ফটাঢোল

ব্ৰেকিং নিউজ-ৰঞ্জিত কুমাৰ শৰ্মা৷

: হেৰি আপুনি টি ভিৰ আগত বহিলে যে? নাযায় নেকি? দেৰীকৈ গ’লে আহোঁতেও পলম হ’ব৷
গিৰীয়েকে টিভিটো লগাই ছোফাখনত বহি লোৱাত ৰুবী চৌধুৰীয়ে মাত দিলে৷ চহৰখনতে থকা ৰুবীৰ পেহীয়েকৰ ঘৰত নাৰায়ণ পূজাৰ আয়োজন কৰিছে৷ পেহীয়েকে কালিয়েই ফোনেৰে নিমন্ত্ৰণ দি থৈছে, “জোঁৱাইকো লগত লৈ আহিবি৷” এনেদৰে মতাৰ পিছত নোযোৱাকৈ জানো থাকিব পাৰি?
: তুমি কাপোৰ পিন্ধাগৈ যোৱা৷ তোমাৰ সাজোন-কাচোন হয় মানে মই বাতৰিটোকে চাওঁ৷ মোৰনো কি? ছাৰ্ট-পেণ্ট পিন্ধি জোতাযোৰ ভৰিত সুমুৱালেই হ’ল৷
পত্নীক কথাষাৰ কৈ জনাৰ্দন চৌধুৰীয়ে ৰিম’টটোৰ বুটাম টিপিলে৷
: আমাৰ কোনো সাজোন কাচোন কৰিবলৈ নাই৷ মই ওলাওঁ আপুনিও ওলাওক৷ জধলা হৈ যাব নালাগে৷
পত্নীৰ মৃদু ধমক৷
জনাৰ্দন চৌধুৰীয়ে টিভিটোত অসমীয়া নিউজ চেনেল এটা লগাই পেণ্ট-ছাৰ্ট পিন্ধি লৈ পুনৰ ছোফাত বহিল৷ ইতিমধ্যে সন্ধিয়াৰ প্ৰাইম টাইমৰ বাতৰিও আৰম্ভ হ’ল৷ বেকগ্ৰাউণ্ড মিউজিক মানে আৰম্ভণিৰ যন্ত্ৰসংগীত বাজি উঠাৰ পিছতে বাতৰি পঢ়োঁতা ওৰফে নিউজ এংকৰৰ আবিৰ্ভাৱ ঘটিল৷
‘ভিউজ এণ্ড টক’লৈ নমস্কাৰ৷ ষ্টুডিঅত এয়া মই ফৰ্মুটি গোস্বামী৷ এজনে ক’লে৷ আৰু মই চৰ্মিলা (শৰ্মিলা)৷ আনগৰাকী এংকৰে ক’লে৷ সদায়েই কৈ থকা উপাধিটোনো আৰু কিমান ক’ব? আৰু উপাধি কোৱাটো আউটডেটেডো হৈ গ’ল দিয়কচোন৷ সেয়ে মহিলা এংকৰগৰাকীয়ে উপাধিলৈ নকৈ নামটোকে ক’লে৷ যি কি নহওক, বাতৰি আৰম্ভ হ’ল৷ দুয়োগৰাকী এংকৰ, মানে বাতৰি পঢ়োঁতাই সলনা-সলনিকৈ হেডলাইনবোৰ কৈ গ’ল৷ একে সময়তে টিভিৰ স্ক্ৰীণত মুখ্য বাতৰি, মানে হেডলাইনবোৰ সৰু সৰু বাক্যত পঢ়িব পৰাকৈ দেখাও গ’ল৷ হেডলাইনকেইটা চৌধুৰীয়ে পঢ়িবলৈ আৰু শুনিবলৈ চেষ্টা কৰিলে৷
“সন্ধিয়া গণেশগুৰিত ভয়াবহ অগ্নিকাণ্ডৰ ঘটনা৷”
কাণ্ডৰ পিচত আকৌ ঘটনাও লগাই দিলে৷- চৌধুৰীয়ে মনতে ভাবিলে৷
“দিছপুৰ উত্তাল কৰিলে অংগনবাদীয়ে৷”
ধেই অংগনবাদী নে অংগনবাড়ী?-চৌধুৰী সন্দিহান৷
“দুই সন্তানক এৰি প্ৰেমিকৰ সৈতে পলাল শিক্ষয়িত্ৰী৷”
শিক্ষয়িত্ৰী পলাল নে মহিলা পলাল? ধেই, বকি থাক!-চৌধুৰী অসন্তুষ্ট৷
