ফটাঢোল

বেপাৰীৰ বিলৈ – জ্ঞান বৰদলৈ

হেকা দাৰ ঘৰৰ সন্মুখেদি যিকোনো বেপাৰী পাৰ হৈ যাওঁতে সাবধানে পাৰ হয়৷ সাবধানে পাৰ হয় মানে একেবাৰে ইশ্বৰক চিন্তা কৰিহে পাৰ হয়৷ পাচলি বেপাৰী, মাছ, মাংস, কনী বেপাৰী, কাপোৰ বেপাৰী সকলোকে কিবা নহয় কিবা উপায়েৰে হেকাদাই ঠগিবই ঠগিব৷ গতিকে কোনেও জঞ্জালবোৰ চপাই ল’ব নিবিচাৰে৷

সিদিনা দেওবাৰে গেটৰ সন্মুখতে মাছ বেপাৰীটোক হেকাদাই আগভেটি ধৰিলে বোলে তঁহতি আজিকালি মোৰ ঘৰত মাছ দিবলৈ নহা হলি যে কিবা বেয়া পালি নেকি ঔ৷ বেপাৰীয়ে হেকাদাৰ পৰা হাত সাৰিবলৈ ক’লে,

: দাদা বেয়া পোৱা নাই কিন্তু আজি লোকেল মাছহে আছে আপুনিতো লোকেল মাছ নাখায় চালানীহে খাই গতিকে সোমোৱা হোৱা নাই৷

হেকাদাই বেপাৰীক ধমক দি ক’লে,

: হেৰৌ মই যিমান দামী দামী লোকেল মাছ খাওঁ সিমান দামী লোকেল মাছ তই বেছিবলৈও কিনি পোৱা নাই৷ দে দে কি লোকেল মাছ আছে দেৰ কেজি মান দে৷

কাটি পিচ কৰি থৈ যাবি পাছফালে৷

বেপাৰীয়ে বোলে আজি ফান্দত পৰিলোঁহি যেতিয়া বুঢ়াৰ পৰা ভালকৈ দামটো উঠাই ল’ম৷

: দাদা কেজি ৫০০ টকা, একেবাৰে বিলৰ পৰা আনিছোঁ৷ বাকী চাকী নহ’ব৷

হেকা দাই,

: হ’ব হ’ব বাকী নকৰোঁ৷ তই ডাঙৰ ডাঙৰ কৈ পিচ কৰিবি আৰু মোৰ নিজৰ দাখনৰেই কৰিবি তহঁতৰ দাবোৰৰ বিশ্বাস নাই কি কি লেতেৰা কামত ব্যৱহাৰ কৰ৷

বেপাৰীয়ে সোনকালে কাটি বেপাৰৰ ধান্দাত যোৱাই ভাল বুলি মাছটো জুখি পাছফালে কাটিবলৈ গ’ল৷ গৈ দেখে যে দাখনত ধাৰ নাই৷ সি চিঞৰিলে,

: দাদা দাখনত ধাৰ নাই৷

হেকাদাই ক’লে,

: হেৰৌ দা এখন ধৰাওঁতে কিমান সময় লাগেনো, ৰহ মই তোক দা ধৰোৱা শিলটো দেখুৱাই দিওঁ৷

বেপাৰীয়ে বুঢ়াৰ লগত লাগি থাকি লাভ নাই বুলি ভাবি ক’লে,

: দিয়ক দিয়ক শিলটো দিয়ক ধৰোৱাৰ লগতে নিজৰ মূৰটো মাৰিব পাৰিম৷

বুলি শিল লৈ দা ধৰাবলৈ লাগিল৷ মাছ মাংস কাটিবলৈ আচলতে দাবোৰত এটা ভাল ধাৰ লাগে, সিমান পৰ্য্যায়ৰ ধাৰ হোৱালৈ বেপাৰীৰ বহুত সময় লাগিল৷ তথাপিও যেনে তেনে ধাৰ দি সি মাছটো কাটিবলৈ লাগিল৷

