ফটাঢোল

বিহুৰ সাংস্কৃতিক অনুষ্ঠানত অক্ষয় কুমাৰ, সুনীল ছেট্টী আৰু প্ৰভু দেৱা- বিপ্লৱ বৰা

তেতিয়া মই ক্লাছ টেনত। তেতিয়াৰ দিনত মাঘ বিহুৰ, বিশেষকৈ সৰস্বতী পূজাৰ পিছৰে পৰা বহাগ বিহুৰ সময়লৈকে নগাঁও টাউনত বিভিন্ন ক্লাৱ, অনুষ্ঠান আৰু বিহু সমিতিবোৰে খুব কুইজ প্ৰতিযোগিতা পাতিছিল৷ বছৰৰ অন্য সময়ত এনে কুইজ প্ৰতিযোগিতাৰ ইমান উজান দেখা নগৈছিল। আজিকালি তেনেকৈ কুইজ প্ৰতিযোগিতা পাতে নে নাপাতে, সবিশেষ নাজানো৷ সাধাৰণতে এই কুইজ প্ৰতিযোগিতাবোৰ মুকলি কুইজ প্ৰতিযোগিতা আছিল আৰু এই প্ৰতিযোগিতাসমূহত ভাগ লোৱা প্ৰতিযোগীসকলৰ বয়সৰ কোনো উৰ্ধতম সীমা নাছিল। সেয়ে এনে প্ৰতিযোগিতাসমূত স্কুলীয়া ছাত্ৰৰ পৰা স্নাতকোত্তৰ বৰ্ষৰ ছাত্ৰলৈকে, বিভিন্ন বয়সৰ ছাত্ৰৰ সমাহাৰ দেখা গৈছিল। মহিলা প্ৰতিযোগী দেখা নগৈছিল বুলি ক’লেও একেবাৰেই ভুল কোৱা নহ’ব চাগে৷ প্ৰতিযোগী দলবোৰ সাধাৰণতে তিনিজনীয়া আছিল (কাচিৎ দুজনীয়া) আৰু প্ৰতিযোগী দলৰ সংখ্যা ইমানেই বেছি হৈছিল যে আয়োজকসকলে প্ৰতিযোগী বীৰসকলৰ ‘জইন ফীজ’টো লৈয়ে চিধাই এটা ছাটাই অভিযান চলাই দিছিল, যাক ডিপ্ল’মেটিক ভাষাত ‘প্ৰিলিমিনেৰি ৰাউণ্ড’ বোলা হৈছিল। নহ’লে প্ৰতিযোগিতা স্থলীত সমবেত প্ৰতিযোগী দল আৰু তেওঁলোকৰ সমৰ্থক বন্ধুবৰ্গৰ দলদোপ-হেন্দোলদোপত সেইখন মাছৰ বজাৰেই বহিছে, নে বেলেগ কিবাই হৈছে বহুসময়ত ধৰিব পৰাটোৱেই মস্কিল আছিল। সেই ছাটাই অভিযানত এখন অবজেক্টিভ টাইপ কুৱেশ্যন পেপাৰত বিছ/ পঁছিশটামান বোধহয় পৃথিৱীৰ সকলোতকৈ অদৰকাৰী আৰু পঢ়িলেই মূৰৰ চুলি নিজেই নিজেই খাৰা হৈ যাব পৰা প্ৰশ্নৰ সমাহাৰ ঘটিছিল। যথাসময়ত সেই ছাটাই অভিযানৰ অন্তত মূল প্ৰতিযোগিতালৈ দহ/বাৰটামান বীৰৰ দল নিৰ্বাচিত হয়। তাৰপিছত বাকী ছাটাই হোৱা প্ৰতিযোগী দলসমূহৰ মাজত থকা ব্যৌমকেশ বক্সী, চাৰ্লক হোমছ টাইপ বীৰসকলৰ মুখত বিভিন্ন কনচাইপেৰিচি থিয়’ৰি ফাদিল হয়- মূল প্ৰতিযোগিতালৈ নিৰ্বাচিত হোৱা কোনটো প্ৰতিযোগী দলৰ কোনটো ‘মূৰ্খ’ আয়োজক সমিতিৰ কাৰ পুতেক/ ভতিজাকৰ পৰা কোনটো ‘মূৰ্খ’ৰ বায়েকক কুইজ মাষ্টাৰ বা আয়োজক কমিটিৰ কোনে ‘লাইন’ মাৰি আছেলৈকে। অধিকাংশ ছাটাই হোৱা দল আৰু তেওঁলোকৰ সমৰ্থক ফাইলসমূহে সাধাৰণতে মূল ৰাউণ্ড আৰম্ভ হোৱাৰ আগতেই প্ৰতিযোগিতা স্থলী ত্যাগ কৰে আৰু সময়ত ১০/১২টা  প্ৰতিযোগী দল আৰু অতি কম সংখ্যক দৰ্শকৰ উপস্থিতিত এই কুইজ প্ৰতিযোগিতাবোৰ সম্পন্ন হৈছিল।