হেডলাইন চলি থাকিল৷
“প্ৰধান বিৰোধী দল গণসভাৰ সভাপতিক নেউল বুলিলে ধোবাংবাঙৰ শাসকীয় বিধায়ক শংখদত্তই৷”
“ন বছৰীয়া নাবালিকাক ধৰ্ষণ কৰিলে সম্বন্ধীয় খুৰাকে৷”
“শিল্পী ৰবীনাৰ সংসাৰত তৃতীয় ব্যক্তি৷”
“বিহুত দৰমহা নাপাব মাষ্টাৰৰোল কৰ্মচাৰীয়ে৷”
“ৰাজ্যত বিত্তীয় সংকট৷ ডিচেম্বৰৰ দৰমহা পোৱা নাই মন্ত্ৰী-বিধায়কে৷ মাঘ বিহুৰ প্ৰাকক্ষণত চিন্তিত জনপ্ৰতিনিধি৷”
“আজিৰ পৰা ভাৰতীয় ক্ৰিকেট দলৰ বিশ্বজয় অভিযান৷”
হেডলাইন ঘোষণাৰ পিছতে আহিল চমু বিৰতি, মানে বিজ্ঞাপন৷ তিনিটামান চাবোন, দুটামান বিউটি ক্ৰীম, চেম্প’, ফে’চ ৱাছ ক্ৰীম, মটৰ চাইকেল, কণ্ডোম, নেপকিন, বিস্কুট, চৰকাৰৰ স্বচ্ছ ভাৰত অভিযান আদিৰ বিজ্ঞাপন চৌধুৰীয়ে নাচালে৷ সেইখিনি সময়তে তেওঁ নিজৰ কোঠালৈ গৈ কোট পিন্ধা, মূৰ ফণিওৱা, মুখত সামান্য ক্ৰীম আদি লগোৱা কামখিনি কৰি ল’লে৷ সেয়ে বিজ্ঞাপনত জলপ্ৰপাতৰ তলত অন্তৰ্বাসৰ বাহিৰে বাকী পোছাক খুলি গা ধুই থকা ছোৱালীজনী, সন্মুখৰ চকাটো দাঙি লৈ ছেকেণ্ডতে অদৃশ্যমান দূৰলৈ গতি কৰা মটৰ চাইকেল চলোৱা হিন্দী চিনেমাৰ অভিনেতাজনক বা বিস্কুটৰ বিজ্ঞাপনত “মই তোমাক সকলোখিনি দি দিব পাৰোঁ” বুলি কোৱা যুৱতীগৰাকীক চৌধুৰীয়ে আজি নেদেখিলে৷ ‘মেনফ’ৰ্চ’ৰ বিজ্ঞাপনত দেখুওৱা ছানী লিয়নৰ উত্তেজনাও তেওঁ আজি নেদেখিলে৷ একেদৰে বিউটি ক্ৰীম ঘহি সাতদিনতে মাখন যেন বগা হোৱা ম’ডেলগৰাকী, দীপিকাৰ সৌন্দৰ্যৰ ‘ৰাজ’ লাক্স চাবোনডোখৰ চৌধুৰীয়ে দেখা নাপালে৷
: তোমাৰ হৈছেনে?
চৌধুৰীয়ে পত্নীৰ পৰা তাগিদা পোৱাৰ আগতে নিজেই সেই বাণপাত এৰিলে যাতে ঘৈণীয়েকে তেওঁক সেইখিনি তাগিদাকে দিয়াৰ সুবিধা নাপায়৷
: হেইছে ৰৱৱ৷
দাঁতেৰে চেফ্টিপিন চেপি থকা পত্নীৰ মুখেৰে বুজা-নুবুজাকৈ উত্তৰ আহিল৷
বিজ্ঞাপনৰ পিছত পুনৰ বাতৰি আৰম্ভ হ’ল৷ চৌধুৰী পুনৰ ছোফাত বহিল৷
‘ভিউজ এণ্ড টক’ চেনেলৰ বাতৰি পঢ়োঁতাও সাজু৷
“বিৰতিৰ পিছত পুনৰ ঘূৰি আহিছোঁ বাতৰিৰ মাজলৈ৷ এই মুহূৰ্তত আমি আপোনালোকক দিবলৈ ওলাইছোঁ এটা ‘বিগ ব্ৰেকিং’৷ এটা ভয়াবহ বিস্ফোৰণে কঁপাই গৈছে তেজপুৰ৷ আমালৈ এইমাত্ৰ খবৰ আহিছে যে তেজপুৰত এক ভয়ংকৰ বোমা বিস্ফোৰণ সংঘটিত হৈছে৷”
