ফটাঢোল

বিশেষ দ্ৰষ্টব্য টু স্বৰস্বতী দেৱী-জয়ন্ত কুমাৰ ডেকা

ঠাই টুকুৰাত সিনহা ছাৰ বুলি ক’লে চিনি নোপোৱা ব্যক্তি হয়তো এজনো নোলাব। পেচাত এজন চৰকাৰী চাকৰিয়াল যদিও, মনৰ এক অদম্য হেঁপাহৰ বাবে ঠাইখিনিৰ নৱম আৰু দশম শ্ৰেণীৰ ল’ৰা-ছোৱালীখিনিক তেওঁ ঘৰতে গণিত পঢ়ুৱায়। দক্ষিণাৰ অৰ্থাৎ টিউচন ফিজৰ কোনো ধৰা-বন্ধা নিয়ম নাই। কোনোবাই দিলে দিব; নিদিলে নাই। পাঁচযোৰা ডেক্স-বেঞ্চ আৰু এখন ব্লেক বৰ্ডেৰে পৰিপূৰ্ণ ৰূমটোত সদায় আবেলিৰ ৫ বজাৰ পৰা নিশা ৭ বজালৈ গণিত বিষয়ৰ এখন মেলা বহে বুলি ক’লেও ভুল নহ’ব।

তেতিয়া আমি দশম মানত। আমি মানে ঠাইখিনিৰ মই, ৰঞ্জন, দিগন্ত, সুমন, ৰশ্মি, নন্দিতা, নীহাৰিকা, কৌশিককে আদি কৰি আৰু কেইগৰাকীমান। নৱমমানৰ পৰাই আমি এই মেলাৰ বিদ্যাৰ্থী।

প্ৰতিবছৰৰ দৰে ছাৰৰ ঘৰত সেইবাৰো সৰস্বতী পূজাৰ আয়োজন হ’ল। আৰু প্ৰতিবাৰৰ দৰেই ছাৰে নিজেই পুৰোহিত হৈ ৭.৩০ বজাৰ আগতেই পূজা সমাপ্ত কৰি সকলোকে স্কুলৰ বাবে যাবলৈ মুকলি কৰি দিলে। ঠিক বিদায়ৰ আগে আগে ছাৰে মোক আৰু সুমনক আছুতীয়াকৈ মাতি নি আবেলি ৩ মান বজাত এবাৰ জৰুৰীভাৱে অহাৰ কথা ক’লে। দুয়ো বুজিব পাৰিছিলোঁ যে পূজা কৰা ঠাইখিনি পৰিষ্কাৰ কৰিবলৈ ছাৰে এইবাৰ মোক আৰু সুমনক নিৰ্বাচিত কৰিলে।

ছাৰৰ ঘৰৰ বাহিৰত ভৰি থৈয়েই সুমনে দুখেৰে ক’লে,

: ভাবিছিলোঁ স্কুলৰপৰা বাহিৰে বাহিৰে নন্দিতাৰ স্কুললৈ যাম। তাইৰ লগত আবেলিটো থাকি মনৰ কথা ক’ম বুলি। সৱ পণ্ড হৈ গ’ল বে’। ইমান দিনৰ পৰাই তাইক প্ৰপ’জ কৰিম কৰিম বুলি কৰিবই পৰা নাই! ছেহঃ, আবেলিটো আৰু ইয়াতেই বন্দী হ’ব লাগিব।

: হ’ব দে, কি ঠিক এইকণ পূণ্য কৰিয়েই তই তাইক ডাইৰেক্ট পাই যাবি চাগে।

বন্ধুত্বৰ ধৰ্ম ৰাখি তাক এটা উৎসাহ দিলোঁ।

: পূণ্য কৰিলে স্বৰ্গ পায় ঔ। আৰু স্বৰ্গ পাবলৈ মৰিব লাগিব। সদ্যহতে নন্দিতাৰ প্ৰেম পোৱাত মোৰ লগত কম্পিটিশ্যন দিব পৰাকৈ কোনো ওলোৱা নাই ৰহ!

