ফটাঢোল

বিধিসন্মত সতৰ্কবাণী! – জ্যোতিৰূপম দত্ত

মৰমৰ দেৱজিত,

তোমাৰ দৰে বৰলা এটাৰ দুখত বহুতকে এটুপি ধৰি… মানে.. মানে হেৰি কি বোলেনে এটুপি চকুপানী টুকি শীঘ্ৰেই বিয়াখন পাতিবলৈ আষাৰচেৰেক দিহা-পৰামৰ্শ দিয়া দেখিয়েই আছো৷ তাকেই দেখি-শুনি-বুজি ময়ো ৰসতে নামটো থবলৈ বুলি সংসাৰৰ দুপাচিমান গিয়ান-বুধিৰ ভাৰপাচি ডাঙি আনি সোপাকে তোমাৰ কৰ্ণকুহৰত প্ৰক্ষেপ কৰো বুলি পাং পাতিলো৷

অহুকাণে-পহুকাণে শুনিলো যে তুমি এই আদবয়সত হলেও সংসাৰ নামৰ মায়াৰ সমুদ্ৰত সংগী বিচাৰিছা৷ হওক তেও, ভাললৈ বুলিয়েই বাট মেলিছা৷ পিছে আমিও নিজে একো কৰিবলৈ নোৱাৰিলেও বুধি-ভৰসা দিয়াত কোনোগুণে কম নহও৷ সেয়ে তোমাক অনাগত জীৱনটোৰ বাবে অভিজ্ঞ কৰি তোলাতো আমাৰ পৰম কৰ্তব্য বুলি ধৰিছোহক৷ এনেয়ো তোমাৰ আজিকালিৰ ‘লাইফ’টো বিবাহৰ পিছত একেবাৰে সেৰেকা ‘জীৱন’ হৈ যাবই দিয়াচোন! সেয়ে এতিয়াই দুটামান কথা কৈ থও বুলিলো৷ পাছত যাতে তুমি অভিযোগ নিদিয়া, যে আগতে কেলেই নকলে বুলি!

বোপা দেৱজিত, তুমি হিচাপ নিকাচত বৰ পাক্কা বুলি জানো৷ অফিচৰ একাউণ্টছ আদিৰ ক্ষেত্ৰত তোমাৰ দক্ষতাৰ বাবে তুমি সকলোৰে প্ৰশংসাৰ পাত্ৰ বুলিও শুনিছো৷ পিছে সংসাৰত একাউণ্টছৰ ডেবিট-ক্ৰেডিট আদিৰ নীতি নিয়মখিনি অলপ বেলেগ৷ তাকেই অলপ বুজাই কবলৈ ওলাইছো৷ মানে বিয়াৰ পিছত তোমাৰ লুঙী-গেঞ্জী আদিকে ধৰি দুটামান বস্তুৰ বাহিৰে বেছিভাগ বস্তুৱেই উমৈহতীয়া হৈ যায়, বুইছা! আনকি তোমাৰ মানিবেগটোৱো সাৰি নাযাব৷ কেতিয়াবা তুমি বোৱাৰীৰ হাতত জমা থোৱা টকাকেই নিজলৈ ধাৰলৈ লব লগা হব৷ এইটোতেই এটা সাংঘাতিক একাউণ্টছ সোমাই আছে৷ ভালকৈ শুনা –

মানে ধৰা আজি তুমি বোৱাৰীৰ পৰা পাঁচশ টকা ধাৰলৈ ললা৷ বোৱাৰীয়েও হাঁহিমুখে টকা পাঁচশ দি দিলে৷ তুমি ভাবিছা সকলো ঠিকেই আছে৷ পিছে কাইলৈ আবেলি তোমাৰ ম’বাইলত তিনিশ টকামানৰ বস্তুৰ বজাৰৰ লিষ্ট এখন আহিব৷ তাৰ পাছত পৰহিলৈ অফিচৰ পৰা আহোঁতে বজাৰৰ পৰা দুশ বিশ টকাৰ বস্তু লৈ আহিবলৈ কব৷