এই মহামহিম নিজৰ স্কুলত হোৱা কুইজ প্ৰতিযোগিতাবোৰত সৰুৰে পৰাই আনডিচপুটেড মাল আছিলোঁ আৰু অষ্টম মান শ্ৰেণীৰ পৰা এনে মুকলি প্ৰতিযোগিতাসমূহত জইন কৰাৰো কচু এটা গাত লম্ভিছিল৷ অষ্টম শ্ৰেণীত থাকোঁতে দুই-এখন প্ৰতিযোগিতাত মূল ৰাউণ্ডলৈ উৱৱ যদিও কোনো সফলতা হাতত পৰা নাছিল। নৱম শ্ৰেণীত কেইখনমান কম প্ৰাইজমানীৰ আৰু অলপমান জকাইচুকীয়া প্ৰতিযোগিতাত য’ত নগাঁঁৱৰ টাউনৰ সেইসময়ৰ দ্বিগজ কুইজবীৰসকলৰ কিবা কাৰণত সেইদিনা পদধূলা নপৰিছিল ( মূলতঃ ভিতৰুৱা অঞ্চলত হোৱাৰ বাবে বা প্ৰাইজমাণী লোভনীয় নোহোৱাৰ বাবে), তেনেকুৱা প্ৰতিযোগিতাত সফলতা লাভ কৰিবলৈ সক্ষমো হৈছিল। দশম শ্ৰেণী পোৱালৈ কুইজৰ চখে বলিয়া কৰিছিল। নগাঁও টাউনৰ আশেপাশে হোৱা যিকোনো ঠাইত কুইজ পাতিব বুলি গম পালেই স্কুল খতি কৰি হ’লেও পঁহচি গৈছিলোঁ।

ক্লাছ টেনৰ বিহুৰ বতৰ৷ এদিন খবৰ পালোঁ ওচৰতে এঠাইত কুইজ পাতিব বিহু কমিটি এখনে৷ নেচাৰ্চ বেকন বুলি প্ৰকৃতিসেৱী সংগঠন এটাৰ নগাঁও শাখা যুটীয়া উদ্যোক্তা বোলে সেইখন কুইজ প্ৰতিযোগিতাৰ ( আজিকালি নেচাৰ্চ বেকন বোলা সেই সংগঠনটো আছে নে নাই, নাজানো৷ কিন্তু এসময়ত অলপ নামী মালে আছিল প্ৰকৃতি ৰিলেটেড কিবাকিবি পতাত৷) ইতিমধ্যে সেইবছৰৰ সৰস্বতী পূজাৰ পিছৰ পৰা কেইবাখনো মুকলি কুইজ প্ৰতিযোগিতাত দ্বিতীয়, তৃতীয় স্থান পাই মহামহিমৰ দাঁতত প্ৰাইজমানীৰ তেজৰ সোৱাদ ভালকৈয়ে লাগি গৈছে৷ এইখনৰ প্ৰাইজমানী প্ৰথম পুৰস্কাৰ ৩০০০ টকা (আৰু দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ ক্ৰমে ২০০০ টকা আৰু ১০০০ টকা) বুলি শুনি প্ৰতিযোগিতাত ভাগ লোৱাটো অনিবাৰ্য্য হৈ পৰিছিল।

