ফটাঢোল

বৃষ্টি আনয়নৰ লগত জড়িত বিভিন্ন ধৰণৰ লোকবিশ্বাস-কলচুম বিবি

প্ৰাচীন কালৰেপৰা আমাৰ সমাজ ব্যৱস্থাত পৰম্পৰাগতভাৱে কিছুমান ৰীতি-নীতি, আচাৰ-অনুষ্ঠান প্ৰচলন হৈ আহিছে। এই ৰীতি-নীতি, আচাৰ-অনুষ্ঠানৰ আধাৰ হৈছে লোকবিশ্বাস। ব্যক্তিৰ জীৱন-মৃত্যু, আকাশ-পৃথিৱী, ৰ’দ-বৰষুণ, জীৱ-জন্তু সম্পৰ্কীয় বিভিন্ন ধৰণৰ বিশ্বাসসমূহৰ বাবেই লোকসমাজত বিভিন্ন ধৰণৰ আচাৰ-অনুষ্ঠান এটা প্ৰজন্মৰপৰা আন এটা প্ৰজন্মলৈ প্ৰচলিত হৈ থাকে।

মানৱ সভ্যতাৰ লগত বৰষুণৰ ওতঃপ্ৰোত সম্পৰ্ক। কৃষিৰ লগত জড়িত লোকসকলৰ বাবে ই এক অধিদৈৱিক শক্তি। যাৰ বাবে তেওঁলোকে বৰষুণ বিচাৰি যজ্ঞত হোম দিছিল। অনাবৃষ্টিৰ ফলত যিদৰে খৰাং হয় সেইদৰে অতিবৃষ্টিৰ ফলতো মানৱ জীৱন বিপদাপন্ন হয়। কৃষি কাৰ্যৰ সময়ত যাতে বৰষুণ নিয়মীয়াকৈ হয় তাৰ বাবে অঞ্চলভেদে বিভিন্ন ধৰণৰ লোকবিশ্বাস প্ৰচলন হৈছিল আৰু সেই বিশ্বাসৰ আলমত সৃষ্টি হৈছিল নানা ধৰণৰ কৃষ্টি। পৃথিৱীৰ চুকে-কোণে বৰষুণৰ লগত জড়িত অনেক উৎসৱ-অনুষ্ঠানৰ নাম পোৱা যায়। অসমতো বিভিন্ন ধৰণৰ জাতি-জনগোষ্ঠীৰ মাজত বৰষুণ আনয়নৰ লগত জড়িত  বিভিন্ন ধৰণৰ লোকবিশ্বাস প্ৰচলিত থকা দেখা যায়। এই বিশ্বাসসমূহ সংকেত লোকবিশ্বাস, যাদু লোকবিশ্বাস আৰু পৰিৱৰ্তিত লোকবিশ্বাস এই তিনিটা ভাগত ভাগ কৰা হয়।

অনাবৃষ্টিৰ সময়ত অসমৰ লোকসমাজত পূৰ্বৰেপৰা কিছুমান বিশ্বাস প্ৰচলিত হৈ আহিছে। যেনে-পানীপিয়া চৰাই আৰু ৱাক চৰায়ে চিঞৰিলে, পাতি হাঁহে বিশেষ ভংগীত টেট-টেটালে,  বিহ পৰুৱা ওলালে, কেচু ওলালে, ভেকুলীয়ে টোৰ-টোৰালে, জোনে মৰল পাতিলে বৰষুণ দিয়ে বুলি বিশ্বাস কৰা হয়। এইবোৰ সংকেত লোকবিশ্বাসৰ ভিতৰত ধৰা হয়। প্ৰচলিত বিশ্বাস অনুযায়ী বৃষ্টি আনয়নৰ বাবে বিশেষ কিছুমান কাম কৰাও দেখা যায়। উদাহৰণস্বৰূপে বেলিমুখীয়া ঢেঁকী চুৰ কৰি খাল, বিল আদিত ওপৰমুৱাকৈ পুতি থয়, বামতে ঠোহা, থোকা, চেপা আদি পাতে, কাঁহী বজায়, বাঘধেনু বজায়, পথাৰত নাঙল, মৈ আদি ওভোতাই পুতি থয়।

