ফটাঢোল

বুক ফেয়াৰ – বিকাশ শইকীয়া

কেতিয়াবা অফৱাৰ্ড চিটুৱেচনত পৰি যাওঁ, না ঘৰ কা হওঁ না ঘাট কা, কিন্ত কিছুদেৰিৰ পাছত গম পাওঁ যে, মোৰ নিচিনা ধোবী কা ডগ বহুত আছে, তেতিয়া মনটো একেবাৰে পাতলি যায়।

বুক ফেয়াৰলৈ গৈছো, চাণক্য দা অহাৰ কথা আছে, একেলগে কিতাপ চিলেক্ট কৰি কিনিম, ১৪ দিন অনবৰতে পঢ়িম…… বুক ফেয়াৰ পাই চাণক্য দা লৈ ফোন কৰিলোঁ।

-“ক’ত?”

-“আৰে তই পালিহিয়েই নেকি? ইমান জলদি? মোৰ অলপ দেৰি হ’ব।”

-“কিমান দেৰি?”

-“এঘন্টামান লাগিব।”

ঘড়ীটোলৈ চালো, চাৰি বাজি পঞ্চলিশ মিনিট, পাঁচটা বজাত টাইম আছিল, এতিয়া চাণক্যদা এঘন্টা দেৰিকৈ আহিব, কি কৰিম? বাহিৰত ব’ৰ হৈ যাম, পাঁচ টকীয়া টিকট কাটি সোমাই দিলো….
বুক ফেয়াৰত ইফালে সিফালে চকু ঘূৰাই আছোঁ। কোনোবা চিনাকি ওলাই নেকি, নাই, চিনাকি চেহেৰা নাইয়েই। বুক-ফেয়াৰত ডা° পলচৰ ষ্টল এখন আছে, তাতেই টাইম পাছ কৰোঁ বুলি খোজ দিলো।

-“আৰে চইকীয়া নহয়নে….”

কোনোবাই পিছফালৰপৰা মাতিলে, ঘুৰি চালো, প্ৰশান্ত বৰ্মন, বৰ্মনদাক মই কোম্পানীৰ ট্ৰেইনিং এটাত লগ পাইছিলোঁ, চিৰিয়াচ গহীন-গম্ভীৰ মানুহ

-“আৰে বৰ্মন দা, কি খবৰ?”

-“ভাল, বলা অলপ চাহ-কফি খাওঁগৈ

ভালেই পালোঁ, অন্তত অলপ টাইম পাচ হ’ব, বৰ্মনদা গহীন মানুহ, বৰ্মনদাৰ আগত মোৰো চিৰিয়াছ ইমেজ এটা আছে। বুক ফেয়াৰত থকা ৰেষ্টোৰেন্টত বহিলো। চিৰিয়াছ ডিচকাচন ষ্টাৰ্ট হৈ গ’ল, কোম্পানীৰ মাৰ্কেটিং পলিচি, শ্বেয়াৰ ভেলু, অইল ইন্দ্ৰাষ্ট্ৰিৰ লেটেষ্ট টেকনোলজি, একেবাৰে টেকনিকেল ডিচকাচন, কফি আহিল, টপিক চেঞ্জ হ’ল, আম আদমী পাৰ্টি, কেজৰিৱালে দিল্লীত লাইটৰ বিল কেনেকৈ কমাব, কনজিউমাৰ ইকনমি, ডিচকাচন কিন্ত একদম চিৰিয়াচ, কোনো বাজে কথা নাই।

কফিকাপৰ আধা শেষ হ’ল, সময় পাঁচ বাজি বিশ মিনিট, বৰ্মনদাই কোম্পানীৰ বিদেশৰ জইন্ট-ভেঞ্চাৰৰ লাভালাভৰ প্ৰজেকচনৰ বিষয়ে এনালাইচিচ কৰি আছে, ময়ো চিৰিয়াছ এক্সপ্ৰেচন দি মনোযোগৰে শুনি আছো।

-“আৰে, আপুনি বিকাচদা নহয় জানো?”

