ফটাঢোল

বিদেশ যাত্ৰা আৰু একাপ চাহ-দেবজিত শৰ্মা

“অ’ দেবজিত দা, প্লেনত উঠাৰ আগতে কিবা সুধিব নেকি? ক’ব নোৱাৰিলে নমাই দিব নেকি?” টীমৰ সদস্য দিগন্তৰ প্ৰশ্নটোত হাঁহিম নে কান্দিম ধৰিবই নোৱাৰা হৈ কেইমুহূৰ্তমান মৌন হৈ থাকি তাক উত্তৰ দিলো, “তোক ৰাতিকৈ ফোন কৰি সকলো কথা বুজাই দিম৷ টেনশ্যন ল’ব নালাগে, ময়ো লগতে নাযাম জানো? এতিয়া পেন্দিং EFT বোৰ ক্লিয়েৰ কৰ।”

এই ঘটনাটোৰ পটভূমি ২০১৩ জনৰ জুন-জুলাইৰ সময়চোৱা৷ বিগত বিত্তীয় বৰ্ষৰ টাৰ্গেট পূৰণ কৰাৰ সুবাদত বিদেশ যাত্ৰা কৰাৰ সুযোগ লাভ কৰিছোঁ, নিজৰ সম্পূৰ্ণ টীমসহ৷ দুই এজনে পূৰ্বতে গৈছে যদিও প্ৰায় কেইজনৰে বাবে বিদেশ যাত্ৰাৰ অভিজ্ঞতা প্ৰথম৷ চলিত বিত্তীয় বৰ্ষৰ কামৰ দৈনিক খতিয়ানৰ লগতে দিনটোত এই বিষয়টোৰ ওপৰত কিবা এটা প্ৰশ্নৰ সন্মুখীন হওঁৱেই৷ মোৰ নিজৰ টিমটোৰ এটা কথা ভাল আছিল যে, সকলো সদস্যয়ে খোলা মনৰ আছিল৷

মই ব্যক্তিগতভাবে সাংঘাটিক বছ টাইপ ইমেজ এটা বৰ্তাই ৰখাৰ বিৰোধী আছিলো আৰু টিমটোৰ মাজত বন্ধুত্বসুলভ পৰিবেশ এটা গঢ় দিয়াত সফল হৈছিলো৷ গতিকে এই সৰু সৰু কথাবোৰ ইহঁতে বেলেগক প্ৰশ্ন কৰাতকৈ মোকে সোধাতো যুগুত বুলি ভাবিছিল৷ এই সকলৰে মাজত এজন সদস্য দিগন্ত সকলোৰে উৰ্ধত আছিল৷ কষ্ট খুব কৰিব পাৰিছিল যদিও সি “চফ্ট স্কিল”ৰ ক্ষেত্ৰত বহুতেই দুৰ্বল আছিল৷ বহুখিনি মেণ্টৰিং কৰাৰ পাছত যথেষ্ট উন্নতি হৈছিল, কিন্তু তাৰ কথা পাহৰা স্বভাৱটোৱে দ্ৰুত উন্নতিত বাধাৰ সৃষ্টি কৰিছিল৷

যি কি নহওক বহু আলোচনা-বিলোচনাৰ অন্তত অৱশেষত সেই দিনটো ওচৰ চাপি আহিল৷ আগদিনাই আমি কলকাতালৈ বিমানেৰে ৰাওনা হ’লো৷ সেইদিনা তাত হোটেলত থাকি পৰৱৰ্তী দিনত পুৱা ৪:৩০ ত বিমান বন্দৰত ভৰি দিলোগৈ৷ প্ৰয়োজনীয় চেক ইন কৰি বিমানৰ ভিতৰত গৈ আসন গ্ৰহণ কৰিলো৷ আমাৰ টীমটোৰ সকলোৱে প্ৰায় অগা পিছাকৈ বহিবলৈ আসন পালো৷ দিগন্ত মোৰ মাজৰ এটা চিট এৰি একেটা শাৰীতে বহিল৷

কলকাতা ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টত জেটৰ ফ্লাইটখনে লাহে লাহে ৰাণৱেত গতি লৈ মাটি এৰি আকাশৰ বুকুৰে যাত্ৰা আৰম্ভ কৰিলে৷ লক্ষ্যস্থান মুম্বাই হৈ ডুবাই৷ মুম্বাইত ইমিগ্ৰেচন পৰীক্ষা কৰি তাৰপাছত ডুবাইলৈ, তিনি দিনৰ বাবে৷ আঁৰ চকুৰে দিগন্তলৈ চালো, তাৰ মুখত মিচিক মাচাক হাঁহি৷

চিটবেল্ট খোলাৰ সংকেতধ্বনি পোৱাৰ পাছত এয়াৰ হোষ্টেচে ট্ৰলিত চাহ আৰু ব্ৰেকফাষ্ট লৈ আহিল। (যিহেতু আমাৰ কৰ্পৰেট পেকেজৰ অধীনত টুৰটো কৰা হৈছিল, গতিকে খোৱা বোৱা ভালেই আছিল) সুন্দৰকৈ পেকিং কৰি দিয়া বস্তুবোৰ এটা দুটাকৈ খাবলৈ আৰম্ভ কৰোঁতেই চকুত পৰিল দিগন্তই লাল চাহ একাপ বৰ বিকট ভংগীমা এটাৰে খাবলৈ আৰম্ভ কৰিছে৷

মই : ঐ, লাল চাহ খাই আছ যে! গাখীৰৰ সৰু পেকেটটো কি কৰিলি?

(খাদ্যৰ পেকেটৰ লগত দুই আঙুলমান জোখৰ জুলীয়া গাখীৰৰ পেকেট এটা দিছিল, যিটো চাহত মিলালেই হৈ যায়)

(অলপ সময় নিস্তব্ধ হৈ ৰৈ)

দিগন্ত : অ’ যাঃ! সেইটো চাহৰ লগত খাবলৈহে দিছিল নেকি? মই সুদাই সুদাই খাই দিলো কিবা ভাল বস্তু বুলি, টেষ্টটো ঠিকেই আছিল বাৰু! ঔ বেলেগক নক’ব হাঁ।

(ইয়াৰ পাছত টুৰটো শেষ নোহোৱালৈকে দিগন্ত মোৰ প্ৰায় লগে লগে ঘূৰি ফুৰিছিল আৰু মই কেনেকৈ খাওঁ সেইটো ভালকৈ চাইহে খাদ্যত হাত দিছিল)

☆ ★ ☆ ★ ☆

3 Comments

  • বৰ্ণালী মূদৈ

    হা হা বৰ ভাল লাগিল

    Reply
  • নীলাঞ্জনা

    বঢ়িয়া লাগিল দেই

    Reply
  • বন্দিতা

    🤣🤣,ভাল অভিজ্ঞতা হল ।

    Reply

Leave a Reply

Your email address will not be published.