কৈয়েই সি সৰুকৈ হাঁহি এটা মাৰিলে। কথাত আভিজাত্যৰ অভিমানৰ ছাঁ। দেখিলোঁ, তাৰ মুখত হাঁহি আৰু কাল্পনিক সফলতাৰ এক উচ্ছাস।

আবেলি ঠিক ৩ বজাত দুয়ো ছাৰৰ ঘৰত হাজিৰ হ’লোঁ। দেখিলোঁ ছাৰে অকলেই চাফাই অভিযান চলাই আছে। আমিও আৰু নৰখি অভিযানত নামি পৰিলোঁ। দুয়ো নিজৰ নিজৰ কামবোৰ ভগাই ল’লোঁ। সি টেণ্ট হাউছৰ সামগ্ৰীবোৰৰ দায়িত্ব ল’লে আৰু মই পূজাস্থলীখনৰ। মূৰ্তিৰ কাষৰ পুষ্পাঞ্জলী, চাকি-ধূপ আদি চাফা কৰোঁতে দেখিলোঁ বগা খাম এটা তাত পৰি আছে। মনতে ভাবিলোঁ, সম্ভৱতঃ কোনোবাই “ঔম সৰস্বতৈয় নমঃ” ১০৮ বাৰ লিখি ‘মা’ৰ চৰণত দিছে। মূৰ্তিৰ আগত কিছুমানে মনৰ সপোন ফলিয়াবলৈ এনেধৰণৰ চিঠি দিয়ে বুলি জানো। নাজানো হঠাৎ কি মন গ’ল, খামটো তুলি জেপত সুমুৱাই ল’লোঁ। দেৰঘণ্টামানৰ পাছত সকলো কাম হৈ যোৱাত দুয়োকে ছাৰে বিদায় দিলে।

ৰাস্তাত উঠি ঘৰলৈ যাওঁনে, নন্দিতাক লগ কৰিবলৈ যাওঁ বুলি দুয়ো গুণা-গঁথা কৰোঁতে হঠাৎ সুমনে ক’লে,

: চাওঁ দেচোন চিঠিখন। ভালকৈ চাও এবাৰ। ইয়াৰ হাতৰ আখৰ চাই ক’ব পাৰিম সৰস্বতী দেৱীয়ে ইয়াৰ বাবে কিমান নম্বৰৰ অনুদান আগবঢ়াব।

মই চিঠিখন উলিয়াই তাক দেখুৱালোঁ। দেখিলেই মোহলগা গোট গোট আখৰেদি লিখা চিঠিখন দেখি মই ক’লোঁ,

: ৮০ৰ ওচৰত নম্বৰ পাব বে’ এইজনীয়ে।

: তই কেনেকৈ গম পালি ছোৱালীয়ে লিখা চিঠি বুলি?

সুমনে সুধিলে মোক।

: আৰে দৌষ্ট, ইমান সুন্দৰ আখৰৰ গৰাকী কোনোবা ‘সি’ নহৈ ‘তাই’ হ’লেহে শুৱাব।

এইবুলি কৈ কৌতুহলবশতঃ মই চিঠিখন লুটিয়াই নামটো চালোঁ। পাকলগা ধুনীয়া আখৰেৰে লিখা আছিল-

নিবেদিতা
ক্লাছ নাইন
হাউচ নং…

মই নাম আৰু ঠিকনা পঢ়ি কিবা অনুমান কৰিবলৈ নাপাওঁতেই হঠাৎ সুমনে চিঠিখন মোৰপৰা প্ৰায় কাঢ়ি নিয়াৰ দৰে নি পকেটত ভৰাই লৈ ক’লে,

: এই ছোৱালীজনীৰ আখৰ যিমান ধুনীয়া, তায়ো সিমানেই ধুনীয়া হ’ব। এইজনী ছাৰৰ টিউচনলৈ অহা ক্লাছ নাইনৰ বেটচৰেই সৱতকৈ ধুনীয়াজনী হ’বই লাগিব। এইজনী মোৰ বুলি ধৰি ল আৰু। কাইলৈ এইটো এড্ৰেছত চিঠি পঠিয়াই দিম।

পিছদিনা সি এখন চিঠি লিখি পঠিয়ালে নিবেদিতাৰ এড্ৰেছত। কেইদিনমানৰ পিছত ৰিপ্লাই আহিল। তাৰ কনফিডেন্স আৰু বাঢ়ি গ’ল। সি চিধাই প্ৰেম চেমৰ কথা নাপাতি এনেই কিবা কিবি কথা কৈ এবছৰত দহখনমান চিঠিৰ আদান প্ৰদান কৰিলে। পঢ়াশুনা কৰা ছোৱালী বুলি ধাৰণা কৰা বাবে চিঠিৰ বিষয়বস্তুও সদ্যহতে কিতাপ পত্ৰ নোটচ পাতিৰ মাজতে সীমাবদ্ধ ৰাখিলে। তেনেকৈ এবছৰ যোৱাৰ পিছত এদিন তাইৰ পৰা এখন চিঠি আহিল,

