ফটাঢোল

বুদ্ধিয়ক চোৰ-জয়ন্ত গগৈ

কলেজৰ ল’ৰাৰ হোষ্টেলটো চহৰৰপৰা এক আওহতীয়া ঠাইত থকা হেতুকে বহু ছাত্ৰই হোষ্টেলত নাথাকি কলেজৰ ওচৰতে ভাৰাঘৰ লৈ থাকিবলৈ লৈছিল। কলেজৰপৰা অলপ দূৰত ডাঙৰ অসম আৰ্হিৰ ঘৰৰ এটা পাৰ্টত দ্বিজেনদা, অবিনাশদা, ৰবীন, লুকু আৰু মোক ধৰি আমি পাঁচজনে ভাৰা লৈ আছিলোঁ। ঘৰটোৰ অন্য পাৰ্টত নেপকোৰ কেৰাণী চাংমাইদা, দিলীপদা আৰু ড্ৰাইভাৰ ৰূপমদাহঁত আছিল। আমাৰ দুজনমানৰ ক্লাছৰ সময়বোৰ বেলেগ বেলেগ হোৱাৰ বাবেই ৰূমৰপৰা যোৱা-অহাত প্ৰায়ে ইফাল-সিফাল হৈছিল। ইফালে দুপৰীয়া আহাৰ খাবলৈ নেপকোৰ দাদাকেইজন প্ৰায়ে ৰূমলৈ আহিছিল। কেতিয়াবা কামৰ হেঁচা পৰিলে সন্ধিয়া সময়তহে ৰূমলৈ উভতিছিল। আমি থকা ঘৰটোৰ বাৰীৰ পিছফালে কেইবাঘৰো মানুহ আছিল। ঘৰৰ চাৰিসীমা বেৰাৰ সোঁকাষেদি এটি সৰু ৰাস্তাৰে সেই কেইঘৰলৈ অহা-যোৱা কৰিছিল। ৰাস্তাটো আমাৰ ৰূমৰ ইমানেই কাষত আছিল যে প্ৰতিবেশীসকল আহ-যাহ কৰিলে আমি ৰূমৰপৰাই গম পাব পৰা হৈছিলোঁ। তিনিটা বছৰে দেখি অহা বা আহ-যাহ কৰি থকা প্ৰতিবেশী দুই-চাৰিজনমানৰ লগত আমাৰ এক সৌজন্যতাৰ পৰিৱেশো গঢ়ি উঠিছিল। দুজনীমান ভণ্টিও চহৰৰ হাইস্কুল, হায়াৰ ছেকেণ্ডাৰী স্কুললৈ অহা-যোৱা কৰিছিল। স্কুল বা টিউচনলৈ অহা-যোৱা কৰা সময়খিনিত আমাৰ ৰূমৰ পৰ্দাবিহীন খোলা খিৰিকীৰ মাজেৰে চকু থৰ কৰি ভণ্টিকেইগৰাকীলৈ চাবলৈ আমাৰ কেউজনৰ মাজত প্ৰতিযোগিতা চলাৰ দৰেই হৈছিল। সেই সময়ছোৱাত খিৰিকীৰ কাষৰ পঢ়া টেবুলত পঢ়িবলৈ মন নকৰাজনেও কিতাপ লৈ বহি লৈছিলোঁ। আহ-যাহ কৰোঁতে ভণ্টি কেইজনীয়েও আমাৰ পৰ্দাবিহীন খোলা খিৰিকীৰ ফালে প্ৰায়েই চোৱা হ’ল। কি ভাল লাগে একো নাজানো! আমালৈ ভণ্টিকেইজনীয়েও চায় আৰু আমিও সিহঁতকেইজনীলৈ চোৱা হ’লো‍ঁ। এনেদৰে চোৱা-চুই কৰি বুকুত এক বুজাব নোৱৰা শিহৰণৰ আমোদজনক বতাহে চুই যোৱা হ’ল। চকুৱে চকুৱে পৰিলে মিচিকিয়া হাঁহিৰ আদান-প্ৰদান হ’বলৈ ধৰিলে। কেতিয়াবা আকৌ ৰবীনৰ মুখেৰে,

: চকুৱে কথা ক’লে, ইমান মৰম লাগে…….

