ফটাঢোল

বেচেৰা কম্বলখন – মৌচুমী গগৈ

সমীৰণে নতুন চহৰখনত এজন উচ্চপদস্থ চৰকাৰী বিষয়া হিচাপে চাকৰিত যোগদান কৰাৰ আজি তিনিমাহেই  হ’ল। সময় পালে সমীৰণে নিজৰ অফিচ ৰূমৰ পূবফালে থকা খিড়িকীখনৰ ওচৰত ৰৈ বাহিৰলৈ ভুমুকি মাৰি চাবলৈ ভাল পাইছিল।

খিড়িকীখনৰ সিফালে থকা ব্যস্ত জনপথটোৰে দৈনিক হাজাৰ হাজাৰ মানুহ নিজৰ কামত ওলাই গৈছিল।মাক-দেউতাক আৰু ভনীয়েকৰ পৰা আঁতৰি আহি অচিন চহৰখনত যেন এই ব্যস্ত মানুহবোৰৰ লগতেই সমীৰণে কিবা এক আত্মীয়তা অনুভৱ কৰিছিল। এদিনাখন সমীৰণে খিড়িকীখনেৰে বাহিৰলৈ চাওঁতে দেখিলে যে, এজন বৃদ্ধ মানুহে ডিচেম্বৰ মাহৰ প্ৰচণ্ড ঠাণ্ডাটো ফটা চোলা এটা পিন্ধি কঁপি কঁপি ৰাস্তাৰ সিপাৰে থকা বেঞ্চখনত বহি আছে। মানুহজনে ঠাণ্ডাত হাত-ভৰিবোৰ লৰচৰ কৰিব নোৱাৰা হৈছে।

সমীৰণে লগে লগেই তেওঁৰ ব্যক্তিগত সচিবজনক মাতি আনি সেই মানুহজনৰ বিষয়ে সুধি আহিবলৈ পঠাই দিলে। এক ঘণ্টাৰ পিছত সচিবজনে আহি জনালে যে, “ছাৰ, সেই মানুহজন এজন ভিক্ষাৰী হয় আৰু তেওঁক ঠাণ্ডাৰ পৰা বাচিবলৈ এখন কম্বলৰ প্ৰয়োজন হৈছে।”

সমীৰণে তেতিয়া মানুহজনক এখন কম্বল কিনি দিবলৈ সচিবজনক ক’লে।

পিছদিনা অফিচলৈ আহি সমীৰণে খিড়িকীৰ পৰ্দাখন দাঙি আচৰিত হ’ল,কাৰণ সেই ভিক্ষাৰীজন তেতিয়াও  ঠাণ্ডাত কঁপি কঁপি বেঞ্চখনতে জুপুকা মাৰি বহি আছিল।

সমীৰণৰ ৰাতিপুৱাই খঙটো উঠি আহিল। তেওঁ ব্যক্তিগত সচিবজনক মাতি আনি সুধিলে,

“এইবোৰ কি? এতিয়ালৈকে ভিক্ষাৰীজনক কম্বলখন দিয়া নাই কিয়?”

সচিবজনে উত্তৰ দিলে যে, “মই আপোনাৰ আদেশটো কালিয়েই বিভাগৰ বৰবাবুক অৱগত কৰিছিলোঁ ছাৰ। তেওঁ কি কৰিলে মই এতিয়াই খবৰ লৈ জনাই আছো ৰ’ব।”

কেই মূহুৰ্তমানৰ পিছতেই বৰবাবুজন আহি উপস্থিত হ’ল।তেওঁ এইদৰে ক’লে,

“ছাৰ, আমাৰ চহৰত অসংখ্য ভিক্ষাৰী আছে। গতিকে এজন ভিক্ষাৰীক কম্বল দিলে, বাকীবোৰকো দিব লাগিব। নহ’লে জনতা আৰু মিডিয়াই আমাৰ ওপৰত ভেদ-ভাৱ কৰা বুলি বদনাম উলিয়াই দিব।”

