ফটাঢোল

বিহুৰ অতিথি-ৰঞ্জিত কুমাৰ শৰ্মা

“বিহু যেতিয়া পাটৰ পাঞ্জাৱীটোৱেই পিন্ধি যাওঁ, বুজিছানে?”

“মই উলিয়াই থৈছোঁৱেই৷ আপোনাৰ বিছনাত গাৰুটোৰ কাষতে থৈছোঁ৷ যাব খুজিছে যেতিয়া যাওকগৈ৷ কিন্তু বয়স হৈছে, কথাটো মনত ৰাখিব।”

– গিৰীয়েক হৰেশ্বৰ চৌধুৰীয়ে পাটৰ পাঞ্জাৱীটো পিন্ধি যোৱাৰ কথা কোৱাত ৰমলা দেৱীয়ে কথাখিনিৰে গিৰীয়েকক সতৰ্ক কৰি দিলে৷

“হ’ব দিয়াহে৷ মই সৰু ল’ৰাও নহয় আৰু অালৰ অশীতিপৰো হোৱা নাই৷ ল’ৰাকেইটাই বৰকৈ মাতি থৈ গৈছে দেখোন, তুমিওতো দেখিছা৷ সিহঁতকেইটাৰ লগত যে আহিছিল, ৰজনী ঠিকাদাৰ, তেওঁ একো চিন্তা কৰিবলগীয়া নাই বুলি কোৱা নাই জানো?”

– হৰেশ্বৰ চৌধুৰীয়ে ধূতীখন পিন্ধি থাকিয়েই ঘৈণীয়েকৰ মনৰ সংশয় আঁতৰোৱাৰ চেষ্টা কৰিলে৷

“নিজে ভাবি-চিন্তি সাৱধানে চলিলেই হ’ল৷ মই ক’বহে পাৰোঁ৷” – ৰমলা দেৱীয়ে ক’লে৷ তেওঁ জানে, মানুহজনক বেছিকৈ কৈ লাভ নাই৷ এবাৰ যাম বুলি কৈছে যেতিয়া যাবই৷ তাতে আকৌ কথা দি থৈছে৷

এপষেক পূৰ্বে চৌধুৰীৰ ঘৰলৈ এদিন ল’ৰা চাৰিজন আহিছিল৷ লগত আছিল ৰজনী ঠিকাদাৰ৷ তেওঁলোক আছিল কচুতোলা আঞ্চলিক ৰঙালী বিহু সমিতিৰ বিষয়ববীয়া৷ ৰঙালী বিহু উপলক্ষে তেওঁলোকে মুকলি বিহু প্ৰতিযোগিতা পাতিছে৷ এই প্ৰতিযোগিতা উদ্বোধন কৰিবলৈ হৰেশ্বৰ চৌধুৰীক আমন্ত্ৰণ জনাবলৈকে তেওঁলোক আহিছিল৷ চৌধুৰীয়ে প্ৰথমতে আপত্তি কৰিছিল৷ অৱশ্যে আপত্তি বেছি আছিল তেওঁৰ সহধৰ্মিনীৰহে৷ আপত্তি কৰিবৰে কথা৷ বয়সেৰে চৌধুৰী সত্তৰৰ দেওনা পাৰ হোৱা লোক৷ তদুপৰি মুকলি বিহু হ’ব নিশাহে৷ সন্ধিয়া আৰম্ভ হ’ব বুলি উদ্যোক্তাসকলে ক’লেও সময়মতে এই মুলুকত যে একো নহয় সেইটো ৰমলা দেৱীয়ে জানে৷ কিন্তু বিহু সমিতিৰ বিষয়ববীয়াকেইজনৰ লগতে ৰজনী ঠিকাদাৰেও জোৰকৈ কোৱাত আৰু অনা-নিয়াৰ ব্যৱস্থা কৰা হ’ব বুলি কোৱাত ৰমলা দেৱী আৰু হৰেশ্বৰ চৌধুৰী মান্তি হৈছিল৷ চৌধুৰীয়ে সময়ৰ কথা উলিওৱাত বিহু সমিতিৰ সম্পাদকজনে সন্ধিয়া পাঁচ বজাতে মুকলি বিহু আৰম্ভ কৰাৰ কথা কৈছিল৷ ৰমলা দেৱীয়ে নিশা পলম হ’ব নেকি বুলি সোধাত বিহু সমিতিৰ সম্পাদকজনে নিশা পলম নহ’ব বুলিও কথা দিছিল৷ তেওঁ কৈছিল – ‘ছাৰে প্ৰতিযোগিতা মুকলি কৰাৰ পিছত প্ৰথমটো দলে পাৰফৰ্ম কৰি উঠিলেই ছাৰক থৈ যোৱাৰ ব্যৱস্থা কৰিম৷’ এনেদৰে অৱশেষত হৰেশ্বৰ চৌধুৰীয়ে মুকলি বিহু উদ্বোধন কৰিবলৈ যোৱাটো ঠিৰাং হৈছিল৷

