ফটাঢোল

বেনামী চিঠি- দিগন্ত কুমাৰ ভট্টাচাৰ্য

(১)

ঠিক আঠমান বজাত ফোন কল এটা আহিল; দিল্লীৰপৰা। কোনোবা শ্ৰেয়া যাদৱ। মাইনুৰ বান্ধৱী হেনো। সেয়া শ্ৰেয়া যাদৱে কৰা ফোন কলটোৰ পাছত গোটেই পৰিৱেশটোৱেই সলনি হৈ গ’ল। প্ৰায় এঘণ্টামান সময় ৰুদ্ৰ হাজৰিকা শিলপৰা কপৌটোৰ দৰে চোফাখনতে জুপুকা মাৰি বহি ৰ’ল। হাজৰিকাৰ পত্নী ৰমলায়ো ওচৰতে মূঢ়া এটাত বহি তললৈ মূৰ কৰি ভিন্ন চিন্তাত বিভোৰ হৈ থাকিল।

ভাৰাতীয়া হৰেণ দত্তৰ দহ বছৰীয়া পুতেকটোৱে “আজি আমাৰ ঘৰত চিকেন, মায়ে দি পঠিয়াইছে” বুলি দি থৈ যোৱা মূৰ্গীৰ মাংস ভৰ্তি বাটিটো তেনেকৈয়ে টেবুলখনৰ ওপৰত পৰি আছে আধাঘণ্টা ধৰি। বাটিটো ঢাকি ৰখা প্লেটখন অলপ আগেয়ে বাগৰি প্ৰথমে টেবুলত, তাৰ পাছত মজিয়াত পৰিছে। প্লেটখনৰ লগে লগে ওপৰত দি থোৱা কেঁচা জলকীয়াটোও। “পেষ্ট কণ্ট্ৰ’ল দিয়া হৈছে পৰহি। পেষ্ট খোৱা পইতাচোৰা পৰিব, ঢাকি থোৱা” বুলি চিঞৰ মাৰিবলৈও ৰুদ্ৰ হাজৰিকা যেন এঘণ্টা আগতেই বোবা মানুহলৈ পৰিণত হৈছে।

: কাইলৈকে যাবগৈ লাগিব। টিকেটৰ কিবা এটা ব্যৱস্থা কৰকচোন।

অৱশেষত ৰমলাই মাত দিলে। ৰুদ্ৰ হাজৰিকা তেনেকৈয়ে ৰৈ আছে।

: শুনিছে, এনেকৈ বহি থাকি লাভ নাই। ফ্লাইটৰ টিকেট কটাৰ ব্যৱস্থা কৰক।

মেট্ৰিক পৰীক্ষাত ফেইল কৰা ছাত্ৰ এজনে ফলাফল পোৱাৰ লগে লগে যেনেকৈ পৃথিৱীৰ সকলোৰে কাৰণে সি যেন অচিনাকি এজন হৈ পৰক যাতে কোনেও তাক খবৰ সুধিবলৈ আগবাঢ়ি নাহে বুলি মনে প্ৰাণে কামনা কৰে, ঠিক তেনেকৈ হাজৰিকায়ো এই মুহূৰ্ত্তত সেই একেই কামনা কৰিছে। “মাইনুৰ খবৰ এটা শুনিলোঁ, সঁচানে?” ধৰণৰ প্ৰশ্নৰ সন্মুখীন হ’বলৈ তেওঁ নিজক কেতিয়াও মানসিকভাবে প্ৰস্তুত কৰি তুলিব পাৰিব নে নোৱাৰিব, তাকেই চিন্তা কৰিলে হাজৰিকাই।

: কিছুমান কথা আজিকালি সহজভাৱে ল’ব লাগিব। এনেকুৱা ঘটনা এয়াই প্ৰথম নহয়তো।

 ৰমলাই হাজৰিকাৰ ওচৰতে বহি ক’লে। এব’ৰছন কৰাৰ পাছত ছোৱালী এজনীৰ চিৰিয়াছ। হ’স্পিটেলত পৰি আছে। সেয়াও হাজৰিকাই সহজভাৱে ল’লেহেঁতেন। কিন্তু বিয়া নোহোৱা ছোৱালী এজনীৰ এব’ৰছন, সেয়া কেনেকৈ সহজভাৱে ল’ব হাজৰিকাই। মূক হৈ বহি ৰ’ল তেওঁ।

(২)
হ’স্পিটেলৰ বে’ডত পৰি আছে মাইনু। কিছু সুস্থ হৈ আহিছে তাই। মুখৰ বৰণ শেঁ‌তা এতিয়াও। এদিন পাছতে ঘৰলৈ যাব পাৰিব বুলি ডাক্তৰে কৈছে। ৰমলাই দিন-ৰাতি তাইৰ লগতে লাগি আছে। হাজৰিকাৰ বুকুখন গধুৰ। এক গভীৰ দুখৰ লগতে অজানা ক্ষোভ, লাজ, ক্ৰোধেও একেসময়তে বুকুখনত বাহ সাজিছে। গধুৰ হৈছে বুকু।

: অলপ গাটো ভাল পাইছ নে?