গীতৰ ধ্বনিত ৰূমৰ ভিতৰখন প্ৰতিধ্বনি বিয়পিবলৈ ল’লে। চকুৰ পিৰিতীৰ এক মিঠা মিঠা অনুভূতিৰে দিনবোৰ আগুৱাই যাবলৈ ধৰিলে। লাহে লাহে বুকুখনেও বুজিব পৰা হ’লগৈ দেওবাৰৰ খোলা খিৰিকীৰ চকুৰ প্ৰেমময়হীন নিৰস সময়বোৰক লৈ। আমাৰ চকুৰ পিৰিতীৰ কথাবোৰ লাহেকৈ চাংমাইদা, দিলীপদাহঁতেও জানিব পৰা হ’লগৈ। চাংমাইদাই কেতিয়াবা কেতিয়াবা আওপকীয়াকৈ চিঞৰি সোধেই –

: ঐ ৰবীন, ঐ জয়ন্ত, আজি সাৰ্বজনীন হাইস্কুল বন্ধ নেকি বাৰু!

আমিকেইটাইও পঢ়া টেবুলৰপৰা চিঞৰোঁ –

: বন্ধ বন্ধ, আজি সৱ বন্ধ!

তাৰপাছত ঘৰটোৰ দুয়োফালে হাঁহিৰ ৰ্গিজনীত ঘৰৰ ভিতৰখন গম-গমাই উঠে। তিনিটা বছৰে ঠাইডোখৰত থাকি ভালো লাগিছিল। হাই-উৰুমি নাছিলেই। পঢ়াৰ এক সুন্দৰ পৰিৱেশ আছিল। কেৱল মাথোন চোৰৰ টিঘিল ঘিলনিতহে প্ৰতিঘৰেই ত্ৰস্ত্যমান হ’বলগা হৈছিল। সেইদিনা ওচৰৰে খাটনিয়াৰ খুৰাহঁতৰ চাইকেলখনকেই লৈ গ’ল আগফালৰ বাৰান্দাৰপৰা, তাকো দিনৰভাগতে। ঘৰত কোনো নাই বুলি চোৰবিলাকে কেনেকৈ গম পাই জানো! আমাৰ গৃহস্থী নথকা ঘৰটোতো এদিন নমতা আলহী দিনৰ ভাগতেই ভিতৰত সোমাই ঘটং মটং কৰি থকাৰ সময়তে লুকু কলেজৰপৰা ৰূমলৈ দুপৰীয়া বেলাতে আহিছিল। বন্ধ ঘৰৰ ভিতৰত ঘটং-মটং শব্দ শুনি লুকুৱে-

: ঐ কোন? কোন কোন …

বুলি চিঞৰি দিয়াৰ লগে লগে লগেই ভিতৰৰ শব্দবোৰ নোহোৱা হ’ল। আৰু লুকুৱে আগফালৰ দুৱাৰৰ তলা খুলি ভিতৰ সোমোৱাৰ আগে আগেয়ে পিছদুৱাৰেদি চোৰ দৌৰি পলাই যোৱাহে দেখা পালে। পঢ়িবলৈ অহা ল’ৰাৰ ৰূমত কিতাপ, টেবুল, বিচনাৰ বাহিৰেনো আৰু কিডাল পাব! নেপক’ৰ দাদাহঁতৰ ৰূমত সোমাবপৰা হ’লে কিবাকিবি অলপ হ’লেও পালেহেঁতেন চাগে।

সেইদিনাখন সন্ধিয়াৰ সাঁজ লাগিছিলহে। আমি টিউবেলৰ পাৰত দুজনমানে হাত-ভৰি ধুই আছিলোঁ। তেনেতে পিছফালৰ ঘৰকেইটাৰ গিৰিহঁতসকলৰ মাজত হুলস্থুল লাগিল,

: চোৰ ..চোৰ …ঐ..চোৰ ..ধৰ …ধৰ!

