ফটাঢোল

বিয়াৰ খানা-ভাস্কৰ জ্যোতি শৰ্মা

বন্ধুৰ খুলশালীৰ বিয়া। জোৰ কৰি মাতিছে, যাবই লাগিব। সাধাৰণতে বিয়া বুলি ক’লেই মনলৈ আহে, ‘খানা কি হ’ব’। আমাৰনো কি আৰু! ভালকৈ দগৰি খাই আহিব পৰা মানেই বিয়া খোৱা সফল। এতিয়া কথা হ’ল বিয়াখনলৈ যোৱাৰ সময় মিলোৱা। অফিচৰপৰা আহি অলপ জিৰণি লৈ লাহেকৈ ওলাই যাম বুলি ভাবি আছোঁ আৰু।

আবেলি অফিচৰপৰাই লগৰটোলৈ ফোন কৰিলো। সিও যাব মোৰ লগত। তাৰ আকৌ অলপ ষ্টাইলটো বেছি, যেনেকৈ তেনেকৈ ক’লৈকো নাযায়, তাতে বিয়াৰ কথা। বাৰু যি হওক পাঁচ বজাত অফিচৰপৰা ওলাই আহিলো। তাক ফোন কৰি ক’লো ছয়, চাৰে ছয় বজাত সাজু হ’বলৈ। ঘৰ পাই আকৌ এক অধ্যায় আছেই। কাৰ বিয়া, ক’ত বিয়া, কিমান সময়ত যাম, আহিম কেতিয়া, প্ৰেজেণ্ট কি দিম, লগত কোন যাব ইত্যাদি এশ এটা প্ৰশ্নৰ উত্তৰ দি ৰেডি হওঁ মানে আৰু এঘণ্টা। মাজে মাজে অনুভৱ নোহোৱা নহয় বৰলা জীৱনেই বেষ্ট বুলি। কিন্তু কি হ’ব এতিয়া জানো দুখ কৰি কিবা লাভ হ’ব। আত্মসমৰ্পণৰ বাহিৰে উপায়ো নাই আৰু শান্তিৰ পৰিৱেশ বৰ্তাই ৰখাটো বেছি জৰুৰী।

কি যে আপদীয়া শেষ নোহোৱা কথাত লাগিলো। বিয়াখন যিহেতু ছোৱালীৰ গতিকে এওঁহে কি উপহাৰ দিলে ভাল হ’ব কৈ আছে। মোৰ মতেতো বিয়ালৈ যাম, গাড়ীত তেল ভৰাম, বাহিৰা খৰচ অলপো আছে, দাঢ়ি চুলি মিলাই কিছু খৰচ অলৰেডি আছেই, আকৌ কি কাৰণে উপহাৰ দিব লাগিছে! মানুহজনী দাং খাই আহিল বোলে খালী হাতে বিয়ালৈ যাবলৈ লাজ নালাগিবনে বাৰু! কি যে সমস্যা। শেষত যেনিবা লগৰটোকে ক’লো কিবা এটা ল’বলৈ। এতিয়া বিয়ালৈ যোৱাৰ সাজোন কাচোন আৰম্ভ। ভাল কাপোৰ পিন্ধা দেখিয়েই ল’ৰাই মাকক তাৰ কাপোৰ আনি দিলেই। সিও বোলে “দিতা”ৰ লগত ফুফু যায়, কাপোৰ পিন্ধাই দিব লাগে। এইটো নতুন সমস্যা নহয় ঘৰত। তাৰপিছত যেনিবা কিবাকৈ বুজাই বঢ়াই ডাক্তৰৰ ওচৰলৈ যাওঁ বুলি ঘৰ এৰিলো। লগৰটো ইতিমধ্যেই সাজি কাচি মোলৈ অপেক্ষাৰত। লগতে দুটামান এংগ্ৰী ৰিয়েক্ট মুখত ওলমাই আছে। মনতেহে বোলো ‘বেটা এবাৰ বিয়া পাত, এই চুট টাই, হাঁহিভৰা মুখ, সুখী সুখী ভাৱ, ৰজাৰ নিচিনা ফিলিং কেনি দৌৰ মাৰিব পাত্তা নাপাবি।’ ময়ো বিয়াৰ আগতে বাঘেই আছিলো। এবছৰমান ঘোঁৰা হ’লো, তেজাল ৰণুৱা ঘোঁৰা। কি ভাবি জানো ভগৱানে ল’ৰা ছোৱালীহালক একেলগে দি মোকো দুইটাকে উঠিবলৈ ঘোঁৰাৰপৰা হাতী বনাই দিলে। বাকী এতিয়া মই কি নিজেই পাহৰি গৈছোঁ।

