ফটাঢোল

বিয়াৰ যৌতুকৰ ফণিখন – মৃদুল নাথ

মাহটোত দেওবাৰকেইটাৰ উপৰিও প্ৰথম আৰু তৃতীয় শনিবাৰ দুটা বন্ধ পাওঁ। ইয়াৰ বাবে অৱশ্যে বাকী দিনকেইটাত প্ৰতিদিনে অতিৰিক্ত সময় অফিছৰ বাবে দিবলগীয়া হয়। তাৰ বাবে আক্ষেপ নাই, কাৰণ কিবা পাবলগীয়া হ’লে কিবা এৰিবলগীয়া হ’বই, এয়াই প্ৰকৃতিৰ নিয়ম। সেয়ে মাহৰ প্ৰথম আৰু তৃতীয় শনিবাৰ দুটা মিলাই কৰিবলগীয়া কিছু কামৰ বাবে আগতীয়াকৈ প্লেন কৰোঁ। ওচৰে পাজৰে যাবলগীয়া হ’লে, নতুবা এটা সৰুকৈ ‘গেট টুগেদাৰ’ জাতীয় (আচলতে আড্ডা, মেহফিল আদি শব্দবোৰহে সঠিক হ’ব) পাতিবলৈ এই শনিবাৰ দুটাৰ এটাক বাছি লোৱা হয়।

লকডাউনৰ বাবে বাহিৰলৈ ঘূৰিবলৈ যোৱাটো বন্ধ হোৱাৰ দৰেই হ’ল। আগে পিছে যোৰহাট বা তেজপুৰৰ ফালে পাক এটা মাৰি অহা হয়। এতিয়া সেইবোৰৰ কথা ভাবিবই নোৱৰা হ’লোঁ, ঘূৰা ফুৰা নকৰিলেও জীৱনটো চলি যাব। পিছে মূৰৰ চুলিকেইডালৰ বাবে বৰ আহুকাল, মূৰৰ দুখ কুলাই পাচিয়ে নধৰা অৱস্থা হোৱাৰ দৰে মূৰৰ চুলিও কুলাই পাচিয়ে নধৰা অৱস্থা হৈছে। এবাৰ ভাবিলোঁ চিনাকি নাপিতজনক ঘৰলৈকে মাতি দিওঁ, পিছে শ্ৰীমতীয়ে একে আষাৰে মানা কৰি দিলে। হাইকামাণ্ডৰ অনুমতি অবিহনে কোনো এটা সিদ্ধান্ত লোৱাটো সম্ভৱ নহয়। সেয়ে উপায় বিচাৰি হাইকামাণ্ডৰে শৰণাপন্ন হ’লোঁ। মানুহজনীয়ে অভয় প্ৰদান কৰি ক’লে,

“ফাৰ্ষ্ট চেটাৰডে আহি আছে নহয়, মই নিজে কাটি দিম আপোনাৰ চুলি।”

মানুহজনীয়ে উপায় যিটো দিলে সেইটো শুনি মোৰ পেটতে হাত ভৰি লুকাল। প্ৰথমে ধেমালি পিছৰ ফালে কপট খং দেখুৱাই চেষ্টা কৰিলোঁ, কিজানি মতৰ কিবা সলনি হয়েই। পিছে হাকিম লৰিলেও হুকুম নলৰে বুলি কথা এষাৰ আছে, সেয়া যে মোৰ ঘৰতো প্ৰযোজ্য, আকৌ এবাৰ প্ৰমাণিত হ’ল। মোৰ সকলো কাকুতি মিনতি ফুটুকাৰ ফেন হৈ ধোঁৱাচাঙত উঠি ৰ’ল আৰু ময়ো কপালত যি আছে সেয়ে হ’ব বুলি অপেক্ষা কৰিবলৈ ধৰিলোঁ, মাহৰ প্ৰথমটো শনিবাৰলৈ।

আনকালে মাহৰ প্ৰথমটো শনিবাৰলৈ অপেক্ষা কৰোঁ অতি আগ্ৰহেৰে, তেতিয়া সময়বোৰ যেন নাযায়হে নুপুৱায়, এতিয়া ভাৱ হৈছে সময় বৰ বেগৱান। এইকেইদিন সুবিধা পালেই লুকাই চুৰকৈ নিজকে আইনাৰ সন্মুখত চোৱাটো এটা অভ্যাসৰ দৰে হৈছে। দুদিন আগলৈকে অপ্ৰয়োজনীয় জাবৰ যেন লগা চুলিবোৰলৈ কিবা এটা মৰম উপজিল। চুলিখিনি এই কেইদিনতে ভালেখিনি বাঢ়িছে, নুমাই যোৱাৰ আগতে অলপ বেছিকৈ পোহৰ দিয়া মমডোখৰৰ দৰে।

