ফটাঢোল

বুধনী মূল: বনফুল (বলাইচাঁদ মুখোপাধ্যায় ) অনুবাদ: কৰবী দত্ত

চাকি এটাৰ সৈতে যদি জীৱনক তুলনা কৰা হয় তেন্তে বিলটুৰ জীৱন বন্তিৰ তেল শেষ হৈ আহিছে বুলি কোনোমতেই ক’ব নোৱাৰি। কাৰণ বিলটুৰ জীৱন বন্তিৰ তেল -শলিতা পুৰামাত্ৰাই আছে, শিখাটিও উজ্বল হৈ জ্বলি আছে। কিন্তু জীৱন বন্তিৰ সেই শিখা নিৰ্বাপিত হ’ব। জোৰকৈ ফুৱাই তাক নিৰ্বাপিত কৰা হব। কাইলৈ বিলটুৰ ফাঁচী।

সি দোষী নে নিৰ্দোষী সেই কথা আলোচনা কৰাৰ অধিকাৰ আমাৰ নাই। আইনৰ চকুত সি দোষী প্ৰমাণিত হৈছে আৰু সমাজৰ মংগলৰ বাবে তাক শাস্তি দিয়া হৈছে।  সিদিনাখন কাৰাগাৰলৈ ফুৰিবলৈ গৈ তাৰ আৰ্ত-কৰুণ চিঞৰ নুশুনিলে হয়তো তাক লৈ কেতিয়াও মূৰ নঘমালোহেঁতেন।

“বুধনী, বুধনী, বুধনী, বুধনী, বুধনী” বুলি ভয়াৰ্ত, মিনতিভৰা কন্ঠেৰে সি একেৰাহে চিঞৰি আছিল। বুধনী তাৰ পত্নীৰ নাম।

দুই

হাজাৰিবাগৰ পাহাৰীয়া অঞ্চলত ইহঁতৰ বাসস্থান।  সেই  পাহাৰীয়া গাঁৱতেই চিকাৰ বিচাৰি ফুৰোতে এদিন ধনুৰ্ধাৰী বিলটুৱে মহুৱা গছৰ তলত বুধনীক দেখিছিল। কৃষ্ণাংগী কিশোৰী বুধনী। ছাঁ-পোহৰে খেলা কৰা মহুৱা গছৰ তলত কোনো কিশোৰী দেখিলে সভ‍্য যুৱক এজন যেনে উদাসীনতাৰে আঁতৰি যায় বিলটুৱে তেনে নকৰিলে। বনৰীয়া জন্তুৰ দৰে সি তাইক খেদি গৈছিল। ভীত হৰিণীৰ দৰে বেগেৰে পলাইহে বুধনী ৰক্ষা পৰিছিল। সেইবাৰলৈ তাই ৰক্ষা পৰিছিল হয়, কিন্তু বিলটুৱে তাইক শান্তি দিয়া নাছিল। অসভ‍্যটোৱে তাইক দেখিলেই খেদি গৈছিল।

তিনি

তাৰ পাছত সেই প্ৰতীক্ষিত দিনটো আহিল।

সিহঁতৰ মাজত বিয়াৰ এক বিচিত্ৰ নিয়ম আছিল। কেতিয়াবা কেতিয়াবা ৰাতিপুৱা বিস্তীৰ্ণ পথাৰত ইহঁতৰ সভা বহে। সেই সভাত অবিবাহিত যুৱক-যুৱতীসকলৰ সমাগম হয়। এটা পাত্ৰত অলপ সেন্দুৰ গুলি থোৱা থাকে। কোনো অবিবাহিত যুৱক কোনো কুমাৰী যুৱতীৰ পাণিপ্ৰাৰ্থী হ’লে কপালত সেই সেন্দুৰ লগাই দিব লাগে। সেন্দুৰ লগোৱাৰ লগে লগে কিন্তু যুৱকজনৰ প্ৰাণৰ সংশয় নামি আহে। যুৱতীৰ আত্মীয় স্বজনে ধনুকাঁড়, যাঠি-জোং লৈ যুৱকক আক্ৰমণ কৰে আৰু সেই সময়ত আত্মৰক্ষা কৰিব নোৱাৰিলে যুৱকৰ মৃত্যু নিশ্চিত। কিন্ত যদিহে সি গোটেই দিনটো আত্মৰক্ষা কৰিব পাৰে তেন্তে  বেলি ডুব যোৱাৰ পাছত আত্মীয়-স্বজনে অতি আনন্দেৰে মাদল-বাঁহী বজাই , কোলাহল কৰি কইনাক দৰা ঘৰত থৈ আহেগৈ।

