ফটাঢোল

বীঙ হাইপোক’ন্দ্ৰিয়েক : অভিজিত মেধি

সৌ সিদিনালৈকে মই আছিলোঁ এজন সাধাৰণ মানুহ। স্বল্পজ্ঞানী, স্বল্পভাষী! বাৰ্থডে’ৰ দিনাই জন্ম লোৱা পৃথিৱীৰ কোটিজন অনেক মানুহৰ মাজৰেই এজন। কাম কৰিছোঁ, খাইছোঁ, পিন্ধিছোঁ। মুঠতে মোটামুটি নিজৰ মতলবত চলা এজন মানুহ! কিন্তু কথা এষাৰ আছে নহয়- সকলো দিন সমানে নেযায়! মোৰো দিন সলনি হ’ল। পৰিৱৰ্তনৰ ঢৌত মই যেন নতুন ৰূপত জনম লভিলোঁ! ঠিক কেতিয়া লভিলোঁ ভালকৈ ময়ো নাজানো! জন্ম হেনো এটা দীঘলীয়া প্ৰক্ৰিয়া! মোৰ নতুন ৰূপটোৰো এদিনতে জন্ম হোৱা নাছিল, এটা প্ৰকৰণৰ মাজেৰে হৈছিল।

২০১১ চন মানৰ কথা। সেইবেলি নৰৰূপ ধাৰণ কৰা তিথিত মিছেছে এটা এন্দ্ৰ’ইড স্মাৰ্টফোন গিফ্ট দিছিল। স্মাৰ্টফোন ন’হৈ যেন থেন’ছৰ গ’নলেটডালহে দি গ’ল! ন’কিয়াৰ ইটাটো এৰি সেইডাল হাতত লোৱাৰ পৰাই মই দুনীয়া হাতৰ মুঠিত কৰাত ব্ৰতী হৈ গ’লোঁ। মানে মই নজনা কথাই নাইকিয়াই হৈ গ’ল এই ব্ৰহ্মাণ্ডত। কিবা নাজানিলেই চিধা গুগোল কৰি দিওঁ বাপ্পেকে! গুগোলৰ দুৱাৰেদি কোৰা, ৱিকি, ইউটিউব…সকলোতে মোৰ আহ্-যাহ্ লাগিয়েই থাকে। সেইবোৰ পঢ়ি-শুনি মই দিনৰ দিনটো ফেচবুকত জ্ঞানগৰ্ভ পোষ্ট লিখোঁ। তাকে পঢ়ি মোৰ ফেচবুক ফল’ৱাৰবোৰে হিম’গ্লবিন যুক্ত আঁহতৰ পাত নতুবা পানীৰ পৰা ওলাই অহা ভকুৱা মাছ টাইপ প্ৰতিক্ৰিয়া দিয়ে। দুটামানে বুঢ়া আঙুলিও দিয়ে, সেইকেইটাক মই বৰ এটা ভাল নাপাওঁ! সবাতোকৈ ভাল লাগে যেতিয়া বিনা হাতৰ তালি হেন মন্তব্যবোৰ পাওঁ! লাহে লাহে মোবাইল আৰু মোবাইলত গুগোল, একপ্ৰকাৰ নিচাত পৰিণত হ’ল। দিন যোৱাৰ লগে লগে সাতে-পাঁচে মিলি মই ৰাতি বাৰটালৈকে ছোচিয়েল মিডিয়াৰ বৰ্তা হৈ থকা হ’লোঁ। লাগক নিৰ্বাচনৰ ৰণ, মই কৈ দিম ক’ত পানী বেছি ক’ত কম। হওক পিয়াঁজৰ দাম বৃদ্ধি, গুগোল জ্ঞানেৰে সাজু মোৰ টিপ্পনি। আহক নাগৰিকত্ব সংশোধন, সাজু মোৰ সমজুৱা বচন। মুঠতে মোক ৰক্খাই টান বুজিছে। এনেকৈয়ে মই হৈ পৰিলোঁ সৰ্বব্যাপী-সৰ্বজ্ঞানী।