ৰ’বা, ৰ’বা, অংক শেষ হোৱাই নাই! তাৰো পিছদিনা পুৱাবেলা শাকবেপাৰীক দিবলৈ বিশ টকা এটাও আকৌ তোমাকেই খুজিব৷ তুমি যদি কেনেবাকৈ ’পইছা নাই’ বুলি কোৱা, তেতিয়াই সৰুকৈ ভেকাহি এটাৰ সৈতে এইষাৰি কথা শুনিবা –

-’সিদিনা যে পাঁআঁআঁআঁআঁচশ’ দিছিলো, শেষেই নেকি?

দেৱজিত বোপা, আৰু শুনা৷ সংসাৰ মানেই কণ্টকাকীৰ্ণ পথ, পদে পদে বিপদ৷ যতে-ততে গেৰিলা ফান্দ, চিটিকা ফান্দ, অজস্ৰ লেণ্ডমাইন পুতি থোৱা যুদ্ধক্ষেত্ৰ! গতিকে সাৱধানে খোজ দিয়াতো ভাল৷ বিয়াৰ পিছত তিতা টাৱেলখন বিছনাত থোৱা, ৰুমটো বে-চিজিলকৈ থোৱা, জোতাজোৰ পিন্ধিয়েই ঘৰৰ ভিতৰলৈ অহা, এইমাত্ৰ মচি থোৱা মজিয়াখনত হেলেক-পেলেককৈ খোজ কঢ়া, ঝাৰু দি থকাৰ সময়ত ভৰি নচুৱাই ম’বাইল চাই থকা আদি কামবোৰ হ’ল অতিকৈ বিপদজনক ষ্টাণ্ট! তুমি এইবোৰ ষ্টাণ্ট কৰি বেলনাৰ কোবত বা বোৱাৰীৰ মুখনিসৃত বাক্যবাণত ধৰাশায়ী হোৱা দৃশ্য ৰাইজৰ মনোৰঞ্জনৰ বাবে আগবঢ়োৱাৰ ইচ্ছা নকৰাই ভাল!

আৰু আছে, শুনা৷ বৰলা জীৱনতেই দেওবাৰৰ দিনবোৰত ভালদৰে ফুৰ্তি কৰি লব লাগে৷ কাৰণটো হ’ল যে পিছলৈ আৰু এনে সুবিধা পোৱা নাযায়৷ চেগ বুজি কৈ থলো৷ বিয়াৰ পিছৰ দেওবাৰবোৰত ‘দেৰিলৈ শুম, অলপ আৰাম কৰিম, লং ড্ৰাইভত যাম, য়াম্মী চাইনিজ খাম’ আদি কথাবোৰ ‘অচ্ছে দিন’ৰ দৰে অলীক সপোনহে৷ কাৰণ বিয়াৰ পিছৰ দেওবাৰবোৰ এনেকুৱাহে হয়: –

আন দিনাতকৈ সিদিনা তুমি সোনকালে উঠিব লাগিব৷ কাৰণ সিদিনা গাৰু-গিলিপৰ পৰা বিছনা চাদৰলৈ ধোৱন পৰ্বৰ দিন৷ বাধা দিলে তোমাকেই ধুব! বিছনা বাদ দি চোফাখনতেই আৰাম কৰাৰ কথা ভাবিলেও নহব৷ হাতত ঝাৰুদাল তুলি দি তোমাক স্পাইডাৰমেন হবলৈ ক’ব! মানে মকৰাজালখিনিৰ গতি লগাবলৈ দিব৷ মকৰাজালখিনি গুচাই থাকোঁতেই গম পাবা সংসাৰক মায়াজাল বুলি কিয় কোৱা হয়!