হাজৰিকাই অহাৰপৰা প্ৰথম মাতিলে মাইনুক।

মাইনুৱে একো মতা নাই। হয়তো মাতিবলৈ সাহস গোটাব পৰা নাই। কিজানিবা তাইৰ বুকুখনো গধুৰ। সেই একেই লাজ, ক্ষোভ, ক্ৰোধ, দুখ -সকলোৱে মিলি হয়তো গধুৰ কৰিছে। লাজ সমাজলৈ, তাইৰ মাক-দেউতাকলৈ। ক্ষোভ সেই দু:স্বপ্নৰ দৰে সময়খিনিকলৈ। ক্ৰোধ। যোৱা দুবছৰে লিভ্ ইন ৰিলেশ্যনশ্বিপত থকা হাৰিয়ানাৰ কোনোবা উমেশ ৰাজপুতলৈ। দুখ, নিজকলৈ।

: তই দিল্লী এৰি আমাৰ লগত যাব লাগিব। অসমত থাকিবি, চকুৰ আগত থাকিবি।

 হাজৰিকাৰ মাতত অনুকম্পা নাছিল। আছিল আদেশৰ সুৰ।

: ৰ’বচোন, তাইক ভাল হৈ ল’ব দিয়ক।

ৰমলাই মাত দিলে। মাইনুৱে চকু দুটা ঘূৰাই বেৰলৈ চাই থাকিল।

: এসপ্তাহ পাছত টিকেট কৰিছোঁ ফ্লাইটৰ। যামগৈ, তিনিও যাম।

(৩)

দিল্লীৰপৰা অহা ছমাহ হৈ গ’ল। লাহে লাহে মাইনু ঠিক হ’বলৈ আৰম্ভ কৰিছে। ৰুদ্ৰ হাজৰিকাই তাইক লক্ষ্য কৰি থাকে তাই গম নোপোৱাকৈয়ে। তাইৰ হাঁহিত এতিয়া সেই আগৰ উচ্ছ্বলতা যেন ঘূৰি আহিছে ক্ৰমাৎ। হাজৰিকাই সকাহ পায়।

হঠাতে এদিন ৰমলাই হাজৰিকাক ক’লে,

: মাইনুৱে নয়ডাত চাকৰি এটা পাইছে আকৌ, যাবলৈ বিচাৰিছে.

: যিদিনা মই নাথাকিম এই দুনীয়াত, তেতিয়া যাবলৈ ক’বা। মই জীয়াই থকালৈকে আকৌ কোনোবা শ্ৰেয়া যাদৱৰ ফ’ন কল পাবলৈ মানসিক আৰু শাৰীৰিকভাৱে প্ৰস্তুত নহ’ম কেতিয়াও।

মাইনুৰ অসমৰ বাহিৰত চাকৰি কৰিবলৈ যোৱাৰ কথা আকৌ নোলাল কেতিয়াও। তাই গুৱাহাটীতে চাকৰি এটা পালে। ঘৰৰপৰা তিনি কিল’মিটাৰ আঁতৰৰ কোম্পেনী। হাজৰিকা সুখী হ’ল। মাইনুও লাহে লাহে ব্যস্ত পৃথিৱীখনত ভৰি থৈ আগৰ কথাবোৰ পাহৰিবলৈ আৰম্ভ কৰিলে।

(৪)

: জানোতো। একেবাৰে লক্ষ্মী ছোৱালী মাইনু। সেইকাৰণেই ল’ৰাও তেনেকুৱা আনিছোঁ।

 ঘৰৰ ওচৰৰে কলিতানী আহি ৰমলাৰ লগত কথা পাতি আছিল। হাজৰিকাও আহি ওচৰতে বহিল।

: সকলো মিলিলে বিয়াখন এইবছৰতে পাতিবলৈ ভাল পাম আমি, নে কি কয়?