বৃষ্টি আনয়নৰ উদ্দ্যেশ্যে বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকসকলে বিভিন্ন ধৰণৰ অনুষ্ঠান বা পূজা অনুষ্ঠিত কৰাৰ লগতে গীত-মাত পৰিবেশন কৰে। ইয়াৰ ভিতৰত হুদুমদেউ পূজা, ভেকুলী বিয়া, হাইদাং পূজা, ইন্দ্ৰ-সূৰ্য পূজা, কমলা কুঁৱৰীৰ গীত ইত্যাদি উল্লেখযোগ্য। এইবোৰ যাদু লোকবিশ্বাসৰ অন্তৰ্গত।

অসমত অনাবৃষ্টিৰ সময়ত বৃষ্টি কামনা কৰি পতা এবিধ লোক-অনুষ্ঠান হৈছে হুদুমদেউ পূজা। অতি পুৰণিকালৰেপৰা পালন কৰি অহা এইবিধ পূজাত বিশেষকৈ তিৰোতাসকলেহে অংশগ্ৰহণ কৰা দেখা যায়। বিবাহিত আৰু বিধৱা তিৰোতাসকলেহে  ইয়াত অংশগ্ৰহণ কৰিব পাৰে। অবিবাহিতা ছোৱালী আৰু পুৰুষসকলে ইয়াত অংশগ্ৰহণ কৰা দেখা নাযায়। অতীতত এটা জীৱন্ত হুদু চৰাই আনি পথাৰত বান্ধি ৰাখিছিল যদিও বৰ্তমান এইবিধ চৰাই পাবলৈ নাই বাবে কলপুলি এটা পুতি এই অনুষ্ঠান পালন কৰে। এই কলপুলিটোক ‘হুদুম খুটা’ বোলে। এই কলপুলিটো সহোদৰ নথকা সন্তানে ৰাতি আন্ধাৰত বিবস্ত্ৰা হৈ একে উশাহতে কাটি আনিব লাগে। এই খুঁটা পোতাৰ সাত দিন আগৰেপৰা সাতজনী অকুমাৰীয়ে কুলা আৰু ঘটি লৈ সাতঘৰ মানুহৰ পৰা পানী আনি জমা কৰি ৰাখে। পূজাৰ দিনাখন নাঙল-যুঁৱলি ধুই সেন্দূৰৰ ফোট দি খুঁটি পোতা ঠাইখিনি তিৰোতাসকলে চহায়। জমা কৰি থোৱা পানীখিনি সেই চহোৱা মাটিখিনিত ছটিয়াই দিয়ে। ইয়াৰ পিছত খুঁটাটো গাত খান্দি পুতি থয়। তিৰোতাসকলে অন্ধকাৰত গোপনে বৃষ্টি আনয়নৰ উদ্দেশ্যে এই কলপুলিটোৰ চাৰিওফালে উলংগ হৈ গীত গাই  নৃত্য কৰি বৰষুণৰ বাবে স্তুতি কৰে। এই গীতবোৰৰ বেছিভাগেই যৌনগন্ধী। তলত হুদুম পূজাৰ গীত এটিৰ কিছু অংশ দিয়া হ’ল।

