ফটাঢোল

বেচেৰা ইন্দ্ৰ – বৰ্ণালী ফুকন

অমৰাৱতীত……

ইন্দ্ৰৰাজৰ ৰাজসভাত নৰ্তকী ৰম্ভা আৰু মেনকাৰ নৃত্যই তেওঁৰ মনটো প্ৰশমিত কৰিব পৰা নাই৷ বাৰেবাৰে উৰি যায় ইন্দ্ৰৰ মন মুণি পত্নী অহল্যাৰ কাষলৈ৷ মেনকাই নুবুজিলেও ৰম্ভাই যেন বুজি পাই প্ৰেমিক ইন্দ্ৰৰ কপালৰ ৰেখা পঢ়ি৷ কিহৰ চিন্তাত আছে ইন্দ্ৰ? কিহে খুলি খুলি খাইছে৷ স্বৰ্গৰ অপেশ্বৰী হলেও মন পঢ়াৰ ক্ষমতা দিয়া হোৱা নাই ৰম্ভাক৷ সেইয়াও ইন্দ্ৰৰে বুদ্ধি৷ মন পঢ়িব পাৰিলেই ৰম্ভাই অথন্তৰৰ সৃষ্টি কৰিব৷ তেওঁৰ লিষ্ট কৰি থোৱা কামবোৰত বাধাৰ সৃষ্টি কৰিব ৰম্ভাই৷ আনফালে মেনকাৰ চকুৰ সন্মুখত ইন্দ্ৰই ভালপোৱাৰ মায়াজাল পেলাই থৈছে৷ যাৰ ভিতৰত থাকি মাথোঁ ইন্দ্ৰৰ তাইৰ প্ৰতি থকা প্ৰেমাস্পদৰ প্ৰেমৰ বাহিৰে আন একো নেদেখে৷

ইফালে প্ৰচণ্ড টেঙৰ ইন্দ্ৰক কৈ কৈয়ো ব্ৰহ্মা বিষ্ণু কোনেও মনাব পৰা নাই বিয়াত বহিবলৈ৷ নহলে দেশৰ কথা পাহৰি অকল প্ৰেম সাগৰত অ’ত ত’ত ডুব দিয়েগৈ ইন্দ্ৰই৷ এটা পাৰমেণ্ট ঠিকনা লগাব পাৰিলে অন্তত স্বৰ্গ -মৰ্ত্ত্যৰ মহিলা সকলৰ প্ৰতি ইন্দ্ৰৰ লোলুপ দৃষ্টি আঁতৰাব পাৰিব৷ অমৰাৱতীৰ উন্নতিৰ কথা ভাবিব পাৰিব৷ নহলে মৰ্ত্ত্যতকৈও তলত সৰি পৰিবচোন৷

এদিনটো ব্ৰহ্মাই খৰ খোজেৰে ৰাজসভালৈ সোমাই অহা দেখি ইন্দ্ৰ ৰজা অলপ থতমত খালে৷ মুহূৰ্ততে মন পঢ়িব পৰা ক্ষমতাৰে ব্ৰহ্মাৰ মন পঢ়ি পেলালে৷ ইছাৰা কৰি ৰম্ভা মেনকাক যাবলৈ কলে৷ মন নাছিল যদিও মেনকাৰ পিছেপিছে ৰম্ভা আঁতৰি গ’ল৷

সষ্টাংগে প্ৰণিপাত কৰি ইন্দ্ৰই ব্ৰহ্মাক কলে

-কওক অহাৰ কাৰণ?

-কিয় তুমি গম পোৱা নাই কিহৰ বাবে আহিছোঁ?

বিৰক্তিৰে ক’লে ব্ৰহ্মাই

-মানে আপুনি ভবাটো মই কৰিব নোৱাৰিম৷ এই দায় দায়িত্ব লবলৈ মই নোৱাৰিম৷ লায়েবিটিজ লব পৰাকৈ মই এতিয়াও মেচিউৰদ হোৱা নাই৷

-কি কথা কব আহিছা! এহেজাৰ বছৰ বয়সতো তুমি মেছিউৰদ নাইহোৱা যদি কেতিয়ালৈ হবা হে?