ৰমলাই হাজৰিকালৈ চালে।

: হু? অ… হাজৰিকাই শলাগি থ’লে। ৰিম’টটোৰ বুটাম টিপি ছেনেলবোৰ সলনি কৰি থাকিল তেওঁ।

কলিতানীৰ বায়েকৰ ল’ৰা অৰ্ণৱ। বেংকত ভাল চাকৰি কৰে। ঘৰৰ একমাত্ৰ ল’ৰা। একো ঝামেলা নাই। খা-খবৰ আৰম্ভ হ’ল। কথা আগবাঢ়িল। এদিন অৰ্ণৱ আহিল ফ’ৰ্মেলি হাজৰিকাহঁতৰ ঘৰলৈ। হাজৰিকাই মানুহৰ মুখ পঢ়িব জানে। অৰ্ণৱক নিকা চৰিত্ৰৰ যেনেই লাগিল তেওঁৰ। অৰ্ণৱ দেখাই-শুনাই ভাল। চাকৰিও ভাল। মাইনুৰ মুখলৈ চাই তাইৰো যে একো আপত্তি নাই সেয়াও হাজৰিকাই ধৰিব পাৰিলে।

দুই-তিনিমাহ পাৰ হ’ল। অৰ্ণৱ মাজে মাজে আহে ঘৰলৈ। মাইনুক লৈ কেতিয়াবা ওলায়ো যায়। সিহঁতে বাহিৰতো হয়তো লগ কৰে কেতিয়াবা। সেয়া কিবা বেয়া বা নকৰিবলগীয়া কাম বুলি হাজৰিকাই নাভাৱে। বৰং সিহঁতে এজনে আনজনক বুজক ভালকৈ, সেয়াই মনেৰে বিচাৰে। অৰ্ণৱ অমায়িক। তাৰ কথা-বতৰাত হাজৰিকা মুগ্ধ হৈ পৰে প্ৰায়েই। অৰ্ণৱৰ মাজতে মাইনুৰ এক সুখী ভৱিষ্যতৰ কাৰণ বিচাৰি পায় হাজৰিকাই।

(৫)

এসপ্তাহমান আগতে অৰ্ণৱৰ ঘৰৰ মানুহ আহিছিল। বিয়াৰ দিন ঠিক হ’ল। মাঘৰ ছয় তাৰিখে মাইনুৰ বিয়া। ৰমলাৰ টেনছন আৰম্ভ হ’ল। বিয়া এখন পাতিবলৈ কত যে কাম।

মাইনুৱে আজিকালি অলপ দেৰিলৈকে অ’ফিচত থাকে। ঘৰলৈ উভতি আহোঁ‌তে দহমানেই বাজে। ৰুদ্ৰ হাজৰিকা আৰু ৰমলা তেতিয়ালৈ বিচনাত যাবলৈয়ে যো-জা কৰে। সিদিনা ৰাতি গাড়ীৰ শব্দত হাজৰিকাই পৰ্দাৰে জুমি চাইছিল। মাইনুৱে গাড়ী এখনৰপৰা নামিছিল। তাইৰ লগে লগে যুৱক এজনো নামিছিল গাড়ীৰপৰা। গে’টৰ ওচৰত সিহঁতে প্ৰায় এক মিনিটমান কথা পাতিছিল। যুৱকজনে মাইনুৰ গালে-মুখে চুমা খাইছিল। হয়তো মাইনুৱেও। হাজৰিকাৰ দুই আঙুলিয়ে পৰ্দাখন ধৰি ৰাখিবলৈ অপাৰগ হৈ পৰিছিল। বাহিৰৰ দৃশ্য নেদেখা হৈ পৰিল তেওঁৰ দুচকুৱে।

: কালি ৰাতি তোক অৰ্ণৱে থ’বলৈ আহিছিল নেকি?

হাজৰিকাই পিছদিনা পুৱা মাইনুক সুধিছিল।

: নহয়, অ’ফিচৰ ক’লিগ এজন।

যোৱা দুই-তিনিদিনে ৰাতি গাড়ীৰ শব্দত হাজৰিকাই উঠি গৈ বাহিৰলৈ চায়। সেই একেই দৃশ্য। বেছি দেৰি চাবলৈ নোৱাৰে তেওঁ। এক অসহ্যকৰ ছবি তেওঁৰ কাৰণে। কালি ৰাতি যুৱকজনে তাইক ধৰি ধৰি নমাইছিল গাড়ীৰপৰা। ভাৰসাম্যবিহীন তাইৰ গা, খোজ। কালি ৰাতিয়ইে কাগজ এখন হাতত তুলি লৈছিল হাজৰিকাই।

(৬)

অৰ্ণৱক ৰুদ্ৰ হাজৰিকাই ফ’ন কৰিও ক’ব পাৰিলেহেঁতেন। কিন্তু সেইখিনি সাহস হাজৰিকাৰ নাই।

“এজন শুভাকাংক্ষী হিচাপে তোমাক তোমাৰ ভৱিষ্যতৰ জীৱন সংগিনীগৰাকীৰ বিষয়ে কিছু কথা জনাবলৈ বিচাৰিছোঁ। কথাখিনি জনাটো তোমাৰ কাৰণে প্ৰয়োজনীয়”- এনেকৈয়ে আৰম্ভ কৰিলে হাজৰিকাই কাগজ এটুকুৰাত।