ভইচটোৰ পিনে চালোঁ, য়’ টাইপৰ ৰকষ্টাৰ এপিয়াৰেন্সৰ ল’ৰা এটা, দীঘল কেঁকোৰা চুলি, হাফ-ফ্ৰেন্সকাট ডাঢ়ি, কাণফুলি।

-“হয়, কিন্ত তুমি?” মই ক’লোঁ

-“মই ৰক্কি, আপোনাৰ ফেচবুক ফ্ৰেণ্ড।”

-“আচ্ছা, ৰক্কি, মানে ৰাজকমল গগৈ, দুলীয়াজানৰ নহয়জানো?”

-“হয় হয়, আপুনি কিন্ত তামাম ফানি দেই, তামাম ফানি ফানি আপদেট দিয়ে, ঝাক্কাছ, একদম ফানি লাগে, চিল হৈ যাওঁ……….” কাণফুলিয়ে উৎসাহিত হৈ ক’লে।

কাণফুলিয়ে ফানি কেইটা অলপ জোৰ দিয়ে কৈছিল, বৰ্মনদাৰ আগত মোৰ চিৰিয়াছ ইমেজ আৰু তামাম ফানি একেবাৰে নিমিলিল।

-“আকি, বিত্তু, এইফালে আহি যা, এইয়া বিকাচ দা, ফানি পাৰ্চন, মই যে কৈ থাকোঁ ফানি ফানি ষ্টৰী আপদেট দিয়ে যে।”

কাণফুলিয়ে তাৰ জি.এফ আংকিতা আৰু ফ্ৰেন্ড বিতুপনক চিনাকি কৰাই দিলে। বিতুপনে ৰজনীগন্ধা প্লাছ তুলচীৰ মিক্সাৰ মুখত ভৰাই নাইচ টু মিট ইউ বুলি মোৰফালে হাতখন আগবঢ়াই দিলে, বিত্তুৰ থুতুৰিতো এটা ফুলি……ইমানদিনে মেইনটেইন কৰি থকা চিৰিয়াছ ইমেজটোৰ বৰ্মনদাৰ সমুখত মা বহিন হৈ গ’ল!

বৰ্মনদাৰ সমুখত মোৰ চিৰিয়াছ ইমেজৰ ধজ্জিয়া উৰাই কাণফুলি, নাকফুলি আৰু থুতুৰিফুলি গ’লগৈ। মই সেমেনা সেমেনিকৈ বহি থাকিলো। নিজৰ ওপৰতে খং উঠিল, চাল্লা কি দৰকাৰ ফেচবুকত জকচ্ লিখিবলৈ, এতিয়া মোৰে জকচ্ বনি গল, ধেই, আজিৰেপৰা ফেচবুক ডি এণ্ড, ইমেজ ৰিক্ৰিয়েট কৰিবলৈ বহুত দিন লাগিব।

-“ফেচবুক নেকি?” বৰ্মনদাই নীৰবতা ভাঙি সুধিলে

-“মাজে মাজে কিবা-কিবি এনেয়ে আপদেট দি থাকোঁ, মানুহে লাইক মাৰে, কমেন্ট দিয়ে।”

-“সুৰাঞ্জনা দি. বৰ্মনক চিনি পোৱানে?”

আৰ.ডি.বৰ্মন, এছ.ডি.বৰ্মনৰ নাম শুনিছো। কিন্ত সুৰাঞ্জনা দি. বৰ্মন? গান চান গায় ছাগে?

-“নামটো শুনা শুনা লাগিছে, কিন্ত চিনি নাপাওঁ।” মই কলোঁ

-“কিয় ফেচবুকৰ ফ্ৰেণ্ডলিষ্টত নাই নেকি?”

