ফটাঢোল

বুদ্ধেশ্বৰৰ দেৱী দৰ্শন – ৰঞ্জিত কুমাৰ শৰ্মা

বাহিৰত বৰষুণজাকে ধাৰাসাৰ ৰূপ ল’লে। ফিৰ-ফিৰিয়া বতাহে বৰষুণজাকক কোবাইছে। হঠাৎ বিদ্যুৎ সংযোগো নোহোৱা হৈ পৰিল। ইনভাৰ্টাৰৰ চুইচটোও বন্ধ কৰি থোৱা আছিল বোধহয়। কোঠাটো আন্ধাৰ হৈ পৰিল। কাগজ-কলম লৈ বিছনাতে বহি থকা বুদ্ধেশ্বৰে ফোনত থকা টৰ্চৰ পোহৰেৰে ইনভাৰ্টাৰৰ কাষ চাপিবলৈ বুলি ভাবি বিছনাতে ৰখা আই ফোনটো খেপিয়াই বিচাৰিলে। কিন্তু তেনেতে দুৱাৰখন হঠাৎ জোৰেৰে মেল খাই গ’ল। মুহূৰ্ততে চকুত চাট মাৰি ধৰা তীব্ৰ পোহৰ এচমকা কোঠাটোলৈ সোমাই আহিল। বুদ্ধেশ্বৰে চকুহাল মুদি দিলে। কিছু সময় পিচত বুদ্ধেশ্বৰে লাহে লাহে চকু দুটা মেলিলে। চকু মেলিয়েই হতচকিত হৈ পৰিল বুদ্ধেশ্বৰ। ই কি? সন্মুখত থিয় হৈ আছে সাক্ষাৎ দশভূজা দেৱী দুৰ্গা! বুদ্ধেশ্বৰে নিজৰ চকু দুটাকে বিশ্বাস কৰিবলৈ টান পালে। দুই হাতৰ প্ৰথমা আঙুলিদুটাৰ পিঠিৰে সি চকু দুটা মোহাৰিলে। তাৰ পিছত সি পুনৰ সন্মুখলৈ ভালকৈ চালে। কিন্তু চকুৱে একো বেলেগ দেখা নাই, সন্মুখত স্বয়ং দুৰ্গতিনাশিনী! তাৰমানে তাৰ সন্মুখত দুৰ্গা গোসাঁনী সো-শৰীৰেৰে উপস্থিত হোৱাটো সঁচা! একে জাঁপে বিছনাৰ পৰা নামি বুদ্ধেশ্বৰে দেৱীৰ ভৰিৰ ওচৰত লাং খাই পৰিল।

