ফটাঢোল

 বিয়েৰিং চিঠি- দেৱজিত শইকীয়া

কলেজত প্ৰথম নামভৰ্তি কৰাৰ সময়ৰ কথা৷ কলেজৰপৰা দুপৰীয়া আহি পাইছোঁ। মায়ে বোলে বাবা, তোৰ চিঠি এখন আহিছে, টেবুলতে আছে৷ চিঠি বুলি শুনিয়েই বুকুখন ধিপিংকৈ মাৰিলে৷ ধিপিং মানে ষ্ট্ৰ’ক মাৰিবলৈহে বাকী৷ হে হৰি আজিও আহিছে? এই মৰতীয়ে মোক মাৰিহে এৰিব৷ চাল্লা বাঘে খাইতিয়ে নিজৰ এড্ৰেছটোও নিদিয়ে নহয়৷

দৌৰ মাৰি গৈ পঢ়া টেবুলৰ ওপৰত মায়ে প্ৰেক্টিকেল বক্সটোৰে ঢাকি থোৱা চিঠিখন লৈয়েই কোনেও নেদেখাকৈ পকেটত ভৰালো৷ বাহিৰৰপৰা মাৰ প্ৰশ্ন “কাৰ চিঠি?”

মই সেপ এটা ঢুকি বোলো, “মা, দিগন্তৰ৷”

মায়ে বোলে, কোন দিগন্ত?

“ধেই, “পেন ফ্ৰেণ্ডৰ” অ’৷ সিদিনা যে তোমাক কৈছিলো বিস্ময়ত পত্ৰবন্ধু শিতানত বটানি পঢ়ি থকা নলবাৰীৰ ল’ৰা এটাৰ লগত বন্ধুত্ব পাতিছিলো, তাৰে চিঠি৷”

মায়ে বাহি ঠাই সাৰি আহি জাৰুটো হাততে লৈ বোলে ‘চাবি আকৌ কলেজলৈ গৈছ, ছোৱালীৰ পাল্লাত নপৰিবি৷’

মই বোলো ‘ধেই মা তয়ো যে আৰু কথা কৱ৷ মোৰ নিচিনা এটাৰ প্ৰেমত কোন পৰিব অ’?’

“কিয় কিনো বেয়া তই?”

মই বোলো হেৰৌ তোৰ পুতেৰ বাবে মোক ধুনীয়া দেখ, পিছে কলেজৰকেইজনীৰ মই পুতেক নহয় নহয়৷ সিহঁতে অলপ বডি চডি থকা ল’ৰাহে ভাল পাই৷ মোৰ যিটোহে বডি ঘুৰিয়েই নাচাই জাননে মা৷

“হ’ব নালাগে চাব৷ পঢ়াত মন দে৷ এতিয়া এইবোৰ সময় নহয়৷” – এই বুলি কৈ মা পাকঘৰত সোমালগৈ৷

উফ ৰক্ষা বুলি দীঘলকৈ উশাহ এটা এৰি দি চিধাই বাথৰুম পালোগৈ৷ লাহেকৈ দৰ্জাখন মাৰি পকেটত থকা বোম্বটো উলিয়াই ল’লো৷

মৰমৰ আকাশ,
মৰম ল’বা, মোক কিয় বেয়া পাই আছা? সিদিনাখনৰ চিঠিখনৰো উত্তৰ নিদিলা৷ ঘৰত আমাৰ কথা কিবা গম পাইছে নেকি? ……. সোনকালে চিঠি দিবা কিন্তু, মোৰে শপত৷ ….চুমা দিলো.. (কাগজতে লিপিষ্টিকৰ চুমা ষ্টাম্প এটা) …..ইতি তোমাৰ নিশা৷

লোকৰ চিঠি যদিও একে উশাহে চিঠিখন পঢ়িলো৷ সঁচাকৈয়ে যদি কোনোবাই মোক এনেদৰে ভাল পাই চিঠি এখন দিলে হয়৷ হেৰৌ নাখাই নবৈ হ’লেও একদিস্তা পাতৰ ষ্টেপল মাৰি চিঠি ডেইলি পঠালো হয়৷ হায় মোৰ ফুটা কপাল৷ চিঠিৰ এড্ৰেছটো বিচাৰিলো, নাই৷ মূৰটো গৰম হৈ গ’ল৷

এনেতে বাথৰুমৰ দৰ্জাত মাৰ টোকৰ৷

“ইমান সময় লাগে নে তোক মুতিবলৈ? কাৰ মূৰটো কৰি আছ বাথৰুমত সোমায়?”