-আৰু কেই হাজাৰ মান বছৰ বয়স হবলৈ দিয়ক৷ মোৰ অভিজ্ঞতা গোটোৱা এতিয়াও শেষ হোৱা নাই৷

-অহ এইবাৰ সেইকাৰণে জীয়ৰী এৰি বোৱাৰীলৈ চকু দিবলৈ লৈছা৷

খংত একশেষ হ’ল ইন্দ্ৰ৷

-আপুনি মোক হ’ল বুলি জোৰজৱৰদস্তি বিয়া পাতি দিব নোৱাৰে৷ দিলেও কি হব জানেই৷ চিত্ৰগুপ্তক কৈ ডিভৰ্চ কেচ ফাইল কৰি দিম হলে৷

এইবাৰ ইন্দ্ৰৰ খং দেখি ব্ৰহ্মা অলপ দমিল৷

-তুমি এগৰাকীকে বিয়া পাতিবলৈ ইমান হুৱাদুৱা লগাইছা কিন্ত কৃষ্ণলৈ চোৱা৷

-ইহ! সেইটোনো কি কথা৷ সেইদিনা ৰুক্মিণীয়ে কৈছে নহয় খংতে “তুমি যোৱা যি কৰা কৰা মোৰ পৰাও লয়েলিটি আশা নকৰিবা“ কৃষ্ণ এতিয়া গৃহ বন্দী৷ আগতে যশোদা মাকে এৰাল দিছিল এতিয়া ৰুক্মিণীয়ে দিছে৷ মই সেইবোৰ বন্দীত্ব খুজি লবলৈও নাই বিয়া পাতিবলৈও নাই৷ মই মুক্ত মনটো ৰিক্ত মই ৰজা ইন্দ্ৰ৷ মোৰ কোনো পত্নী নাই, সংসাৰ নাই, মই মুক্ত, মই ইন্দ্ৰ৷

ব্ৰহ্মাও ফুফুৱাই ওলাই গ’ল ইন্দ্ৰৰ সভা কক্ষ এৰি৷

তেনেকুৱাতে চুলিটাৰি মেলি খেদি আহিল ৰম্ভা৷

-কি শুনিলো মই এইবোৰ৷ তুমি এইবাৰ স্বৰ্গ এৰি মৰ্ত্যৰ মানৱীৰ প্ৰেমত হাবুডুবু খাইছা তাকো বোৱাৰী কোনোবাৰ৷

মেনকাই কান্দি বাউলিজনী হৈ চিঞৰি উঠিল

-হাউ! কোন সেইজনী মই তাইৰ চুলিখিনি ডালডালকৈ চিঙি পেলাওঁ৷ অত দিনে মোক বিয়া কৰাম কৰাম বুলি আভুৱা ভাৰিলে এতিয়া বেলেগলৈ চকু৷ নাচি নাচি গোৰোহাৰে তেজ বোৱালো তথাপি এই ভণ্ড প্ৰেমিক ইন্দ্ৰক সন্তুষ্ট কৰিব নোৱাৰিলোঁ৷

এইবাৰ বায়েক ৰম্ভাই মেনকাক উচুপি কলে

-মই সেইকাৰণে কৈছিলোঁ মাজেমাজে অৱসৰৰ সময়ত পেদিকিউৰ কৰাই থাকা৷ নহলে গোৰোহা ফটা বুলিয়েই ইন্দ্ৰই তাচ্ছিল্য কৰিব৷

বায়েকৰ কথাত খংত একশেষ হৈ চিঞৰি উঠিল মেনকা

-দেখিলোঁ নহয় বিউটি পাৰ্লাৰলৈ গৈ পেদিকিউৰ মেনিকিউৰ কৰি গোৰোহা চিকচিকিয়া কৰিনো ইন্দ্ৰক ক’ত বশ কৰিব পাৰিলা৷

ৰম্ভাই ফুচফুচাই ক’লে

-মোৰ হে দেৱতাৰ বা মানুহৰ কমি হৈছে নে ইন্দ্ৰৰ আগত ঘাঁহ দিবলৈ৷

এইবুলি কৈ সভাকক্ষ ত্যাগ কৰিলে

ইন্দ্ৰই অসহায় হৈ ইফালেসিফালে চাই থাকোঁতে নাৰদ ঠাইতে আহি থিয় হলহি৷

-নাৰায়ণ নাৰায়ণ৷

ইন্দ্ৰই দেখিলে এতিয়া নাৰদে তেওঁৰ চৰিত্ৰ সকলোৰে সন্মুখত উদঙাই দিবগৈ৷ খংতে কৈ উঠিল

