ফটাঢোল

বিবাহৰ চতুৰ্থ পৰ্ব- প্ৰান্তৰ ভাগৱতী

বিয়া…বিয়া নোহোৱালৈকে সকলোৰে কেতিয়া বিয়া হ’ব কেতিয়া বিয়া হ’ব আৰু বিয়াৰ পিছত বহুতৰ কিয় বিয়া কৰাইছিলোঁ বা কিয় বিয়া হৈছিলোঁ…কিবা যেন দিল্লীৰ লাড্ডু। নেখালেও পষ্টাবা খালেও পষ্টাবা। আৰু কিমানজন বাঘা, বাঘা বিবাহিত, অবিবাহিত জ্ঞানী পুৰুষে মহৎ বাণী লিখি থৈ গৈছে বিবাহৰ ওপৰত। এই ধৰণৰ বিভিন্ন নীতি শিক্ষাৰ পাঠ পঢ়ি পঢ়ি অৱশেষত বিয়া কৰাম বুলি ঘৰত সন্মতি দিলোঁ। আমাৰ দৰে সাধাৰণ মানুহৰ বাবে বিয়া বুলিলে তিনিটা পৰ্ব। জোৰোণ, বিয়া আৰু আঠমঙলা। অৱশ্যে আজি কালি মডাৰ্ণসকলৰ মেহেণ্ডী, ফটো চেচন ( প্ৰি-বিয়া, পষ্ট বি‌য়া), দৰা কইনা ডেঞ্চ আৰু কিবা কিবি আছে নেজানো৷ গতিকে ঘৰৰপৰা ঠিক কৰা ছোৱালী চাই পচন্দ হোৱাত মোৰ বিয়াৰ দিন-বাৰ ঠিক হ’ল। গতানুগতিকভাৱে জোৰোণ, বিয়া, আঠমঙলাও খাই আজৰি হ’লোঁ। দুমাহমান বিয়া বিয়া বুলি লাগি থাকি ভাবিলোঁ এতিয়া আজৰি হ’লোঁ।

কিন্তু আৰু এটা বিবাহৰ পৰ্ব যে বাকী আছিল জনাই নাছিলোঁ। সেইটো হ’ল মিতিৰৰ ঘৰত “বোৱাৰী ফুৰুৱা”৷ বিয়াৰ দহদিনমান পিছত দেখোঁ আবেলি হ’ল মাত্ৰকে  শাহু-বোৱাৰী ধুনীয়াকৈ কাপোৰ-কানি পিন্ধি সাজু। জোৰোণ, বিয়াত দৰা ঘৰৰপৰা পোৱা আৰু মাকৰ ঘৰৰপৰা অনা পাটৰ কাপোৰ (যিবোৰ পিছত আউটডেটেড হ’ল বুলি কেৱলমাত্ৰ গডৰেজ শুৱনি কৰিব), গহণা পিন্ধি কইনা সাজু। ওচৰৰ মিতিৰ কেইঘৰলৈ শাহু-বোৱাৰী খোজ কাঢ়িয়েই যায়। লগত কইনাই ঘৰৰপৰাই লৈ অহা মান ধৰা টোপোলা। এই মানধৰা টোপোলাৰ হিচাপ আগতিয়াকৈ দৰা ঘৰৰপৰা ইনদাইৰেক্টলি জনাই দিয়া হয়, যে আমাৰ ইমান ঘৰ মিতিৰ আছে। অমুকৰ লগত আমাৰ খুব ভাল। সেইমতেই মানধৰা টোপোলা সাজু হয়।  কইনাই সাধাৰণতে আগৰ দিনত ঢেৰ ৰুমাল লৈ আহিছিল। দৰা ঘৰৰ মিতিৰৰ সৰু ল’ৰা-ছোৱালীবোৰক দিবলৈ। অলপ দূৰৰ মিতিৰকেইঘৰলৈ যাওঁতে মাৰ অৰ্ডাৰ, তেওঁলোকক গাড়ীৰে নি থৈ আহিবলৈ আৰু পিছত আকৌ লৈ আহিবলৈ। এই বোৱাৰী ফুৰুৱা পৰ্বটোত সাধাৰণতে মতা মানুহৰ স্থান নাই।