: দাদা মাছ ভৰাবলৈ বাচন এটা লৈ আহক৷

বুলি কৈ সি মাছৰ মূৰটোত শেষ ঘাপটো মাৰিলে৷ লগে লগেই হেকাদাৰ আওপুৰণি দাখনৰ নালটো ফাটি থাকিল৷ বাচন লৈ আহি ফটা নাল দেখি হেকা গৰগৰাই উঠিল আৰু কলে,

: ঐ ভালে ভালে মোৰ দাৰ নাল লগাই থৈ যা নহ’লে তোৰখন মোক দি থৈ যা৷

বেপাৰীয়ে প্ৰমাদ গণিলে, ভাল ফছিলোঁ আজি৷ ক’লে,

দাদা নাল লগাই থাকিবলৈ হ’লে আজি মোৰ বেপাৰ নহ’বগৈ৷ মাছ বেগতে গেলিব৷ গতিকে কোনোবা এদিনা লগাই দিম দিয়ক৷

হেকাই বোলে,

: নহ’ব, নহ’ব মোৰ দাৰ নাল লগাই থৈ যা৷ বেছি সময় নালগে নাল মোৰ আছেই, তই ফালিছিলি যেনেকৈ লগাই থৈ যা তেনেকৈ৷

বুলি কৈ ভিতৰৰ পৰা আগতেই হাজিৰা কৰা মানুহটোক গছৰ নাৰিকল দিম বুলি ঠগি সৰকাই থোৱা দাৰ নাল এটা উলিয়াই আনিলে৷

বেপাৰীয়ে বুঢ়াৰ লগত কাই কাই কৰি থকাতকৈ সোনকালে আজৰি হ’বলৈ বুলি দাৰ নাল লগাবলৈ ধৰিলে৷ যথেষ্ট সময় হাতুৰি, জুই, পলিথিন আদিৰ লগত যুঁজ কৰি ভালকৈ নালটো লগাই মানে সময় বাৰটা বাজিবৰ হ’লগৈ৷ নাল লগোৱা হ’লত বেপাৰীয়ে হেকাদাক মাতিলে দাদা চাই লওক, আপোনাৰ কৌতি কলীয়া দা একেবাৰে নতুন আৰু সুন্দৰ হৈ পৰিল৷ এতিয়া মোক পইচাটো দি বিদায় দিয়ক৷

: হয়, হয় তোৰ পইচাটো দি দিওঁ৷

বুলি হেকাদাই হাতত মবাইলটো লৈ গহীনাই ওলাই আহিল৷ বেপাৰীক ক’লে

: তোৰ একাউণ্ট নম্বৰটো দে পইচাটো ট্ৰেন্সফাৰ কৰি দিওঁ৷ মই কাৰো ধাৰ খোৱা ভকত নহয়৷

বেপাৰী অবাক লাগিল, দাদা একাউণ্ট নম্বৰ কেলৈ৷ হেকাদাই বেপাৰীক ক’লে,

: হেৰৌ তই নাজন নেকি, আজিকালি ডিজিটেল যুগ মানুহে হাতে হাতে কেচ পইচা নিদিয়ে নহয়, চৰকাৰে মানা কৰিছে৷ মই কেচ পইচা দি চৰকাৰক বেইমানী নকৰোঁ, আৰু টেক্সতো নফছোঁ৷ তোৰ একাউণ্ট নম্বৰ দে নহ’লে পাছত বেংকত একাউণ্ট খুলি মোৰ পৰা পইচা লৈ যাবিহি৷ নহ’লে তোৰ কথা৷

বেপাৰীয়ে উপায় নাপাই খঙতে চাইকেলখনকে ঠেকেঁচা মাৰি যাবলৈ ওলাল আৰু হেকাদায়ো এটা সন্তোষৰ হাঁহি মাৰিলে৷ কিন্তু তাৰ মাজতে এটা ঘটনা হেকাৰ চকুত নপৰিল, সেইটো হ’ল বেপাৰীয়ে হাতৰ টিপতে হেকাৰ ধাৰ দি নাল লগাই চিকচিকিয়া কৰি তোলা দাখন নিজৰ বেগত ভৰাই ল’লে৷

☆ ★ ☆ ★ ☆

4 Comments

Leave a Reply

Your email address will not be published.