পিচে কথা এষাৰ আছে নহয়- সকলো দিন সমানে নেযায়! কিছুদিনৰ আগেয়ে মোৰ গাটো অলপ বেয়া। অলপ জ্বৰ জ্বৰ লাগে, ডিঙিটোও সুৰসুৰাই থাকে। প্ৰথমতে ডিঙিত ফাৰহান আখতাৰ হোৱা বুলিয়েই ভাবি আছিলোঁ। এওঁক ক’লোঁ। আমাৰ এওঁৰ মতে আকৌ একোডাল বেমাৰ হোৱা নাই বোলে, দিনৰ দিনটো চোফা-বিচনাত পেট পেলাই মোবাইল পিটিকি থকাৰ ফলাফল হেনো! দুদিনমান পুৱা গধূলি দৌৰিবলৈ গ’লেই ঠিক হৈ যাম! কৈছোঁ নহয়, মই সৰ্বজ্ঞানী হৈ নতুন জনম লভাৰে পৰা এই মানুহজনীয়ে মৰমবোৰ আলু পিটিকা দি পিটিকি পিটিকি শেষ কৰি আনিছে। আগতে সদায় গধূলি আদা দিয়া চাহ একাপ খুৱাইছিল। আজিকালি কাচিৎহে “চাহ খাবা নেকি” বুলি সোধে। ময়ো বেছি পাত্তা নিদিওঁ, বনালে খাম বুলি কৈ থওঁ। তেওঁ আকৌ “খালে বনাম” বুলি উত্তৰ দি নিজৰ কামত লাগেগৈ।

যা হওক, মোৰ সাংসাৰিক কথাত আপোনাক দাঁত চেলোৱাৰ সুযোগ কেলেইনো দিওঁ! আচল কথালৈ আহোঁ! মানুহজনীৰ পৰা সদুত্তৰ নেপায় মই গুগোল কৰাত লাগিলোঁ। মানে গাটো কেলেইনো বেয়া লাগি থাকে, কি কি বেমাৰৰ এনেকুৱা লক্ষণ আৰু সেইবোৰৰ সম্ভাব্য পৰিণতিৰ ওপৰত বিতং অধ্যয়ন ও গৱেষণা এটাকে কৰি পেলালোঁ। তাৰপাছত নক’ব বুজিছে! মোৰ জীউটো প্ৰেম চোপ্ৰাক দেখা অকলশৰীয়া বলিউড হিৰোইন টাইপ হ’লগৈ। চিধাই পলম নকৰি আগশাৰীৰ ডাক্তৰ এজনৰ এপইণ্টমেণ্ট লৈ ল’লোঁ। ঘৰত তেতিয়াও কাকো ঘূণাক্ষৰেও জানিবলৈকে দিয়া নাই মই সৰ্বজ্ঞানীয়ে ভৱিষ্যতত কি দেখিছোঁ। ঘৰৰ মানুহবোৰক মই অলপ কম ধতুৱা বুলিয়েই ভাবোঁ। ভাবিলোঁ আগতে ডাক্তৰৰ লগত ভালকৈ কথা-বতৰা হৈ লওঁ!

