ফটাঢোল

বিৰিয়ানী খাম-সদানন্দ ভূঞা

তিনিচুকীয়াৰ বিনন্দ বৰুৱা এজন ক্ষুদ্ৰ চাহ খেতিয়ক৷ উচ্চ শিক্ষাৰে শিক্ষিত বিনন্দ বৰুৱাই চৰকাৰী চাকৰিৰ বাবে ঢাপলি নেমেলি দেউতাকৰ বিশ বিঘা চন পৰি থকা মাটিত চাহখেতি কৰি ঘৰখন আটোম-টোকাৰীকৈ চলাই আছে৷ বিনন্দ বৰুৱা এজন ক্ষুদ্ৰ চাহখেতিয়ক হিচাবে প্ৰতিপত্তি স্থাপন কৰিছে যদিও তেওঁৰ মনত কোনো অহং ভাৱ নাই৷ এজন সৰবৰহী ব্যক্তি হিচাবে বিনন্দ বৰুৱা সেই অঞ্চলৰ সকলোৰে প্ৰিয় ব্যক্তি৷ তেওঁৰ বাগানত কাম কৰা বনুৱাসকলেও তেওঁক বহুত ভাল পায় আৰু সমীহ কৰি চলে৷ তেওঁৰ বুজনি আৰু একান্ত প্ৰচেষ্টাৰ ফলতেই বনুৱাসকলে মদ খোৱা বদ্ অভ্যাস ত্যাগ কৰিলে৷

বিনন্দ বৰুৱাৰ সংসাৰত তেওঁৰ আশীৰ উৰ্ধৰ পিতৃ জগত বৰুৱা, সত্তৰোৰ্ধৰ মাতৃ অকনি বৰুৱা, পত্নী অনুৰাধা বৰুৱা, আঠ বছৰীয়া পুত্ৰ অনুপম বৰুৱা আৰু দুবছৰীয়া কনমানি জীয়ৰী মালবিকা বৰুৱা৷ পত্নী অনুৰাধা বৰুৱা তিনিচুকীয়া নগৰৰ এখনি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়ত্ৰী৷ বিনন্দ বৰুৱাৰ পত্নী অনুৰাধা বৰুৱা এগৰাকী লখিমী বোৱাৰী৷ নিজৰ পতিৰ ঘৰখনত প্ৰথম খোজ দিয়াৰপৰাই কোনো দিনেই নিজৰ পতি, শহুৰ-শাহুক পৰিচৰ্যা কৰাৰ ক্ষেত্ৰত কৃপণালি কৰা নাই। শহুৰ জগত বৰুৱা আৰু শাহু অকনি বৰুৱাই নিজৰ বোৱাৰীক লৈ সদায় গৌৰৱবোধ কৰে৷ নাতি অনুপম আৰু নাতিনী মালবিকা ককাক আইতাকৰ নয়নৰ মনি৷ নিশা হ’লে বিনন্দ বৰুৱাৰ জীয়ৰী মালবিকা যদিও মাক-দেউতাকৰ লগত শুৱে পুত্ৰ অনুপম কিন্তু ককাক-আইতাকৰ লগতহে শোৱে৷

এদিন সন্ধিয়া সময়ত বিনন্দ বৰুৱাৰ ঘৰত চাহ-জলপান খাই থকাৰ সময়ত তেওঁৰ পত্নী অনুৰাধা বৰুৱাক ক’লে,

বিনন্দ : হেৰা অনু, আজিতো ঘৰত ছাগলীৰ মাংস আছেই, আজি ৰাতিৰ সাজ বিৰিয়ানীয়েই খাওঁ বুজিছা৷ মা-দেউতাইতো বিৰিয়ানী খায়েই পোৱা নাই৷ কেনেকুৱা লাগে আজি খাই চাওক৷ নে কি কোৱা?