আবেলি লং ড্ৰাইভ নহয়, ঘৰৰ পৰা তিনি কিল’মিটাৰ দূৰৰ আত্মীয়ৰ ঘৰলৈ আলহী খাবলৈ যাব লাগিব৷ পিছে অলপ মন কৰিলেই গম পাবা যে এখেতেই তোমাৰ বিয়াৰ দিনা আটকধুনীয়া কাগজেৰে মেৰিয়াই চেকেণ্ডহেন্দ বাটিচেট এটা উপহাৰস্বৰূপে দি গৈছিল৷ তাৰ পিছত বিবাহ বাহৰত খোৱাৰ নামত প্ৰতিপদ বস্তুৱেই থালখনত পৰ্বতপ্ৰমাণ কৰি তুলি বান্দৰৰ দৰে এথাল খাদ্য অপচয় কৰি যোৱা তোমাৰ প্ৰাণৰো আপোন মিতিৰসৱৰ মাজত এইজনাও আছিল!

তেখেতৰ ঘৰত মাত-কথাবোৰ মিঠাকৈয়ে পাবা৷ তাৰ পাছত সেৰেকা চাহ একাপ আহিব৷ তাৰ পিছে পিছে অহা ‘য়াম্মী চাইনিজ’ নহয়, মিঠাতেলত ভজা আধাসিজা মালপোৱাতহে তুমি কামোৰ মাৰিব লাগিব৷ তাৰ পিছত গৃহস্থৰ সৈতে ‘এসময়ত আটাৰ দাম কেজিত চাৰিঅনা আছিল’ আদি বিষয়ত আঢ়ৈঘণ্টা জুৰি গুৰুত্বপূৰ্ণ আলোচনা চলাব লাগিব৷ এই সময়কণতে দেওবাৰৰ ‘দেও’ নামৰ দেওলগা শব্দটোৰ অৰ্থ তুমি বাৰুকৈয়ে বুজি পাবা৷

দেৱজিত বোপা, আমাৰ বিয়াৰ নিয়ম-নীতিসমূহৰ মাজতো বহু গূঢ় অৰ্থ লুকাই থাকে৷ তাৰেই দুটামান বেকত কৰিছো৷ আশা কৰিছো পাৰৰ পাখিৰে সুত লগাকৈ কাণৰ কণামাকৰিবোৰ গুচাই ভালকৈ শুনিবা৷ পিছলৈ কাণৰ কণামাকৰি সৰুৱাবলৈ দিনে নিশাই বিনামেঘে বজ্ৰপাত হৈয়েই থাকিব, চিন্তা নাই৷

এটা নিয়ম আছে যে বিয়াৰ কিছুদিন আগৰ পৰা দৰাজনক ঘৰৰ চৌহদৰ বাহিৰ হবলৈ দিয়া নহয়৷ ইয়াৰ আঁৰৰ কাৰণটো ভাবি উৰহীৰ ওৰ বিচাৰিব নালাগে৷ ভাবি চালে কথাটো তেনেই সহজ৷ এইকেইদিনতেই তুমি তোমাৰ ম’বাইল, লেপটপ আদি খুচৰি সকলোবোৰ চিজিল লগাব লাগিব৷ মানে তোমাৰ ম’বাইলৰ কনটেক্ট লিষ্টখন, হোৱাটছএপ বা মেচেঞ্জাৰৰ মেচেজবোৰ ভালকৈ চেক কৰিব লাগিব৷ তুমি জানাই, আগৰ দিন আৰু নাই৷ আজিকালি ‘মিছ কবিতা’ৰ ফোন নম্বৰটো ‘কলিতা মিছতিৰী’ বুলি চেভ কৰিও একো লাভ নাই৷ হোৱাটছএপৰ প্ৰফাইল ফটোত নীলা শাৰী পৰিহিতা ‘কলিতা মিছতিৰী’ৰ নীলা চকু তিৰবিৰাই থাকিবই!

