ফটাঢোল

বিভিন্নজনৰ একলম – জয়ন্ত দাস

ফটা ঢোলৰ মই তেনেই নতুন সদস্য৷ কোনে মোক ইয়াত অন্তৰ্ভুক্ত কৰিলে গম নাপাওঁ, ইয়াৰ জৰিয়তে তেওঁলৈয়ো মোৰ ধন্যবাদ যাচিলোঁ৷ ফটা ঢোলৰ বিভিন্ন লিখনিবোৰ পঢ়ি সঁচাকৈয়ে মই বৰ আপ্লুত৷ হাস্যৰসৰ মাজেদি সমাজৰ বিভিন্ন সমস্যা ইয়াত অবলোকন হৈ আছে৷ কিন্তু ইয়াতকৈও মোক বেছি আগ্ৰহী কৰি তোলে মাহৰ প্ৰথম তাৰিখটোতে প্ৰকাশ পোৱা আলোচনীখনে৷ সঁচাকৈয়ে খুব উৎকৃষ্ট মানদণ্ডৰ লিখনি প্ৰকাশ হৈ আছে৷ ইয়াৰ প্ৰতিটো শিতানেই খুব মনোগ্ৰাহী আৰু হাস্যৰসেৰে পৰিপূৰ্ণ৷ প্ৰকাশক মণ্ডলীক ধন্যবাদ যাচিছোঁ তেওঁলোকৰ কৰ্তব্যনিষ্ঠাৰ বাবে৷ আলোচনীখনৰ লগতে ফটা ঢোল গোটটিৰ দীৰ্ঘায়ু কামনা কৰিলোঁ৷ জয়তু ফটা ঢোল৷

☆★☆★☆

Leave a Reply

Your email address will not be published.