: হ’ব হ’ব গেলাসোপা খাই খাই তহঁতৰ লাং খোৱাটো অভ্যাসত পৰিণত হৈছে।– গম্ভীৰ কিন্তু শাসনৰ সুৰত নাৰীকণ্ঠই গুঁজৰি উঠিল।
: এই অধমে কিবা দায়-দোষ কৰিলোঁ নেকি দেৱী? লাং খোৱাৰ পৰা উঠি আঠুঁ কাঢ়ি বহি লৈ বুদ্ধেশ্বৰে হাত যোৰ কৰি মাত লগালে।
দেৱী : এহ্ হ’ব দে। এতিয়া হাতযোৰ কৰিছ। টানত পৰিলেহে কেঁকোৱা স্বভাৱ তহঁতৰ।
বুদ্ধেশ্বৰ : কিন্তু দেৱী, মহিষাসুৰটো ক’ত? তাক ক’ত বধ কৰি পেলাই থৈ আহিল?
দেৱী : সি আহিব বিচৰা নাই। তহঁতৰ মৰ্তত বোলে তাতকৈও ‘ডেঞ্জাৰাছ’ অসুৰ এতিয়া বহুত আছে।তাৰ নিজকে বোলে লাজ লাগে। মণ্ডপত তহঁতৰেই এজনে মুখা এখন পিন্ধি বাগৰি থাকিবি; ৰাইজে ‘লাইফ আৰু লাইভ’ দুয়োটাই দেখিব।
বুদ্ধেশ্বৰ : সেইটো অৱশ্যে বেয়া নহ’ব!
দেৱী : হ’ব দে। কিন্তু বিছনাত বাগৰি কিডাল কৰি আছ সেইটো ক? পূজা পালেহিয়েই। যা-যোগাৰ হৈছেনে?
বুদ্ধেশ্বৰ : যোৱাবছৰৰ বাজেটৰ সৈতে এইবাৰৰ পূজাৰ বাজেটখন মিলাই চাইছোঁ।
দেৱী : অ’ তাৰ মানে তই এইবাৰো ছেক্ৰেটাৰী?
বুদ্ধেশ্বৰ : হয় মা, তোমাৰ আশীৰ্বাদতে আৰু এবাৰ…
দেৱী : চুপ! মোক মিছাতে কিয় বদনাম কৰিছ? তোষামোদকাৰীসকলক কেইবটল গঁড়মাৰ্কাত কিনিছ? চাওঁ ক’ত কিমান বাজেট ধৰিছ?
বুদ্ধেশ্বৰে ভয়ে ভয়ে দুখিলা কাগজ দেৱীৰ পিনে আগবঢ়াই দিলে। দেৱীয়ে সোঁফালৰ হাতত থকা ত্ৰিশূলপাত বাওঁফালে বাহুবোৰৰ মাজত সুমুৱাই লৈ কাগজ দুখিলা ল’লে।
দেৱী : মাত্ৰ দুখিলা কাগজতেই বাজেট?
বুদ্ধেশ্বৰ : বিতং বাজেট বেলেগকৈ বনাই থোৱা আছে। এইখন সহজে পূজা সমিতিক দেখুৱাবৰ বাবেহে।
দেৱী : তহঁত মনুষ্যও কিন্তু আচৰিত প্ৰাণী দেই। দেশত বিত্তীয় মন্দা অৱস্থা চলিছে আৰু এখন পূজাতেই বাজেট ধৰিছ এক কোটি টকা?
বুদ্ধেশ্বৰ : মা, এইটোৱেইটো আমাৰ বাহাদুৰি। মেলা, মহোৎসৱ আৰু মদিৰাৰ বাবে আমাৰ ধনৰ অভাৱ নহয়। আমি নমামি পাতি টকা উৰুৱাব পাৰোঁ। দেশত বিত্তীয় অৱস্থা মন্দা হ’লেও পৰীক্ষাৰ বতৰতো কোটি টকাৰে পুস্কৰমৰ আয়োজন কৰিব পাৰোঁ। তাৰ বাবে আমাৰ, মানে আয়োজকৰ জেপৰ ধন নাযায় নহয়।
দেৱী : সেইবোৰ মোক বুজাব নালাগে। দেৱী দুৰ্গাই পুনৰ বাজেটৰ কাগজদুখিলাত চকু ফুৰালে। সেই সময়তে বুদ্ধেশ্বৰে বিছনাৰ তলত লুকুৱাই থোৱা বটল এটাৰ পৰা এঢোক গিলি ডিঙিটো তিয়ালে।
দেৱী : এয়া কি? প্ৰসাদৰ বিপৰীতে যোৱাবছৰ ধৰিছিলা দহ হাজাৰ টকা। এইবাৰ আঠ হেজাৰযে?
বুদ্ধেশ্বৰ : যোৱাবছৰ মাহ-প্ৰসাদ কিছু পেলাব লগা হ’ল। সেয়ে এইবাৰ অলপ কমাই ধৰা হৈছে। আজিকালি বুট-মগু চোবাবলৈ মানুহে সিমান এটা ভাল নাপায় মা। ইপিনে এছ ডি অ’ ছাৰ আৰু এম এল এ ছাৰে ভোগ মানে খিচিৰিৰ ব্যৱস্থাটো কৰি দিম বুলি কৈছেই।
দেৱী : অকল খিচিৰিতেই এম এল এ চাহাবক এৰিবিনে?
বুদ্ধেশ্বৰ : নহয় দেৱী, তেৱেঁইতো আমাৰ মাই-বাপ। তেওঁৰ উদ্যোগতে এইবাৰ আমাৰ পূজালৈ সাংস্কৃতিক মন্ত্ৰীও আহিব। পৰিৱৰ্তনৰ দিন। কলিকতাৰ পৰা শিল্পী আহিব। তেওঁলোকে মণ্ডপ সাজিব, আলোক-সজ্জাও কৰিব। ত্ৰিশ লাখমান লাগিব বুলি ভবা হৈছে। ইপিনে চাৰিদিন নিশা ফাংচন, শিল্পীও আহিব কলকাতা আৰু মুম্বাইৰ পৰা। পুৰোহিতো অনা হ’ব পুৰীৰ পৰা। সেইবাবে এইবাৰ বাজেট অলপ বেছি।
দেৱী : প্ৰসাদৰ ক্ষেত্ৰতহে তহঁতৰ বাজেট কৰ্তন হয়? তাৰমানে এইবাৰো আমাক কাবুলী বুট, বাটাচা আৰু গেলা কলকে খুৱাবি?
বুদ্ধেশ্বৰ : মা, আপোনালোকেতো মৰ্তৰ খাদ্য নাখায়, ঘ্ৰাণহে লয়।
দেৱী : হেৰৌ পাপিষ্ঠ, নৰাধম মনুষ্য। আমি ঘ্ৰাণ লোৱা মানেইতো খোৱা। তহঁতৰ দৰে তিনি বেলাই ডিঙিলৈকে নিগিলোঁ নহয়।
বুদ্ধেশ্বৰ : হ’ব বাৰু দেৱী মা, আপোনালোকক স্পেচিয়েলকৈ কিবা খুওৱাৰ ব্যৱস্থা কৰিম, সেইটো দায়িত্ব মোৰ।

