ফটাঢোল

বিয়া খোৱাৰ আমেজ-মন্দিৰা শৰ্মা

এতিয়া মাঘ ফাগুন মাহ, বিয়াৰ বতৰ। বিয়া বুলি ক’লে মনটো কিবা ভাল লাগি যায়। আত্মীয় স্বজন, বন্ধুবৰ্গৰ লগতে বিভিন্নজনক লগ পোৱা যায়। ৰীতি- নীতি, হাঁহি-ফূৰ্তি, নাচ-গানেৰে, ভৰপূৰ সময়। তাৰ মাজতে আকৌ আমাৰ মহিলা সকলৰ সাজোন কাচোনে বিশেষ প্ৰাধান্য পায়। পৰিয়ালৰ কাৰোবাৰ বিয়া বুলি ক’লেতো কথায়ে নাই। নতুন মেখেলা চাদৰ বা শাৰী কিনাটো বাধ্যতামূলক হৈ পৰে। আৰু নো কি? পুৰণা কাপোৰ পিন্ধি বিয়া খাব পাৰিনে কিবা? মুঠতে বিয়া বুলি ক’লে এক মিঠা আমেজ।
মইও এই সকলোবোৰ ফূৰ্তিৰ অংশ হৈ বৰ ভাল পাওঁ। কিন্তু কেতিয়াবা এই বিয়াবাৰু বোৰৰ কিছুমান তিতা অভিজ্ঞতাও নথকা নহয়। মোৰ ক্ষেত্ৰত তেনে কেইবাটাও ঘটনা হৈছে। এক প্ৰকাৰৰ লটিঘটি বুলিব পাৰি।
মোৰ বৰদেউতাৰ ছোৱালী অৰ্থাৎ মোৰ ভন্টিৰ বিয়া। মোৰ দায়িত্ব পৰিল কইনা ধৰাৰ। জোৰণৰ সময়ত কইনাৰ ওচৰত থাকি সেই সময়ৰ নিয়মবোৰত সহায় কৰি দিব লাগিব। বায়েক হিচাপে সেই দায়িত্ব পাই বৰ ফূৰ্তি লাগিল। ভাবিলো, নতুন কাপোৰ পিন্ধি কইনাৰ কাষত বহিম। পিচে ভবা কথা জানো সদায় সিদ্ধি হয় ? মোৰ ছোৱালীজনীৰ তেতিয়া বয়স দুবছৰ মান। বিয়া ঘৰত তাই বেচ ফূৰ্তি কৰি ঘূৰি ফুৰিছিল ইকোলা- সিকোলাকৈ। কিন্তু তেনেতেই লাগিল নহয় লেঠা। কেমেৰা আৰু ট ট কৈ জ্বলি থকা বৰ ডাঙৰ হালধীয়া লাইটটোৰ সৈতে আহিল কেমেৰা মেন আৰু তেওঁৰ এচিষ্টেণ্ট। তেতিয়া ভিডিঅ’ কেমেৰাবোৰ বৰ ডাঙৰ আছিল। কান্ধত ডাঙৰ বোজা এটা লৈ থকা যেন লাগে। ছোৱালীয়ে সেই দুইটা বস্তু দেখি ভয়তে কাৰো লগত নথকা হ’ল। উপায় নাপায় কইনা আৰু মোৰ কাষতে বহুৱাই ল’লোঁ। পিচে কি হ’ব। কইনা য’ত কেমেৰা আৰু ভয়ংকৰ লাইটটো ত’ত। ছোৱালী কোনোপধ্যে সেই দুটাৰ সন্মুখত নাথাকে। বহুত চেষ্টা কৰিও বুজাব নোৱাৰিলোঁ। শেষত গৈ অৱস্থা এনে হ’ল  যে কইনাৰ কাষত আন এগৰাকীক বহুৱাই মই গোটেই সময়কণ চুকৰ ৰুম এটাত ছোৱালীৰ সৈতে সোমাই থাকিলো। নতুন কাপোৰ পিন্ধি বায়েকৰ ফুটনি তাতেই ফুটুকাৰ ফেন হ’ল।
এইবাৰ আহো অন্য এখন বিয়াৰ কথা। আমাৰ ছোৱালীজনীৰ তেতিয়া এবছৰমান বয়স। বিয়া ঘৰত মানুহৰ সমাগম যথেষ্ঠ বেছি। কোনোমতে ভিৰৰ মাজেৰে আমি আগবাঢ়ি দৰা- কইনাক মাত লগাই উপহাৰটো দি ৰভাতলীৰ সন্মুখৰ ফালে থকা চকীত বহিলোহি। অলপ সময় হৈছিলহে , তেনেতে কাৰেণ্ট গৈ গোটেই বিয়া ঘৰ অন্ধকাৰ হৈ পৰিল। তেতিয়া দিনত যোৰহাটত মোবাইল অহা নাই। সেয়ে  মোবাইলৰ টৰ্চ জ্বলাই পোহৰৰ ব্যৱস্থা কৰিবৰো উপায় নাই। ইফালে গেনেৰেটৰ চলোৱা মানুহজনো সেই সময়ত