: হেৰা শুনিছানে? তেজপুৰত বোলে বোমা ফুটিছে৷
চৌধুৰীৰ মাতত ৰুবী চৌধুৰীয়েও চাদৰৰ আঁচলটো মাটিত পৰি থকা অৱস্থাতেই দৌৰী অহাদি টিভিৰ সন্মুখ পালে৷
: বাবাক ফোন এটা কৰাচোন৷ ক’ত বা ঘটিছে? তাক হোষ্টেলৰ পৰা ওলাব নিদিবা৷
চিন্তিত চৌধুৰীয়ে ঘৈণীয়েকক ক’লে৷ ঘৈণীয়েকেও উধাতু খাই যোৱাৰ দৰে শোৱাকোঠালৈ গৈ ফোনটো তুলি ল’লে৷ বিতং জানিবলৈ চৌধুৰীয়ে বাতৰিত অধিক মন দিলে৷ বেকগ্ৰাউণ্ড মিউজিকসহ বাতৰি চলি থাকিল৷
“আমি আপোনালোকক জনাইছোঁ এটা বিগ ব্ৰেকিং৷ তেজপুৰত সংঘটিত হৈছে বোমা বিস্ফোৰণৰ ঘটনা৷ কুৰি মিনিটমান আগতে হৈছে এই বিস্ফোৰণ৷ এই ঘটনাই চহৰখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ আমি আপোনালোকক জনাই আছোঁ এটা বিগ ব্ৰেকিং৷ এটা ভয়াবহ বিস্ফোৰণে কঁপাই গৈছে তেজপুৰ৷ ভয়ংকৰ বোমা বিস্ফোৰণ সংঘটিত হৈছে তেজপুৰত৷”
: হেৰা, বাবাক পালানে?
মূৰটো ঘূৰাই চৌধুৰীয়ে পত্নীক শুধিলে৷
: পাইছোঁ ৰ’ব, কথা পাতি আছোঁ৷
ফোনটো কাণৰ পৰা আঁতৰাই ৰুবী চৌধুৰীয়ে উত্তৰ দিলে৷ “দেউতাৰে সুধি আছে৷” ফোনটো পুনৰ কাণত লৈ ৰুবী চৌধুৰীয়ে পিছৰ কথাখিনি তেজপুৰত হোষ্টেলত থকা পুতেকক ক’লে৷
চৌধুৰীয়ে পুনৰ বাতৰিত চকু থ’লে৷
“আমি আপোনালোকক জনাই আহিছোঁ, তেজপুৰ চহৰত ভয়াবহ বিস্ফোৰণ সংঘটিত হৈছে৷ চহৰখনৰ বাছ আস্থানৰ কাষতে হৈছে এই বিস্ফোৰণ৷”
: কি একেটা বাক্যকে ঘূৰাই ঘূৰাই বলকি আছে? বিতং খবৰ নোলোৱাকৈ নিউজ কৰিবলৈ আহিছে৷ কি বিস্ফোৰণ, ক’ত হৈছে, কি হ’ল সেইবোৰ একোৱেই নাই, কেৱল বিস্ফোৰণ বিস্ফোৰণ? বাপেৰৰ মূৰটো বজাইছ!
বাতৰিত একেটা বাক্যকে ঘূৰাই ঘূৰাই কৈ থকাত অতিষ্ঠ হৈ জনাৰ্দন চৌধুৰী ভৰভৰাই উঠিল৷
: বাবা হোষ্টেলতে আছে৷ সিহঁতেও বিস্ফোৰণৰ কথা শুনিছে৷ বিতং একো জনা নাই বোলে৷ হ’লেও ডাঙৰ একো হোৱা নাই বোধকৰো৷ তাৰ কথাত তেনেকুৱাই লাগিল৷
ৰুবী চৌধুৰীয়ে গিৰীয়েকৰ ওচৰলৈ আহি ক’লে৷
: কাৰো একো নহ’লেই ভাল৷ বেলেগ চেনেলত কি বজাইছে চাওঁ ৰ’বা৷ এইটোৱে একেখিনিকে কৈ আছে৷ বিতং কিবা থাকিব পাৰে৷
