ফটাঢোল

বিহুৰ বিলৈ – দেবজিত শৰ্মা

“বিহু খাবলৈ আহিবি”

টিউচনৰ পৰা একেলগে ঘৰলৈ ওভটি আহি মিণ্টুৰ ঘৰৰ পদুলি মুখ পাওঁতেই সি মাত লগালে৷ মিণ্টু মোৰ সহপাঠী, একলগে দুয়ো ঐচ্ছিক গণিতৰ টিউচন কৰোঁ৷ ঘটনাৰ কাল, মেট্ৰিক পৰীক্ষাৰ আগৰ সময়চোৱা৷ মাঘবিহুৰ প্ৰস্তুতি পূৰ্ণোদ্যমে চলি আছে৷ ঠায়ে ঠায়ে নৰাৰ ভেলাঘৰ, দুই এঘৰৰ ডেকত বজাই থোৱা “জানমনি/অঞ্জনা/নাহৰ”ৰ বিহুগীতে পৰিবেশটোক আৰু উৎসৱমুখৰ কৰি তুলিছে৷

“হ’ব দে,আহিম”, সঁহাৰি দি ঘৰলৈ বুলি চাইকেলৰ পেডেল খৰকৈ মাৰিব ধৰিলোঁ৷ মিণ্টুৰ ঘৰত আগতে এবাৰ নে দুবাৰ খোৱাৰ সুযোগ পাইছিলোঁ৷ সকলো ঠিকেই আছে, সমস্যা মাত্ৰ আৰ্মিৰ পৰা অৱসৰ লোৱা দেউতাকক লৈ হে৷ খাদ্যৰ এটা কণাও অপচয় হোৱাটো পচন্দ নকৰে, ইফালে মোৰ খোৱা-বোৱাত ৰাপ বৰ কম৷ সঁচা কথা ক’বলৈ গ’লে “ইঞ্জিনৰ কেপাচিতি” কম৷ গতিকে তাৰ ঘৰত খাবলৈ গ’লে ৬ ঘণ্টামান আগৰে পৰা পৰাপক্ষত একো নোখোৱাকৈ থাকিব লাগে৷

মাঘ বিহুৰ পাছৰ দিনা মিণ্টুৰ ঘৰলৈ চাইকেল পোনাই দিলোঁ৷ গৈ দুৱাৰত টোকৰ দিওঁতেই মাক ওলাই আহি বহিবলৈ দিলে৷ বাতৰি কাকতখন হাতত লৈ ওপৰে ওপৰে চকু ফুৰাওঁতে দেউতাকো আহি কথা বতৰা আৰম্ভ কৰিলে৷ মিণ্টু আৰু মোক শ্ৰোতা হিচাপে পাই দেউতাকে চীন ভাৰতৰ যুদ্ধৰ পৰা বিশ্বকাপ ফুটবললৈকে সকলো মহতিয়াই গ’ল৷ মুৰ দুপিয়াই বুজি পোৱাৰ অভিনয় কৰি গ’লোঁ যদিও মনৰ মাজত খোৱাৰ বাবে আহিবলগা সম্ভাব্য আমন্ত্ৰণটোৰ কথাহে চলি আহিল৷ অৱশেষত মাক আহি খাবলৈ মতাত হে দীঘল উশাহ এটা ল’লোঁ৷

খোৱাৰ আয়োজন মানে ভালেই৷ চিৰা-দৈ, লুচি-ভাজি, মিঠাই, পায়স৷ প্ৰভুক চিন্তি খাবলৈ আৰম্ভ কৰিলোঁ, এপদো খাদ্য পেলনি নোযোৱাকৈ খোৱাৰ ভয়তো বুকুত বান্ধি লৈ৷ কোনোমতে সকলোখিনি শেষ কৰাৰ পাছত আহিল চাহৰ পৰ্ব৷ তিলপিঠা, নাৰিকলৰ লাড়ু, বৰফি আৰু পকামিঠৈ(পিঠাগুৰি আৰু মিঠৈৰ সংমিশ্ৰনেৰে বনোৱা)৷ বাকী কেইপদ ঠিকেই আছিল যদিও পকামিঠৈয়েহে লগালে খেলিমেলি৷ বিভিন্ন এংগোলত লৈ চেষ্টা কৰাৰ পাছতো আচোঁৰ এটাও পেলাবলৈ সমৰ্থ নহ’লোঁ৷ এৰিবও নোৱাৰোঁ, দেউতাক সন্মুখতে বহি আছে৷ বহুত ভাবি চিন্তি হাতৰ টিপতে লাড়ুটো পেণ্টৰ জেপত লাহেকৈ ভৰাই ল’লোঁ, যি হয় পাছত দেখা যাব বুলি৷ চাহ পৰ্ব শেষ কৰি অলপ সময় কথা পতাৰ পাছত মিণ্টুক আমাৰ ঘৰলৈ বিহুৰ নিমন্ত্ৰণ দি তাৰ পৰা বিদায় ল’লোঁ৷

ঘৰত আহি জেপত থকা লাড়ুটো কটাৰীৰ কাটি চোৱাৰ বৃথা প্ৰয়াসৰ পাছত উপায়ন্তৰ হৈ চোতালৰ এটা মূৰত দলিয়াই দিলোঁ৷ প্ৰায় এক মিনিট মানৰ ব্যৱধানত পদুলিৰ নাৰিকল গছ ডালত আশ্ৰয় লৈ থকা কাউৰীজনীয়ে আহি ঠোঁটেৰে লাড়ুটো লৈ পুনৰ গছডালত বহিলগৈ৷ ময়ো জীৱ এটাক কিবা এটা খুৱাব পাৰিলোঁ বুলি সন্তুষ্টি লভি ভিতৰলৈ গ’লোঁ৷ অলপ সময়ৰ পাছত চকী এখন পাৰি চোতালত বহি আকাশলৈ চাই ৰ’দ লৈ থাকোঁতেই কিবা এটা প্ৰচণ্ড জোৰেৰে মূৰৰ আগ অংশত আহি আঘাট কৰিলে৷ কোনোমতে সম্বিত ঘূৰাই পোৱাৰ পাছত দেখিলোঁ, অলপ আগতে কাউৰীজনীয়ে লৈ যোৱা পকামিঠৈৰ লাড়ুটো অক্ষত অৱস্থাত মাটিত পৰি আছে। কা কা কৈ নাৰিকল জোপাত কাউৰীজনীৰ উপস্থিতিয়ে সেই মিচাইল ৰূপী লাড়ুটো তায়েই পেলাই দিছিল সেয়া বুজি পালোঁ৷ কপালত বাঢ়ি অহা টেমুনাটোৱে সেই বিহুটোক চিৰস্মৰণীয় কৰি দিলে৷ আজিও কোনোবাই বিহু খাবলৈ মাতিলে টেমুনাটোলৈহে মনত পৰে৷

☆ ★ ☆ ★ ☆

5 Comments

Leave a Reply

Your email address will not be published.