আজিকালিৰ ডাক্তৰবোৰো যে! কিতাপ পত্ৰ পঢ়ে নে নপঢ়ে সন্দেহ! দেশৰ আগশাৰীৰ ডাক্তৰ বোলে! মই বেমাৰৰ ইমান বিতং বিৱৰণ দিলোঁ, তথাপি পৰীক্ষা কৰি উঠি প্ৰেছক্ৰিপচনত দুটামান ভিটামিন টেবলেট লিখি ৰাতি সোনকালে খোৱা আৰু শোৱাৰ উপদেশ দি যাবলৈ ক’লে। মনটো কিবা ভাল নালাগিল। তাৰ পাছৰ দুই ৰাতি বেমাৰৰ কথা গুগোল কৰোঁতে কৰোঁতে মোৰ টোপনিয়েই নাহিল। তৃতীয় দিনা যেতিয়া সোঁকাণৰ ঠিক তলতে টিউমাৰ এটা আৱিষ্কাৰ কৰিলোঁ তেতিয়া আৰু ৰৈ থাকিব নোৱাৰিলোঁ। চেম্বাৰ খোলাৰ এঘণ্টা আগতেই ডাক্তৰৰ তালৈ গৈ ৰৈ আছিলোঁ। ডাক্তৰৰ ভেল্কীবাজি কথালৈ বাট চোৱাৰ মোৰ ধৈৰ্য্য অলপো নাছিল। চিকিৎসা বিজ্ঞানৰ কথাবোৰ তেওঁক উদাহৰণসহ ভাঙি-পাতি বুজাই, কোনটো ৱেবছাইটত কি লিখা আছে শিকাই দিলোঁ। তথাপিও বয়সীয়াল ডাক্তৰগৰাকীৰ মনপুতি মোৰ কথা শুনাৰ ধৈৰ্য্য নাই বুজিছে! খঙে চুলিৰ আগ পালে। মই বোলো আপুনি ভালকৈ পৰীক্ষা কৰাত আপত্তিটো ক’ত? মোৰ কাণৰ লতিৰ তলত এই মস্ত টিউমাৰ এটা ওলাইছে তথাপিও আপুনি ভালকৈ নেচায় কেলেই? মই যিমানে বাঢ়ি অহা টিউমাৰটো দেখাও ডাক্তৰে সিমানে নিজৰ তামিল নে তেলেগু ভাষাত বিৰবিৰায়! অভদ্ৰতাৰো এটা সীমা থাকে! খঙৰ কোবত চেম্বাৰৰ দুৱাৰত সৰু-সুৰা ঢকা এটা মাৰি ওলাই আহিলোঁ!

এনেকৈ নহ’ব, বেলেগ ডাক্তৰ ধৰিব লাগিব! ‘ভাল ডাক্তৰ’ বুলি গুগোল চলাথ কৰি ফুৰিলোঁ। দুটা দিন না ভালকৈ খালোঁ, না ভালকৈ শুলোঁ। চকু লাগিব খুজিলেও কাণত “ৰাম নাম সত্যহে” বাজি উঠে। তৃতীয় দিনা পুৱাহে অলপ সকাহ পালোঁ যেনিবা। দেখিলোঁ মোৰ দুই মিলিমিটাৰৰ মস্ত টিউমাৰটো শুকাই চেপেটা লাগিছে! ধুই, শালমনহে আছিল এইডাল! এই সৰ্বজ্ঞানীৰ মনটো সিদিনা কিমান পাতল লাগিছিল আপোনালোকক ভাষাৰে বুজাবলৈ সামৰ্থ নাই মোৰ! যেন সোমাবাৰে হঠাৎ অফিচ ছুটি, যেন দীৰ্ঘদিনীয়া কনষ্টিপেছনৰ পৰা মুক্তি…যেন যেন…উফ্, ভাষাই নাই!

পিচে কথা এষাৰ আছে নহয়- সকলো দিন সমানে নেযায়! দুদিনমান পাছত মনত খেলাল, এই বুঢ়া বয়সত শালমন বা আকৌ কেলেই ওলাইছে? আকৌ গুগোল তল ওপৰ কৰি দিলোঁ। এইবাৰ মই খাটাং, লিভাৰৰেই কিবা এটা হৈছে বুলি। ডাক্তৰজনকো এইবাৰ বেছ চিন্তিত দেখা গ’ল। সকলো কথা তেওঁ বিতংকৈ শুনিলে। দিনটোত কি কি কৰোঁ সুধিলে। তাৰপাছত বহুত ভাবি চিন্তি তেওঁ ক’লে,

“ভাইটি, তোমাৰ চিকিৎসা মোৰ দ্বাৰা নহ’ব। মই তোমাক ৰেফাৰ কৰি দিছোঁ, তুমি এইগৰাকী ডাক্তৰক লগ ধৰা, তেওঁহে কিবা পাৰে যদি কৰিব আৰু!”