অনুৰাধা : আপুনি কৈছে যেতিয়া হ’ব আৰু৷

পুতেক-বোৱাৰীয়েকৰ মাজৰ আলোচনাবোৰ শুনি বিনন্দ বৰুৱাৰ দেউতাক জগত বৰুৱা আৰু মাক অকনি বৰুৱাই দুয়োৰে মুখলৈ ভেবা লাগি চাব ধৰিলে৷ বোৱাৰী অনুৰাধাই বিৰিয়ানী বনাবলৈ বুলি পাকঘৰলৈ গুচি গ’ল। পুতেক-বোৱাৰীয়েকৰ আলোচনাত দুয়োজনৰে মহা চিন্তা হ’ল৷ উপায়হীন হৈ দুয়োৱে মুখ মেলিবলৈ বাধ্য হ’ল৷

মাক : হেৰি নহয় অ কণপোনা, তই এইমাত্ৰ বোৱাৰীক কি খাম বুলি ক’লি?

বিনন্দ : কি খাম বুলি ক’লোঁ নো? বিৰিয়ানী খাম বুলি ক’লোঁ৷

দেউতাক : কি ক’লি? বিৰিয়ানী খাৱ?

বিনন্দ : অ, ইমান আচৰিত হ’বলৈ কি হ’লনো ? বিৰিয়ানী খাম বুলি ক’লোঁ৷

মাক : শ্ৰীবিষ্ণু শ্ৰীবিষ্ণু! হেৰৌ তহঁতে বিড়ি আনি খাবি বুলি আমাৰ আগত কেনেকৈ ক’ব পাৰিলি?

বিনন্দ : মইনো কি বেয়া কথা ক’লোঁ ? বিৰিয়ানী খাম বুলিহে ক’লোঁ৷

দেউতাক : হেৰৌ কণপোনা, হাতত থকা এই লাখুটিডাল দেখিছ৷ একেমাৰে কঁকাল ভাঙি দিম বুজিছ৷ মাক-বাপেকৰ আগত বিড়ি আনি খাবলৈ অলপো লাজ নাপালি?

নাতি : ককা ককা, আজি আমি বিৰিয়ানী খাম৷

মাক : কি ক’লি ? তয়ো বিড়ি আনি খাৱ? কৃষ্ণ কৃষ্ণ! এই ফুকলীয়াটোৱেও বোলে বিড়ি আনি খায়?

নাতিনী : ( ফুটা-নুফুটা মাতেৰে ) আইতা আইতা, আদি আমি বিইআনী কাম৷

দেউতাক : ক’তে মৰোঁ৷ দেখিলা কণপোনাৰ মাক, এই ফুকলীয়াজনীয়েও বোলে বিড়ি আনি খায়।

নাতি : ককা ককা, আপোনালোকেও বিৰিয়ানী খাব লাগিব৷

দেউতাক : এইডাল দেখিছ। একেমাৰে কঁকাল ভাঙিম৷ এই ফুকলীয়াটোৱে আমাক বিড়ি আনি খুৱায়৷

নাতি : হেঃ হেঃ! তুমি এনেই ভয় খুৱাইছা। তুমি নামাৰা বুলি জানোৱেই৷

অনুৰাধাই শহুৰ-শাহুৱেকৰ খং আৰু অভিমানবোৰ অনুমান কৰি মুখ টিপি হাঁহি হাঁহি উপভোগ কৰি বিৰিয়ানী বনাই আছে। বিনন্দয়ো মাক-দেউতাকৰ খঙৰ ভমক দেখি অলপ সময়ৰ বাবে পাকঘৰত সোমাই পত্নী অনুৰাধাক কিছু কামত সহায় কৰি দিছে৷ ইফালে মাক-দেউতাকে খঙতে মুখকেইখন ওন্দোলাই বহি আছে। প্ৰায় আধাঘণ্টামান পিছত বিনন্দই পাকঘৰৰপৰা ওলাই মাক-দেউতাকৰ ওচৰত বহি ল’লে৷

বিনন্দ : ( মাক-দেউতাকলৈ চাই ) কি হ’ল? তোমালোক দুজনে মুখ ফুলাই মনে মনে বহি আছা যে?

দেউতাক : হ’বলৈ কিটো আছে হাঁঁ! তহঁতে বিড়ি আনি খাবলৈ ওলোৱা দেখি আমি দুই বুঢ়া-বুঢ়ীয়ে কঁকাল ভাঙি নাচিব লাগে নেকি? খাবলৈ বস্তু বিচাৰি নাপালি। তহঁতে বিড়ি আনি খাৱ, চিগাৰেট আনি খাৱ, ভাং আনি খাৱ যি আনি খাৱ খাই থাক৷ আমাক সেইবোৰলৈ টানি নানিবি৷

বিনন্দ : আমাৰ লগতে আপোনালোকেও খাব আকৌ।

মাক : হেৰি শুনিলেনে আপোনাৰ পুতেকৰ কথা? ই বোলে আমাকো বিড়ি আনি খুৱায়। আপুনিও বিড়ি আনি খাব নেকি?