মই ভয়তে বোলো, “ৰ অ’ মুতিবও শান্তি নিদিয়৷ গৈছো ৰ৷”

দৰ্জা খুলি বাহিৰলৈ ওলাই আহোতে মাৰ যিটোহে চিআইডি দৰে চাৱনি৷ যেনে তেনে নিজকে একো কৰা নাই টাইপ বডি লেংগুৱেজ দেখুৱাই আঁতৰি আহিলো৷

চিঠিখন কৰো কি? পুৰি পেলাওঁ নে ফালি পেলাওঁ৷ ফালি পেলাম ক’ত? যদি যাৰ চিঠি সি বিচাৰি আহে৷ ফালিলেও বিপদ, ৰাখিবলৈও বিপদ৷ মহা সমস্যাত পৰিলো৷

এইবোৰ ভাবি থাকোতে বাথৰুমৰপৰা মা ওলাই আহি কোন পলকত মোৰ পিছত ৰৈ আছিল গমকে পোৱা নাছিলো৷ হঠাত মূৰটো ঘুৰাই দিওঁতে পিছফালে মাক দেখি মুখৰ আগত বাঘ ওলোৱা দৰে হ’ল৷ হাতত চিঠিৰ খামটোৰ ফলা টুকুৰা অকণ মোৰ হাতত দি বোলে “বন্ধুৰ চিঠি বাথৰুমত গৈ মনে মনে পঢ়িব লগা হ’ল যে?”

মই বোলো চাৰেণ্ডাৰ কৰি দিয়াই ভাল৷ পকেটৰ চিঠিখন মাৰ হাতত দি বোলো মোৰ চিঠি নহয়, কিন্তু পিয়নে কিয় মোক দি গৈছে নাজানো৷

মায়ে এড্ৰেছটো পঢ়ি চাই বোলে, “নাম তোৰ, বাপেৰৰ নাম তোৰ, তেন্তে চিঠি তোৰ নহৈ কাৰ হ’ব?” মই বোলো, তাকেইতো ময়ো আচৰিত৷ ইখন হাতত লুকুৱাই অনা জাৰুৰ গাদীটোৰ ধৰপ ধৰপ কেনেকৈ পৰিল টলকিবই নোৱাৰিলো৷ মই চিঞৰি চিঞৰি বোলো মোৰ চিঠি নহয় অ’৷ মই কোন নিশা চিনিয়েই নাপাওঁ৷ নাই বেজে ভূত এৰিবলৈ বিহলঙনিৰে  জৰাৰ  দৰে মোক জাৰিয়েই থাকিল৷ এসময়ত নিজকে পুলিছৰ হাতৰপৰা এৰ খাই পলোৱা আচামীৰ দৰে ময়ো পলাবলৈ সক্ষম হ’লো৷ মায়ে পিছফালৰপৰা চিঞৰিলে বোলে, “তই পলাই সাৰিবি ক’ত? ঘৰলৈ আহ, বাপেৰ আহক আজি তোৰ বিহু ফালিম৷ কলেজত পঢ়িবলৈ পঠাইছোঁ ই গৈ প্ৰেমত পৰিছে৷ সেইজনীকো নেৰিছোঁ৷ বুঢ়ীমাৰক গম পাবি আজি আহ৷”

