ফটাঢোল

বিহুৰে পদূলি গিজ্তাওঁ গিজ্তাওঁ – মনস্বী শৰ্মা

দেউতাৰ পদূলি উদূলি-মুদূলি। সংস্কৃতিৰ বাকৰি জীৱন্ত প্ৰতিশ্ৰুতি। সংস্কৃতি এটা জাতিৰ দৰ্পন, এটা জাতিৰ প্ৰতিচ্ছবি। জাতি এটাৰ সংস্কৃতিয়েই হৈছে সেই জাতিটোৰ লোক-সংস্কৃতি। সংস্কৃতি শব্দটো কৃষ্টিৰ লগত জড়িত। আচাৰ্য মনোৰঞ্জন শাস্ত্ৰীৰ মতে, “কৰ্ষণৰ লগত কৃষ্টিৰ সম্পৰ্ক ওতঃপ্ৰোত আৰু কৃষ্টিক সংস্কাৰ কৰি ললেই সংস্কৃতিৰ জন্ম হয়।”। সংস্কৃতি ব্যক্তিৰ প্ৰতি সমাজৰ দান। মনুষ্য জাতিৰ প্ৰসাৰৰ লগে লগে লোক-সংস্কৃতিও প্ৰসাৰিত হয়। অসমীয়া সংস্কৃতি পথাৰৰ সংস্কৃতি, কৃষি সংস্কৃতি। লুইতপৰীয়া সংস্কৃতিৰ প্ৰতীক বুলি ৰঙালী বিহুকেই ঘাঁইকৈ কোৱা হয়। এই বিহুঢোলৰ গুমগুমনিৰ, পেঁপাৰ পে-পেৰ। জনবিশ্বাসত বাদ্যসমূহ খেতি কৰ্মৰ বাবে সৃষ্টি কৰি পৰৱৰ্তী সময়ত লোকনৃত্য, গীতৰ অনুষ্ঠানত জড়িত কৰা দেখা যায়।

অসমীয়া সমাজ জীৱন হৈছে কৃষিমুখী। এটা জাতি গঠিত হয় বিভিন্ন লোকাচাৰ, লোককলা, লোক উৎসৱ আদিৰে। লোককলাৰ অন্তৰ্গত নৃত্য-গীতসমূহ মনোমোহা কৰিবলৈ আৱশ্যক হয় বাদ্যযন্ত্ৰৰ। যাক আমি লোকবাদ্য বুলি কওঁ। প্ৰকৃতিৰপৰা অহা শব্দসমূহৰপৰাই লোকবাদ্যৰ সুৰৰ সৃষ্টি হয়। সংগীত হৈছে অসমৰ সংস্কৃতিৰ জগতখনৰ এক অনবদ্য অংগ। বাৰটা মাহত তেৰটা উৎসৱৰ ভূমি হৈছে অসম। বিহু হৈছে অসমৰ জাতীয় উৎসৱ, প্ৰাণৰ উৎসৱ। বিহুগীতসমূহৰ পটভূমিও হৈছে প্ৰকৃতি জগতখন। এই গীতসমূহৰ সৌন্দৰ্য্যক ৰহণ চৰাই লোকবাদ্যসমূহে। শৃংগাৰ অবিহনে এগৰাকী মহিলা যিদৰে অসম্পূৰ্ণা, সেইদৰে বাদ্যযন্ত্ৰ অবিহনে নৃত্য-গীতো অসম্পূৰ্ণ। আদিম সমাজৰ কৃষ্টি-কাৰ্যৰ লগত জড়িত লোকবাদ্যসমূহেই লোক-সংস্কৃতিৰ বাদ্য হিচাপে পৰিচিত হয়। অসম বিভিন্ন জাতি-জনজাতিৰ বাৰেবৰণীয়া সংস্কৃতিৰে টনকিয়াল, সেয়েহে সকলো জাতি-জনজাতিৰ কলা-কৃষ্টিৰ বাদ্যযন্ত্ৰসমূহেও অসমৰ সংস্কৃতিৰ পথাৰখন চহ কৰি ৰাখিছে। এই লোকবাদ্যসমূহৰ অবিহনে অসমীয়া সংস্কৃতি লাওখোলা সদৃশ। বৰ্তমান সমাজত প্ৰচলিত লোকবাদ্যসমূহ আদিম যুগত কৃষিমুখী সমাজৰ কৰ্মস্পৃহা বৃদ্ধি কৰিবলৈ, অৱসাদ দূৰ কৰিবলৈহে সৃষ্টি কৰিছিল। প্ৰকৃতিৰ জীয়ৰী অসম, সেয়ে অসমৰ উৎসৱসমূহো জড়িত প্ৰকৃতিক উৎস কৰিয়েই আৰু লোকবাদ্যসমূহৰ সৃষ্টিও প্ৰকৃতিক অৱলম্বন কৰিয়েই। বিহুগীত, বিহুনৃত্য আৰু ইয়াৰ লগত জড়িত বাদ্যসমূহ ত্ৰিবেণী সংগমৰ অন্যতম সৃষ্টি।