হুদুমদেউ হুদুমদেউ
আমাক ফুটাক পানী দেও
আমাৰ দেশত নাই পানী
জীৱন ধৰি টানাটানি

বৃষ্টি আনয়নৰ বাবে অসমৰ বিভিন্ন ঠাইত ভেকুলীৰ বিয়া পতা দেখা যায়। লোকবিশ্বাস অনুসৰি ভেকুলীৰ বিয়া পাতিলে বৰষুণ হয়। জেঠ-আহাৰ মাহত যেতিয়া খেতি পথাৰ শুকাই চিৰাল ফাঁ‌ট দিয়ে তেতিয়া ভেকুলীৰ বিয়া অনুষ্ঠিত কৰা হয়। ৰাজহুৱাভাৱে অনুষ্ঠিত এই বিয়াত জ্যোতিষীৰ সহায়ত দিন-বাৰ ঠিক কৰি লোৱা হয় আৰু দুটা খহুৱা ভেকুলী ধৰি আনি বিয়াৰ প্ৰস্তুতি চলোৱা হয়। বৃষ্টিৰ দেৱতা ইন্দ্ৰ বাবে লোকসমাজত ইন্দ্ৰ আৰু ভেকুলীৰ মাজত এক ওচৰ সম্বন্ধ আছে বুলি বিশ্বাস কৰা হয়। সেই কথা ভেকুলীৰ বিয়া গীতৰ দ্বাৰাই উমান পাব পাৰি।

ভেকুলীৰ মূৰৰে           জলঙা পাগুৰি
         ভেকুলীৰ হাতৰে খাৰু
ভেকুলীক বিচাৰি         ইন্দ্ৰ আহিলে
         দেখুৱাই নিদিবা কেৱে।

সোণোৱাল কছাৰীসকলৰ বাইথ’ পূজাৰ তৃতীয় দিনা হাইদাং গীত আৰু হাইদাং নৃত্য পৰিবেশন কৰি বৰদৈচিলাক আমন্ত্ৰণ জনায়। হাইদাং গীতসমূহ সৃষ্টিতত্বমূলক আৰু বৃষ্টি আনয়নৰ লগত জড়িত। মাটিৰ উৰ্বৰতা কামনাৰে তেওঁলোকে আনন্দ-উল্লাস আৰু নৃত্য কৰে। লোকবিশ্বাস অনুসৰি ইয়াৰ ফলত পুৰুষে প্ৰকৃতিৰূপত সক্ৰিয় হৈ বৰদৈচিলাৰ ৰূপত ধৰালৈ নামি আহি ধৰণী উৰ্বৰা কৰে। যাৰ বাবেই সৃষ্টিৰ বীজ অংকুৰিত হয়। হাইদাং নৃত্য ময়ূৰ চৰাইৰ নৃত্য ভংগীমা, বিভিন্ন জীৱৰ স্বভাৱজাত প্ৰবণতা, সিহঁতৰ নিঃসৃত স্বৰধ্বনি আৰু গাজনি-ঢেৰেকনিৰ সৈতে সামঞ্জস্য ৰাখি পৰিবেশন কৰা হয়।

হা হায় ঐ নমো নাৰায়ণ
হায় ঐ নমো নাৰায়ণ,
নমো নাৰায়ণ।
…………….

হা হায় ঐ জল হেনো সৃজইছে
হায় ঐ জল হেনো সৃজইছে
জল হেনো সৃজইছে।
……………..।

অনাবৃষ্টিৰ সময়ত দৰঙৰ খটৰা সত্ৰত সত্ৰৰ ভকতসকলে আগদিনাই ৰীতিমতে সত্ৰত প্ৰতিষ্ঠিত হনুমানক পূজা দিয়ে। পিছদিনা বাহিৰলৈ উলিয়াই আনে। এনে কৰিলে শীঘ্ৰে বৰষুণ হয় বুলি সেই অঞ্চলৰ লোকসকলে বিশ্বাস কৰে। ডিমাছাসকলে ‘মিছেংবা উৎসৱ’ নামৰ এবিধ উৎসৱ পালন কৰে। এই উৎসৱ ভেকুলী বিয়াৰ সমধৰ্মী। লোকবিশ্বাস অনুসৰি বৰষুণ কামনা কৰি এই উৎসৱ পতা হয়। লাংলাই নামৰ আন এবিধ পূজাৰ উদ্দেশ্যও একেই।