কথাবোৰ লিখি গ’ল তেওঁ। দিল্লীৰ কথা। তাত হৈ যোৱা ঘটনাটোৰ কথা। বৰ্তমানৰ কথা। ঘটি থকা ঘটনাবোৰৰ কথা। সকলো।

“নতুন জেনেৰেছ’নটোৰ কাৰণে আজিকালি সম্পৰ্কবোৰৰ সংজ্ঞা বেলেগ বেলেগ। আগতে বিয়াৰ পাছতহে ছোৱালী এজনীয়ে স্বামীৰ মুখ চাবলৈ সুযোগ বা সুবিধা পাইছিল। সেয়া সলনি হ’ল। প্ৰেমিক হ’লেহে হাতখন চুব পাৰিব বা চুমা এটা খাব পাৰিব, স্বামী হ’লেহে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিব পাৰিব – আদিবোৰ পিছৰ জেনেৰেছনটোৰ মানুহে বেদৰ বাণী যেন জ্ঞান কৰিছিল। আজিৰ জেনেৰেছনৰ কাৰণে সেয়া হয়তো সলনি হৈছে”- হাজৰিকাই লিখি গৈছিল।

“এইবোৰ ভাল নে ভুল ক’বলৈ নাযাওঁ কিন্তু এইবোৰক তুমি যদি সহজভাৱে ল’বলৈ সক্ষম হোৱা বা এইবোৰ কথাই তোমাক যদি ভৱিষ্যতে মনোকষ্ট নিদিয়ে বুলি তুমি নিশ্চিত, তেনেহ’লে তুমি মাইনুৰ লগত আগবাঢ়িব পাৰা। নহ’লে…………”হাজৰিকাই চিঠিখন শেষ কৰিলে লিখি।

চিঠিখনত তেওঁ প্ৰেৰকৰ নাম নিলিখিলে। বেনামী চিঠি হিচাপেই অৰ্ণৱে পঢ়িব সেইখন। আজিয়েই তেওঁ চিঠিখন ডাকত দি আহিব। চিঠিখন লিখি এক মানসিক প্ৰশান্তি পালে ৰুদ্ৰ হাজৰিকাই।।

☆ ★ ☆ ★ ☆

12 Comments

  • Mridul Nath

    সচাঁকৈ বাস্তৱ এয়া, জেনেৰেশ্বন গেপ আহিছে, কিন্তু মই পূৰণি জেনেৰেশ্বনৰ হৈ থাকিবই যেন ভাল পাম। ৰুদ্ৰ হাজৰিকাৰ দৰে মানুহ এতিয়াও এই পৃথিৱীত আছে। এইবোৰ মানুহ খাটি সোণ, খুব ভাল লাগিল দিগন্ত

    Reply
  • উজ্জ্বল দিপ্লু

    দিগন্ত দা, ৰূঢ় বাস্তৱ, সংগতিহীন জেনেৰেচন ইত্যাদি কথাবোৰ সহজকৈ লিখি তুলিলে৷ আপোনাৰ গল্পবোৰ সেইবাবেই প্ৰিয়৷

    Reply
  • কাবেৰী মহন্ত

    জেনেৰেচনৰ যুদ্ধ!
    লগতে যুদ্ধ আবেগ, সততা, মূল্যবোধৰ৷
    বলিষ্ঠ পটভূমি দিগন্ত, সামৰণিটোৱে মনতো ভাল লগাই দিলে৷
    সদায়ে অগতানুগতিক👌👌

    Reply
  • অঞ্জলি

    দিগন্ত বৰ ভাল লাগিল

    Reply
  • ডলী

    ভাল লাগিল

    Reply
  • জয়ন্ত

    সুন্দৰ৷ খুউব ভাল লাগিল৷

    Reply
  • Anjan

    মাছৰ আঞ্জা হালধি বাদ দি খাব নোৱাৰি যদি নিৰামিষ খোৱাই ভাল৷
    সুন্দৰ লাগিল৷
    সামৰণি টোৱে সুখ দিলে৷

    Reply
  • ভাৰতী চৌধুৰী।

    গল্পৰ সামৰণিটোৱে মনটোত বৰ সকাহ দিলে।এতিয়াও সততা,মূল্যবোধৰ মৃত্যু হোৱা নাই।

    Reply
  • জিতু

    ভাল লাগিল

    Reply
  • মনালিছা

    ভাল লাগিলে

    Reply
  • Ranju

    ভাল লাগিল দিগন্ত।

    Reply
  • গীতিমল্লিকা গগৈ

    ভাল লাগিল। জেনেৰেছন যিয়েই নহওক, বেয়া বেয়াই, সি ভাল বা শুদ্ধ কেতিয়াও হ’ব নোৱাৰে।

    Reply

Leave a Reply

Your email address will not be published.