 যথাসময়ত সেইদিনা আৰু দুটাক লগত লৈ কুইজস্থলী পালোঁগৈ। ইতিমধ্যে প্ৰতিযোগীৰ দল আৰু বিভিন্নজনৰ সমাবেশত কুইজস্থলীত বিৰ দি বাট নোপোৱা অৱস্থা। নগাঁঁও টাউনৰ আশে পাশে হোৱা কুইজ প্ৰতিযোগিতাসমূহ হিলাই থকা সেইসময়ৰ প্ৰায় সকলো দ্বিগজৰ সেইদিনা সেইখন কুইজ প্ৰতিযোগিতাত পদধূলা পৰিছিল৷ আনকি ইতিমধ্যে ভ’ল’ণ্টেৰি ৰিটায়াৰমেণ্টত যোৱা কেইবাজনো স্বনামধন্যয়ো ( মানে সেইসময়ৰ নগাঁঁৱৰ কুইজ চাৰ্কলৰ ফাডাৰ ফিগাৰ টাইপ মালেও) সেইদিনা সেইখনত কামবেক কৰিছিল৷ আচলতে ফাৰ্ষ্ট আৰু ছেকেণ্ড প্ৰাইজৰ প্ৰাইজমানীটো বৰ বেছিকৈ লোভনীয় পৰিমাণৰ আছিল আনবোৰ প্ৰতিযোগিতাৰ তুলনাত (সেই সময়ৰ হিচাপে)। দহ টকা নে পোন্ধৰ টকা কিবা এটা জইনফীজ লৈ সময়ত ছাটাই অভিযান আৰম্ভ হ’ল। এখন কাগজত গোটেই বিশ্ব-ব্ৰহ্মাণ্ডৰ প্ৰকৃতি, পৰিবেশ, ভূগোল সাঙুৰি আনি ২৫ টা প্ৰশ্ন। সেইদিনা সেই কুইজ প্ৰতিযোগিতাত কিবা কাৰণে নিগেটিভ মাৰ্কিঙো লগাই দিছিল। হাতত সেই প্ৰিলিমিনেৰি ৰাউণ্ডৰ প্ৰশ্নখন লৈ দেখিলোঁ পাঁচটামান প্ৰশ্নৰ বাহিৰে বাকী এটা প্ৰশ্নৰো মাথা-মুণ্ড আমাৰ এণ্টেনাত কেটছ হোৱা নাই। তাতে আমি আছিলোঁ অসমীয়া মাধ্যমৰ ছাত্ৰ আৰু আয়োজক কমিটিৰ শনিকেইটাই প্ৰশ্নখন দিছিল ইংৰাজীত। গতিকে অসমীয়াত জনা ভূগোলৰ বহু শব্দৰ ইংৰাজী প্ৰতিশব্দ নজনাটোও নিগেটিভ মাৰ্কিং পৰিবেশত আমাৰ বাবে মূৰৰ কামোৰণি হৈ গৈছিল। সেইবছৰৰ সৰস্বতী পূজাৰ পিছৰে পৰা নিজৰ পাৰফৰমেঞ্চ দেখি লাহে লাহে ‘ছাপ্পন্ন ইঞ্চি কা ছীনা’ হ’বলৈ ধাল খোৱা বুকুৱে সেইদিনাৰ জইন ফীজৰ পোন্ধৰ টকাটো এনেই বতিয়ালোঁ বুলি আয়োজকসকলক মনে মনে শাও দি দি গোটেইখন প্ৰশ্নতে যা-হা-তা-হা টিক মাৰি চাবমিট কৰি দিলোঁ৷ আৰু বাহিৰত আহি ব্যৌমকেশ বক্সী, চাৰ্লক হোমছসকলৰ লগত গোপন ৰহস্যবোৰৰ পম খেদাত লাগিবলৈ আৰম্ভ কৰিলোঁ৷