পলাবলৈ লোৱা ভৰি দুটা জেগাতেই ৰৈ গ’ল৷ হয়তো আকৌ ঘৰলৈকে ঘুৰি আহিব লাগিব৷ পলাই যাম ক’ত? বুজালেও নুবুজে যে মোৰ চিঠি নহয়৷ হেৰৌ মানিবনো কেলৈ মায়ে? চিঠিত নাম মোৰ, দেউতাকৰ নাম মোৰ, গাঁৱৰ নাম মোৰ, পিছে মই কাকো ভালো নাপাওঁ আৰু যিজনীয়ে চিঠিখন লিখিছে কথাবোৰতো লগা নাই যে মোক লৈ লিখিছে৷ এইখনক লৈ চাৰিখন চিঠি আহিল এই মাহত৷ হৈছে কি আচলতে মোৰো মূৰে কাম নকৰা হৈছে৷ দুপৰীয়া মই নথকাত পিয়নে চিঠি দিবহি বুলি কলেজতো বুকু কঁপি থাকে আৰু মাহঁতক বুজালেও কিয় বুজিব যে মোৰ চিঠি নহয়৷ শেষত এটা কথা ঠিক কৰিলো যে হাতে ভৰিয়ে ধৰি পিয়নজনক কিবা দি হ’লেও ক’ম যে মোৰ নামত অহা চিঠি মোৰ ঘৰত আৰু নিদিব৷ মই নিজেই ডাকঘৰৰপৰা ল’ম৷ এইটোকে সিদ্ধান্ত লৈ নিজৰ ৰুমলৈ আহি বিচনাত তলপেটমুৱা হৈ জাৰুৰ কোৱ খোৱা ঠাইখিনি মোহাৰি মোহাৰি পৰি থাকিলো৷

এনেতে….

টিং টং…

আকৌ কলিংবেলৰ শব্দ শুনি বুকু ধিপিংকৈ মাৰিলে৷ খিৰিকীৰ পৰ্দাখন ফাঁক কৰি চাওঁ যে ৰঙা টুপি পিন্ধা পুলিছ এজন৷

হে হৰি কিবা লাফৰা হোৱা নাইতো! নিশা বোলে মোৰ চিঠিৰ উত্তৰ নাপাই মৰি থাকিল৷ যা তা চিন্তা মূৰলৈ আহিব ধৰিলে৷ মই পৰ্দাৰ ফাঁকৰে চাই থাকোতেই মায়ে গৈ দৰ্জা খুলিলে৷

আকাশদ্বীপ বৰা?

হয় মোৰ ল’ৰা।

চমন এখন আহিছে৷

আকাশদ্বীপ বৰা, চমন এখন আহিছে বুলি পুলিছৰ মুখত শুনি মোৰ জীৱ যাওঁ যাওঁ অৱস্থা৷ হে ভগৱান প্ৰথমতে লাভ লেটাৰ তাৰপিছত চমন৷ কি দেখুৱাইছা এইবোৰ৷

মায়ে আহিয়েই আকৌ জাৰুটো বিচাৰি বিচাৰি বোলে “তই শেষ৷ এইটোৱেই বাকী আছিল৷ সেইজনীক চাগৈ বাপেৰৰ স্কুটাৰত বহোৱাই নি ক’ৰবাত খুন্দিয়ালি৷ ক’ত এক্সিডেণ্ট কৰিছিলি? কোৰ্টত সাক্ষী দিবলৈ মাতিছে যে?”

মই বোলো মা তই জ্যোতিষী বিশ্বাস কৰ নহয়৷ মোৰ জন্ম পত্ৰিকাখন নি কোনোবা জ্যোতিষীক দেখুৱা৷ হয় শনি লম্ভিছে, নহয় কোনোবাই মোৰ নামত এইবোৰ কৰি আছে৷

মায়ে বোলে “বাপেৰ আহক আজি অফিচৰপৰা৷ তোৰ বিহু দেখুৱাম৷ চাওঁ চিঠিবোৰ দে…”

মই কেমেষ্ট্ৰি কিতাপৰ কভাৰৰ ভিতৰত ৰখা, প্ৰেক্টিকেল বক্সৰ প্লাষ্টিকৰ তলত ৰখা, পালেঙৰ ঢাৰিৰ একেবাৰে মাজত ৰখা আটাইকেইখন চিঠি মাৰ হাতত তুলি দিলো৷ চিঠি কেইখন বাজেয়াপ্ত কৰি এখন এখনকৈ মায়ে পঢ়িবলৈ ল’লে৷

মই বোলো মা নপঢ়িবি৷ বেয়া কথা আছে৷

মায়ে বোলে “প্ৰেম কৰোতে লাজ নালাগিল এতিয়া লাজ পাইছ?”