চৌধুৰীয়ে আন এটা নিউজ চেনেলৰ বাবে ৰিম’টৰ বুটাম টিপিলে৷
“… মই তোমাক সকলোখিনি দি দিব পাৰোঁ আৰু তুমি টপ গ’ল্ডৰ পিছতে লাগি আছা?”
সেইটো চেনেলত বিজ্ঞাপন চলি আছিল৷
: ধেই, এইটোত আৰু এডসোপা আছেই৷
চৌধুৰীয়ে আন এটা নিউজ চেনেল লগালে৷
“… একমাত্ৰ আমি আপোনালোকক জনাইছোঁ এই এক্সক্লুছিভ্ খবৰ৷ তেজপুৰ চহৰত এক ভয়ংকৰ বোমা বিস্ফোৰণ সংঘটিত হৈছে৷ আজি সন্ধিয়া সংঘটিত হৈছে এই ঘটনা৷ এই বিস্ফোৰণ আই ই ডিও হ’ব পাৰে বুলি সন্দেহ কৰা হৈছে৷ আমাৰ সাংবাদিক ঘটনাস্থলীলৈ ৰাওনা হৈছে৷ বিতং খবৰ আমি আপোনালোকক জনাম৷ চাই থাকিব একমাত্ৰ ‘চৌব্বিশ ঘণ্টা অসম’৷”
বিজ্ঞাপন আৰম্ভ হ’ল৷
: ধেই! বৰ একেবাৰে তেওঁলোকৰহে এক্সক্লুছিভ্ খবৰ?
চৌধুৰীয়ে ভৰভৰাই পুনৰ প্ৰথমে চোৱা চেনেলটোলৈ ঘূৰি গ’ল৷
“এয়া একমাত্ৰ ‘ভিউজ এণ্ড টক’ চেনেলত তেজপুৰৰ বিস্ফোৰণৰ ভিজুৱেল দেখিছে৷ আমি পোনে পোনে আমাৰ তেজপুৰৰ সাংবাদিক অগ্নি অশান্ত শইকীয়াৰ কাষলৈ গৈছোঁ৷ অগ্নি অশান্ত আপুনি তাত আছে৷ কি দেখিছে? কোনে বোমা দিলে? মানুহ হতাহত হৈছে নেকি? আৰক্ষীয়ে কি কয়? নিৰাপত্তা ব্যৱস্থাৰ কৰবাত খুট ৰৈ গ’ল নেকি?
ষ্টুডিঅ’ৰ পৰা নিউজ এংকৰে স্থানীয় সাংবাদিকজনক শ্ৰেণীত শিক্ষকেও কোনোদিনে নোসোধা ধৰণে একেলগে প্ৰশ্নবোৰ শুধিলে৷
চৌধুৰী আৰু কাষতে থিয় হৈ থকা তেওঁৰ পত্নীৰো উৎকণ্ঠা বাঢ়ি গ’ল৷ টিভিৰ স্ক্ৰীণত সাংবাদিক অশান্তক দেখা গ’ল৷ কেমেৰা চলিল৷ আৰক্ষী, সেনাৰ লগতে ভিৰ কৰা জনতাৰ একাংশও দেখা গ’ল৷
“হয় ফৰ্মুটি, এটা কথা ক’বই লাগিব যে আচলতে সন্ধিয়া চহৰৰ মাজত বোমা বিস্ফোৰণৰ খবৰে আচলতে আতংকৰ সৃষ্টি কৰিছে৷ সমান্তৰালকৈ আচলতে আৰক্ষীৰ নিৰাপত্তা ব্যৱস্থাক লৈয়ো প্ৰশ্নৰ সৃষ্টি হৈছে৷ এটা কথা ক’বই লাগিব যে আচলতে প্ৰথমতে বিস্ফোৰণক লৈ আতংকৰ সৃষ্টি হৈছিল যদিও আচলতে চিন্তা কৰিবলগা একো নাই৷ কেমেৰাপাৰ্চন চুনিলালক মই ইয়াৰ পৰিবেশটো দেখুৱাবলৈ অনুৰোধ কৰিছোঁ৷”
স্থানীয় সাংবাদিক শইকীয়াই উত্তেজিতভাবে কৈ গ’ল৷