ধূতী-পাঞ্জাৱী পিন্ধি লৈ হৰেশ্বৰ চৌধুৰী বিহুতলীলৈ যাবলৈ সাজু হ’ল৷ হাতত ঘড়ীটো পিন্ধিবলৈ লৈ তেওঁ সময় চাই ল’লে, তেতিয়া বিয়লি চাৰি বাজি কুৰি মিনিট গৈছে৷ চৌধুৰীয়ে ঘৈণীয়েকক ক’লে – ‘মোৰ হৈ গ’ল৷ তেওঁলোকে নিবলৈ আহিলেই যাব পাৰোঁ৷ তুমি চাহকাপ দিব পাৰা৷’

‘আপুনি হাৱাই ছেন্দেলযোৰকে পিন্ধি যাব নেকি?’ গিৰীয়েকৰ কাষলৈ আহি ৰমলা দেৱীয়ে চৌধুৰীৰ ভৰিলৈ চাই প্ৰশ্ন কৰাতহে হৰেশ্বৰ চৌধুৰীয়ে নিজৰ ভৰিলৈ চালে৷ তেওঁৰ ভৰিত তেতিয়াও ঘৰত পিন্ধা হাৱাই ছেন্দেলযোৰেই আছিল৷ ‘অ ছেন্দেলযোৰ সলোৱাই নাই দেখোন’ বুলি কৈ চৌধুৰীয়ে ছেন্দেলযোৰ সলাই ল’লে৷ ইয়াৰ পিছত শ্ৰীমতীয়ে দিয়া চাহৰ পিয়লাটো হাতত লৈ হৰেশ্বৰ চৌধুৰীয়ে ক’লে – ‘তুমি চিন্তা কৰি নাথাকিবা৷ বেছি পলম নহ’ব বুলি তেওঁলোকে কৈছেই৷ এনেই ফোন কৰি নাথাকিবা৷ তাত হুলস্থূলৰ মাজত ফোনৰ ৰিং নুশুনিবও পাৰোঁ৷ প্ৰয়োজন হ’লে ময়েই ফোন কৰিম৷’

চাহ খাই চৌধুৰী বিহুতলীলৈ যাবলৈ সাজু হ’ল যদিও তেওঁক নিবলৈ তেতিয়ালৈকে কোনো আহি পোৱা নাছিল৷ একমিনিট-দুইমিনিটকৈ ত্ৰিশ মিনিট সময় অতিক্ৰম কৰিলে৷ চৌধুৰীয়ে কেইবাবাৰো পদূলিমুখলৈ অহা-যোৱাও কৰিলে৷ দুবাৰমান ঘৰৰ ভিতৰলৈ আহি চকীতো বহিলে৷ কিন্তু বিহু সমিতিৰ প্ৰতিনিধি অহাৰ উমঘামেই নাই৷

‘এওঁলোকে ইমান পলম কৰিছে?’ এবাৰ চোতালৰ পৰা ঘৰৰ ভিতৰলৈ অহা চৌধুৰীয়ে নিজকে প্ৰশ্ন কৰাৰ দৰে ক’লে যদিও কথাখিনি পত্নীৰো কাণত পৰিল৷