অসমৰ সংস্কৃতিত এক উচ্চ আসন লাভ কৰা অতি প্ৰাচীনতম লোকবাদ্য হৈছে ঢোল। প্ৰথমাৱস্থাত কৃষ্টি-কৰ্মৰ লগত জড়িত ঢোল বাদ্য সমাজ পৰিৱৰ্তনৰ লগে লগে ই সামাজিক, ধাৰ্মিক, সাংস্কৃতিক অনুষ্ঠানৰ লগত জড়িত হৈ পৰে। অসমীয়া সংস্কৃতি বুলিলেই মনলৈ আহে জাতীয় উৎসৱ বিহুৰ কথা। ঢোল হৈছে বিহুৰ লগত জড়িত এক অবিচ্ছেদ্য অংগ, এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি। অসমীয়া কৃষিজীৱী সমাজখনে ঢোলৰ মাতত যেন প্ৰাণ পাই উঠে, সজীৱ হৈ পৰে তেওঁলোকৰ শ্যামলী সপোনবোৰ। বসন্তৰ আগমনত কুলিৰ কুউ-কুউ, কপৌফুলৰ আমোলমোলীয়া সুবাস যিদৰে চিৰন্তন সত্য; ঢোলৰ গোৰোম-গোৰোম শব্দও সেইদৰে চিৰন্তন সত্য।হৃদয় ভৰাই তোলা, থৌকি-বাথৌ কৰা ঢোলৰ গিৰগিৰণি। এই চেও অসমীয়া ডেকা-গাভৰু, বুঢ়া-মেথাই মনে-প্ৰাণে কামনা কৰে। কৃষ্টিৰ পথাৰত সংস্কৃতিৰ বৰঘৰ সাজে। ঢোলৰ মাতত অসমীয়া জীয়ৰীৰ হিয়াৰ আকুলতাৰ মূৰ্ত প্ৰকাশ ঘটে।

                    আজি বিহু বিহু কালি বিহু বিহু 

                         নাহৰ ফুল ফুলিবৰ বতৰ,

                    ফুলপানী ছিগাতে ঢোলৰ মাত শুনি

                            উজুটিত ভাঙি যাওঁ যঁতৰ।

                    ঢোলত চাপৰ মাৰি ঢুলীয়া ওলালে

                            বহি বই আছিলোঁ তাঁত,

                    টোপোলাৰ সেন্দূৰ টোপোলাত থাকিলে

                             খাবলৈ নহলে ভাত।

অসম বড়ো, ৰাভা, মিচিং, নগা আদি ভিন্ন জনগোষ্ঠীৰ সংস্কৃতিৰ সমন্বয়ৰ স্থল। এই জনগোষ্ঠীসমূহো নিজস্ব সাংস্কৃতিক বৈশিষ্ট্যৰে মহীয়ান। এওঁলোকৰ মাজতো লোকবাদ্য ঢোলৰ ভিন্ন নামেৰে প্ৰচলন আছে। বড়োসকলে খাম‘, মিচিংসকলে দুমদুম‘, তিৱাসকলে খ্ৰাম‘, ৰাভাসকলে হেমাবা খাম‘, কাৰ্বিসকলে চেংআদি নামেৰে ইয়াক নামাংকৃত কৰিছে।