: এইবাৰ সৰস্বতী পূজাত আমি দুয়ো ড্ৰেছ মিলাই যাম দেই।

তাৰ মনটো ভাল লাগি গ’ল। প্ৰপ’জটো মাৰিয়েই দিম নেক্সট চিঠিত বুলি ভাবি সি পঢ়িবলৈ ধৰিলে।

: সুমন, তুমি সৰস্বতী পূজাত ৰেড আৰু ব্লেক কম্বিনেশ্যনৰ মেখেলা চাদৰ পিন্ধি আহিবা, ময়ো পিন্ধিম।

এইখিনি পঢ়ি সি কোনোমতে মুৰ্চা নগ’ল। তাৰমানে তাই তাক ছোৱালী বুলি ভাবি ইমান দিনে চিঠি দি আছে নেকি?

কিছুদিন বিচাৰ খোচাৰ কৰি গম পালে যে সুমন বুলি ছোৱালী এজনী নিবেদিতাৰ সৰুকালৰ বান্ধৱী আছিল। সেই সুমনকে এই সুমন বুলি ভাবি তাই চিঠি পঠিয়াই আছিল। লগতে এইটোও গম পোৱা গ’ল যে নিবেদিতাৰ এটা বয়ফ্ৰেণ্ড আছেই, আৰু সি বক্সিং খেলে।

নিবেদিতালৈ লিখা চিঠিৰ সিমানতে অন্ত পেলাই সি এইবাৰ আমাৰ বেটচৰ নন্দিতাৰ ওপৰত মনোযোগ দিলে। সেইবাৰ সৰস্বতী পূজাত সি আৰু মই আকৌ চিঠি বিচাৰিবলৈ ধৰিলোঁ, আৰু ভাগ্যৰ বলত পায়ো গ’লোঁ আকৌ এখন ধুনীয়া আখৰৰ চিঠি। মই তাৰ ওচৰলৈ পৰম আগ্ৰহেৰে চাবলৈ গ’লোঁ চিঠিখন।

চিঠি মেলি দেখিলোঁ তাত ১০৮ টা শ্লোকৰ শেষত ‘বিশেষ দ্ৰষ্টব্য’ বুলি দি কিছু মনৰ ভাৱ লিখা আছে। দুয়ো একো আগ-পিছ নাভাবি পঢ়াত লাগিলোঁ।

বিঃদ্ৰঃ – হে মা সৰস্বতী। অহাবছৰ মোৰ মেট্ৰিক পৰীক্ষা। আশীৰ্বাদ কৰা যাতে সিনহা ছাৰৰ চেণ্টাৰৰ পৰা ট’পাৰ মইয়ে হওঁ। প্ৰতিটো বাধা অতিক্ৰম কৰি যাতে মই মোৰ ডাক্তৰ হোৱাৰ লক্ষ্যত উপনীত হ’ব পাৰোঁ আৰু মোৰ প্ৰেম নন্দিতাৰ লগত বিয়া কৰি এই জীৱনটো সকুলমে পাৰ কৰিব পাৰোঁ। তাৰ বাবে মোক আশীৰ্বাদ কৰা যেন।

ইতি
ৰঞ্জন

সুমনৰ মুখলৈ চালোঁ। খঙত চকু চলচলীয়া হৈ গৈছে তাৰ। বেচেৰাই ইমানদিনে ভাবি আছিল কম্পিটিশ্যন নাই বুলি। খঙত মুখৰপৰা তাৰ ওলায়েই গ’ল-

: কি হাৰামী বে’ ই! বেটাই জানেই মই নন্দিতাক চাই আছোঁ বুলি, তাৰ পিছতো এই সৱ! আৰু চাচোন ছিফাৰিছ কৰিছে কাক! মা সৰস্বতীক। এই চুপ-চাপকৈ থকাকেইটা বৰ হাৰামী হয়  বে’….

কিনো ক’ম ভাবি নাপালোঁ। ‘বিশেষ দ্ৰষ্টব্য’ বুলি ভগৱানকো মনৰ কথা মানুহে লিখে বুলি সেইদিনাহে গম পালোঁ।
☆ ★ ☆ ★ ☆

3 Comments

  • HEMANTA KAKATI

    হঃ হাঃ মজা লাগিল কাহিনীটো

    Reply
  • ৰাজশ্ৰী শৰ্মা

    কিছু মজা লাগিল পঢ়ি।

    Reply
  • মৃন্ময় বৰুৱা

    হা হা হা হা।
    টু সৰস্বতী দেৱী চিঠি থাকে বুলি নাজানিছিলো।
    সুন্দৰ লিখনি।

    Reply

Leave a Reply

Your email address will not be published.