-আহিলা নে টুটকীয়াটো কৰবাৰ৷ নাক গলাবলৈ৷

-নাৰায়ণ নাৰায়ণ৷

ইন্দ্ৰৰ কথালৈ ভ্ৰূক্ষেপ নকৰি বিনাই থকা মেনকাৰ কাণেকাণে ফুচফুচাই কলে

-এই জনম হে নেলাগে হাজাৰ জনম ললেও এনেকুৱা চৰিত্ৰৰ দেৱতাই সংসাৰ কৰিব নোৱাৰিব৷ কৰিলেও নিতৌ ঘৈণীৰ পৰা নাখাব লগা খিনিও খাব আৰু উৰে জীৱন হজম কৰিব লাগিব৷ আৰু কেনেবাকৈ সন্তানৰ বাপেক হলেটো ঘৈণী এৰিলেও ওৰেজীৱন খৰচা পানী দি থাকিব লাগিব৷ গতিকে ইমান সহজে মুক্তি নাই৷ এনেকুৱা কেচ অলৰেডি মৰ্ত্ত্যত আৰম্ভ হৈ গৈছে৷ মৰ্ত্ত্যৰ বোৱাৰীয়ে কোৱা ছোৱালীয়ে কোৱা কোনেও সুদাই নেৰে এই বুঢ়াটোক৷

-ওলোৱা ওলোৱা মোৰ কক্ষৰ পৰা

ইন্দ্ৰই চিঞৰি উঠিল

মেনকাইও কি বুজিলে বা নাৰদৰ কথাত মিচিকিয়াই কলে

-মহাৰাজে মৰ্ত্ত্যত বোৱাৰীহে বিচাৰিছে ট্ৰায়েল এটা দি চাব পাৰে৷

এইবুলি তেৱোঁ সভাকক্ষ ত্যাগ কৰিলে৷

নাৰদে কি কৰে তাৰ ঠিক নাই বুলি ভাবি লৰালৰিকৈ ব্ৰহ্মাৰ কাষ চাপিলে ইন্দ্ৰই৷

ব্ৰহ্মাইও পলম নকৰি শশী যাক পিছলৈ খংৰ দেৱী বুলি জনা যায় ইন্দ্ৰৰ সৈতে বিবাহ কৰাই দিলে৷ বিবাহ হৈয়ে তেওঁ যিহেতু ইন্দ্ৰৰ পত্নী গতিকে সকলোৱে জনাকৈ নিজৰ নাম ইন্দ্ৰানী কৰি ললে৷ সেই দিন ধৰি ইন্দ্ৰইও প্ৰেমজনিত কিবা ঘটনা ঘটাবলৈ যাওঁতে হাজাৰ বাৰ ভাবিব লগা হ’ল৷ সাধাৰণ মানুহৰ দৰে পত্নীৰ ভয়ে অনবৰতে খেদি ফুৰে ইন্দ্ৰক৷ শয়নে সপোনে অনবৰতে শশী বিৰাজমান৷ বেচেৰা ইন্দ্ৰৰ জীৱন মৰ্ত্যৰ পুৰুষৰ জীৱনৰ দৰে হৈ পৰিল৷ শশীৰ অনুসন্ধানী দৃষ্টিৰ সন্মুখত ইন্দ্ৰৰ অৱস্থা তেনেই তথৈবচ৷ দৃষ্টি মাথোঁঁ শশীৰ ওপৰতে আৱদ্ধ কৰি ৰাখিব লগা হ’ল৷ ইফালেসিফালে কোনোবা অপেশ্বৰী নৰ্তকীলৈ চালেই শশীৰ চকুৰে জুই বৰষে৷

নাৰদেও ইন্দ্ৰৰ তেনে গতি দেখি খিৰিকীৰে চিঞৰি থৈ গ’ল

-নাৰায়ণ নাৰায়ণ৷

☆ ★ ☆ ★ ☆

One comment

Leave a Reply

Your email address will not be published.