আমিও গোটেইকেইটাই হাতত যি পালোঁ তাক লৈ কাষৰ সৰু ৰাস্তাটোৰ সন্মুখত ৰৈ থাকিলোঁ। তাৰপৰা পলাই আহিব পৰা ৰাস্তা একমাত্ৰ এইটোৱেই যেতিয়া আজি চোৰ ক’ত সাৰি যাব  এই ভাবি ইফালৰ পৰা ‘চোৰ….চোৰ …..চোৰ’ বুলি চিঞৰি চিঞৰি ওচৰ চাপি অহা চিঞৰৰ পম লৈ আমি আটাইকেইটা সষ্টম হৈ ৰ’লোঁ। চোৰ ওলোৱা ঘৰৰ ফালৰপৰা হাতত লাঠি লৈ দুজনে ‘চোৰ চোৰ’ বুলি আমাৰফালে আগুৱাই আহি কাষেদি দৌৰি মূল ৰাস্তাত উঠি দুফালে দুইজন দৌৰিবলৈ ল’লে। আমিও সিহঁত দুইটাৰ পিছে পিছে –

: ঐ ক’ত, ক’ত? কেনি গ’ল? কোনফালে গ’ল অ’

বুলি পিছে পিছে গ’লোঁ আৰু সিহঁত দুটাও আমাৰ পৰা ক্ৰমান্বয়ে দূৰৈত গৈ নেদেখা হ’লগৈ। চোৰ নেদেখি পুনৰাই ৰাস্তাটোৰ সন্মুখলৈ ঘূৰি আহি পাইছিলোঁহিহে, তেনেতে গলিটোৰ ৰাস্তাইদি কেইবাজনেও জুম বান্ধি টৰ্চৰ পোহৰত ফোঁফাই ফোঁফাই আমাৰ ওচৰলৈ আহি

: চোৰ দুটা দেখিলে নেকি?

বুলি সুধিলেহি।

: দাদা আপোনালোক কেইবাজনো ডেকা মানুহ ৰাস্তাৰ সন্মুখতে থকাৰ বাবেহে আজি আমি এশ শতাংশই চোৰ ধৰিব পাৰিম বুলি ভাবি চোৰ.. চোৰ.. চোৰ কৰি ইমানেই চিঞৰিছিলোঁ যাতে আপোনালোকৰ সহযোগত আমি চোৰকেইটা ধৰিবলৈ সক্ষম হ’ম,

বুলি খিৰিকীৰ মুখৰ চিনাকি ভণ্টি এজনীয়ে জুমটোৰ মাজৰপৰা কোৱা কথাষাৰেহে আমাৰ মুখৰ মাত নোহোৱা কৰি পেলালে। তেতিয়াহে আমি বুজিব পাৰিলোঁ –

চোৰ ..চোৰ ..চোৰ বুলি প্ৰথমে চিঞৰি দৌৰি অহা কেইটায়ে চোৰ আছিল! চোৰে চোৰ…চোৰ ..চোৰ বুলি চিঞৰি আহিলে চোৰক ক’ত চিনিব পাৰি।  চোৰে আমাৰকেইটাকে মূৰ্খ সজাই সাৰি গুচি গ’ল!

চোৰক মোৰে নাপায়, গিৰিহঁতকহে মোৰে পালে।

☆ ★ ☆ ★ ☆

One comment

  • কাবেৰী মহন্ত

    মজা লাগিল জয়ন্ত৷ চোৰে ঠগি দিলে

    Reply

Leave a Reply

Your email address will not be published.