‘এই মুলুকত সময়মতে ৰাজহুৱা অনুষ্ঠান হয় জানো? তেওঁলোকৰ কাৰোবাৰ ফোন নম্বৰ ৰাখিছিল নে?’ ৰমলা দেৱীয়ে গিৰীয়েকক সুধিলে৷

‘ফোন নম্বৰ লোৱাৰ কথা তেতিয়া নাভাবিলোঁৱেই নহয়!’ চৌধুৰীয়ে ঘড়ীটোলৈ চালে৷ ছয় বাজিবলৈ পোন্ধৰ মিনিট আছে৷

‘এতিয়া কি কৰিব?’ ঘৈণীয়েকে সুধিলে৷

‘ময়েই অলপ আগুৱাই যাওঁ নেকি?’ চৌধুৰীয়ে ক’লে৷

‘দৰকাৰ নাই৷ প্ৰয়োজনটো কাৰ? নিবলৈ আহিলে যাব, নহ’লে নালাগে৷’ ৰমলা দেৱীৰ স্পষ্ট কথা৷

তেনে সময়তে বাহিৰত গাড়ী এখন ৰোৱাৰ শব্দ হ’ল৷ শব্দ শুনি চৌধুৰী দম্পতী বাহিৰলৈ ওলাই চালে৷ গাড়ীখনৰ পৰা দুজন ল’ৰা নামি চৌধুৰীৰ ঘৰৰ চোতালত সোমাল৷ ল’ৰা দুজনৰ এজন প্ৰথমদিনাও আহিছিল৷ সিয়েই চৌধুৰীক ক’লে – ‘ছাৰ অলপ পলম হ’ল৷ বেছি আগতীয়াকৈ গ’লে আপুনি আমনি পাব বুলিয়েই অলপ পলমকৈ আহিলোঁ৷ বেয়া নাপাব৷ এতিয়া যাওঁ বলক৷’

অৱশেষত ছয়মান বজাত হৰেশ্বৰ চৌধুৰী বিহুতলীলৈ ৰাওনা হ’ল৷ ঘৈণীয়েকে গাড়ীখনৰ কাষলৈ গিৰীয়েকক আগবঢ়াই থৈ উভতিল৷

হৰেশ্বৰ চৌধুৰীয়ে বিহুতলী পোৱাৰ সময়ত তাত বেছি মানুহ গোট খোৱা নাছিল৷ মুকলি খেলপথাৰখনৰ মাজত যুৱক কেইজনমানে গছৰ ডাঙৰ ডাল এটা পোতাত ব্যস্ত আছিল৷ সেই স্থানডোখৰৰ চাৰিওপিনে বহলকৈ চকী বহুৱাই থোৱা আছিল৷ চকীবোৰৰ পিছফালে সামান্য আঁতৰত চাৰিওপিনে ওখকৈ বিজুলীৰ ব্যৱস্থা কৰা হৈছিল৷ এটাৰ ওপৰত এটাকৈ বহুৱাই থোৱা কেইবাটাও ‘চাউণ্ড বক্স’ত উচ্চস্বৰত আধুনিক বিহুসুৰীয়া গীত বাজি আছিল৷ চকীবোৰত অৱশ্যে তেতিয়াও দৰ্শক বহিবলৈ লোৱা নাছিল৷ চৌধুৰীৰ মনত শংকা হ’ল, তাৰমানে অনুষ্ঠান আৰম্ভ হওঁতে আৰু পলম হ’ব?