“অগ্নি অশান্ত, বিস্ফোৰণটো ক’ত হৈছে? কোনো লোক হতাহত হৈছে নেকি?”
ষ্টুডিঅ’ৰ পৰা নিউজ এংকৰৰ পুনৰ প্ৰশ্ন৷
“নাই ফৰ্মুটি, আচলতে ভয় কৰিবলগা একো নাই৷ আচলতে বাছ আস্থানৰ ওচৰতে থকা ভগা-ছিঙা সামগ্ৰী ৰখা সৰু গুডাম এটাতহে বিস্ফোৰণ হৈছে৷ আচলতে কি বিস্ফোৰণ হৈছে এতিয়ালৈকে জানিব পৰা হোৱা নাই৷ বেটাৰী আদিও বিস্ফোৰণ হ’ব পাৰে বা গ্ৰেনেড আদিও আচলতে বিস্ফোৰণ হ’ব পাৰে৷ বিশেষ একো ক্ষতি হোৱা নাই৷ সমান্তৰালকৈ আচলতে এটা কথা ক’বই লাগিব যে আৰক্ষীয়েও প্ৰথমতে ক’ত কি বিস্ফোৰণ হৈছে ঠাৱৰ কৰিব পৰা নাছিল৷ বিস্ফোৰণৰ ফলত আচলতে গুডামটোৰহে কিছু ক্ষতি হৈছে৷ আৰক্ষীৰ বিষয়াসকল আহি পাইছে৷ সেনাৰ দলো আহিছে৷ তেওঁলোকে আচলতে তদন্ত আৰম্ভ কৰিছে৷ আমি আৰক্ষী অধীক্ষকৰ কাষলৈ যোৱাৰ চেষ্টা কৰিম৷”
সাংবাদিক শইকীয়াই আৰক্ষী অধীক্ষকৰ কাষ চাপিল৷
“অগ্নি অশান্ত, আপুনি লাইনত থাকিব আমি আপোনাৰ লগত পুনৰ সংযুক্ত হ’ম৷ বাতৰিৰ পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে লৈছোঁ ক্ষন্তেক বাণিজ্যিক বিৰতি…!”
ষ্টুডিঅ’ত বাতৰি পঢ়োঁতাৰ ঘোষণা৷
: হেৰা তোমাৰ হ’লনে? ব’লা ব’লা৷ ইহঁতে মানুহ মাৰি দিব হে৷
বিৰক্তিৰে টিভিটো বন্ধ কৰি জনাৰ্দন চৌধুৰীয়ে ঘৈণীয়েকক সুধিলে৷
ইতিমধ্যে গিৰীয়েকৰ কাষৰ পৰা গৈ ড্ৰেচিং আইনাৰ কাষ পোৱা ৰুবী চৌধুৰীয়ে উত্তৰ দিলে,
: বলক, মোৰ হ’ল৷ আপুনি জোতাজোৰ পিন্ধক৷
☆ ★ ☆ ★ ☆

5 Comments

  • Ronjon Baruoh

    সুন্দৰ লেখনিৰে আলোচনীখন উজলাই তোলাৰ বাবে ফটাঢোল ই-আলোচনীৰ হৈ আন্তৰিক কৃতজ্ঞতা জনাইছো

    Reply
    • ৰঞ্জিত কুমাৰ শৰ্মা৷

      ধন্যবাদ জনালোঁ৷

      Reply
  • HEMANTA KAKATI

    বঢ়িয়া লাগিল দেউ! এই নিউজ চেনেল সোপাই কতোো একো নহলেও ব্ৰেকিং নিউজ বনাই থাকে৷ বাঘ বাঘ চিঞৰা গৰখীয়াটোৰ দৰে অৱস্থা হৈছে ইহতৰ৷

    Reply
    • ৰঞ্জিত কুমাৰ শৰ্মা৷

      ধন্যবাদ জনালোঁ৷

      Reply
  • কাবেৰী মহন্ত

    একেবাৰে বাস্তৱিক৷ আজিকালি নিউজ চেনেলবোৰ এনেকুৱাই

    Reply

Leave a Reply

Your email address will not be published.