প্ৰায়োগিক দিশৰপৰা চাবলৈ গলে ঢোলবাদ্যক তিনি ভাগত ভগাব পাৰি। নৃত্যৰ লগত বজালে নৃত্যানুগ, গীতৰ লগত বজালে গীতানুগ আৰু এককভাৱে বজালে সুষ্ক বুলি কোৱা হয়। ঢোলৰ মুঠ এঘাৰটা অংগ থাকে।

খোলা, টালি, কোবলি, মলুৱা, কাটনি ছাল, পুলি, ফৰিং, কানাই, বৰটি, ডোল বা কনাৰি জৰি, মাৰি আদি হল ঢোলৰ একো একোটা অংগ। কঁঠাল কাঠৰ ঢোল অতি উত্তম বুলি কোৱা হয়। ইয়াৰ সাধাৰণ দৈৰ্ঘ্য ওঠৰ। ঢোল চাবৰ বাবে গৰুৰ ছালেই আটাইতকৈ উত্তম। সোঁফালে মাৰিৰে কোবোৱা ফালটোক কোবনিবুলি কোৱা হয়।

অসমৰ জনজীৱনত বিহুৰ উপৰিও অন্যান্য আনুষ্ঠানিক পৰিৱেশনতো ঢোল ব্যৱহৃত হয়। বিহু অনুষ্ঠানত বজালে ঢোলক বিহুঢোল আৰু ওজা অনুষ্ঠানত বজালে ওজাঢোল বুলি কয়। সেইদৰে, দেওধনী নৃত্যত বজালে জয়ঢোল বুলি কোৱা হয়। দৰঙৰ ঢোপা ঢুলীয়া অনুষ্ঠানে অসমীয়া সংস্কৃতিৰ বিশিষ্ট স্থান অধিকাৰ কৰি আহিছে। কামৰূপীয়া ঢুলীয়া এইক্ষেত্ৰত বিশেষভাৱে উল্লেখযোগ্য।

ঢোলৰ পিছতেই অসমীয়াৰ মন-প্ৰাণ জুৰ পেলাই নিয়া আন এবিধ বিহুৰ লগত জড়িত লোকবাদ্য হৈছে পেঁপা। বিহুৰ লগত পেঁপাৰ সম্পৰ্ক অতি পুৰণি। পেঁপাৰ শ্ৰুতিমধুৰ সুৰে ডেকা গাভৰুৰ মন মতলীয়া কৰে। হৃদয়ৰ অপ্ৰকাশিত বাৰ্তা যেন প্ৰকাশ পাই পেঁপাৰ শুৱলা সুৰত।

হৰ শিঙৰ পেঁপাটি           নবজাবা ককাইটি

          থাকিব নোৱাৰোঁ  ৰৈ

 তোমাৰ লগতে              বিহু মাৰিম বুলি

              ঘৰতে আহোঁগৈ কৈ।।”

অসমত মহৰ শিঙৰ পেঁপাৰ প্ৰচলন অধিক। ইয়াৰ এক স্বকীয় স্থানো আছে। মহ এটা মৰাৰ পিছত শিঙযোৰ আনি পানীত ডুবাই কিছুদিন ৰখা হয়। তাৰপিছত উতলা গৰম পানীত কুমলিবৰ বাবে দিয়া হয়। কুমলাৰ পিছত ইয়াক জোখমতে কাটি বাঁহৰ ঘূৰণীয়া মাৰি এডাল শিঙটোৰ বহল বিন্ধাত ভৰাই কিছুদিন ৰখা হয়। তাৰপিছত মাৰিডাল উলিয়াই কিছুদিন শুকাবলৈ দিয়া হয়। অৱশেষত দা বা কটাৰীৰে শিঙটো চোঁচা হয় আৰু মিহি কৰিবৰ বাবে কাঁচেৰে চোঁ‌চা হয়। অৱশ্যে শিল্পীভেদে তৈয়াৰ কৰা প্ৰণালীও ভিন্ন হয়। মহৰ শিঙৰ পেঁপাটিৰ মূল অংশটোৱেই হৈছে মহৰ শিঙৰ অংশটো। যাক আমি খোলা বুলি কওঁ। বয়স আৰু লিঙ্গভেদে মহৰ শিঙৰ পেঁপাৰ মাতৰ প্ৰভেদ দেখা যায়। সেইদৰে, আকৃতি আৰু সোঁ-বাওঁফালৰ শিঙলৈয়ো এই মাতৰ পাৰ্থক্য দেখা যায়। পেঁপাৰ বাকী অংশক নলিচা, গবনলা, চুপহি, বুলনি, থুৰি, শিঙা বা থুলা বোলা হয়।