হৰেশ্বৰ চৌধুৰীক বিহু সমিতিৰ কৰ্মকৰ্তাই অস্থায়ী কাৰ্যালয়ত বহিবলৈ দিলে৷ মাজতে সাধাৰণ সম্পাদকে আহি মাত দিলে৷ খুউব ব্যস্ত তেওঁ৷ তথাপি ব্যস্ততাৰ মাজতে মুকলি বিহুৰ উদ্বোধক চৌধুৰীক সাক্ষাৎ কৰি সাধাৰণ সম্পাদকে ক’লে – ‘ছাৰ অকণমান বহিব দেই৷ আমাৰ ৰেডি হ’লেই আপোনাক বিহুৰ বাকৰিলৈ লৈ যাম৷’ চৌধুৰীয়ে কেই বজাত প্ৰতিযোগিতা মুকলি হ’ব সেয়া সুধিব বিচাৰিছিল যদিও সাধাৰণ সম্পাদকৰ ব্যস্ততা দেখি একো নক’লে৷ সাধাৰণ সম্পাদকে কাৰো নাম নোলোৱাকৈ ‘এই ছাৰক চাহ একাপ দিবা দেই’ বুলি কৈ কোঠাটোৰ পৰা ওলাই গ’ল৷ কিছু সময়ৰ পিছত মেখেলা-চাদৰ পিন্ধা ছোৱালী এজনীয়ে চাহ লৈ আহিল৷ চৌধুৰীয়ে ‘এতিয়া চাহ নালাগে’ বুলি কৈ অনুষ্ঠান আৰম্ভ হওঁতে পলম হ’ব নেকি বুলি ছোৱালীজনীকে সুধিলে৷ ছোৱালীজনীয়ে ‘অলপ হ’ব পাৰে ছাৰ, মই ভালকৈ নাজানো’ বুলি ক’লে৷ পাঁচমিনিট-দহমিনিটকৈ সময় আগবাঢ়িল৷ মাজে-সময়ে বিহু সমিতিৰ দুই-এক বিষয়ববীয়াই তেওঁলোকৰ কামৰ বাবে অস্থায়ী কাৰ্যালয়লৈ অহা-যোৱা কৰাৰ সময়ত হৰেশ্বৰ চৌধুৰীক মাত লগাই থাকিল৷ তেওঁলোকে ‘আৰু বেছি সময় নালাগে ছাৰ’, ‘বেয়া নাপাব ছাৰ আৰু অকণমান সময় লাগিব’, ‘হ’বই আৰু, এম এল এ ছাৰ আহিলে আৰম্ভ কৰিব পৰা যাব’ আদি আশ্বাসবোৰ দি গ’ল৷ এবাৰ বিহু সমিতিৰ সভাপতি ৰজনী ঠিকাদাৰেও চৌধুৰীক সাক্ষাৎ কৰি গ’ল৷ তেওঁহে হৰেশ্বৰ চৌধুৰীক প্ৰকৃত কথাটো জনালে৷ বিহু সমিতিৰ সভাপতিয়ে চৌধুৰীক কোৱা কথাখিনি এনেকুৱা – ‘অনুষ্ঠান সময়মতে আৰম্ভ কৰাটোৱেই কঠিন কাম৷ অংশগ্ৰহণকাৰী দলবোৰক পাঁচ বজাৰ আগতেই পোৱাকৈ আহিবলৈ কোৱা হৈছিল৷ কিন্তু এতিয়ালৈকে দল আহি পাইছে মাত্ৰ দুটা৷’ ৰজনী ঠিকাদাৰে কোৱা আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল, মুকলি বিহুৰ খৰচটো স্থানীয় বিধায়ক সুব্ৰত মণ্ডলে দিছে৷ গতিকে উদ্বোধনী অনুষ্ঠানলৈ তেওঁকো আমন্ত্ৰণ জনাবই লাগিব৷ সেইমতে তেওঁকো মতা হৈছে৷ তেওঁ আন এঠাইত বিহুমঞ্চ মুকলি কৰিব গৈছে, আহি পালেই চাৰিটামান দল উপস্থিত হ’লেও প্ৰতিযোগিতা আৰম্ভ কৰিব পৰা যাব৷

