ফটাঢোল

বীণাপাণি আৰু হানী  – পাৰ্থপ্ৰতিম বুজৰবৰুৱা 

ছানী ছানী ছানী ছানী

পানী পানী পানী পানী……

: ধেই, কিহৰ অর্ডাৰ দিছ মায়েৰক? এইমাত্র আহি ঘৰ সোমাইছ, আৰু কিহৰ অর্ডাৰ? পানী লাগে নিজে লৈ খা। ইহ একেবাৰে নবাব ওলাইছে।

: উহ পাপা কি বকি থাকাহে তুমি? ক’ত কাক অর্ডাৰ দিলোঁ‌? পানী নাখাওঁ‌ মই, গান গাইছোঁ‌। ইমান যে আউটডেটেদ নহয় তুমি।

: ইহ গান গাই সি। সেইটো কিবা গান হ’ল তাৰ। মাকৰ মূৰটো গাইছে তাৰ।

: পাপা যা তা কথা নক’বা দেই, এনেই টেমা গৰম হৈ আছে। এইমাত্র পূজাৰ বজাৰ কৰি আহিছোঁ‌। ইফালে কেইজনমানে পইছা দিয়াই নাই।

: হেই হেই কি টেমা গৰম হোৱা কথা কৱ? গৰম হ’বলৈ টেমাত আছে কি তোৰ? লাজ নাই অলপো, ক্লাছ নাইনতে দুটা বছৰ খেদালি, মেট্রিকটো চাগে ৱর্ল্ড ৰেকর্ডে বনাবি গেলা মাৰি মাৰি, সি আৰু সৰস্বতী পূজা পাতে। মোৰতো সন্দেহেই আছে ক্লাছ টেন পাবি যে, যিহে সৰস্বতীৰ পিছত পৰিছে৷

: কিয়নো জেকাই থাকেহে ল’ৰাটোক অনবৰতে। অলপ সামাজিক হ’ব খুজিছে, তাতো আপুনি বেয়া পাইনে? পঢ়া নোৱাৰিলে বুলি সি পূজাৰ ছেক্রেটাৰী হ’বও নোৱাৰিবনে? (সাদৰী মাকে  পাকঘৰৰ পৰা ওলাই আহি ক’লে)

: অ মা চোৱানা, এইমাত্র মিউজিক চিষ্টেম, লাইট, পেণ্ডেল এইবিলাক মইয়ে ঠিক কৰি আহিলোঁ‌, আৰু মোকেই পাপাই ইনচাল্ট দিয়ে টেমাত একো নাই বুলি।

: বাহ বাহ, সৰস্বতী পূজাত মিউজিকো লগা হ’ল? অই গাধ, মন্ত্র শুনিবিনে গান শুনিবি? – দেউতাকৰ কামোৰ কমক চাৰি বাঢ়িবহে ধৰিলে।

: পাপা ব’ৰ নকৰিবা দেই প্লিজ। আমাৰ পূজাত বহুত গেষ্ট আহিব। তেঁওলোকে কি পুৰোহিতৰ মন্ত্র শুনি থাকিব? আৰু পূজা পতা বুলি কাষৰ মানুহে গম পাবতো লাগিব না। চো মিউজিক লাগিবই। তোমালোক বুঢ়ামানুহবোৰ সেই অ’ল্দ ফেচন হৈয়ে আছা।

: হ’ব দিয়া বাবা, এতিয়া ভাত বাঢ়োঁ. তোমাৰ বহুত কষ্ট হৈছে। এতিয়া সোনকালে শুৱা। ৰাতিপুৱা সোনকালে উঠিবই লাগিব নহয়।– সাদৰী মাকে পুতেকৰ কষ্ট দেখি ৰ’ব নোৱাৰি ক’লে৷

দেউতাকৰ কিন্তু বকা শেষ নহ’ল – “হ’ব দে দেখিম নহয়, কি পূজা পাতিবি গম পালোঁ‌। ৰাতিপুৱা যদি মোৰ পকেটৰ পৰা পইছা নোহোৱা হয়, গম পাবি কি কৰোঁঁ।‌ তোৰ পিঠিত ড্ৰামচেট বজাম মই। পঢ়া শুনাৰ মতলব নাই, সৰস্বতী পূজা পাতে। তঁহতৰ উৎপাতত সৰস্বতীৰো বিতৃষ্ণা জাগিছে, ভাল কেইটাকো আশীর্বাদ দিব নাহে এইবাৰৰ পৰা।”
: ধুৰৰ, কিনেকা কামোৰ বে। তোমাৰ পকেটৰ পইছা নিনিও। ১০০ টকাকে উঠাইছো মেজিক কেইখনৰ পৰা। এইবাৰ নিজৰ পইছাৰে বাইক ঘূৰাম।

: অ দাবী ধমকি দি পইছা উঠাইছ লোকৰ পৰা, এতিয়া নিজৰ পইছা বুলি গৰম দেখাইছ। খালি খালি, বাপেৰৰ মান- ইজ্জত গোটেই শেষ কৰিলি।

বুঢ়াক বলে নোৱাৰি পুতেকৰ ইম’ ডায়লগ- “ধুৰ ঘৰখনত অলপো শান্তি নাই। নাখাও ভাত-ছাত একো। ভাল কাম এটা কৰি্লেও জগৰ লাগে।”

ল’ৰা গ’ল নিজৰ ৰূমলৈ। দর্জাখন ধাচকে মাৰি দিলে৷ কৰবাতটো খংটো দেখুৱাব লাগিব নহয় । দুইপাত জোতা দলিয়ালে দুই ফালে। বিছনাত পৰি হেডফোনডাল লগালে কাণত আৰু মিউজিক ষ্টার্ট কৰি দিলে ……

আজ ব্লু হে পানী পানী

ছানী ছানী ছানী………

☆ ★ ☆ ★ ☆

4 Comments

  • সুকুমাৰ গোস্বামী

    প্ৰথম প্ৰয়াসতে চুপাৰ হিট

    Reply
  • Abhijit Goswami

    বঢ়িয়া লাগিল

    Reply
  • Pranita Goswami

    বাস্তৱৰ ছবি। বঢ়িয়া লাগিল।

    Reply
  • মানসী বৰা

    সুন্দৰ ব্যংগত্মক ৰচনা..ভাল লাগিল ..বাস্তৱ ছবি এখন দেখিলো

    Reply

Leave a Reply

Your email address will not be published.