অসমত বাস কৰা মিচিং জনগোষ্ঠীয়ে পেঁপাক পেম্পা‘, ৰাভাসকলে ছিংগ্ৰা‘, কুকি আৰু মাৰসকলে শিকলিবুলি কয়। কুকি আৰু মাৰসকলৰ শিকলিমেঠোনৰ শিঙৰপৰা তৈয়াৰী। চাহ জনগোষ্ঠীয়ে পেঁপাক পেম্পাটিবুলি কয়।

বিহুত ব্যৱহৃত লোকবাদ্যসমূহৰ ভিতৰত অন্যতম আকৰ্ষণীয় বাদ্য হৈছে গগণা। গগণা মঙ্গোলীয় গোষ্ঠীৰ দান। বসুমতী শস্য সম্ভৱা কৰি তুলিবলৈ এসময়ত সৃষ্টি হোৱা নৃত্য গীতৰ লগত ঢোল-পেঁপাৰ সন্মোহনীয় শক্তিয়ে সকলোকে আপ্লুত কৰি ৰখাৰ দৰে গগণাইয়ো অসমীয়া গ্ৰাম্য সমাজখনত প্ৰেমৰ সাঁকো হিচাপে অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছে। বিহুৰ সময়ত প্ৰিয়জনক গগণা উপহাৰ দিব পৰাটো ভাগ্যৱানজনৰ বাবেহে সম্ভৱ।

                  পুৱালীৰ ৰদালি          বাঁহ কাটি আনি 

                              ছমাহ ধোঁৱা চাঙত ৰাখিম।

                  অহাটো বহাগত            গগণা বনাই লৈ

                               তোমাক বজাবলৈ ধৰিম।

গগণা প্ৰধানকৈ দুই প্ৰকাৰৰ। ৰূপহী লাহৰী নাচনীয়ে বজাই বাবে এবিধৰ নাম লাহৰী গগণাবা ৰূপহী গগণা।ডেকাসকলে বজোৱা বিধৰ নাম হৰামধন গগণাআৰু আনবিধৰ নাম হশালিকী গগণা। বৰ্তমান যুগত মঞ্চত বিহুৱতীৰ বাবে গগণা বাধ্যতামূলক বুলিয়েই কব পাৰি। গগণা আগলি বাঁহৰপৰা তৈয়াৰ কৰা হয়। যাৰ বাবে এক ইঞ্চিমান বহল আৰু আঠ-ন ইঞ্চিমান দীঘল আগলি বাঁহ এচটাৰ প্ৰয়োজন। গগণাৰ মূল অংশ চাৰিটা হৈছে মেখেলা, শলা, ডিঙি আৰু নখ। গগণাৰ সুৰৰ লহৰ অতি মধুময়। ভেকুলীৰ মাতৰ লগত গগণাৰ সুৰৰ সাদৃশ্য আছে। ভেকুলীয়ে টোৰটোৰালে ধৰালৈ বৃষ্টিধাৰা নামি আহে এনে বিশ্বাস আমাৰ সমাজত অতীজৰেপৰা চলি আহিছে। অতীজত খেতিৰ সময়ত বৰষুণ নিদিলে ডেকাসকলে ঘৰে ঘৰে গৈ গগণা বজাই নৃত্য কৰিছিল। সেই গগণাৰ সুৰত বৃষ্টি ধৰাৰ বুকুলৈ নামি আহিছিল বুলি লোকবিশ্বাস আছে। কোনো কোনো জনজাতিয়ে আকৌ পথাৰৰ অনিষ্টকাৰী কীট-পতংগ নাশ কৰিবলৈ গগণাৰ সহায় লয়। ত্ৰিপুৰাৰ জনজাতীয় লোকসকলে গগণাৰ দৰেই লেবাংগুমাৰি লোকবাদ্যবিধ কীট পতংগ নাশ কৰিবলৈ ব্যৱহাৰ কৰিছিল। পৃথিৱীৰ বিভিন্ন ঠাইত গগণাৰ প্ৰচলন আছে যদিও নামাকৰণ আৰু নিৰ্মাণ কৌশলত ভিন্নতা দৃশ্যমান হয়। গগণা লৌহবা ষ্টীলধাতু, কাঠ আদিৰেও নিৰ্মাণ কৰা হয়।