হৰেশ্বৰ চৌধুৰী বৰ বিমোৰত পৰিল৷ তেওঁ ভাবিলে, বিহু সমিতিৰ দলটোৱে তেওঁক আমন্ত্ৰণ জনাবলৈ যোৱাৰ দিনাই শ্ৰীমতীৰ কথা শুনাই ভাল আছিল, তেতিয়া এই বিড়ম্বনা নহ’লহেঁতেন! চৌধুৰীয়ে শ্ৰীমতীক কথাটো জনাই দিয়াৰ প্ৰয়োজনবোধ কৰিলে৷ তেওঁ ফোনটো জেপৰ পৰা উলিয়াই পত্নীলৈ ফোন লগালে৷ অনুষ্ঠান আৰম্ভ হওঁতে কিছু পলম হোৱাৰ কথা কৈ চৌধুৰীয়ে পত্নীক একো চিন্তা কৰিবলগা নাই বুলিও ক’লে৷ ৰমলা দেৱীয়ে কিবা কৈছিল যদিও সেই সময়ত বিহুতলীত বাজি থকা চাউণ্ড বক্সৰ শব্দত চৌধুৰীয়ে পত্নীৰ সকলোবোৰ কথা ভালদৰে বুজি নাপালে৷ সেয়ে তেওঁ ‘হ’ব দিয়া, একো চিন্তা কৰিবলগা নাই’ বুলি কৈ ফোনৰ সংযোগ কাটি দিলে৷ তেনেতে আন দুগৰাকী অতিথিক বিহু সমিতিৰ কৰ্মকৰ্তাই কাৰ্যালয়টোলৈ আনি হৰেশ্বৰ চৌধুৰীৰ সৈতে চিনাকি কৰাই দিলে৷ অতিথি দুগৰাকীৰ এগৰাকী স্থানীয় থানাখনত নতুনকৈ যোগদান কৰা ভাৰপ্ৰাপ্ত বিষয়া, মানে অ’ চি৷ তেওঁৰ লগত চিপাহীও আছে৷ আনগৰাকী এজন ছাত্ৰনেতা৷ চৌধুৰীৰ লগত তেওঁলোকৰ সৌজন্যমূলক কিছু বাৰ্তালাপ হ’ল৷ তিনিওলৈ চাহ আহিল৷ এইবাৰ অৱশ্যে চৌধুৰীয়েও চাহৰ পিয়লাটো হাতত তুলি ল’লে৷ এনেদৰে সময় আগবাঢ়ি নিশা আঠ বাজিল৷ সন্ধিয়াৰ পৰা বিহু সমিতিৰ তৰফৰ পৰা ‘ক্ষন্তেক পিছতে আজিৰ মুকলি বিহু প্ৰতিযোগিতা আৰম্ভ হ’ব’ বুলি কিমানবাৰ ঘোষণা দিয়া হ’ল সেয়া অৱশ্যে কোনেও হিচাব নকৰিলে৷

কিছু সময়ৰ পিছত সমিতিৰ কৰ্মকৰ্তাসকলৰ তৎপৰতা বাঢ়িল৷ বিহু সমিতিৰ সাধাৰণ সম্পাদকে স্থানীয় বিধায়কজনক অস্থায়ী কাৰ্যালয়লৈ লৈ আহিলে৷ পিছে পিছে দুজন নিৰাপত্তাৰক্ষী আৰু আন কেইজনমান লোক৷ এওঁলোক ‘ঢামা ধৰা’, বিধায়কৰ লগতেই থাকে৷ বিধায়কগৰাকী চকীত বহিল৷ নিৰাপত্তাৰক্ষী দুজনৰ বাহিৰে বাকীবোৰৰ দুজনমানেও বহিল যদিও চাৰিজনমান থিয় হৈয়েই থাকিল৷ আৰক্ষী বিষয়াজনে থিয় হৈ বিধায়কক সম্ভাষণ জনালে, ছাত্ৰনেতাজনেও বিধায়কৰ সৈতে কৰমৰ্দন কৰিলে৷ তেৱেঁই চৌধুৰীক চিনাকি কৰি দিয়াত চৌধুৰীয়েও বিধায়কক নমস্কাৰ জনালে৷

