ফটাঢোল

বয়স কেনেকৈ ধৰি ৰাখিব-বিনীতা বৰশইকীয়া

ইমানকৈ বুজাইছোঁ শ্ৰীমতীক, নাই। আই লাভ ইউ বুলিও সাতচল্লিছবাৰমান ক’লোঁ। তথাপিও বুজিছেনে, কেৰেপকে নকৰে! বোলে, “যাম বুলিছোঁ, যামেই” হেনো।  মই বোলো, হম দিল দে চুকে চনম, হম সাথ সাথ হ্যে নাই বুজিছেনে তথাপিও হিলাব নোৱাৰিলোঁ। তেওঁ বোলে, “হম বেৱফা হৰগিজ ন থে মগৰ হম ৱফা কৰ ন চকে” বুলি সাউতকৈ ওলাই গ’লেই নহয়। ময়ো পিছে পিছে গৈ চিঞৰি চিঞৰি কৈছোঁ‌, অ’ পিয়া পিয়া কিউ ভুলা দিয়া .. নাই ৰখাব নোৱাৰিলোঁ। ইমানকৈ বিয়াৰ আগতে দুয়ো একেলগে চোৱা হিন্দী চিনেমাৰ কলিবোৰ টেঁটু ফালি ফালি গালোঁ, এক চে বড়কৰ এক ডায়লগ দলিয়ালোঁ, নাই লাভে ফেইল মাৰিলে। 

সেইকেইখন চিনেমাৰ লিখককেইজনলৈকে খং এসোপা উঠিছে। বোলো কিহৰ কাহিনী লিখিছিলা? না ডায়লগে কাম দিলে না গানবোৰে।

শেষত যেনিবা ঠিক হ’ল যে, সপ্তাহত দুদিনকৈ ঘৰলৈ আহিব।

মানে কথাটো হ’ল, আমাৰ দুজনী বিবাহোপযুক্ত ছোৱালীৰে সহিতে চাৰিজনীয়া এখন সুখৰ সংসাৰ। দুইজনী ছোৱালীয়ে ঘৰৰ আটাইবোৰ কাম চম্ভালে। শ্ৰীমতী সেয়েহে হিন্দী চিৰিয়েলৰ গ্ৰাসত পৰে। সেইবোৰ চাই চাই বয়স কমোৱাৰ ভুতে পালে নহয়। তাতে ‘ফেইচবুক’ বোলাজনতো আছেই সোণত সুৱগা চৰাবলৈ। লগ পাই থাকে ভিন্নজনক। তাৰে এগৰাকীয়ে দিলে প্ৰস্তাৱ এটা, ধাৰাবাহিক এখনত সৰু চৰিত্র এটা কৰাৰ। এতিয়া পায় কোনে? একেকোবেই কথা দিয়েই দিলে নহয়। 

মই বোলো, 

: ক’ৰ মানুহ, কি কথা একো আও-ভাও নোলোৱাকৈ কিয় কথা দি দিলা?

তেওঁ বোলে,

: সুযোগে দুৱাৰত ধাম ধাম কে কোবাই থাকোঁতে মই মূৰ্খামি কৰিম নেকি? এই ‘বাইলুং’ হেন গাটো থাকোঁতে কাৰোলৈ কেৰেপ কৰিবলৈ নাই মই। তুমিতো ভয় কৰিবাই। ‘দাংবডী’ৰ দৰে দেহাটোত সাহটো সোমাবলৈ ঠায়েই নাই নহয়। মই চাবা, কেনেকৈ টপককৈ বয়স কমাই আহিমগৈ।

: হেৰৌ, চিৰিয়েল কৰিলে বয়স কমে নেকি?

: নক’মে নেকি?  তুমি কি বুজিবা? ডিউটিৰপৰা আহি  ভাত এগাল খাই টি. ভিটোত নহ’লে মোবাইলটোত পেনপেনীয়া বাতৰিসোপা চাই থাকিবা। বিয়াৰ পিছত এদিন মোৰ লগত ওচৰা-উচৰিকৈ বহি হিন্দী চিৰিয়েল এখন চাই পাইছা হুহ? কি ক’ম তোমাক, ল’ৰাৰ বিয়া পাতে, জোঁৱাই ঘটে, নাতিনী-নাতিয়েকৰ বিয়া পাতে, আইতাক হৈ যায়, তথাপিও নায়িকাজনী দিনে দিনে গাভৰুহে হৈ আহে। কি চাবা গুলপীয়া গাল! চুলিও পকিবলৈ পাহৰে, দাঁতো নসৰে। চিৰিয়েলখনৰ হাজাৰ বিজাৰ খণ্ড পাৰ হৈ যায়, কিন্তু নায়িকাৰ বয়সক টলাব নোৱাৰে। দিনে দিনে কঁকাল খামুচীয়া গাল গোলপীয়া হৈ যায়। এইবোৰ কথা তোমাকতো কৈ লাভ নাই ন। আমাৰ ইহঁত দুজনীকো বিয়া দিবৰ হ’ল। জোঁৱাই ঘটাৰ আগতেই মই কামটো সমাধা কৰিব লাগিবতো। ঘৰত থাকি যি কৰিলেও ফল নধৰে। চিৰিয়েলত কাম কৰিলেহে যদি সফলতা আহে। তোমাকো নিবৰ মন এটা আছিল। কিন্তু তাত আকৌ গিৰিয়েকটোক বুঢ়া হোৱা দেখুৱাই নহয়, গতিকে লাভ নহ’ব। ময়েই গৈ আহোঁ‌গৈ। তুমি বেজাৰ কৰি নাথাকিবা। 

এসাগৰ দুখ দি শ্ৰীমতী ওলাই গ’ল। মই জপনা মুখতে খুঁ‌টা এটাত আউজি বিতচকুযোৰ মোহাৰি মোহাৰি তাইক নেদেখা হোৱালৈ মাথোঁ‌ গাই থাকিলোঁ,

“তু জাহাঁ জাহাঁ ৰহেগা

তেৰা ছায়া সাথ হো গা আ…আ…”

☆ ★ ☆ ★ ☆

2 Comments

  • ডলী

    হাঃ হাঃ। ভাল লাগিল

    Reply
  • বন্দিতা জৈন

    ভাল লাগিল 😁

    Reply

Leave a Reply

Your email address will not be published.