। মই চব্জিখিনি লাহেকৈ দূৰলৈ ঠেলি, বাতিটোলৈ হাত মেলিছোহে, ক’ৰ পৰা জানো বাইদেউজনী শেনটোৰ দৰে চোঁচা মাৰি আহিল। “ঘোৰঅনৰ্থ” (হিন্দী চিৰিয়েলৰ শব্দটো কাণত বাজি উঠিছিল) জাতীয় কিবা শব্দ উফৰি আহিছিল তেওঁৰ মুখৰ পৰা। মই একো তলকিবই নাপালোঁ, মোৰ সমুখৰ পৰা মাংস আৰু মাছৰ বাতিকেইটা আঁতৰাই লৈ গৈ ক’লে, “হেই হেই তাইক নিদিব নিদিব, আজি সিহঁতে নিৰামিষ খাই কাৰণে তাই ভাত খাবলৈকে আহিবলৈ খোজা নাছিল, মই একো নিদিও বুলি কওঁতেহে আহিছে বেচেৰী, ঘৰৰ নিয়ম যেতিয়া, জোৰ কৰি নুখুৱাও…”

মোৰ মাংস খাওঁ বুলি মেলা মুখ মেলাতেই থাকিল। বাকী দুগৰাকী মানুহেও মোৰ ফালে চাই, “আয়ৈ দেহি ঐ” কৰি মঙহৰ হাড় চোবাবলৈ ধৰিলে। মঙহৰ হাড়ৰ শব্দত মোৰ যে হিয়া ভাঙি গৈছিল। ইয়াতকৈ যন্ত্ৰণা আৰু লাগেনে, সমুখত মোৰ প্ৰেম, মোৰ ভালপোৱা অথচ মই কাষতে থাকিও কাষ চাপিব নোৱাৰোঁ। ওচৰৰ মানুহ দুগৰাকীক বাৰে বাৰে মঙহৰ বাতি ভৰাই ভৰাই দি থকা দৃশ্যটোৱে মোৰ বুকুত প্ৰচণ্ড আঘাত কৰিছিল। সেইদিনা সমুখত প্ৰিয় মাংসৰ বাতিটো থৈ খালী ভাত দাইল চোবাওঁতে যিমান কষ্ট পাইছিলোঁ, সিমান কষ্ট পোকে খোৱা দাঁত উঘালোতেও পোৱা নাই। সেই বাতি মাংসই মোক সপোনতো কন্দুৱাই থৈছে। এনেয়ে কয়নে “নোপোৱাৰ দুখতকৈ পাই হেৰুৱাৰ যন্ত্ৰণা অধিক” বুলি। সেই বিৰহৰ দুখ আজিলৈকে পাহৰিব পৰা নাই। শপত খাই থৈছোঁ, কেতিয়াবা যদি “টাইম মেচিন” ওলাই, আৰু মই অতীতলৈ যাব পাৰোঁ, বাকী কিবা কৰো বা নকৰোঁ, দুনীয়া ইধৰ কী উধৰ হৈ গ’লেও, সেই বাতি মাংস লগতে আৰু এবাতি মই যেনেতেনে গৈ হ’লেও খাই আহিমগৈ…

☆★☆★☆

4 Comments

Leave a Reply

Your email address will not be published.