ফটাঢোল

বিদ্যায়তনিক পাৰ্শ্বস্থতাৰ পদ্য : নৱজিৎ বৈশ্য

এওঁলোকক আপুনি পায় নে বাৰু চিনি
নেনোটেকন’লোজীক ভেঙুচালি কৰি
বিদ্যায়তনিক পাৰ্শ্বস্থতাত এওঁলোকৰ
অৱস্থিতিহীন স্থিতি

 

 

কোনেও নাজানে
এওঁলোকৰ উপাৰ্জনেৰে কেনেকৈ
ঘৰ একোখন চলে
দিনজোৰা গেবাৰি উকটিও কিয়
বৃদ্ধ পিতৃ-মাতৃৰ নালায়ক নিবনুৱা
পুত্ৰৰ গ্লানিৰ বোজা টানে

 

শ্বাইনিং ইণ্ডিয়াৰ ৰ’দতে
এওঁলোকৰ ব্ৰাহ্মীৰ খেতিত ব্লাইট লাগে
বিকশিত ভাৰতৰ ৰ’দত ঘাঁম মচি মচি
সেই ব্ৰাহ্মীৰ গুণেৰেই এওঁলোকে
প্ৰধানতঃ ডাক্তৰ ইঞ্জিনীয়াৰ গঢ়ে

 

এওঁলোক কাৰো আদৰ্শ নহয়
শিষ্য সকলক এওঁলোকে
এওঁলোকৰ দৰে নহ’বলৈ শিকায়

 

এওঁলোকৰ কোনো পতাকা নাথাকে
নাথাকে নিজস্ব কোনো শ্ল’গান
দিছপুৰ দিল্লীত ঘূৰি ফুৰা
কেমেৰাৰ ফ্লাছে পঢ়িব নোৱাৰে

এওঁলোকৰ বেদনাৰ নিলিখা ফেষ্টুন
কবি-চিত্ৰকৰে নাআঁকে এওঁলোকৰ দুখৰ
গ্লেমাৰবিহীন ছবি
অভিজাত সাহিত্যত নিষিদ্ধ এওঁলোকৰ
শোষণ আৰু সংগ্ৰামৰ বেৰঙী ইতিহাস

 

শিক্ষাৰ ব্যক্তিগতকৰণ বিৰোধী হোমাগ্নিত
এওঁলোকৰ ঘাঁমেৰে দিয়া হয় ঘৃণাহুতি
অৱশ্যে চল পালেই হোতাক পিন্ধোৱা হয় ফুল চন্দন তুলসী

 

আপুনি এওঁলোকক পায় নে চিনি
হয়তো আপুনি চিনি পায়
এওঁলোকৰ নগৰীয়া প্ৰজাতিৰ দুটা-এটা
যাৰ আস্তিনত গোন্ধায় নগৰৰ বৰপিঠা

 

এওঁলোকৰ প্ৰধান বৈশিষ্ট্য হ’ল
ল’ৰা পঢ়াই জীৱনটো কৰিলেও পাত
এওঁলোক কাহানিও নহয় শিক্ষক
হৈ থাকে প্ৰাইভেট-স্কুলৰ-মাষ্টৰ
অথবা ক’ব পাৰে ‘বনচাই শিক্ষক’।

☆ ★ ☆ ★ ☆

7 Comments

  • দীক্ষিতা

    “শিষ‍্যসকলক এওঁলোকে এওঁলোকৰ দৰে নহ’বলৈ শিকায়” — সঁচাকৈয়ে বহু দেখিছোঁ এনে হুমুনিয়াহ ভৰা কাহিনী। ভাল লাগিল আপোনাৰ লিখনি।

    Reply
  • বঢ়িয়া

    Reply
  • মুনমুন

    ভাল লাগিল।

    Reply
  • Pranita Goswami

    শিক্ষকত ত্যাগ নিস্বাৰ্থ। সুন্দৰ প্ৰকাশ। ভাল লাগিল।

    Reply
  • Sadananda Bhuyan

    বহুত ভাল লাগিল ।

    Reply
  • HEMANTA KAKATI

    বৰ হৃদয়ষ্পৰ্শী লিখিলা নবজিত

    Reply
  • পৰীস্মিতা দাস

    ভাল লাগিল দাদা ৷

    Reply

Leave a Reply

Your email address will not be published.