নাছিল। আন্ধাৰত ইজনে সিজনক চিঞৰি গেনেৰেটৰ চলোৱা মানুহজনক বিচাৰিবলৈ ক’লে। প্ৰায় ৫ মিনিট মান সময় তেনেকৈয়ে আন্ধাৰত থাকিল সমস্ত বিয়া ঘৰ। অলপ হুলস্থুলীয়া পৰিবেশ এটাৰ সৃষ্টি হ’ল। ইফালে আমাৰ ছোৱালীয়ে আন্ধাৰত আৰু ভিৰৰ বাবে ভয়তে কান্দিবলৈ ল’লে। কান্দোন নকমে হে নকমে। ইফালে লাইট জ্বলোৱাৰো একো ব্যৱস্থা কৰিব পৰা নাই। ছোৱালীৰ কান্দোনত থাকিব নোৱাৰি আমি বিয়া ঘৰৰ পৰা ওলাই আহিলোঁ। তেতিয়ালৈকে কিন্তু গেনেৰেটৰ চলোৱা মানুহজন আহি নাপালেহি। বিয়াতে ভালকৈ খাম বুলি ভাবি যোৱা মইজনী ঠোঁট মুখ চেলেকি তেনেকৈয়ে ঘৰলৈ ঘূৰি আহিলোঁ। ঘৰলৈ আহি ভাত ৰান্ধি খাব লগীয়া হ’ল।
বিয়া বাৰুত হোৱা লটিঘটি মোৰ ক্ষেত্ৰত এতিয়াও চলি আছে। আজিৰ পৰা এবছৰমান আগৰ কথা। মই সাধাৰণতে ওখ চেণ্ডেল নিপিন্ধো যদিও বিয়ালৈ গ’লে অলপ হাই হীল চেণ্ডেল পিন্ধি ভাল পাওঁ। সেইদিনাও জোতাৰ বাকচৰ পৰা বহুত দিন নিপিন্ধা ওখ চেণ্ডেল এযোৰ পিন্ধি ওলালোঁ। সকলো ঠিকেই আছিল। বিয়াঘৰত বৰ ভিৰ। এসময়ত আমাক খাবলৈ মাতিলে। অভ্যৰ্থনাৰ ঠাইত দীঘলীয়া লাইন। বুফে’ চিষ্টেমত খুৱাইছে। মই বাৰু বুফে হ’লে ভালেই পাওঁ। নিজৰ পচন্দ মতে খাদ্যসম্ভাৰৰ পৰা বাচি ল’ব পাৰো। কিন্তু সেইদিনা তাতেই লাগিল লেঠা। বুফে’ৰ লাইনত আগবাঢ়ি গৈ আছোঁ। তেনেতে এখন ভৰি বেঁকা হৈ এপাত চেণ্ডেলৰ হীলটো এৰাই গ’ল। “হে ভগৱান কি কৰোঁ এতিয়া?” কোনোমতে চেণ্ডেল চোঁচৰাই চোঁচৰাই দুই এবিধ বস্তু লৈয়েই লাইনৰ পৰা আঁতৰি কাষতে থিয় হৈ খাবলৈ ললোঁ। এখন ভৰি ওখ, এখন চাপৰ। এওঁক কওঁতে এওঁ পোন্দোৱাকৈ চাৱনি এটা দিলে, ভাবিলে চাগে,”এইজনীৰ লগতনো কি নহয়?” তথাপি সান্তনা দি ক’লে, “হ’ব বাৰু, সোনকালে কিবা অলপ খাই লোৱা। মই কিবা এটা ব্যৱস্থা কৰিম।”  মইও লাজতে ইফালে সিফালে চাইছোঁ,”কোনোবাই মোৰ অৱস্থাৰ কথা গম পোৱা নাইতো?”  লাজতে ভালকৈ খাবও নোৱাৰিলোঁ। খোৱা হ’লত আনৰ চকুৰ পৰা লুকাই লাহেকৈ চাপৰি দুয়োপাত চেণ্ডেল খুলি টিছু পেঁপাৰেৰে চেণ্ডেলযোৰ মেৰিয়াই চাদৰৰ আঁচলেৰে ঢাকি তাৰ পৰা শুদা ভৰিৰে ওলাই আহিলোঁ। লৰালৰিকৈ গৃহস্থক মাত লগাই বিয়াঘৰৰ পৰা বিদায় ললোঁ। ওখ চেণ্ডেল পিন্ধি বিয়া খোৱাৰ মজাটো বাৰুকৈয়ে পালোঁ।
বিয়াত হোৱা এইবোৰ লটিঘটিয়ে কিন্তু মোৰ বিয়া খোৱা আগ্ৰহটো অকণো কমাই দিয়া নাই। এতিয়াও বিয়ালৈ গৈ হাঁহি ফূৰ্তি কৰি ভাল পাওঁ। এপেট ভৰাই খাওঁ আৰু ভৰি বেঁকা হ’লেও কিন্তু হাই হীল চেণ্ডেল পিন্ধিহে বিয়ালৈ যাওঁ।
☆ ★ ☆ ★ ☆

One comment

Leave a Reply

Your email address will not be published.