বিধায়কবাহিনীৰ চাহপৰ্ব শেষ হোৱাৰ পিছত বিহু সমিতিৰ সভাপতি আৰু সাধাৰণ সম্পাদকে আটাইকে মূল মুকলি বিহুৰ বাকৰিলৈ লৈ গ’ল৷ অতিথিৰ আসনত হৰেশ্বৰ চৌধুৰী, বিধায়ক, আৰক্ষী বিষয়া আৰু ছাত্ৰনেতাজনক বহুওৱা হ’ল৷ বিধায়কৰ ঢামা ধৰাকেইজনৰ বাবেও দৰ্শকৰ সন্মুখৰ শাৰীত আসনৰ ব্যৱস্থা কৰা হ’ল৷ তেতিয়ালৈ বিহুতলী দৰ্শকেৰে ভৰি পৰিছে৷ অতিথিৰ আসন গ্ৰহণৰ পিছত সম্বৰ্ধনা পৰ্ব চলিল৷ সম্বৰ্ধনাৰ পিছত বিধায়ক, ছাত্ৰনেতা আৰু আৰক্ষী বিষয়াজনে বক্তব্য দাঙি ধৰিলে৷ বিধায়কজনে তেওঁৰ কাৰ্যকালত হোৱা উন্নয়নমূলক কামৰ কিছু আভাস দাঙি ধৰি বিহু অনুষ্ঠানবোৰ আৰু শিল্পীসকলৰ বাবে কি কৰিব পৰা যায় সেইবিষয়েও চিন্তা কৰি থকা হৈছে বুলিও ক’লে৷ ভাষণবোৰ চলি থকাৰ সময়ত দৰ্শকসকলৰো অধিকাংশই নিজৰ নিজৰ মাজত সৰু সৰুকৈ কথা পতাৰ সুযোগ ল’লে৷ যুৱক-যুৱতীৰ চকুৰ দৃষ্টিয়ে ইফালে-সিফালে ঘূৰি ফুৰিলে৷ তিনি অতিথিৰ ভাষণ শেষ হোৱাৰ পিছত হৰেশ্বৰ চৌধুৰীক মুকলি বিহু উদ্বোধন কৰিবলৈ অনুৰোধ কৰা হ’ল৷ চৌধুৰীয়ে বিহু সমিতিৰ সভাপতি-সাধাৰণ সম্পাদক আৰু আন অতিথিসকলক লগত লৈ ফিটা কাটি মুকলি বিহু প্ৰতিযোগিতা উদ্বোধন কৰিলে৷ তেওঁক দুআষাৰ ক’বলৈ অনুৰোধ কৰা হ’ল৷ বিহু সমিতিৰ সাধাৰণ সম্পাদকে মাইক্ৰ’ফোনটো চৌধুৰীৰ হাতত দিয়াৰ সময়ত ফুচফুচাই ক’লে – ‘চমুকৈ ক’ব ছাৰ, বহুত পলম হৈছে৷’ চৌধুৰীয়ে মাইক্ৰ’ফোনটো হাতত লৈ সাধাৰণ সম্পাদকৰ মুখলৈ চোৱাৰ পিছত নিজৰ হাতত থকা ঘড়ীটোলৈ চালে৷ তেতিয়া সময় প্ৰায় দহ বাজিবৰ হৈছে৷ চৌধুৰীয়ে পাঁচ মিনিটৰ ভিতৰতে বক্তব্য শেষ কৰিলে৷ ৰাইজেও উদ্বোধনী অনুষ্ঠান শেষ হোৱাৰ আনন্দত আৰু মুকলি বিহু চোৱাৰ আশা সজীৱ হোৱাত জোৰকৈ হাতচাপৰি বজালে৷