বাৰু যি হওক, পোন্ধৰ কিলোমিটাৰমান দূৰত্ব অতিক্ৰম কৰি দুয়ো গৈ বিয়াঘৰ পালোগৈ। বন্ধুৱে আগে ভাগে আদৰি সাদৰি নি বহাৰ ব্যৱস্থা কৰি দিলে। অলপ পিছত কফি আহিল। পনীৰ পকৰী আহিল। আমাৰ নিচিনা বিবাহিত বৰলাবোৰৰ বাবে এইবোৰ ষ্টাৰ্টাৰ পেকৰ বিশেষ গুৰুত্ব নাথাকে। আচল কথাটো মেইন পেকত কি আছে। তেতিয়া আঠ বাজি যাওঁ যাওঁ আৰু। বন্ধুৱে খোৱাৰ বাবে মাতিলে। আমি বোলো আহিছোঁহে অলপ ৰওঁ দে, যিহেতু ঘৰত গৈ ভাত খোৱাৰ প্লেন নাই। বন্ধুৱে বোলে কথাটো অলপ বুজি পা, মানুহ বেছি হৈ গ’লে পিছত ৰিস্ক ল’ব নোৱাৰিম। তথাপি আমি অলপ পিছত যাম বুলি কৈ অলপ বাহিৰৰ ফালে পাক এটা মাৰিলো। তেনেকৈ প্ৰায় একঘণ্টামান যোৱাৰ পিছত ভোক ভোক যেন ভাৱ এটা আহিল। আহিল মানে ৰক্ষা নাই আৰু। তেতিয়াই মনত পৰিল বিয়ালৈ অহাৰ খাতিৰতে ঘৰত একো এটা খোৱা নহ’ল।
ইফালে বন্ধুৰ দেখাদেখি নাই। আমাক বোধহয় ভালেমান পৰৰ আগৰপৰাই দেখি থকাৰ কাৰণে খোৱা বোৱা হ’ল বুলিয়ে বিয়াঘৰীয়া ৰাইজে খোৱাৰ কথা নুসুধিলে। ইফালে বন্ধুৰ ফোন নালাগে, খাবলৈ মতা নাই, ভোক বাঢ়ি আহিছে। লাহে লাহে গম পোৱা গ’ল বাকী বহুত মানুহৰ একেই অৱস্থা হৈছে খাবলৈ মতা নাই। খানা শেষ নেকি? কৃষ্ণ! আৰু ভাবিব নোৱাৰি। লগত যোৱাটোৰ গালিবৰ্ষণ। কিহৰ কাৰণে খাবলৈ মাতোতেও নগ’লো বুলি ওলোটাই মোৰ ওপৰতে গালি বৰষিছে। ঘৰৰ কথা নেকি ইচ্ছামতে খাবলৈ বহিম যে!

কি যে কুক্ষণত খাবলৈ মাতোতেও নগ’লোঁ। এতিয়া বহি থকাৰ ধৈৰ্য্য হেৰাই গৈছে। ঘৰত গৈও ভাত নাপাওঁগৈ, ওচৰত হোটেলো নাই। বহুত কথা মূৰৰ ওপৰেদি গৈছে। মানুহবোৰক খাবলৈ  মাতিছেনে নাই ডিঙি মেলি চাইছোঁ। অলপ বেছিকৈ ডিঙিটো মেলোতে অলপ আঁতৰত বন্ধুক দেখা পাই নৰ’লোৱেই। আমি তাৰ ওচৰ পাওঁতে সি কাণৰ ওচৰত দোষী দোষী ভাৱেৰে ক’লে, “খাদ্য অলপ চৰ্টেজ হৈছে, বজাৰ গৈছে আহি পাবই এতিয়া।” খাদ্য মানে মাংস। ইমান দেৰি ৰৈ কি দাইল ভাত খাম নেকি? বন্ধু পুনৰ ব্যস্ত হৈ পৰিল। দায়িত্ব যে কিমান! তাতে খুলশালীৰ বিয়া। ছেঃ কি কৰা যায় এতিয়া! অলপ ৰৈয়ে দিওঁ আৰু। লাহে লাহে মানুহ কমিছে, কিন্তু খাবলৈ নামাতেহে নামাতে দেখোন। ইফালে দহ বাজিবৰ হ’ল। দৰা আদৰিবৰ বাবেও যা যোগাৰৰ কথা আছে। আমাৰ দুটাৰহে বাৰ বাজি গৈছে। মাংস কিজানি ৰান্ধিছে। কিন্তু খাম কেতিয়া?