কিন্তু ‘খুদা মেহেৰবান তৌ বন্দা পেহেলবান’। আচৰিত ধৰণে সেইদিনা প্ৰিলিমিনেৰি ৰাউণ্ডৰ পৰা মূল প্ৰতিযোগিতালৈ নিৰ্বাচিত হোৱা ১২ গ্ৰুপৰ অন্তিমটো গ্ৰুপ হিচাপে মহামহিম এণ্ড হিজ গেং চিলেক্ট হ’ল। চিলেক্ট হ’ল মানে, সেই যি চিলেক্ট হ’ল, কাহিনীয়ে তাৰপিছত আগাথা ক্ৰিষ্টিৰ উপন্যাস, আলফ্ৰেড হিটছককৰ চিনেমাৰ দৰেই ৰহস্যঘন ৰূপ ল’লে আৰু  প্ৰায় দুঘণ্টা সময়ৰ পিছত ১৫ টা ৰাউণ্ডৰ শেষত মহামহিম এণ্ড হিজ গেঙে মা কা জেকপটেই হিটাই দিলে। সকলো দ্বিগজৰ আশাত কেৰাচিন তেল ঢালি  মহামহিম এণ্ড হিজ গেঙে ফাৰ্ষ্ট প্ৰাইজ টিকাই দিলে। ডা প্ৰ’ভাৰ্বিয়েল ডেভিড ভাৰ্চাজ গোলিয়াথ গেইম এখন মঞ্চস্থ হৈ গ’ল। সেইবাৰেই জীৱনত প্ৰথম কোনো মুকলি কুইজ প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ পাইছিলোঁ আৰু সেইদিনাৰ প্ৰিলিমিনেৰি ৰাউণ্ডৰ কুৱেশ্যন পেপাৰখনত কি আছিলনো, আজি একো এটাই মনত নাই আৰু সেইখন আজি পুনৰ কৰিবলৈ দিলেও পুনৰ বেছিভাগ টুক্কাই মাৰিম চাগে৷

তিনিদিন পাছত বিহুৰ সাংস্কৃতিক অনুষ্ঠানত সন্ধিয়া সেই কুইজ প্ৰতিযোগিতাৰ বঁটা প্ৰদান কৰা হৈছিল। বঁটা ল’বলৈ বুলি মহামহিম এণ্ড হিজ গেং সেইদিনা সন্ধিয়া বিহু মণ্ডপত নিজৰ নিজৰ বেইষ্ট ‘চিকনা লুক’টো দি উপস্থিত হ’লোঁ। তেতিয়া আমি ফুল ছুইংত পৃথিৱীখন সেউজীয়া সেউজীয়া দেখিবলৈ আৰম্ভ কৰিছোঁৱেই আৰু ফাৰ্ষ্ট প্ৰাইজ টিকাই দিছোঁ যেতিয়া প্ৰাইজ লৈ অনুষ্ঠানৰ মণ্ডপত সমবেত অপেশ্বৰীসকলৰ মাজত “বিজলী গিৰানে মে হু আয়ি” টাইপ বিজুলী নমোৱাতহে জোৰ আৰু! এনেই বিহুৰ সাংস্কৃতিক অনুষ্ঠানত মূখ্য অতিথি শিল্পী ষ্টেজত উঠিবৰ সময় ওচৰ নচপালৈকে আমাৰ কমৰেডসকলে সন্ধিয়াই কোনো বিহুৰ সাংস্কৃতিক অনুষ্ঠান নিজৰ পদধূলাৰে সাধাৰণতে ধন্য নকৰে যদিও সেইদিনা আমাৰ প্ৰাইজমানীত বন্ধুত্বসুলভ অভিভাৱকত্ব সাব্যস্ত কৰি পাৰ্টিৰ নামত কিবা এটা হ’লেও খাবলৈ ‘জিগৰি দৌস্ত’কেইটাৰ উপৰিও হঠাৎ ‘জিগৰি দৌস্ত’ৰ অৱতাৰ ধাৰণ কৰা কেইটামানৰো আগমন ঘটিল আৰু আমাৰ লগত মণ্ডপত বহি থাকি ‘লোকেল আৰ্টিষ্ট’ৰ অনুষ্ঠান উপভোগ কৰাৰ ভাও দিয়াত লাগিল৷ অৱশ্যে সেইদিনা মণ্ডপত কেইবাগৰাকীও সুন্দৰী দৰ্শক আছিল, যিটো চাগে দুজনমান আমাৰ ‘জিগৰি দৌস্ত’ হোৱাত মেইন ফেক্টৰ বা মেইন চাপৰ্টিং ফেক্টৰ জৰুৰ আছিল৷