সবাতোকৈ ভয়ংকৰ হ’ল ইম’জীবোৰ! বিশেষকৈ কোনোবা এচুকত পৰি থকা নিৰীহ ৰঙা কলিজাৰ আকাৰৰ এটা ইম’জীয়েই খাণ্ডৱদাহ কৰি দিব পাৰে৷ কোনোবা অসতৰ্ক মুহূৰ্তত কাৰোবালৈ পঠিওৱা এনে ইম’জী এটাৰ প্ৰসংগ সংগতি হয়তো তোমাৰেই মনত নাথাকিব, পিছে ভাজিখনত লুকাই থকা ভোট-জলকীয়া এটুকুৰাই হঠাতে চাৰ্জিকেল ষ্ট্ৰাইক কৰাৰ দৰেই কেতিয়াবা বোৱাৰীৰ হাতত পৰা তোমাৰ ম’বাইলটোত জিলিকি থকা এনেবোৰ খেনবোমাই তোমাক ধৰাশায়ী কৰি পেলাব পাৰে! গতিকে বিয়াৰ আগতেই উচিত ব্যৱস্থা লোৱা ভাল৷ আৰু এটা কথা৷ পুৰণা মেমৰি কাৰ্ড কেইখনত বা লেপটপৰ কোনোবা এটা ফল্ডাৰত কেনেবাকৈ বহুকেইখন ‘মেমেৰা মেধিৰ মৰ্মবেদনা’ বা ‘পাইপ মিস্ত্ৰীৰ দুৰৱস্থা’ টাইপৰ আগগুৰি নথকা আৰ্টফ্লিম থাকি যাব পাৰে! মনত থাকোতেই সেইবোৰৰ উচিত ব্যৱস্থা ল’বা৷

দেৱজিত বোপা, বিয়াত দৰা আগুৰি নানা প্ৰশ্ন সোধা নিয়মটোৰো এটা ডাঙৰ মহত্ত্ব আছে৷ বহুকেইজনে মিলি কইনাৰ ঘৰ পোৱাৰ আগে আগে দৰাক আগুৰি নানা ধৰণৰ অকোৱা-পকোৱা প্ৰশ্ন কৰে৷ পিছে ইয়াৰ আচল উদ্দেশ্য একেবাৰে বেলেগ৷ মানে শেষবাৰলৈ দৰাক আগচি ধৰি সিদ্ধান্তটো পুনৰ বিবেচনাৰ বাবে সামান্য সময় দিয়া হয়৷ ইয়াৰ লগতে সিদিনাৰ পৰা সাংসাৰিক জীৱনলৈ আহিব ধৰা নাটকীয় পট-পৰিবৰ্তনৰ সামান্য আভাসো দিয়া হয়৷

মানে ধৰা, দুদিনমান পিছতেই তুমি এনে প্ৰশ্নবাণৰ সন্মুখীন হব লাগিব৷ যেনে—
১) ক’ত আছা? (এইটো আটাইতকৈ ভয়ংকৰ প্ৰশ্ন! )
২) ফোনত ইমান হাঁহি হাঁহি কথা পাতি আছা যে? কোন?
৩) ঘৰ পাওঁতে আৰু কিমান দেৰী হ’ব?
৪) ইয়াৰ পাছৱৰ্ডটো কি? (এইটো ব্ৰহ্মাস্ত্ৰস্বৰূপ) ইত্যাদি…

আৰু দৰা আগুৰাসকলে যে এটা হেভী এমাউণ্ট দাবী কৰে সেইটোৱো এক প্ৰকাৰৰ ৰিহাৰ্চেলেই! অসমৰ বুঢ়া চান্দাবীৰসকলৰ ষ্টাইলতে দুদিনমান পাছতেই প্ৰশ্নবাণৰ সমান্তৰালকৈ পইছা দাবী কৰাৰ অভিজ্ঞতাও লাভ কৰাৰ সম্ভাৱনা অধিক৷