মই বোলো মা বেলেগৰ চিঠি অ’ নপঢ়িবি৷

মায়ে এখন চিঠি পঢ়ি মাজতে ৰৈ গ’ল৷ মই গম পালো তিনি নম্বৰ চিঠিৰ বাৰ নম্বৰ শাৰীটো পঢ়িছে৷ তাত লিখা আছিল “তোমাৰ মাজনীয়ে যে কিয় তোমাক ইমান কামত খটুৱায়? মোৰ যে ইমান দুখ লাগে। মই যে তোমালৈ বিয়া হৈ যোৱাৰ পিছত তোমাক একো কৰিবলৈ নিদিওঁ”৷

মা লাহেকৈ উঠি গ’ল৷ মই ভাবিলো জাৰুৰেতো কোবালেই এইবাৰ হয়তো চিধাই দাখনেই আনিব৷ হে হৰি বচাবা আৰু৷ এইবুলি হাতযোৰ কৰি ভগৱানক খাটি থাকোতেই “কি হ’ল তোৰ” বুলি সন্মুখত দেউতা৷

মই মনতে বোলো মই আজি শেষ৷ গোচৰীয়া পক্ষই সাক্ষী বাদীসহ মোৰ ওপৰত মোকৰ্দমা ৰুজু কৰা আগতেই চাৰেণ্ডাৰ কৰি দিয়াই ভাল বুলি দেউতাৰ ভৰিত পৰি সকলো গাই গ’লো বোলো দেউতা চোৱা মোৰ নামত এজনী ছোৱালীৰপৰা চিঠি আহে৷ পিয়নে দি যায়৷ এড্ৰেছ মোৰেই, তাত মাৰফৎ তোমাৰ নামেই আছে, কিন্তু সেইটো মই নহয়৷ আজি কোৰ্টৰপৰাও স্কুটাৰ এক্সিডেণ্টৰ কাগজ আহিছে৷ এইখিনি কৈ ভৰিত লাং খাই পৰি দিলো৷

দেউতাই বজাৰৰ বেগটো থৈ লাহেকৈ মোৰ ওচৰলৈ আহিল৷ মই মনতে বোলো ইমান পৰে চাইলেণ্ট আছিল এতিয়া ভায়লেণ্ট হ’ব৷ পিছে দেউতাই বোলে “চিঠিকেইখন আৰু চমনখন দে৷ মই আহি আছোঁ৷” এই বুলি চাইকেলখন লৈ ওলাই গ’ল৷

অলপ পিছতে দেউতাৰ চাইকেলৰ শব্দ শুনিলো৷ দেউতাই আহিয়েই বোলে “মোৰে সৈতে একে নামৰ প্ৰদীপ বৰা বুলি মানুহ এজন আমাৰ গাঁৱলৈ নতুনকৈ ভাড়ালৈ অহা বুলি শুনিছিলো, পিছে পুতেকৰ নামো যে তোৰ লগত একেই আকাশদ্বীপ বৰা আজিহে গম পালো৷” মোৰ পিঠিত হাত ফুৰাই বোলে “তোৰ ওপৰত বিশ্বাস আছে তই এইবোৰ নকৰ৷ কাৰোবাক ভাল পালে মোক বা মাৰক ডাইৰেক্ট ক’বি বুলি জানো৷ যা যা মাৰক মাত, চাহ একাপ খাওঁ৷”

মই ভিজা মেকুৰীৰপৰা গাটো জোকাৰি এইবাৰ বাঘ পোৱালিটো হ’লো৷ বুকু ফিন্দাই দেউতাক বোলো দেউতা আমাৰ ক্লাছৰে এজনী মোৰ ভাল লাগে। আই লাভ হাৰ…

দেউতাই বোলে “চাল্লা….”

☆ ★ ☆ ★ ☆

3 Comments

  • বাপৰে!! সাংঘাটিক… হাঁহি হাঁহি পেট বিষাই গ’ল 😂😂😂

    Reply
  • কমল তালুকদাৰ

    😂কি যে পয়মাল !

    Reply
  • লিপি খাউণ্ড

    হে ভগৱান হাহোঁতে হাহোঁতে চকুপানী ওলাই আখৰ নেদেখা হৈ গৈছো বহুত বহুত ভাল লাগিল

    Reply

Leave a Reply

Your email address will not be published.