তেনে এদিনৰে কথা। মায়ে দুপৰীয়া ভাত খাই থাকোঁতেই কৈছিল তেওঁলোকক অমুকৰ ঘৰত নমাই থৈ আহিবলৈ। পিছত আকৌ লৈ আহিবলৈ। আবেলি শাহু-বোৱাৰী ধুনীয়াকৈ কাপোৰ-কানি পিন্ধি সাজু। মিতিৰ ঘৰ আমাৰ অলপ দূৰ সম্পৰ্কীয়। ইমান বেছি আহ-যাহ নাছিল। মায়ে আগতেই খবৰ দি থৈছিল। ময়ো আবেলি শাহু-বোৱাৰীক গাড়ীৰে নি নমাই দিলোঁগৈ। আৰু এওঁক ক’লোঁঁ, “লুচি-ভাজি খাই আজৰি হ’লে ফোন কৰি দিবা, মই আহি লৈ যামহি৷” এইবুলি ঘৰলৈ উভতি আহিলোঁ। সেইদিনা আকৌ ইণ্ডিয়া আৰু পাকিস্তানৰ মাজত ওৱান দে মেচ আছিল। আৰামত বিছনাত পৰি গাঙ্গুলি তেনডুলকাৰৰ পাকিস্তানৰ বলাৰক কৰা ধুলাই চাই বিজি আছিলোঁ। খেলখনো জমি আছিল। মাজতে ছাফ’লা নে কিবা তেল এটাৰ এডভাৰটাইজ এটাত মাইকী মানুহ এগৰাকীয়ে প্ৰকাণ্ড ফুলা লুচি এখন মুখত ভৰোৱা দেখি হঠাৎ এওঁলোকৰ কথা মনত পৰিল৷ একেজাঁপে বিছনাৰ পৰা উঠি গৈ ডাইনিং টেবুলত চাইলেণ্ট কৰি থোৱা ফোনটো চাই দেখোঁ উন্নৈশটা মিচড্‌কল শ্ৰী মতীৰ। প্ৰথমটো প্ৰায় দেৰঘণ্টা আগৰ। হে প্ৰভু। লগে লগে গাড়ী লৈ মিতিৰৰ ঘৰত উপস্থিত হ’লোঁগৈ। দুখন গোমোঠা মুখ লৈ শাহু-বোৱাৰী গাড়ীত উঠিলহি। তাৰপিছত মাৰ দুৰ্জয় গালি বৰ্ষণ! বোৱাৰীয়েকৰ অথনিয়ে সৰুটোৰ বাবে বাহিৰলৈ যাব লাগিছিল। মিতিৰৰ ঘৰত আকৌ বাথৰূম ঘৰৰ বাহিৰত। নতুন কইনা আকৌ পাটৰ কাপোৰ পিন্ধি বাহিৰৰ বাথৰূমলৈ যাব কেনেকৈ পাৰিব? গতিকে টিপি-টাপি বহি থাকিলে। ঘৰ আহি পাইহে ৰক্ষা। অৱশ্যে এওঁলোকৰ গাড়ীৰে দূৰলৈ ক’ৰবালৈ গ’লেও এনেকৈ বাহিৰলৈ নেযোৱাকৈ থকাৰ অভ্যাস আছে৷ তথাপিও দুদিনলৈ ন-কইনাই মোক ভালকৈ মতাই  নাছিল৷ তাকে এতিয়া কেতিয়াবা এই কথাবোৰ ভাবি মনতে সান্তনা লওঁ। ভাগ্যে দহবছৰ আগতেই ন-কইনা হৈ থকা দিনতেই এনে ঘটনা ঘটিছিল। এতিয়া হ’লেতো! ভাবিয়ে ভয় লাগে! পিঠিখন এনেয়ে ফৰফৰাই যায়!

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published.