কিন্তু পয়মাল লাগিল প্ৰাইজ ল’বলৈ মহামহিম এণ্ড হিজ গেংক মঞ্চলৈ নিমন্ত্ৰণ কৰোঁতেহে। সেইদিনা মঞ্চলৈ দুবাৰ আমাক নিমন্ত্ৰণ কৰাৰ পিছতো আমি মঞ্চলৈ যাব পৰা নাছিলোঁ৷ কাৰণ মঞ্চলৈ আমাক নিমন্ত্ৰণ কৰিলেই চৌদিশে হাঁহিৰ ৰোল উঠে আৰু আমাৰ অৱস্থা ফাৎ মেলা বসুমতি পাতালে লুকাওঁ হয়। ইতিমধ্যে দ্বিতীয় আৰু তৃতীয় স্থান অধিকাৰী দলেও নিজৰ বঁটা গ্ৰহণ কৰিছিল যদিও আমি মঞ্চলৈ যাবলৈ সাহস কৰিব পৰা নাছিলোঁ৷ আচলতে তিনিদিন আগত সেই কুইজ প্ৰতিযোগিতাৰ প্ৰিলিমিনেৰি ৰাউণ্ডতে ছাটাই হ’ম বুলি আমি চিউৰ আছিলোঁ আৰু কুৱেশ্যন পেপাৰখন চাবমিট কৰোঁতে তাত আমাৰ নাম অক্ষয় কুমাৰ, সুনীল ছেট্টী আৰু প্ৰভু দেৱা বুলি লিখি দিছিলোঁ। পিছত প্ৰতিযোগিতাৰ শেষত আয়োজকসকলক আমাৰ  আচল নাম জনাইছিলোঁ আৰু তেওঁলোকেও আমাৰ আচল নাম লিখি ৰাখি একো চিন্তা কৰিব নালাগে বুলি কৈছিল। কিন্তু সেইদিনা বঁটা ল’বলৈ আমাৰ নাম অক্ষয় কুমাৰ, সুনীল ছেট্টী আৰু প্ৰভু দেৱা বুলিয়েই এনাউঞ্চ কৰি আছিল আৰু ৰাইজৰ মাজত হাঁহিৰ ৰোল উঠিছিল। তৃতীয়বাৰ আমাৰ নাম ঘোষণা কৰোঁতে তেতিয়াই বঁটা ল’বলৈ নগ’লে পাছত প্ৰাইজমানী কেনেবাকৈ পালেও সম্পূৰ্ণ প্ৰাইজমাণী নাপাবও পাৰোঁ বুলি লগৰে এটা ‘কালা মুঁহ’, ‘কুফা’ বুলি নিজৰ ৰেপুটেশ্যন বিতৰ্কাতীতভাৱে ফালি থোৱা জিগৰি দৌস্তে ভৱিষ্যতবানী দিয়াত লগে লগে মঞ্চৰ ফালে ৰাওনা হ’লোঁ। ৰাইজে, বিশেষকৈ সুন্দৰীসকলে, হাঁহিব বুলিয়েই গাইপতি এহেজাৰকৈ মুঠ তিনি হেজাৰ টকাৰ লগত কোনো লিলিমাই খেলিবতো নোৱাৰি, পাৰি জানো!  মই পুৰস্কাৰ লওঁতে মোৰ নাম এনাউঞ্চ হৈছিলগৈ সুনীল ছেট্টী বুলি আৰু তেতিয়াৰ দিনত মই সাংঘাতিক খীন আছিলোঁ। পুৰস্কাৰ লওঁতে তলৰ পৰা কোনোবা এটাই চিঞৰিছিল বুলি আজিও মনত আছে, “এইটোৰ বডী দেখোন সুনীল ছেট্টীতকৈয়ো তামাম বে, বাইচেপ চা, বাইচেপ চা!” আৰু মই আজিও চিউৰ যে আমাৰ ‘জিগৰি দৌস্ত’কেইটাৰে কোনোবা এটা একাধাৰে ‘মাৰাত্মক বন্ধু’ৰ চিঞৰ আছিল সেইটো। ‘মাৰত্মক বন্ধু’ৰ বাহিৰে আনৰ বাবে এনেকৈ সঠিক সময়ত সঠিক মৰম নিবেদন অসম্ভৱ। মই নিজেও এটা ‘মাৰাত্মক বন্ধু’ বাবে আন ‘মাৰাত্মক বন্ধু’ প্ৰাণী চিনিব পৰাত মোৰ দখল আছে৷

