ফটাঢোল

বুদ্ধত্ব-প্ৰাপ্তি – চয়ন বৰদলৈ

হায়াৰ ছেকেণ্ডাৰীলৈকে অসমীয়া বিষয়টো পাঠ্যক্ৰম হিচাপে পঢ়িছিলো৷ তাৰ পিছত পাঠ্যক্ৰম হিচাপে অসমীয়াৰ লগত যোগাযোগ নাই। নম্বৰৰ তুলনাৰে নহয়, অসমীয়াত ইমান বেছি গাধা নাছিলো। বেলেগবোৰতকৈ ভাল ভাল নম্বৰেই পাইছিলো (যদিও পৰীক্ষাত পোৱা নম্বৰ উপেক্ষণীয় বিষয়)। তাৰ পিছত ‘লাইন’ বেলেগ হ’ল। মোৰ লগৰ কিছুমান মূলসুঁতিতে থাকি গ’ল আৰু অধ্যৱসায় আৰু একাগ্ৰতাৰ জড়িয়তে এতিয়া অসমীয়া সাহিত্যৰ বিভিন্ন দিশত বিশ্লেষণাত্মক গৱেষণা কৰিছে। কোনো কোনোজনে গল্প লিখিছে, কোনোৱে কবিতা লিখিছে। মই আজিকালি পঢ়ুৱৈ। কিছুমানৰ কবিতা বুজোঁ, বেছিভাগৰে নুবুজোঁ। নুবুজোঁ মানে কিছুমানৰ কবিতা দেখিলে পেটতে হাত-ভৰি লুকাই, চৰম হীনমন্যতাত ভোগো। অৰ্থ উদ্ধাৰ কৰিব নোৱাৰি মূৰটো পকাত আঁচাৰি আঁচাৰি ভাঙিবলৈ মন যায়। হেৰৌ এইটো মূৰ হ’ল নে, অসমীয়া ভাষাৰ কবিতা এটা বুজিবলৈ শকতি নাই! দুঃখ লাগে, ভাগি পৰোঁ। হঠাৎ কিয় ইমান গাধা হৈ গ’লো ভাবি পাৰ নাপাওঁ।

এজন দাদাই কাব্যচৰ্চা কৰে। মাজে মাজে দুই এটা পঢ়িবলৈ দিয়ে। পঢ়োঁ যদিও সমূলি বুজি নাপাওঁ। সৃষ্টিৰ আনন্দত তেওঁৰ পোহৰ হৈ থকা মুখখনলৈ চাই “বৰ ভাল লাগিল” বুলি কৈ থওঁ। তাৰ বাহিৰে আৰু একো উপায় নাই। মন্তব্য দিবলৈতো ভাষা নাইয়েই। একোডাল বুজিয়েই পোৱা নাই!!

এবাৰ তেওঁ এটা কবিতা লিখিলে। কবিতাটোৰ কিয়দংশ এনেধৰণৰ…

‘চাবোনৰ দুঃখ কোনে বুজিব
কিয় আপোনজন হৈ যায়
প্ৰেমৰ অন্তৰীণ
ক্লেদাক্ত ধৰাৰ
গোলাপী নিচাত
কামদেৱৰ দুৰ্জয় বানৰ
দুৰ্মদ গতি
অমানিশাৰ অট্টহাস্য
ৰ ৰাজনীতি নকৰিবি
ক্ষয়িষ্ণু পৃথিৱী।’

মোৰ হতবাক হোৱাৰ পাল। কথাটো কি? ইয়াতকৈও ডাঙৰ, আৰু ভয় লগা কথা হ’ল কবিতাটোৰ সমালোচনাভাগ ইতিবাচকভাৱে কিদৰে কৰিব পাৰি সেইটো অলপ বুজাই দিব লাগে। হয়তো কাৰোবাৰ দ্বাৰা লিখাই ল’ব। মোৰ অৱস্থা ‘ফাট মেলা বসুমতী পাতালে লুকাওঁ’! কাণ দুখনেদি গৰম বায়ু নিৰ্গত হ’বলৈ ধৰিলে। “বুজা নাই” বুলি কোৱাত অসুবিধা আছে, কাৰণ ইয়াতকৈ ভয়াবহ কবিতাও মই প্ৰশংসাৰে উপচাই থৈছো। কবিতাটো আকৌ পঢ়িলো৷ সেইদৰে আৰু দুবাৰমান পঢ়িলো৷ লাহে লাহে কৈ গ’লো,

-“বৰ সুন্দৰ কবিতা। ব্যতিক্ৰমী। চাবোনে যিদৰে লেতেৰা পৰিষ্কাৰ কৰি কৰি নিজেই ক্ষয় যায়, মানুহৰ প্ৰেমো সেইদৰে নিঃস্বাৰ্থ আৰু নিঃচৰ্ত হোৱা উচিত। প্ৰেমৰ নামত বন্দীত্বৰ বোজা গ্ৰহনযোগ্য হ’ব নোৱাৰে। কিন্তু আজিকালিৰ প্ৰেম এনে নহয়। দৈহিক বিষয়টোৱেহে আগস্থান পায়। ৰাজনীতিয়েই পৃথিৱীখন শেষ কৰি আনিছে। অশ্লীল শব্দৰ প্ৰয়োগেৰে আজিকালিৰ প্ৰেম, আজিকালিৰ ৰাজনীতিৰ লগতে অৰ্থহীন ৰক্ষণশীল সমাজকো উপলুঙা কৰিছে।……”

আৰু কি কি ক’লো মনত নাই, মুঠতে ‘কবিতাটো খুবেই ভাল হৈছে’ এই কথাটো বুজাই দিলো। তেওঁ ডাঙৰ ডাঙৰকৈ চকুহাল মেলি মোলৈ চাই আছিল। বোলে,

-“তুমি যিমানখিনি কথা ক’লা, সিমানখিনি চিন্তা কৰি মই লিখাই নাছিলো৷

মই ক’লো,

-“মানে? তেন্তে কেনেকৈ লিখিলে?”

তেওঁ ক’লে ফেলেককৈ হাঁহি এটা মাৰি,

-“হেই মই পেপাৰবোৰত ভাললগা শব্দবোৰ আণ্ডাৰলাইন কৰি কৰি থৈ দিওঁ।”

-“অঁ, তাৰ পিছত?” মই সুধিলো।

-“তাৰ পিছত গোটেই শব্দবোৰ লুডুগুটি টেমাত সুমুৱাই জোকৰাৰ দৰে পেপাৰবোৰ চাই চাই ব্ৰেইনত সুমুৱাই লৈ জোকাৰি দিওঁ। খিচিৰি হৈ যায়। খিচিৰি কলপাতত বাঢ়ি দিয়াৰ দৰে বগা কাগজত সেইবোৰ বাঢ়ি দিওঁ। অৱশ্যে বিভক্তিবোৰ সঠিক জেগাত লগাবলৈ চেষ্টা কৰোঁ। আৰু কি জানানে নাই, সহজে বুজি পোৱা কবিতাৰ গ্লে’মাৰ নাই নহয়!”

★★★★

Leave a Reply

Your email address will not be published.