ফটাঢোল

বিবাহিত বৰলাৰ এসাজ – বিজয় মহন্ত

বিবাহিত বৰলা চিনি পাইনে?তেওঁলোকে বনোৱা এসাজ খাওক।

প্ৰথমতে কুকাৰটো বিচাৰি পৰিবাৰলৈ ফোন লগাওক। ঘৰৰ মানুহৰ লগত আড্ডা মাৰিবলৈ পাই তেওঁ যে ফোন ক’ত থৈছে ক’বই নোৱাৰিব। গতিকে যিমান সময়লৈকে ফোন ৰিচিভ নকৰে ফোন মাৰি থাকক মাৰিয়েই থাকক। এটা সময়ত তেওঁ ফোন ৰিচিভ কৰিব। তেওঁৰ বিৰক্তি ভৰা মাতত হতাশ নহ’ব। যিমান পাৰে কোমল মাতেৰে কুকাৰটো ক’ত আছে সোধক আৰু উত্তৰ পোৱাৰ লগে লগে ফোন কাটক। এইবাৰ আপোনাৰ কাম হ’ল কুকাৰটো ধোৱা। কুকাৰটো ধুই আপোনাৰ কাম হ’ব চাউল বিচৰা। প্ৰতিটো টেমা খুলি খুলি আপুনি যেতিয়া চাউল নাপাব আপুনি খৰধৰকৈ ফোনটোৰ ওচৰলৈ আপুনি যেতিয়া এঠেকেচা পৰিব আপুনি নিশ্চিত হ’ব যে সেয়া আপুনি কুকাৰ ধোওঁতে পৰা পানীয়েই আছিল। পৰিবাৰক সুধি যেতিয়া আপুনি চাউল আমুক টেমাটোতে আছে বুলি গম পাব তাৰপিছতো আপুনি দুটামানৰ সাঁফৰ খুলি সেইকেইটা ভুলতে নমৰাকৈ থৈ দিয়ক।

চাউল পোৱাৰ লগে লগেই আপোনাৰ মনলৈ আহিব ৰাতিপুৱা অফিচলৈ যোৱাৰ আগত আপোনাৰ আৰু ভাত বনাবলৈ মন নাযাব। গতিকে এতিয়াই বনাই থ’ব। গতিকে কিহেৰে চাউল উলিয়াব একো বিচাৰি নাপায় হাততে পোৱা গিলাচ এটাৰে দুই গিলাচ চাউল জুখি জুখি দি দিয়ক আৰু গিলাচটো চাউল থোৱা টেমাটোলৈ দলিয়াই দিয়ক। এতিয়া চাউলখিনি দুবাৰমান ধুই কুকাৰত ভৰাওক।ভৰাওঁতে অলপমান চাউল পৰিব আৰু অলপমান ধোৱা বাচনটোত থাকি যাব। থাকিবলৈ দিয়ক।সেইকেইটা চাউলৰে নিগনি এটাৰ পেট নভৰে।গতিকে ইমান চিন্তা কৰিবলগীয়া নাই। এতিয়া আপুনি চিন্তা কৰক কিমান পানী দিব লাগিব। এহ, ৰৱ গেছটো জ্বলাই লৈয়ো চিন্তা কৰিব পাৰি নহয়।গতিকে চিলিণ্ডাৰটোৰ ওচৰলৈ গৈ ৰেগুলেটৰটো পকাওক। যিফালে পকালে ফুচ কৈ শব্দ এটা কৰে সেইফালেই অন হয় বুলি নিশ্চিত হৈ আপুনি বাৰ্নাৰটো অন কৰক আৰু তাৰপিছত লাইটাৰ বিচাৰিবলৈ আৰম্ভ কৰক। অলপ দেৰি বিচাৰ খোচাৰ কৰা অন্তত যেতিয়া আপুনি লাইটাৰ মাৰিব অলপমান ওপৰলৈ জুই মাৰিব পাৰে ভয় নাখাব।ঠিক তেনেকুৱাতে আপোনাৰ মবাইলটো বাজিব আৰু আপুনি দেখিব আপোনাৰ খাচ পাৰ্টানাৰৰ ফোন। অলপ দেৰি আড্ডা মৰাৰ পিছত আপোনাৰ মনলৈ আহিব যে আপুনি গেছ জ্বলাই থৈছে কিন্তু কুকাৰটো পতা নাই। গতিকে কাণখন বেকা কৰি কান্ধত মবাইলটো লগাই আপুনি কুকাৰৰ সাঁফৰখন মাৰক আৰু গেছত পাতি দিয়ক। সৰু চচপেন এটা উলিয়াই তাত এক চচ পানী দিয়ক আৰু দুটা কণীও দি দিয়ক। যিহেতু আপুনি খাবৰ বাবে নহয় জীৱৰ বাবেহে খাই সেই কথাটো মনলৈ আনি দাইল, ভাজি আজি নহ’লেও চলি যাব বুলি বাদ দিয়ক। এতিয়া আপুনি বিছনালৈ আহক আৰু আপোনাৰ পাৰ্টানাৰৰ লগত সাম্প্ৰত্তিক সময়ৰ ৰাজনৈতিক প্ৰেক্ষাপত্ৰৰ পৰা আৰম্ভ কৰি সকলোধৰণৰ কথা পাতোঁতে পোৰা পোৰা গোন্ধ আৰু ধূম ধূম শব্দ যেতিয়া নাক আৰু কাণেৰে গম পাব তেতিয়া ফোনটো কাটি পাকঘৰলৈ দৌৰ মাৰক। তাত দেখিব ফোনৰ ধাণ্ডাত আপুনি কুকাৰত পানীয়েই নিদিলে আৰু বইল কৰা কণীকেইটাৰ পানী উতলি উতলি শেষ হৈ ধুম ধাম শব্দ কৰি ফুটিলেই। আপুনি গেছটো অফ কৰক আৰু বাকী টেমাকেইটা খুচৰিবলৈ আৰম্ভ কৰক ক’ত ৰাতি খাবলৈ বিস্কুত দুটা আছে।

☆ ★ ☆ ★ ☆

2 Comments

  • কাবেৰী মহন্ত

    তামাম৷ বাপ্পা ঐ

    Reply
  • বৰ্ণালী মূদৈ

    হা হা মজ্জা

    Reply

Leave a Reply

Your email address will not be published.