যেনে- “বজাৰলৈ ওলাইছিলো৷ মোৰ হাতত পইছা নাই! দিয়াচোন! ”

এনেপ্ৰকাৰৰ কঠিন সোধপোছৰ পৰা নিস্তাৰ পোৱাৰ এটাই উপায়৷ তুমি মানিবেগ খুলিলেই সকলোৰে প্ৰশ্ন শেষ হৈ যাব৷ নোখোলালৈকে কে.বি.চি. চলি থাকিব! এইবোৰেই আজিকালিৰ সংসাৰৰ নতুন নিয়ম, বুইছা!

মোৰ কথাখিনি কলো৷ পিছে আমাৰ এইবোৰ জ্ঞান বজাৰৰ টেট গাইডৰ দৰে! কমন পৰাৰ গেৰাণ্টী প্ৰায় শূন্য! কাৰণ আজিকালিৰ বোৱাৰীয়ে টান টান প্ৰশ্নৰে নিজাকৈ প্ৰশ্নকাকত তৈয়াৰ কৰি লৈ আহে হেনো!

বাকী তোমাৰ ইচ্ছা৷

ইতি,

নিশিকুটুম্ব লেখাৰু
☆ ★ ☆ ★ ☆

15 Comments

  • অভিজিত কলিতা

    অভিভূত হ’লো। সংসাৰ সাগৰৰ কিমান গভীৰতালৈ বুৰ মাৰিলে এনে মাণিক ৰতন পোৱা যায়, তাকে ভাৱিহে আচৰিত মানিছো

    Reply
  • বিজু গগৈ

    মজা মজা৷মিছাও নহয় দিয়কচোন৷

    Reply
  • Rintumoni Dutta

    এইটো পঢ়াৰ পিছত আমাৰ এটা বৰলায়ো বিয়া পাতিবলৈ সাহস নকৰিব, এনেয়ো সেইকেইটা অলপ ধতুৱা

    বঢ়িয়া লাগিল জ্যোতিদা

    Reply
  • Suntu

    প্ৰনিপাত প্ৰভু

    Reply
  • Bornali Mudoi

    ভাল লাগিল পঢ়ি😆😆

    Reply
  • anjan sadhanidar

    এইটো কৰিব নালগিছিল দেই৷ এনেয়ে মৰে ঋষিৰ শাপত তাতে দিলা ধানৰ ভাপত বেচেৰা বুলি কোৱা নাই৷ কিন্ত

    লেখা নহয় এইটো ৷
    জুই বুলিলো

    Reply
  • সমুজ্জ্বল কাশ্যপ

    ভাল লাগিল 👌

    Reply
  • Kamal neog .

    এনে সতৰ্কবাণী পোষ্টবৰলাসকলৰ ড্ৰইং ৰুমত সকলোৰে দৃষ্টিগোচৰ হোৱাকৈ ওলমাই ৰাখিলে কি হ’ব পাৰে তাকেহে ভাবিছোঁ৷

    বাকী সুন্দৰ লেখা !

    Reply
  • কাবেৰী মহন্ত

    এক ৰসাল লেখা! অভিভূত হ’লো৷ কি সুন্দৰ

    Reply
  • Abinash Sarma

    সুন্দৰ লেখা

    Reply
  • Gitarthi Goswami

    বঢ়িয়া

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    মজা লিখিলে৷

    Reply
  • Chandan Gogoi

    জুই….. 🔥🔥🔥🔥🔥

    Reply
  • হেমন্ত কাকতি

    নাপায় নাপায়, ইমান ভয় খুৱাব বেচেৰা হতক!

    তামাম৷

    Reply
  • চেচ ৷ ফটাঢোলৰ বৰলাসকলৰ বিয়া খোৱাটো নহবগৈ আৰু দত্তদা

    Reply

Leave a Reply

Your email address will not be published.