-“নাই।” বহুত ভাৱি চিন্তি উত্তৰ দিলো।

-“কোনো কথা নাই।” এইবুলি বৰ্মনদাই বেগটো খুলিলে

বেগৰপৰা বৰ্মনদাই কিতাপ দুখন উলিয়ালে,

-“এইদুখন লোৱা। কবিতাৰ কিতাপ। সুৰাঞ্জনাই লিখিছে, ‘ৰাতিৰ জোনাকী’ আৰু ‘পুৱাৰ হেঙুল’।”

কিতাপ দুখন মোক হেণ্ড ওভাৰ কৰি বৰ্মনদাই কলে

-“নকবা বুজিছা, প্ৰথমতে ঠিকেই আছিল, সুৰাঞ্জনাৰ কুকিংৰ হবি আছিল, সদায় নতুন নতুন ডিছ বনায়, ইটালিয়ান, ফ্ৰেন্স,চাইনিজ….. নিমখ-চেনী কম-বেছি হ’লেও মৰমত কমপ্লিমেন্ট দি থৈ দিওঁ, কিন্ত এই ফেচবুকডাল! সুৰাঞ্জনাই কলেজত থাকোঁতে কবিতা লিখিছিল বোলে। এদিন কবিতা এটা পোষ্ট কৰি দিলে, কিবা লাইক আৰু কমেন্ট আহিল বোলে। তাৰ পাছত সদায় কবিতা লিখে, আপদেট দিয়ে, মোৰ ইটালিয়ান-চাইনিজ ডিচৰ মুদা মৰিল।”

বৰ্মনদা অলপ চিৰিয়াছ হৈ পৰিল।

-“তাৰ পাছত?” ময়ো তেতিয়া চিৰিয়াছ মুডত

-“তাৰ পাছত, এদিন সুৰাঞ্জনাই ক’লে যে সকলোৱে তাইৰ কবিতা এপ্ৰিচিয়েট কৰে, ভাল পায়, কবিতাৰ কিতাপ উলিয়াব। মোৰ কথা পাত্তাই নিদিলে। এই যে অলপ আগতে অহা কাণফুলি, মানে ৰকি, সিও সুৰাঞ্জনাৰ ফ্ৰেন্ড। তাইৰ সৱ কবিতাতে লাইক-কমেন্ট মাৰে….ৱাও, নাইচ, মাষ্টাৰ পিচ……এইধৰণৰ কমেন্ট দি মানুহবোৰে তাইক জেক দি দি উঠাই দিলে জানানে! মই কলো ঠিক আছে কিতাপ উলিয়াম। দুশমান কপি চপাও, কিন্ত সুৰাঞ্জনা নাচোৰবোন্দা। তাইৰ আপদেটত দুশ-তিনিশ লাইক আহে বোলে। প্লাছ বাকী ফ্ৰেণ্ড আৰু জেনেৰেল পাবলিক আছেই, এহেজাৰ কপিকৈ প্ৰিন্ট কৰিলো। ভাল কোৱালিটিৰ পেপাৰত। পইচা পাতি দি সাহিত্যিক এজনক মাতি প্ৰেছ ক্লাৱত উন্মোচন কৰালো। ভাড়াতীয়া দৰ্শক গোটালো, পেপাৰত এড! চাৰিমাহৰ দৰমহা চেটেপ।”

বৰ্মনদা আৰু অলপ চিৰিয়াচ হৈ গ’ল !

-“চেল কেনেকুৱা?” মই লাহেকে সুধিলো

-“বিছ কপিও বিক্ৰী হোৱা নাই, কিন্ত সুৰাঞ্জনাই মনত দুখ পাব বুলি তাইক বিক্ৰী ভাল বুলিয়েই কৈছো। হাজাৰ হলেও মোৰেই ৱাইফ দিয়াছোন, কিতাপ দুখন ৰাখা, পইচা পিছত দিলেও হ’ব।”

বৰ্মনদাৰ চেহেৰাত চিৰিয়াছনেচৰ চাপ। ইতিমধ্যে কফিকাপ শেষ হ’ল, কিতাপ দুখন ললো। চাণক্য দাই ফোন কৰিলে। আহি পালে বোলে। মোক বিদায় দি বৰ্মনদাই আশে পাশে অইন চিনাকি মানুহ বিচৰাত লাগিল।

★★★★

Leave a Reply

Your email address will not be published.