এই শক্তি পৰীক্ষাত উত্তীৰ্ণ হৈ বিলটুৱে বুধনীক জয় কৰিছিল।

এয়া মাত্ৰ কিছুদিনৰ আগৰহে কথা, এতিয়াও দুবছৰ হোৱাই নাই।

চাৰি

অসভ‍্য বিলটুৱে জংঘলী বুধনীক পাই কি ভাষাৰে, কেনে ভংগীৰে প্ৰেম প্ৰকাশ কৰিছিল নাজানো। কল্পনা কৰাটোও আমাৰ বাবে কঠিন। আমি হৈছো চৰা ঘৰত বহা সভ‍্য মানুহ, বৰ্বৰ বন‍্য-দম্পতীৰ আদব-কায়দা আমি নাজানো। যিয়ে গুহাত শুই থকা বাঘক ……..মাৰি বধ কৰে,  হৰিণৰ সৈতে সমানে সমানে দৌৰে, থিয় পাহাৰত অনবৰতে উঠা-নমা কৰি থাকে, পূৰ্ণিমা ৰাতি মহুৱাৰ মদত আনন্দৰ সোঁত বোৱাই দিয়ে তেওঁলোকৰ প্ৰণয়লীলাৰ কল্পনা কৰাৰ দুঃসাহস মোৰ নাই।

কেৱল ইমানেই জানো যে বিয়াৰ পিছত বিলটুৱে বুধনীক অলপ সময়ৰ বাবেও অকলে এৰা নাছিল, এটা মুহুৰ্তৰ বাবেও। হাবিয়ে-বননিয়ে, পৰ্বতে-কন্দৰে এই বৰ্বৰ দম্পতীয়ে অৰ্ধনগ্ন দেহেৰে অবিচ্ছিন্নভাৱে ঘূৰি ফুৰিছিল। বুধনীৰ খোপাত টিকটিকিয়া ৰঙা পলাশ ফুল, বিলটুৰ হাতত বাঁহৰ বাঁহী – সেয়াই সিহঁতৰ সম্বল।

পাঁচ

হঠাতে এটা বিপৰ্যয় ঘটিল।

বুধনীয়ে এটি সন্তান প্ৰসৱ কৰিলে। অকণমানি, অসহায় এটি মানৱ শিশু। বুধনীৰ যে তেতিয়া কি আনন্দ ! বৰ্বৰ মাতৃৰো মাতৃত্ব আছে, সন্তানৰ প্ৰতি থকা তেওঁলোকৰ হৃদয়ৰ বাসনাও মমতাময়ী মাতৃ মূৰ্তিত প্ৰকাশিত হয়। নাৰীত্বৰ জখলা বগাই বুধনীয়ে মাতৃত্বৰ পৃথিৱীত খোজ থয়। বিলটুৱে ভাবিলে -এয়া কি হ’ল? এই শিশুটিয়ে বুধনীক দখল কৰি পেলালে ! বুধনীতো এতিয়া অকলে তাৰ হৈ থকা নাই ! অসহ‍্য!

ছয়

বিলটুক ফাঁচী দিয়া চাবলৈ গৈছিলো। সি মৃত্যুৰ আগমুহুৰ্তলৈকে বুধনী, বুধনীকৈ চিঞৰি থাকিল। ঈশ্বৰৰ নাম পৰ্যন্ত নল’লে।

নৃশংস শিশু হত‍্যাকাৰীটোৰ প্ৰতি কাৰো সহানুভূতি নজন্মিল।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published.