এইবুলি তেওঁ ফৰফৰকৈ কিবাকিবি লিখি কাগজ এখন হাতত তুলি দিলে। এজন মুধাফুটা ডাক্তৰে হাত দাঙি দিয়াত মোৰ অৱস্থাটো কি হৈছিল কেনেকৈ বুজাম আপোনালোকক! থুলমূলতে মোৰ জীউটো প্ৰেম চোপ্ৰাক দেখা অকলশৰীয়া বলিউড হিৰোইন টাইপ হৈছিলগৈ মানে! চেম্বাৰৰ বাহিৰ ওলাই ভয়ে ভয়ে কাগজখন পঢ়িবলৈ ল’লোঁ। ডিঙিটো তেতিয়া মংগল গ্ৰহৰ পৃষ্ঠ হেন, পানীৰ প-টোও নাইকিয়া। কাগজখিলাত মাত্ৰ এশাৰী বাক্য লিখা আছিল,

“মানুহজন দেখাত সুস্থ, কিন্তু হাইপোক’ন্দ্ৰিয়াৰ(Hypochondria) লক্ষণ পুৰামাত্ৰাই দেখা গৈছে।”

মই ঠিক জানিছিলোঁ। মোৰ নিচিনা অৱতাৰী পুৰুষৰ এনেকুৱা আগেয়ে কেতিয়াও নাম নুশুনা নাভূত-নাশ্ৰুত বেমাৰেই হ’বগৈ। লণ্ডন-আমেৰিকাতো চাগে ইয়াৰ চিকিৎসা ওলোৱা নাই। কাণত জোৰ জোৰকৈ বাজি উঠিল- ৰাম নাম সত্যহে! তথাপিও মৰণত শৰণ দি কঁপা কঁপা হাতেৰে মোবাইলটো উলিয়াই গুগোলত টাইপ কৰিলোঁ- ‘হাইপোক’ন্দ্ৰিয়া মিনিং’! প্ৰথমটো ৱেবছাইটতে বিতংকৈ লিখা আছিল- নিজৰ কিবা এটা সাংঘাতিক বেমাৰ হোৱা বুলি ভুল ধাৰণা লৈ থকা মানুহক হাইপোক’ন্দ্ৰিয়েক বোলে, সাধাৰণতে বেমাৰৰ কথা বেছিকৈ গুগোল কৰা মানুহ সহজে হাইপোক’ন্দ্ৰিয়াৰ চিকাৰ হয়। উপদেশত খাই বৈ, গুগোল নকৰাকৈ শুই থাকিবলৈ কোৱা আছিল তাত। মই সৰ্বজ্ঞানীয়ে ‘হাইপোক’ন্দ্ৰিয়া’ৰ অৰ্থ বুজাৰ লগে লগে ৰেফাৰ কৰা ডাক্তৰ গৰাকী যে মানসিক ৰোগৰ ডাক্তৰ সেইয়া বুজিবলৈ বাকী নাথাকিল।

মনতে ভাবিলোঁ- আৰু গুগোল কৰ বেটা!

উপসংহাৰ:
মোৰ বেমাৰ সেইদিনা ডাক্তৰৰ চেম্বাৰ এৰাৰ পাছতেই ভাল হ’ল। আনগৰাকী ডাক্তৰৰ ওচৰলৈ যাবলগীয়া নহ’লেই! আজিকালি মই সকলো কথাতে গুগোল কৰা স্বভাৱটো কিছু এৰিছোঁ। বিশেষকৈ বেমাৰৰ ক্ষেত্ৰত গুগোল নকৰো বুলি কাণত ধৰি থৈছোঁ। আনকো গুগোল নকৰাৰ উপদেশ দি ফুৰোঁ আজিকালি। এইটোও এটা নতুন অভ্যাসেই হৈ গ’ল। যোৱাকালি বাটত ছাগলী এটাকো বুজাই থৈ আহিছোঁ। বোলো ভাইটি, য’তে ত’তে গুগোল নকৰে নহয়! সি বেটাই ৰাস্তাৰ মাজতে গোল গোলকৈ গু কৰি আছিল বুজিছে!

☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply

Your email address will not be published.