গগণাৰ পিছতে নাৰীৰ প্ৰিয় বাদ্যযন্ত্ৰৰ ভিতৰত পৰে সুঁতুলি। সুহুৰিৰ ক্ৰমোন্নতিতেই সৃষ্টি মাটিৰ এই ক্ষুদ্ৰ সুঁতুলিটো। প্ৰথমে, ইয়াত সৰু মৰা শামুকৰপৰা সজা হৈছিল। কিন্তু ক্ৰমোন্নতিৰ লগে লগে এই স্থান মাটিয়ে ললে। সুঁতুলিক অবয়ৱৰ ক্ষেত্ৰত অৰ্দ্ধ চন্দ্ৰৰ লগত তুলনা কৰিব পাৰি। সুঁতুলিৰ দ্বাৰা চৰাই, জীৱ-জন্তুৰ শব্দ উলিয়াব পাৰি। অসমীয়া সমাজত বিশ্বাস কৰে সুঁতুলিৰ শব্দই বৰষুণ মাতে বুলি। বিহুত লৰা-ছোৱালী উভয়ে ক্ষন্তেক সময়ৰ বাবে ইয়াক বজাব পাৰে, কিন্তু জেং বিহু আৰু বিহুৱতী নৃত্যত ই অপৰিহাৰ্য।

বাঁহেৰে নিৰ্মিত অন্য এবিধ বিহুৰ লগত সঙ্গতি থকা লোকবাদ্য হৈছে টকা। টকা মূলতঃ মঙ্গোলীয় গোষ্ঠীৰ দান। প্ৰথমতে, ইয়াক শস্য অনিষ্টকাৰী চৰাই-চিৰিকতিক ভয় খুৱাবলৈ বজোৱা হৈছিল কিন্তু সময় পৰিৱৰ্তনৰ লগে লগে টকা বাদ্য বিহুৰ নৃত্য-গীতৰ লগত জড়িত হৈ পৰে। টকাৰ নিৰ্মাণো প্ৰকৃতিৰপৰাই কৰা হয়। এটা প্ৰায় বিশ ইঞ্চিমান আগলি বাঁহৰ দুইমূৰে গাঁঠিযুক্ত পাব পালেই ইয়াক সাজি উলিয়াব পাৰি। আমাৰ হাত-চাপৰিৰপৰা ওলোৱা ধ্বনিয়ে টকাৰো ধ্বনি। হয়তো টক্ টক্ শব্দ উৎপন্ন হয় বাবেই ইয়াৰ নাম টকা। বিহু নৃত্য-গীতৰ লগতে হুঁচৰি গীততো ইয়াক দেখা যায়। প্ৰকৃততে, টকা অবিহনে বিহুৰ মাদকতা অনুভৱেই কৰিব নোৱাৰি। টকাও বিভিন্ন প্ৰকাৰৰ আছে- পাৰ্টি টকা বা হাত টকা, বৰ বা মাটি টকা আৰু জেং টকা।

                  টকাৰ সৰু সৰু মাত সমনীয়া

                        টকাৰ সৰু সৰু মাত 

                   টকাৰ মাতে শুনি ৰবকে নোৱাৰোঁ

                        এৰি যাওঁ পেটৰে ভাত।

অসমৰ জনগোষ্ঠীসমূহতো টকাৰ প্ৰচলন আছে। বড়োসকলে থৰকাবহাগ বিহুত বিহু মাৰোঁতে ব্যৱহাৰ কৰে। সেইদৰে, মিচিংসকলৰ ককতেৰটকা ঐনিতমত ব্যৱহৃত হয়। দেউৰী, চুতীয়া, সোণোৱাল-কছাৰী আদি জনগোষ্ঠীৰ পৰম্পৰাতো টকাৰ এক নিজস্ব মৰ্যদা আছে।