সমীৰণৰ যথেষ্ট খং উঠিল। তেওঁ চিঞৰি চিঞৰি  ক’লে,

“তেতিয়া হ’লে এনে কি ব্যৱস্থা কৰিব পাৰি, যাৰ দ্বাৰা সেই দুখীয়া ভিক্ষাৰীজনক এখন কম্বল দিব পাৰি।”

এইবাৰ বৰবাবুজনে  অভিজ্ঞৰ দৰে পৰামৰ্শ আগবঢ়ালে – ছাৰ, প্ৰত্যেকজন ভিক্ষাৰীকেই কম্বলৰ প্ৰয়োজন আছে। গতিকে আপুনি যদি “কম্বল কিনা, ভিক্ষাৰীক দিয়া” নামৰ আঁচনি এখন ঘোষণা কৰি দিয়ে, তেন্তে ভিক্ষাৰীবোৰক কম্বল বিতৰণ কৰাত অসুবিধা নহ’ব।

সমীৰণ মান্তি হ’ল। পিছৰ দিনা অফিচত উপস্থিত হৈও সমীৰণে ভিক্ষাৰীজনক আকৌ একেই অৱস্থাত দেখি বৰবাবুজনক  তৎক্ষণাত উপস্থিত হ’বলৈ নিৰ্দেশ দিলে। বৰবাবুৱে আহিয়েই জনালে যে –

“ছাৰ, ইতিমধ্যে ভিক্ষাৰীসকলৰ গন্তি কৰিবলৈ মানুহ পঠাই দিয়া হৈছে। তাৰ ওপৰত নিৰ্ভৰ কৰি কম্বলত কিমান খৰছ পৰিব জানিব পৰা হ’ব।”

পৰৱৰ্তী দিনাও ভিক্ষাৰীজনৰ অৱস্থা একেই থাকিল। সমীৰণে পুনৰ বৰবাবুদনক  মাতি পঠালে। তেওঁ

জনালে যে- “অডিট অৱজেকশ্যনৰ পৰা বাচিবলৈ চৰ্ট টাৰ্ম কটেশ্যন দিয়া হৈ গৈছে। আজি পিছবেলালৈ কম্বলবোৰ কিনি বিলাই দিয়া হ’ব। আপুনি চিন্তা নকৰিব ছাৰ!!”

সমীৰণৰ মনটো অলপ ভাল লাগিল।

পিছদিনা সমীৰণ অলপ দেৰীকৈ অফিচলৈ আহিল। গতানুগতিক ভাৱে খিড়িকীৰে বাহিৰলৈ চাই দেখিলে যে,

ভিক্ষাৰীজন থকা বেঞ্চখনৰ আশে পাশে বহুত মানুহ গোট খাই আছে।তেওঁ লগে লগেই চকীদাৰজনক পঠিয়াই খবৰ লৈ গম পালে যে, যোৱাৰাতি প্ৰচণ্ড ঠাণ্ডাত কম্বল নোহোৱাৰ বাবে ভিক্ষাৰীজনৰ মৃত্যু হৈছে।

সমীৰণে খঙত  একো নাই হৈ বৰবাবুজনক  হাজিৰ হ’বলৈ নিৰ্দেশ দিলে। বৰবাবুজনে  বিনম্ৰভাৱে কৈফিয়ত

দিলে – “ছাৰ, আমি কালিয়েই কম্বল কিনি বিতৰণ কৰিছিলোঁ। ভিক্ষাৰীবোৰৰ ক্ৰমিক নাম উলিয়াই আমি এফালৰ পৰা কম্বলবোৰ বিলাইছিলোঁ। কিন্তু তাৰ মাজতে কিছুমান নকল ভিক্ষাৰী সোমাই গ’ল। শেষত যেতিয়া এই ভিক্ষাৰীজনৰ নাম আহিল, তেতিয়ালৈ কম্বলেই শেষ হৈ থাকিল!”…..

সমীৰণে একো নকৈ কেৱল খিড়িকীখনেৰে বাহিৰৰ উকা বেঞ্চখনলৈ চাই পঠিয়ালে।।

☆ ★ ☆ ★ ☆

One comment

  • Rintumoni Dutta

    খুব ভাল লাগিল মৌচুমী

    Reply

Leave a Reply

Your email address will not be published.