পুৰস্কাৰ দি থাকোঁতেই আয়োজক এজনে কৈছিল আমাৰ আচল নাম লিখি ৰখা বহীখন কিবা জুতিত হেৰুওৱাত তেওঁলোকৰ আৰু বেলেগ উপায় নাছিল৷ ক’লে এতিয়া প্ৰাইজমানী লৈ যোৱা, পিছত এদিন আমাৰ ক্লাৱৰ পৰা আচল নামৰ চাৰ্টিফিকেট লৈ যাবাহি। সেইদিনা পুৰস্কাৰ লৈ সেই তিনি ‘চিকনা’ – অক্ষয় কুমাৰ, সুনীল ছেট্টী আৰু প্ৰভু দেৱা- সেই বিহু অনুস্থানত সমবেত সুন্দৰীসকলৰ আগত চেণ্টাৰ অৱ এট্ৰেকচন হৈ বিজলী গিৰাই থাকিবলৈ আৰু এখন্তকো ৰৈ নাথাকিল, আৰু পাছতো কোনোদিন আচল নামৰ চাৰ্টিফিকেট বিচাৰি নগ’ল আৰু। চাৰ্টিফিকেটত কি আছে, জীৱনত যিমান ডাঙৰ এভাৰেষ্ট হিলাই দিলেও এদিন আপোনাৰ মৃত্যুৰ খবৰ ছপা হোৱা কাগজকণেৰে বা শ্ৰাদ্ধৰ চিঠিখনেৰে কোনোবাই বুট, বাদামৰ চাখনাই বান্ধিব, আচল ‘এইচ’ কিন্তু হাতত থকা ‘কেছ’তহে আছে৷ সেয়া হাতত পৰিল, সেই খেল সিমানতে শেষ৷

☆ ★ ☆ ★ ☆

3 Comments

  • Bhaskar Jyoti Sarma

    পঢ়িলো‌। লগতে প্ৰতি মাহতে নতুন কিবা পঢ়িবলৈ পাম বুলিও আশা কৰিলো।

    Reply
  • HEMANTA KAKATI

    তামাম লাগিল সুনীল চেট্টি অহ চৰী বিপ্লব৷

    Reply
    • Gunjar Das

      ভাল লাগিল । কুইজৰ কিছুমান এনেকুৱা অভিজ্ঞতা মনত আছে এতিয়াও

      Reply

Leave a Reply

Your email address will not be published.