খঙৰ ভমকত লগত অহা বন্ধুজন ইতিমধ্যে উঠিলেই। তাৰ মুখখনলৈ চালো। অবিবাহিত যদিও তাৰ মুখত বিবাহিতৰ চিন স্পষ্ট। মানে অশান্তি আৰু অসন্তুষ্টিৰ চিন বিৰাজমান। মোৰো ভোকে পেট পাৰ হৈ পিঠিত টুকুৰিয়াইছে। চুড়ান্ত অপমানিত যেন বোধ কৰি ঘপহকৈ উঠিলো যি একেবাৰে গাড়ীতহে বহিলোহি। যিমান মনলৈ আহিছে গালিৰ বৰষুণত এফালৰপৰা কইনাঘৰীয়া সমন্বিতে বন্ধুকো তিয়াই গ’লো। কি লাভ, ভোক মোৰহে লাগিছে, খাবলৈ মাতোতে নগৈ দোষো ময়ে কৰিছোঁ।

ইতিমধ্যে দহ বাজি গ’ল। দিনত কিবা পেটত পৰিছিল নেকি মনলৈ নহা হ’ল। এতিয়া নগাঁও চহৰলৈ পোন্ধৰ ষোল্ল কিঃমিঃমান আছে। তথাপি গাড়ী দৌৰাই দিলো। কিজানি ক’ৰবাত ভাল হোটেল খোলা আছে এই আশাত। নাইট চাৰ্ভিচৰ গাড়ীকেইখনৰ কাৰণে কেইখনমান হোটেল খোলা থাকে বাৰু। এঘাৰ বাজিবৰ হ’ল। গাড়ীখন ঘৰলৈ যোৱা ৰাস্তাটো পাৰ হৈ যাওঁতে এপাক এনেয়ে চাই গ’লো। ল’ৰা ছোৱালী দুটা শুইছে চাগৈ, মাকৰ খং উঠিবৰ হৈছে আৰু লাহে লাহে। সাত বজাৰ আগতেই বিয়া খাবলৈ আহি এতিয়া এঘাৰ বাজিবৰ হ’ল। নিজৰ ওপৰতে খংটো বাঢ়ি আহিছে।

গাড়ী গৈ হোটেলত ৰাখি যি আছে তাকে দিবলৈ প্ৰায় চিঞৰি কোৱাদি ক’লো। ল’ৰাটোৱেও যেনিবা খৰখেদাকৈ ৰুটি মাংস দুটাৰ কাৰণে আনি দিলে। খাই উঠিহে ভালকৈ উশাহটো লৈছোঁ। ধেৎতেৰি কি যে হয় দেই কেতিয়াবা। মোবাইলটো চাওঁ মানুহজনীৰ দুটা মিচডকল হৈ আছে। সেইপালি আছেই। চাৰে এঘাৰ হৈ গ’ল। যেনেতেনে পাণ এখন মুখত ভৰাই ঘৰমুৱা হৈ ভাবি আহিছোঁ এতিয়া কি বুলি ক’ম ঘৰত। সঁচা কথা ক’লেও শুনিব লাগিব ইমান দেৰি কিয় ৰৈ আছিলো বুলি আৰু মিছাটো কি ক’মনো। লগৰটোক ক’লো, ‘ঐ বিয়া নাপাতিবি মেৰে ভাই, তোৰ পেট ভৰিল ঘৰত গৈ আৰামত শুই থাকিবি। মোৰ কেতিয়ালৈকে যুক্তি তৰ্ক চলিব গম নাপাম, ৰাতিপুৱাই যাবও পাৰে। হয়তো আকৌ ঘৰৰপৰা ওলাই আহি বাইপাছৰ হাৱা খাব লগা অৱস্থা হ’ব পাৰে’।

সেইবোৰ নিত্য নৈমিত্তিক ঘটনা। বন্ধুক বিদায় দিলো। বিয়া খাবলৈ যোৱা খং আৰু দুখ মিশ্ৰিত অধ্যায়টো আৰু কেতিয়াও মনত নেপেলাওঁ বুলি মুখলৈ মৰমীয়াল পিতৃ তথা দায়িত্বশীল পতি পৰমেশ্বৰৰ লুক এটা আনিবলৈ চেষ্টা কৰি লাহেকৈ দুৱাৰত টোকৰ দিলো। তেতিয়া ঘড়ীত বাৰ বাজি গৈছে।

 ☆ ★ ☆ ★ ☆

8 Comments

  • দীক্ষিতা

    বিয়া পতা আৰু খোৱাৰ অভিজ্ঞতাৰে এক ট্ৰেজিক কাহিনী।

    Reply
    • Bhaskar Jyoti Sarma

      হয় হয়। পঢ়ি চোৱাৰ বাবে ধন্যবাদ।

      Reply
  • ববিতা শৰ্মা

    ভাল লাগিল

    Reply
  • আদিত্য

    ভাল লাগিল ।

    Reply
  • Abhijit Goswami

    বঢ়িয়া লিখিছা শৰ্মা। লিখি থাকিবা হে

    Reply
  • ইন্দ্ৰ মোহন বৰা

    সকলোতে দেখোন একেই কাহিনী। দুখৰ সমভাগী হলো।

    বঢ়িয়া লাগিল।

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    অৱস্থাটোলৈ চাই বেয়া লাগিল৷ লেখাটো কিন্তু ভাল লাগিল৷

    Reply
  • জিতু শৰ্মা

    ভাল লাগিল

    Reply

Leave a Reply

Your email address will not be published.