দেউতাক : কি কথা কোৱাহে ? বিড়ি আনি খাবলৈ এই নিশাখন ওলাই মই দোকানলৈ যাব পাৰোঁ নেকি? নাকেৰে ফোঁচফোঁচাই ধোঁৱা উৰুৱাই ইহঁতমখাই যি খাই খাই থাকক৷ আমি দুই বুঢ়া-বুঢ়ীয়ে বিড়ি আনি খোৱাত নাই৷ হেৰৌ তহঁত মাক-বাপেকহালে যি আনি খাৱ খাই থাক৷ মাজতে এই ফুকলীয়া দুটাক কিয় টানিছ৷ সেইসোপা ইহঁত দুটাক খুৱাই হাপানি, চাহনি হৈ যেতিয়া কুহুৰ কুহুৰ কাহি থাকিব তেতিয়াহে বিড়ি আনি খোৱাৰ মচলাটো পাবি৷

বোৱাৰীয়েক অনুৰাধাই সকলোকে খোৱা টেবুললৈ মাতিলে। বিনন্দ বৰুৱাই মাক-দেউতাকক খাবলৈ যাবলৈ জোৰ কৰিছে৷ মাক-দেউতাক নাচোৰবান্দা। কোনোপধ্যেই নাযায়৷ শেষত বোৱাৰীয়েক অনুৰাধাই দুয়োজনকে কাবৌ-কোকালি কৰি হাতত ধৰি খোৱা টেবুলৰ চকীত বহুৱাই ক’লে,

অনুৰাধা : মা-দেউতা, এয়াই বিৰিয়ানী৷ আপোনালোকৰ লগত এখেতে ধেমালি কৰি আছিল। খং নকৰিব, খাওক৷

দেউতাক : হ’লেও এনেকুৱা ধেমালি কৰে নেকি?

মাক : আমিনো এইবোৰ কি জানো! এইবোৰ কেতিয়াবা খাই পালেহে৷ আমি আকৌ তহঁতে এগালমান বিড়ি আনি হুপিবি বুলিহে ভাবিছিলোঁ৷

আটায়ে খং, ৰাগ, অভিমান এৰি হাঁহি-ধেমালিৰে নিশাৰ সাজ খাই নিৰ্দিষ্ট সময়ত সকলোৱে ভাগে ভাগে নিজৰ নিজৰ বিছনাত শুবলৈ বুলি বাগৰ দিলে৷ ককাক আইতাকৰ লগত নাতি অনুপম বিছনাত। আইতাকে নাতিয়েকৰ মূৰত হাত বুলাই বুলাই নিচুকনি গীত গাই শুৱাবলৈ যত্ন কৰিছে৷ ককাকে নাতিয়েকৰ মৰমলগা মুখখনলৈ চাই চাই ভাবত বিভোৰ হ’ল৷ ধমকি দিলেও তেওঁ যে কেতিয়াও মৰমৰ দুই নাতি-নাতিনীয়েকৰ গাত হাত উঠাব নোৱাৰে সেয়া সঁচা কথা৷ আলাসৰ লাড়ু নাতিয়েকৰ মুখলৈ চাই থাকোঁতে তাহানিৰ সেই কবিতাটোলৈ মনত পৰি গ’ল। ককা আৰু নাতি ল’ৰা একেলগে বহি, সাজিছে বালিৰ ঘৰ দুয়ো হাঁহি হাঁহি৷
এৰা কালিলৈ ৰাতিপুৱা ককা আৰু নাতি ল’ৰা দুয়ো মিলি চোতালতে বালিৰ ঘৰ সাজিব। এজনে অতীতলৈ উভটি যাব আৰু আনজনে ভবিষ্যতৰ সোনালী সপোন ৰচিব

 ☆ ★ ☆ ★ ☆

19 Comments

Leave a Reply

Your email address will not be published.