অতিথিসকলৰ সৈতে হৰেশ্বৰ চৌধুৰীয়েও প্ৰথমটো দলৰ বিহুনৃত্য চালে৷ প্ৰথমটো দলৰ বিহুনৃত্য শেষ হোৱাত বিধায়কগৰাকী যাবলৈ উঠিল৷ লগে লগে তেওঁৰ ঢামা ধৰাসকলো উঠিল৷ চৌধুৰীয়েও সুযোগ বুজি ঘৰলৈ যোৱাৰ কথা বিহু সমিতিৰ সাধাৰণ সম্পাদকক ক’লে৷ সাধাৰণ সম্পাদকে ক’লে – ‘অকণমান ৰ’ব ছাৰ, এম এল এক বিদায় দি আপোনাক থৈ অহাৰ ব্যৱস্থা কৰিম৷’ পালি-পহৰীয়াসহ বিধায়ক ডাঙৰীয়া উভতিবলৈ সাজু হ’ল৷ বিহু সমিতিৰ সভাপতি আৰু সাধাৰণ সম্পাদকসহ আধা ডজনমান কৰ্মকৰ্তাই বিধায়কক বিদায় দিবলৈ গ’ল৷ আৰক্ষী বিষয়াজনো চকীৰ পৰা উঠি তৎপৰতাৰে আগবাঢ়িল৷ ছাত্ৰনেতাজনো ৰৈ নাথাকিল৷ ত্ৰিশ মিনিটমান পিছত কৰ্মকৰ্তাসকল মুকলি বিহুৰ মূল বাকৰিলৈ উভতিল৷ এইখিনি সময়ত হৰেশ্বৰ চৌধুৰীয়ে দ্বিতীয়টো বিহু দলৰ নৃত্য চাই সময় অতিবাহিত কৰিলে৷ অৱশেষত যেনিবা সমিতিৰ সভাপতিয়ে চৌধুৰীৰ কাষলৈ আহি তেওঁক ঘৰত থৈ অহাৰ কথাটো ক’লে৷ বিধায়কক বিদায় জনাই পুনৰ ঘূৰি অহা ছাত্ৰনেতাজনক মাত লগাই চৌধুৰী ঘৰলৈ উভতিবলৈ সাজু হ’ল৷ বিহু সমিতিৰ সাধাৰণ সম্পাদকে নিশাৰ আহাৰ খাই যাব নেকি বুলি তেওঁক সুধিলে৷ চৌধুৰীয়ে ‘একো নাখাওঁ’ বুলি কৈ ঘৰলৈ যোৱাৰ কথাটোতহে অধিক গুৰুত্ব দিলে৷ অৱশেষত তেওঁক থ’বলৈ যোৱাৰ বন্দোৱস্ত হ’ল৷ সমিতিৰ সভাপতি-সাধাৰণ সম্পাদকে অনুষ্ঠান পলম হোৱা বাবে দুখ প্ৰকাশ কৰিলে৷ তেওঁলোকৰো যে উপায় নাই সেইখিনি কথাও অৱশ্যে প্ৰকাশ কৰিবলৈ দুয়ো কৃপণালি নকৰিলে৷

বিহু সমিতিৰ দুজন কৰ্মকৰ্তাই সাধাৰণ সম্পাদকৰ গাড়ীখনেৰে হৰেশ্বৰ চৌধুৰীক লৈ গৈ তেওঁৰ ঘৰৰ পদূলিমুখত নমাই দিলে৷ দুৱাৰমুখত জ্বলি থকা বিজুলীবাতিৰ পোহৰ চোতালতো পৰিছিল৷ ঘৰৰ দুৱাৰ খোলাৰ শব্দ হ’ল৷ চৌধুৰীৰ বুজিবলৈ বাকী নাথাকিল, শ্ৰীমতী শোৱা নাই৷ তেওঁ হাতৰ ঘড়ীটোলৈ চালে, নিশা বাৰ বজাৰ লক্ষ্যৰে ছেকেণ্ডৰ কাঁটাডাল যেন ত্বৰিৎ গতিত দৌৰিছে৷

☆ ★ ☆ ★ ☆

5 Comments

  • ভাল লাগিল দাদা৷

    Reply
    • ৰঞ্জিত কুমাৰ শৰ্মা

      ধন্যবাদ জনালোঁ৷

      Reply
  • কাবেৰী মহন্ত

    ভাল লাগিল, এনেকুৱাই হয়গৈ

    Reply
    • ৰঞ্জিত কুমাৰ শৰ্মা

      ধন্যবাদ জনালোঁ৷

      Reply
  • বন্দিতা জৈন

    সময় বোৰৰ মূল্য কেতিয়াবা এনেকৈয়ে দিয়া যায়। ভাল লাগিল

    Reply

Leave a Reply

Your email address will not be published.