দেৱী দুৰ্গাই দুয়োখিলা কাগজত আকৌ এবাৰ চকু ফুৰাই ক’লে– পূজাত মীনা বজাৰ কিয়? আৰু, মীনা বজাৰৰ বাবে যে বাজেট ধৰিছ, মীনা বজাৰৰ পৰা টকা পাবিহে?
বুদ্ধেশ্বৰ : টকাটো পিচতহে পাম। তাৰ আগতে কিছু খৰচ আছে নহয় মা। আৰু, মীনা বজাৰ লাগিবই। মীনা বজাৰ হ’লেহে মেলা হ’ব। মীনা বজাৰৰ সুবিধা লৈ খেলবিধো লাগিব নহয়।
দেৱী : খেল? কি খেল?
সেমেনা-সেমেনিকৈ বুদ্ধেশ্বৰে ক’লে- মানে টকা-পইচাৰ খেল। মীনা বজাৰ, জুৱা নাপাতিলে বাজেট মেক-আপ নহয় মা।
দেৱী : এইবাৰ জুৱাও বহুৱাবি? প্ৰশাসনে অনুমতি দিব জানো?
বুদ্ধেশ্বৰ : সেইবোৰ হৈ যাব। এম এল এ ছাৰে কৈ দিলেই হ’ব। আৰক্ষী, সাংবাদিক, সংগঠনৰ নেতা সকলো মেনেজ হৈ যায়। দুই-এজনে আপত্তি কৰি বা লিখি কিডাল কৰিব? আৰু জুৱা আমি ‘অপেনলি’ নবহুৱাও নহয়, সুকীয়া স্থানত বহুৱাম। ভেনা মাখিয়ে আমৰ গন্ধ পাবই আৰু স্থানো বিচাৰি উলিয়াব।
দেৱী : বাৰু বুজিলোঁ দে। তহঁত সঁচাকৈয়ে জীৱশ্ৰেষ্ঠ। দেৱীয়ে পুনৰ কাগজ দুখিলাত চকু ফুৰালে। এইখিনি সময়তে বুদ্ধেশ্বৰে পুনৰ এবাৰ ডিঙিটো তিয়ালে।
দেৱী : হেৰৌ, এইবোৰ কি লিখিছ? যোৱাবছৰ খেলিমেলিৰ বাবদ দুই লাখ টকা খৰচ। এইবাৰ আগতীয়াকৈ ধৰিছ চাৰি লাখ? খেলিমেলিৰ বাবদ? এইটো কি বস্তু?
বুদ্ধেশ্বৰ : দেৱী, সেইটো খৰচৰ বিষয়ে মুকলিকৈ কোৱাত অসুবিধা। সমিতিৰ সভাতো খৰচৰ এই শিতানৰ নামটো দেখুৱাবলৈ ভাল নালাগে‌। এনেই বাৰু এই খৰচটোৰ কথা সকলোৱে জানেই। তথাপি সমিতিৰ মিটিঙত ‘সভ্য’সকলৰ আগত পোনে পোনে নামটো কৈ দিবওতো নোৱাৰি। সেয়ে ‘খেলিমেলিৰ বাবদ’ বুলিয়েই লিখা হয়। আপুনিতো জানেই মা, শক্তিবৰ্ধক, মন-প্ৰাণ ৰিমজিম কৰা পানীয়বিধৰ বাবেই খৰচটো হয়।
দেৱী : বুজিলোঁ বুজিলোঁ। তহঁতৰ বাবে এতিয়া সেইবিধেই মহৌষধ। কেঁচুৱা জন্মিলে স্ফূৰ্তিত পান কৰিবি, মানুহ মৰিলে দুখত গিলিবি। বিবাহ, জন্মদিন, শ্ৰাদ্ধ, বাৰ্ষিক উৎসৱ, উৰুকা, হোলী আনকি বিহুতো তহঁতক সেইবিধ লাগে। পূজাত আৰু নালাগিবনে? ৰজাইও তহঁতৰ সুবিধালৈ চাই বাটে-পথে, অলিয়ে-গলিয়ে দোকান, আই মিন শ্বপবোৰো খুলি দিছে নহয়। এই শ্বপবোৰেই এতিয়া তঁহতৰ ঠিকনা। ৰহিলা বাইহঁতৰ অপেন বাৰবোৰতো আছেই। লাগে ৰহ’ খিলঞ্জীয়া।