ভবাতকৈ বহু সোনকালে শনিবাৰটো আহিল। দাঢ়ি খুৰাবলৈ গৈ অচিনাকি নাপিত এজনৰ হাতত ডিঙিটো পাতি দিয়াটোতো মই সিমান আতংকিত নহওঁ যিমান আজি নিজৰ মানুহজনীৰ হাতত নিজৰ মূৰটো অৰ্পণ কৰিবলৈ গৈ হৈছোঁ। মানুহজনীৰ চকুত কৰুণাৰ চিন চাব নাই, বৰঞ্চ সমগ্ৰ মুখমণ্ডলত এক হাঁহি বিৰাজ কৰিছে। কিবা এটা উছাহ দেখিছোঁ মানুহজনীৰ গাত, উছাহৰ প্ৰকোপটো বেছি হ’লে মোৰ ফালে বিপদৰ প্ৰাৱল্য সমানুপাতিকভাৱে বৃদ্ধি পাব। মানুহজনীক যিমান পাৰি কোমলকৈ মাতষাৰ উলিয়াই সুধিলোঁ,

“কোনোদিনে নকৰা কাম এটা কৰিবলৈ গৈ আছা, বহুত টান কাম এয়া। ভয় লগা নাইনে তোমাৰ?”

“কৰি উঠাৰ আগতে প্ৰতিটো কাম টানেই হয়। কামটো টান হ’ব বুলি ভাবিলে ‘তাজমহল’ৰ সৃষ্টিও নহ’লহেঁতেন।”

তাজমহল শব্দটো প্ৰয়োজনতকৈ অলপ জোৰকৈ ক’লে মানুহজনীয়ে। কিন্তু তাজমহল! মমতাজৰ স্মৃতিসৌধ তাজমহল! মোৰো কিবা তেনেকুৱা! নাই, দাঢ়ি কাটিবলৈ দিয়া নাই মই, চুলি গুৰিতে কাটি দিলেও পুনৰ গজি উঠিব। নিজকে সান্তনা দি কপালৰ লিখন ভুঞ্জিবলৈ নিজকে লাহে লাহে প্ৰস্তুত কৰি লওঁ। তথাপিও কোঠাটোৰ চাৰিবেৰত খুন্দা খাই ‘তাজমহল’ শব্দটো মোৰ চাৰিওফালে প্ৰদক্ষিণ কৰি থাকিল বহু সময়।

আমাৰ কোৱাৰ্টাৰবোৰৰ বাথৰুমবোৰ বৰ এটা আহল বহল নহয়। কাম চলি যোৱাকৈ হৈ যায়। বাথৰুমটোৰ ভিতৰত টুল এখন কোনোমতে সুমুৱাই লৈ তলত পুৰণি বাতৰি কাকতৰ পাত এখিলা পাৰি দিলোঁ। কামখিনি কৰোতে মনটোত নানান অমংগলীয়া চিন্তাবোৰ আহি থাকিল। তেনেতে তলৰপৰা ক্ৰমাৎ ওচৰলৈ আহি থকা পদধ্বনি শুনিবলৈ পালোঁ, মানুহজনী আহিছে। চেণ্ডেলযোৰ পকাত ঘঁহনি খাই এটা বিকৃত শব্দৰ সৃষ্টি কৰিছে। সেয়া চেণ্ডেলযোৰৰ আৰ্তনাদ যেনেই লাগিল মোৰ।

“এই ফণিখন চিনি পাইছেনে?” – এখন হাতত উদ্যত কেঁচী আৰু আনখন হাতত ফণি এখন লৈ মানুহজনী মোৰ সন্মুখত। মুখত একেই হাঁহি, উছাহেৰে ভৰা।

কেঁচীখনৰপৰা দৃষ্টি আঁতৰাই ফণিখনৰ ফালে চালোঁ। নতুন যেন লাগিছে, কিন্তু সচৰাচৰ দেখা ফণিবোৰতকৈ অলপ বেলগ। গঢ় দিওঁতাজনে বিশেষ কামৰ বাবে বিশেষভাৱে তৈয়াৰ কৰা যেন লাগে। আজি বিশেষ কামতেই যে এই বিশেষ ফণিখনৰ ব্যৱহাৰ হ’ব সেয়া বুজিবলৈ মোৰ বাকী নাই। তথাপি কৌতূহলী মনে জানিব বিচাৰে বহু কথা, সেয়ে সুধিলোঁ,

“আগতে দেখা মনত নপৰেচোন। তোমাকো ব্যৱহাৰ কৰা দেখা নাই কেতিয়াও?”