অনাবৃষ্টি হ’লে অসমৰ লগতে ভাৰতৰ আন আন ৰাজ্য তথা নেপাল, বেলুচিস্তান আদি দেশতো ভেকুলীৰ লগত জড়িত বিভিন্ন ধৰণৰ  লোকাচাৰ প্ৰচলিত থকা দেখা যায়। নেপালৰ নেৱাৰবিলাকে বৰষুণ বিচাৰি পুখুৰীত ভেকুলী পূজা কৰে। মধ্যভাৰতৰ কোনো কোনো অঞ্চলত ভেকুলী এটা ৰচী এডালত বান্ধি ঘৰে ঘৰে লৈ ঘূৰি ফুৰে আৰু বৰষুণ কামনা কৰি ঘৰৰ গৃহস্থই পানী ছটিয়ায়। উত্তৰ বঙ্গত কিছুমান ঠাইত বৰষুণ বিচাৰি পাঁচঘৰ মানুহৰপৰা পানী তুলি পাত্ৰ এটাত থয়। পিছত সেই পাত্ৰটোত ভেকুলী এটা এৰি দিয়ে। কুমাওন নামৰ অঞ্চলতো বৰষুণ আনয়নৰ বাবে ভেকুলীৰ  লগত বিশ্বাস জড়িত হৈ আছে। বৰষুণ বিচাৰি তেওঁলোকে ভেকুলী এটাক ধৰি ওপৰমুৱাকৈ এজোপা গছত বা খুঁটাত বান্ধি থয়। লোকবিশ্বাস অনুসৰি এনেকৈ বান্ধি থ’লে ভেকুলীৰ প্ৰতি সদয় হৈ দেৱতাই বৰষুণ দিয়ে। ভাৰতৰ কোনো কোনো অঞ্চলত অনাবৃষ্টি হ’লে সম্পূৰ্ণ উলংগ হৈ পথাৰত চিঞৰি ফুৰাৰ পৰম্পৰা আছে। লোকবিশ্বাস অনুসৰি তেতিয়া ইন্দ্ৰই লাজ পাই বৰষুণ দিব। আহমেদাবাদত বৰষুণ বিচাৰি ইন্দ্ৰৰ নামত গাখীৰ ছটিয়ায়। পৰজা নামৰ জাতি এটাই ভীমক ডাৱৰৰ ৰজা বুলি বিশ্বাস কৰে। তেওঁলোকে মাটিত খুঁ‌টা এটা পুতি মন্ত্ৰপুত পানী ছটিয়াই বৰষুণ দিবলৈ প্ৰাৰ্থনা কৰে।

এইদৰে অঞ্চলভেদে বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত বৃষ্টি আনয়নৰ লগত জড়িত বিভিন্ন ধৰণৰ আচাৰ-অনুষ্ঠান, গীত-মাত প্ৰচলিত হৈ আহিছে। বৰ্তমান বিজ্ঞানৰ যুগ। সেইবাবে বহুতে এই ধৰণৰ লোকাচাৰবোৰক অন্ধবিশ্বাস বুলিয়ে ভাবে। যাৰ বাবে কিছুসংখ্যক লোকাচাৰ লোকসমাজৰপৰা হেৰাই গৈছে, যদিও সেইবোৰ সংৰক্ষণ কৰি ৰখাটো সকলোৰে কৰ্তব্য। কাৰণ এই লোকাচাৰসমূহে এটা জাতিৰ লোকসংস্কৃতিৰ ভঁৰাল চহকী কৰে।

তথ্য: ১৷ অসমৰ সংস্কৃতি – ড৹ লীলা গগৈ
       ২৷ ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ পৰিৱেশ্য কলা- ড৹ নবীন চন্দ্ৰ শৰ্মা
       ৩৷ অসমৰ বিভিন্ন জনগোষ্ঠীৰ লোক-উৎসৱ- ধ্ৰুৱকুমাৰ তালুকদাৰ
       ৪৷অসমৰ জনগোষ্ঠীয় লোকসংস্কৃতি- ড৹ চন্দ্ৰ কমল চেতিয়া

☆ ★ ☆ ★ ☆

2 Comments

  • dhiren saikia

    বৰ সুন্দৰ লিখনী,ভাল লাগিল,বিদ্যায়তনিক দিশতো লেখাটোৰ গুৰুত্ব আছে,থাকিব

    Reply
  • পঙ্কজ বৰুৱা

    ভাল লাগিল বৰ সুন্দৰকৈ লিখিলে ৷

    Reply

Leave a Reply

Your email address will not be published.