বুদ্ধেশ্বৰ : আশীৰ্বাদ কৰিব মা। আমি পূজাৰ স্থান সলনি কৰোঁতে যোৱাবছৰ পূজাথলীৰ ঠিকনাটো তেনেকৈয়েইতো দিছিলো। মানে ব্ৰহ্মপুত্ৰ ৱাইন শ্বপখন পাৰ হৈ সোঁফালে ঘূৰি সাহিত্য সভা ভৱনটোৰ কাষতে পাগলাদিয়া ৱাইন শ্বপখন পায়। তাৰ পৰা ওলপ আগুৱাই আহিলেই হাইস্কুলখনৰ কাষত কলং ৱাইন শ্বপখনৰ ওচৰতেই আমাৰ পূজাথলী। এই ঠিকনাত আহিবলৈ আপোনালোকৰো অসুবিধা হোৱা নাছিল। এইবাৰ অৱশ্যে প্ৰথম দুখনৰ মাজত পৰিত্যক্ত হোৱা লাইব্ৰেৰীটোৰ কাষতে নতুনকৈ এখন বাৰো বহিছে।
দেৱী : হ’ব হ’ব, মোক ৱাইন শ্বপৰ তালিকা দিব নালাগে। আৰু শুন, যোৱাবছৰ তহঁতৰ এই শক্তিবৰ্ধকৰ খালী হোৱা বটলবোৰ যে মণ্ডপৰ পিচফালে দ’ম কৰিছিলি, এইবাৰ সেইটো নকৰিবি। বাপৰে! কি যে গন্ধ ঐ! বেচেৰী লক্ষ্মী আৰু সৰস্বতীৰ অৱস্থা চাব নোৱৰা হৈছিল। ঘৰলৈ যোৱাৰ পিচত দুয়োজনীৰে এসপ্তাহ ধৰি বমি। অমৃতেও কাম নিদিয়া অৱস্থা। কাৰ্তিকটোও বেচেৰা কিছুদিন ভালদৰে খাব নোৱৰা হৈছিল। ইপিনে তহঁতৰ কোনোবা পাষণ্ডই যাবৰ সময়ত পুত্ৰ গণেশকো অলপ ধৰাই দিলে বোধহয়। বেচেৰাটোয়ে যে স্বৰ্গলৈ গৈ কি লটিঘটিখন যে কৰিলে ঐ! গণেশৰ বাবে তিনি দিন স্বৰ্গৰাজ ইন্দ্ৰ পলাই ফুৰিবলগা হৈছিল। আৰু এই অসুৰটোকো চম্ভালিবলৈ কিমান কষ্ট কৰিবলগা হৈছিল মইহে জানো। সিফালে মোৰ ভঙুৱা মতাটো। সেইজনো জানো কম? খবৰ ল’বলৈ অহাৰ চলেৰে বাৰে বাৰে কৈলাশৰ পৰা নামি আহিব খোজে। সৱ তহঁতৰ সেই স্ফূৰ্তি-পানীৰ বাবে হৈছে।
যোৰ কৰি থকা হাত দুখন কপাললৈ তুলি আঁঠু কাঢ়িয়েই বুদ্ধেশ্বৰে কপালত লাগি থকা হাতখন কপালেৰে সৈতে মাটিত লগাই ক’লে– ‘দায়-দোষ মৰিষণ কৰিব মা। এইবাৰ স্ফূৰ্তি-পানীৰ বটলবোৰ আঁৰ-বেৰ ৰাখি সুকীয়াকৈ ডাষ্টবিনত পেলোৱাৰ ব্যৱস্থা কৰা হ’ব। স্বচ্ছ ভাৰত অভিযান চলি থকাৰ কথাটো তুমি জানাই মা।
দেৱী : অ’, আৰু এটা কথা। কাৰ্তিকে যোৱা বছৰ ঘৰলৈ গৈ আপত্তি কৰিছে। কাৰ্তিকৰ ওচৰলৈ অহা ভক্তগণৰ অধিকাংশই হেনো মহিলা আছিল। মহিলাৰ ভিৰৰ উৎপাতত যুৱতী ভক্তই বোলে কাৰ্তিকৰ সৈতে ‘ছেল্ফি’ উঠিবই নাপালে।
বুদ্ধেশ্বৰ : হ’ব মা এইবাৰ কিবা এটা কৰিম।
দেৱী : আৰু এটা কথা। প্ৰতিবছৰে সৰস্বতীৰ ওচৰলৈ অহা ভক্তৰ সংখ্যাও ক্ৰমাৎ কমিছে। লক্ষ্মীক বিচৰা ভক্তৰ সংখ্যাহে বাঢ়িছে। অসুৰটোৰো ‘ফেন’ কিন্তু কম নহয় দেই।
বুদ্ধেশ্বৰ : ভক্তৰ মন বুজা বৰ টান মা। আৰু তেওঁলোকৰ ইচ্ছাৰ বিৰুদ্ধে যোৱাতো অসুবিধা আছে।