বিহু উৎসৱত ব্যৱহৃত আন এবিধ লোকবাদ্য হৈছে বাঁহী।আমাৰ বিহুতহে যে বাঁহী কেৱল ব্যৱহৃত হয় এনে নহয়, পৰ্বত ভৈয়ামতো জনজাতিসকলৰ মাজতো বাঁহীৰ প্ৰচলন আছে। বাঁহী বাঁহেৰে নিৰ্মিত। মিচিংসকলে ইয়াক কুৰুলি পুলি, তিৱাসকলে পাংছি আৰু থুৰাং, খাচিসকলে শ্বৰতি, বড়োসকলে চিফুং নামেৰে নামাংকৃত কৰিছে। সকলোতকৈ চিফুঙৰ সুৰে সকলোকে মোহিত কৰে। বাঁহী অসমীয়া সমাজত মুৰুলী, বাসী, ধেনু আদি নামেৰেও জনা যায়।

        বাঁহৰে তলতে               বাঁহীটি  বজালো

           শাহুৱে শুনকহি বুলি

       শাহুৱে শুনিলে             মিচিকি হাঁহিলে

                 জোঁৱাই ধেমেলীয়া বুলি।

বিহুৰ উপৰিও অসমৰ অন্যান্য আনুষ্ঠানিক পৰিৱেশনত লোকসঙ্গীত আদিত ব্যৱহৃত অন্য এবিধ লোকবাদ্য হৈছে তাল। বিভিন্ন জনগোষ্ঠীৰ লোকসকলেও তেওঁলোকৰ অনুষ্ঠানসমূহত তাল ব্যৱহাৰ কৰে। অসমীয়া সংস্কৃতিৰ চিহ্নই হৈছে বৰতাল। তাল কাঁহেৰে নিৰ্মিত। গায়ন-বায়নকে ধৰি বৈষ্ণৱ সমাজত বৰতালৰ ব্যৱহাৰ বেছি। খুটিতাল ব্যৱহৃত হয় ওজাপালিত। তাল বহু প্ৰকাৰৰ আছে – কৰতাল, মাজুতাল, খুটিতাল বা সৰুতাল  আৰু ৰামতাল বা খৰিতাল।

সময় পৰিৱৰ্তনশীল, ই পাখি লগা কাঁড়ৰ দৰে। সেইদৰে সংস্কৃতিয়ো বোৱতি সুঁতিৰ দৰে। আধুনিক সমাজৰ যান্ত্ৰিকতাৰ মাজত অতীতৰ বহুতো অনুষ্ঠান লোপ পালে, লগে লগে লোপ পাবলৈ ধৰিছে বহুতো লোকবাদ্য। তথাপিও, অসমীয়া জাতি যেতিয়ালৈকে জীয়াই থাকিব, বাপতিসাহোন বিহুটিও তেতিয়ালৈকে আমাৰ মাজত জীয়াই থাকিব জাতিটোৰ অনবদ্য অংগ হৈ আৰু লোকবাদ্যসমূহ জীয়াই থাকিব ইয়াৰ অনন্য সুৰ হৈ। নতুন যুগক গগণা, সুঁতুলিৰ সুৰে প্ৰাণ চঞ্চল কৰি তুলিব, লোকজীৱনৰ ঢুলীয়াৰ ঢোলৰপৰা নিৰ্গত হোৱা শব্দই মেঘৰ গাজনি দিব, অপদেৱতা খেদিব, যৌৱনদীপ্ত প্ৰাণ উলাহ অধীৰ সুৰ সমন্বয়ৰে বাজি উঠিব। বছৰেকৰ মূৰত হলেও আপোন সংস্কৃতিৰ কাষ চাপিব। দিশহাৰা হোৱা জাতীয় জীৱন অসহায় আশংকাত যেতিয়া কঁপি উঠিব ঢোল, পেঁপাৰ চিনাকি সুৰে পুনৰ সঞ্জীৱনী সুধাৰে একত্ৰিত নকৰিব জানো?

☆ ★ ☆ ★ ☆

3 Comments

  • chandan Deka

    Very good

    Reply
  • Tankeswar Laskar

    অতি সুন্দৰ
    তথ্য সমৃদ্ধ প্ৰবন্ধটোৰ বাবে ধন্যবাদ

    Reply

Leave a Reply

Your email address will not be published.