“এয়া আমাৰ বিয়াত দিয়া ফণি। আইনা আৰু ফণি দিব লাগে যে, নিয়ম। ইমান দিনে মই ভালকৈ ৰাখি থৈছিলোঁ, ভাবিছিলোঁ কোনোবা বিশেষ দিনত ইয়াক উলিয়াম আৰু ব্যৱহাৰ কৰিম। অৱশেষত সেই দিনটো আজি আহিল।”

কৰুণ দৃষ্টিৰে মই ফণিখনলৈ এবাৰ চালোঁ। বিয়াৰ পিছত হঠাতে এদিন যদি মানুহজনীয়ে এসময়ৰ প্ৰিয়বন্ধুৰ লগত চিনাকি কৰি দিয়ে, সেই সময়ত এক আচহুৱা পৰিবেশৰ সৃষ্টি হয়। সেই প্ৰিয়বন্ধুৰ সান্নিধ্য হজমো কৰিব পৰা নাযায়, অথচ মুখত কৃত্ৰিম হাঁহি এটা মাৰি তাৰ লগত চিনাকি হ’ব লগাতো পৰে। ফণিখন আলফুলে ধৰি চুই চোৱাৰ সময়ত মোৰ মনত ঠিক তেনে এক অনুভূতিয়ে ক্ৰিয়া কৰিবলৈ ধৰিলে।

লাহে লাহে মানুহজনীয়ে ফণিখনেৰে মূৰৰ চুলিখিনি আঁচুৰিব ধৰিলে। এখন হাতেৰে সন্মুখৰ ফালৰ চুলিখিনি ফণিখনৰে আৱদ্ধ কৰি ওপৰলৈ উঠাই দিলে, সিখন হাতত থকা কেঁচীখনে থিয় হৈ ৰোৱা চুলিখিনি কাটিবলৈ উদ্যত হ’ল। গিলেটিনৰ সন্মুখত ৰৈ চুলিখিনি আতংকত স্থৱিৰ হৈ আছে, যৌতুকৰ ফণিখনে সিহঁতক লৰচৰ কৰিব নোৱৰাকৈ বুকুয়ে পিঠিয়ে শালি ধৰিছে। মই সিহঁতৰ দুৰ্দশা চাব নোৱাৰি চকু দুটা মুদি দিলোঁ।

‘কেচেক’কৈ শব্দ এটা হ’ল, শব্দটো শুনি তলফালে চালোঁ। কাকতখনৰ ওপৰত নিথৰ হৈ পৰি ৰৈছে একোচা চুলি। তাৰ পিছত কেচেক্ কেচেক্ শব্দবোৰ বাঢ়ি গৈ থাকিল। কাকতখনৰ ওপৰত বাঢ়ি গৈ থাকিল ধৰাশায়ী হৈ নিথৰ হৈ ৰোৱা চুলিৰ দ’মবোৰ।

“হৈ গ’ল, চকু মেলক এতিয়া।” মানুহজনীৰ মাতষাৰত চকু মেলি চালোঁ। আইনাত নিজকে দেখি আৰ্তনাদ এটা ওলাই আহিল, ডিঙিত কিবা এটাই সোপা মাৰি ধৰা বাবে মুখেৰে এক অস্ফুট শব্দহে ওলাই আহিল। মানুহজনীক ক’লোঁ,

“পথাৰত ধান কাটিলে পিছত গৰুৱে খাব পৰাকৈ নৰা অলপ ৰাখে। তুমি নৰাখিনিকো নেৰিলা!”

মোৰ মুখত সুস্পষ্ট অসন্তুষ্টিৰ চিন দেখি মানুহজনীয়ে ক’লে,

“প্ৰথমবাৰ চুলি কাটিছোঁ, লাহে লাহে অভিজ্ঞতা হৈ যাব। ফণিখন ভালকৈ ধুই পখালি আনি থৈ দিব, যতনাই ৰাখিব লাগিব, বিয়াতে দিয়া ফণি।”

লাহে লাহে অভিজ্ঞতা হৈ যাব মানে! কথাটো ভাবিয়ে প্ৰমাদ গণিলো। মানুহজনী আঁতৰি যোৱাৰ পিছত ফণিখনলৈ চালোঁ, যিমানে ফণিখনলৈ চকু গৈছে সিমানে প্ৰাক্তন প্ৰিয়বন্ধুৰ ধাৰণাটোৱে বকুত শেলে বিন্ধাদি বিন্ধিবলৈ ধৰিলে।

☆ ★ ☆ ★ ☆

4 Comments

  • Abhijit Goswami

    বঢ়িয়া লাগিল দাদা

    Reply
  • ৰিণ্টু

    বঢ়িয়া লাগিল মৃদুল, ফাটাফাটি

    Reply
    • J B

      উদ্যত কেচি। বঢ়িয়া।

      Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    কেচেক কেচেক! আৰু দুমাহমান কাটিব নালাগিব বোধহয়৷ মজা লাগিল৷

    Reply

Leave a Reply

Your email address will not be published.