এনেতে দুৱাৰেৰে অহা চেঁচা বতাহ এজাক কোঠালৈ সোমাই আহি বুদ্ধেশ্বৰৰ গাত লাগিল। বাহিৰৰ পৰা বৰষুণৰ পানীও ছিটিকি আহি তাৰ গাত পৰিল। খপ-জপকৈ বুদ্ধেশ্বৰ উঠি বহিল। হঠাৎ সন্মুখত থকা দেৱীৰ ৰূপ সলনি হোৱা দেখি বুদ্ধেশ্বৰ হতবম্ব হৈ পৰিল। চকুদুটা মোহাৰি মোহাৰি সি ভালদৰে চালে–ঠিকেইতো আছে। গাত চিকুটিও চালে বুদ্ধেশ্বৰে। সি দিঠকতেই আছে। দহ বছৰ একেলগে থকা মালতীক আৰু সি চিনিবলৈ ভুল কৰিবনে? তেন্তে দেৱী ক’লৈ গ’ল? ‘দেৱী, দেৱী তুমি ক’লৈ গ’লা?’ – উৎকণ্ঠাৰে উচ্চস্বৰে মাতিলে সি। গিৰিয়েক বুদ্ধেশ্বৰৰ গালৈ পানীখিনি মাৰি পঠোৱাৰ পিচত খালী হৈ পৰা জগটো জোকাৰি জোকাৰি মালতীয়ে গুঁজৰি উঠিল– ‘কোন দেৱী?’
বুদ্ধেশ্বৰ : দেৱী দুৰ্গা মা আহিছিল ইয়ালৈ। সো-শৰীৰে আহি মোৰ সৈতে কথাও পাতিছিল।
মালতী : মা দুৰ্গা আহিছিল? কথা ক’বলৈ আহিছে? টেঁটুলৈকে মূত্ৰসোপা গিলি দোভাগ ৰাতি ঘৰ সোমাইছে। টেবুলত ভাতৰ কাঁহী তেনেকৈয়ে আছে। মজিয়াতে লাং খাই পৰি আছে। দুৱাৰখনো জপোৱা নাই।

বুদ্ধেশ্বৰে কিবা ক’বলৈ মুখ মেলিছিলহে, মেলা মুখ মেলাই থাকিল। ঘৈণীয়েক মালতীয়ে শিক্ষকৰ শাসনৰ সুৰত ক’লে– ‘বলক এতিয়া, হাত-মুখ ধুই লওক। চাহ-জলপান খাই কামত লাগিব লাগে। ৰাতিৰ বাচনবোৰ ধুবলৈ আছে, কাপোৰো তিয়াই থোৱা আছে।’

☆ ★ ☆ ★ ☆

5 Comments

Leave a Reply

Your email address will not be published.